অলপতে এটা ব্যক্তিগত চেনেলে নতুনকৈ নির্বাচিত বিধায়কসকলে কি কি বিষয়ত অগ্রাধিকাৰ দিয়া উচিত, সেই সম্বন্ধে সমষ্টিবাসীৰ মনৰ কথা জনাই এক অনুষ্ঠানৰ সম্প্রচাৰ কৰিছিল৷ তাত বিভিন্ন সমষ্টিৰ কিছুসংখ্যক বাছনি কৰা লোকৰ মতামতে স্থান পাইছিল৷ উক্ত অনুষ্ঠানত এটা উমৈহতীয়া সমস্যাৰ কথা প্রায় প্রতিজন অংশগ্রহণকাৰীয়ে উল্লেখ কৰিছিল, যাৰ সমাধান কৰিবলৈ চেষ্টা কৰাৰ বাবে বিধায়কসকলক আহ্বান জনোৱা হৈছিল৷ সেই সমস্যাটো হ’ল কর্মস্থানৰ অভাৱ৷ প্রচলিত ভাষাত নিবনুৱা সমস্যা৷
চৰকাৰী খণ্ডত নিযুক্তিৰ সুযোগ সীমিত৷ নতুনকৈ কর্মসংস্থান সৃষ্টি হোৱাৰ পৰিৱর্তে বহুক্ষেত্রত চৰকাৰী পদৰ সংখ্যা হ্রাসহে পাইছে৷ অসম চৰকাৰে দীর্ঘদিন ধৰি নিযুক্তি বন্ধ ৰাখিছিল৷ শাসক দলে নির্বাচনী প্রতিশ্রুতি ৰক্ষা কৰি এক লাখ নিবনুৱাক চলিত বিত্তীয় বর্ষত চৰকাৰী চাকৰি দিয়াৰ লক্ষ্য লৈ কাম কৰি আছে৷ সেই লক্ষ্য পূৰণ হ’লেও আৰু প্রায় ২৫ লাখ নিবনুৱা থাকি যাব৷ প্রতিবছৰে কেইবালাখো যুৱক–যুৱতীয়ে শিক্ষাজীৱন সমাপ্ত কৰি নিবনুৱাৰ দলত যোগ দিয়েহি৷ তাৰ উপৰি ২০২০ চনত জাৰি কৰা লকডাউনৰ ফলত কর্মহীন হৈ পৰা বহিঃৰাজ্যত কর্মৰত লক্ষাধিক লোকক উপযুক্ত কর্মসংস্থাপন দিয়াটো চৰকাৰৰ বাবে এক বিৰাট প্রত্যাহ্বান৷ স্বগৃহলৈ প্রত্যাৱর্তন কৰা এইসকল প্রব্রজিত শ্রমিকৰ অনেকে দক্ষ অথবা অর্ধদক্ষ শ্রমিক৷ ভাৰতৰ উদ্যোগপ্রধান অঞ্চলত বিভিন্ন বেচৰকাৰী উদ্যোগত কাম কৰি উপার্জন কৰা ধনৰ সৰহভাগেই লকডাউনৰ আগলৈকে অসমত থকা পৰিয়ালৰ লোকলৈ প্রেৰণ কৰি ৰাজ্যখনৰ অর্থনীতিলৈ বৰঙণি আগবঢ়াই আহিছিল৷ অসমত কোনো গুৰু বা মজলীয়া উদ্যোগ নথকাত দক্ষ আৰু অর্ধদক্ষ শ্রমিকসকল অধিক দুর্দশাৰ সন্মুখীন হৈছে৷ চৰকাৰী কোনো বিভাগতে এই নতুনকৈ নিবনুৱা হোৱা লোকসকলক নিযুক্তি দিয়া সম্ভৱ নহয়৷ কাজেই ৰাজহুৱা অথবা ব্যক্তিগত খণ্ডত উদ্যোগ স্থাপনৰ কোনো বিকল্প নাই৷ নিবনুৱা সমস্যা সমাধানৰ বাবে চৰকাৰে কেইবাবিধো স্বনিয়োজনৰ আঁচনি প্রৱর্তন কৰিছে৷ নিজৰ প্রচেষ্টাৰে স্বাৱলম্বী হোৱাৰ বাবে আগ্রহী যুৱক–যুৱতীসকলৰ্ বাবে উদ্গনিমূলক সাহায্য আগবঢ়োৱা হৈছে৷ সীমিতসংখ্যক নিবনুৱা এনেবোৰ আঁচনিৰ যোগেদি লাভৱান হৈছে৷ কিন্তু এয়া এপাচি শাকত এটা জলকীয়াৰ দৰে৷ বিশেষকৈ আমোলাতান্ত্রিক ব্যৱস্থাৰ ৰঙাফিতাৰ মেৰপেঁচ আৰু অসমত ব্যৱসায় চলাই থকা বাণিজ্যিক বেংকবোৰৰ সহযোগিতাৰ অভাৱত অনেক আগ্রহী যুৱক–যুৱতী এনে স্বনিয়োজন আঁচনিৰ সুফল লাভৰ পৰা বঞ্চিত হৈছে৷
