নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তৃতীয় জোৱাৰৰ আশংকা

বিগত প্রায় ডেৰ বছৰ ধৰি সমগ্র বিশ্বতে সংহাৰ সৃষ্টিকাৰী ন’ভেল ক’ৰোনা ভাইৰাছ বা ক’ভিড–১৯ মানৱ জাতিৰ বাবে আজিও এক বিৰাট প্রত্যাহ্বানস্বৰূপ হৈ আছে৷ জনস্বাস্থ্যৰ সমান্তৰালভাৱে মাৰাত্মক ভাইৰাছে মোক্ষম আঘাত হনা বিশ্ব অর্থনীতিয়ে এতিয়ালৈকে পূর্বৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব পৰা নাই৷ যাৰ ব্যতিৰেক নহয় ভাৰতো৷ বিভিন্ন সংস্থাৰ সমীক্ষাত ইতিমধ্যে ভাৰতৰ অর্থনীতিৰ বিপর্যয়ৰ ছবিখন স্পষ্ট হৈছে৷ শেহতীয়াকৈ ভাৰতীয় ৰিজার্ভ বেংকে প্রকাশ কৰা চলিত বর্ষৰ জুন মাহৰ প্রতিবেদনত কোৱা হৈছে যে কাল ক’ৰোনাৰ প্রকোপৰ কাৰণে চলিত বিত্তীয় বর্ষত দেশৰ অর্থনীতিত দুই লাখ কোটি টকাৰ লোকচান হ’ব পাৰে৷ ইয়াৰ মাজতে দেশৰ কেইবাজনো চিকিৎসা বিজ্ঞানী তথা চিকিৎসকে অহা অক্টোবৰ মাহতে ক’ভিড–১৯ৰ তৃতীয় জোৱাৰৰ প্রাদুর্ভাৱ ঘটাৰ সম্ভাৱনা ব্যক্তি কৰিছে৷ ইয়াৰ ভিতৰত অন্যতম হ’ল দিল্লীৰ সর্বভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠানৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰীয়া৷ ক’ভিড–১৯ সংক্রমণৰ তৃতীয় জোৱাৰৰ প্রাদুর্ভাৱ অনিবার্য বুলি মন্তব্য কৰি ডাঃ গুলেৰীয়াই সকীয়াই দিছে যে অহা ৬ৰ পৰা ৮ সপ্তাহৰ ভিতৰতে ভাৰতত মাৰাত্মক ভাইৰাছৰ তৃতীয় জোৱাৰ পৰিলক্ষিত হ’ব পাৰে৷ ডাঃ গুলেৰীয়াৰ লগতে অন্য চিকিৎসা বিজ্ঞানী তথা চিকিৎসকসকলৰ এনে আশংকা ক’ভিড–১৯সৃষ্ট সাম্প্রতিক জটিল পৰিস্থিতিত যথেষ্ট উদ্বেগজনক ৰূপে চিহ্ণিত হৈছে৷ কিয়নো বিগত বর্ষৰ প্রথমটো জোৱাৰ আৰু বর্তমানেও অব্যাহত থকা দ্বিতীয়টো জোৱাৰে দেশবাসীক আতংকগ্রস্ত কৰি ৰাখিছে৷ যোৱা কেইদিনমানত দ্বিতীয় জোৱাৰৰ সংক্রমণ হ্রাস পাই আহিছে যদিও দেশত নতুনকৈ বহু লোকৰ দেহত ধৰা পৰিছে মাৰাত্মক ভাইৰাছৰ উপস্থিতি৷ দেওবাৰে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে সদৰী কৰা পৰিসংখ্যা অনুসৰি বিগত ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ৫৮,৪১৯জন লোক ক’ভিড–১৯ পজিটিভ ৰূপে চিনাক্ত হোৱাৰ বিপৰীতে ১,৫৭৬জনৰ মৃত্যু হৈছে৷ পৰিস্থিতি যথেষ্ট জটিল হৈ আছে মহাৰাষ্ট্র, কর্ণাটক, কেৰালা, তামিলনাডু, পশ্চিমবংগকে ধৰি কেইবাখনো ৰাজ্যত৷
ক’ভিড–১৯ৰ তৃতীয় জোৱাৰৰ আশংকাৰ মাজতে টিকাকৰণৰ বিষয়টোৱে স্বাভাৱিকতে যথেষ্ট গুৰুত্ব লাভ কৰিছে৷ কেন্দ্রীয় চৰকাৰে অহা ডিচেম্বৰ মাহ পর্যন্ত দেশৰ ১০৮ কোটি জনসাধাৰণক প্রতিষেধক প্রদানৰ লক্ষ্য স্থিৰ কৰিছে৷ পিছে দেওবাৰে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে প্রকাশ কৰা তথ্য মতে শনিবাৰলৈকে ২৭,৬৬,৯৩,৫৭২জন লোককহে প্রদান কৰা হৈছে প্রতিষেধক৷ অসমত যোৱা ১৯ জুনত পর্যন্ত প্রথম–দ্বিতীয় ড’জ মিলাই মুঠ ৫৩,২৩,১০১জন লোকক প্রতিষেধক দিয়া হৈছে৷ প্রতিষেধক প্রদান প্রক্রিয়াক গতি দিয়াৰ উদ্দেশ্যে অহা ২১ জুনৰ পৰা ৰাজ্যত আৰম্ভ হ’ব বিস্তাৰিত টিকাকৰণ অভিযান৷ এই অভিযানত প্রতিদিনে তিনি লাখ লোকক প্রতিষেধক প্রদানৰ লক্ষ্য নির্ধাৰণ কৰিছে ৰাজ্য চৰকাৰে৷ ক’ভিড–১৯ৰ তৃতীয় জোৱাৰক লৈ সকীয়নি বার্তাৰ সময়তে এই পদক্ষেপ যথেষ্ট গুৰুত্বপূর্ণ ৰূপে বিবেচিত হৈছে৷ বিগত বর্ষৰ দৰে এইবাৰ মাৰাত্মক ভাইৰাছৰ সংক্রমণ প্রতিৰোধকল্পে দেশজোৰা লকডাউন ঘোষণা নকৰিলেও ৰাজ্য চৰকাৰসমূহে নিজাববীয়াকৈ লকডাউন বা কঠোৰ বাধা–নিষেধ আৰোপ কৰিছে৷ কিন্তু পৰিস্থিতি কিছু উন্নত হ’বলৈ ধৰাত এনে ধৰণৰ বাধা–নিষেধসমূহ পর্যায়ক্রমে শিথিল কৰি দিয়া হৈছে৷ ইয়াৰ লগে লগে ক’ভিড প্রট’কল অমান্য কৰি একাংশ অসচেতন লোকে ৰাজহুৱা স্থান আদিত ভিৰ কৰা পৰিলক্ষিত হৈছে৷ যিটোক লৈ সৃষ্টি হৈছে আন এক শংকা৷ এনে প্রেক্ষাপটত ক’ভিড পৰীক্ষা আৰু চিকিৎসা সংক্রান্তীয় পৰিকাঠামো গঢ়ি তোলাৰ পৰামর্শ আগবঢ়াইছে চিকিৎসা বিজ্ঞানী তথা চিকিৎসকসকলে৷ এনে পৰামর্শৰ সমান্তৰালভাৱে বিষয়টোক লৈ কার্যতঃ উদ্বিগ্ণ হৈ পৰিছে কেন্দ্রীয় চৰকাৰ৷ কেন্দ্রীয় গৃহ সচিব অজয় ভাল্লাই শেহতীয়াকৈ প্রতিখন ৰাজ্য চৰকাৰক ক’ভিড প্রট’কল, নমুনা পৰীক্ষা, আক্রান্তক চিহ্ণিতকৰণ, চিকিৎসা আৰু টিকাকৰণ নিশ্চিত কৰিবলৈ নির্দেশ দিছে৷ সম্ভাব্য পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি কেন্দ্রীয় চৰকাৰৰ এই নির্দেশনা ৰাজ্য চৰকাৰসমূহে কার্যকৰী কৰাৰ পদক্ষেপ গ্রহণ কৰাটো অতীব প্রয়োজন৷ ইয়াৰ সমান্তৰালভাৱে জনসাধাৰণেও অধিক সচেতন হওক৷ ইয়াৰ অন্যথা দেশবাসীয়ে সন্মুখীন হ’ব লাগিব ক’ৰোনাসৃষ্ট আন এক ভয়াৱহ পৰিস্থিতিৰ৷

You might also like