দুই
এই প্রেক্ষাপটত ব্যাপক উদ্যোগীকৰণৰ পথ গ্রহণ নকৰিলে লাখ লাখ নিবনুৱাৰ বাবে কর্মসংস্থান সৃষ্টি কৰা সম্ভৱ নহয়– এই সত্যটো আটায়ে মানি লৈছে৷ উদ্যোগ স্থাপনৰ বাবে প্রয়োজনীয় কেঁচামাল অসমত আছে৷ বজাৰৰো অভাৱ নাই৷ কেন্দ্রীয় চৰকাৰৰ ‘লুক ইষ্ট’ নীতিৰ আধাৰত দক্ষিণ–পূব এছিয়াৰ দেশবোৰৰ সৈতে অসমৰ বাণিজ্যিক লেনদেনৰ নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি হৈছে৷ চুবুৰীয়া বাংলাদেশৰ সৈতে ভাৰতৰ কূটনৈতিক সম্পর্ক উন্নত হোৱাৰ ফলত সেইখন বজাৰো উত্তৰ–পূবৰ ৰাজ্যবোৰৰ বাবে মুকলি হৈছে৷ এই সুযোগবোৰৰ সদ্ব্যৱহাৰ কৰাৰ বাবে চৰকাৰ আৰু ব্যৱসায়িক মহলে যি তৎপৰতা দেখুৱাব লাগিছিল, সেয়া পৰিলক্ষিত হোৱা নাই৷ আমি পুৱা শুই উঠাৰ পৰা নিশা পাটীত পৰালৈকে যিবোৰ শিল্পজাত সামগ্রী ব্যৱহাৰ কৰোঁ, তাৰ প্রায় এশ শতাংশই বহিঃৰাজ্যৰ পৰা বা কিছু পৰিমাণে বিদেশৰ পৰা আমদানি কৰা হয়৷ থলুৱাভাৱে এপদ সামগ্রীও উৎপাদন নহয়৷ উপভোক্তা সামগ্রী উৎপাদনকাৰী সংস্থাবোৰৰ বাবে অসম এখন বৃহৎ বজাৰ৷ সেই বজাৰৰ ওপৰত দখল ৰখাৰ বাবে বৃহৎ উদ্যোগপতিসকলৰ মালিকানাধীন উৎপাদনকাৰী প্রতিষ্ঠানবোৰৰ নিজৰ মাজত প্রতিযোগিতা আছে৷ কিন্তু বজাৰৰ ওপৰত বৃহৎ উদ্যোগবোৰৰ একচেটিয়া অধিকাৰ ত্যাগ কৰিবলৈ প্রস্তুত নহয়৷ সেয়েহে উপভোক্তা সামগ্রীৰ বজাৰত অসমত কোনো উদ্যোগ প্রতিষ্ঠা হ’লেও প্রতিযোগিতাত টিকি থকাটো সম্ভৱ৷ বজাৰত চাহিদা থকাৰ লগতে স্থানীয়ভাৱে উপলব্ধ কেঁচামালৰ ভিত্তিত স্থাপন কৰা উদ্যোগজাত সামগ্রী উৎপাদন কৰাতহে গুৰুত্ব দিব লাগিব৷ এই নীতিৰ আধাৰত এফালেদি স্থানীয় কেঁচামালৰ ব্যৱহাৰ আৰু আনফালেদি নিয়োগৰ ক্ষেত্র মুকলি – এই দুটা লক্ষ্য আগত লৈ অসমত মৰাপাট আৰু কাগজ কল স্থাপনৰ চেষ্টা প্রায় ৫০ বছৰ আগতেই আৰম্ভ হৈছিল৷ কিন্তু এতিয়ালৈকে এটা প্রচেষ্টাও সফল হৈছে বুলি ক’ব নোৱাৰি৷ লক্ষ্য কৰা দৰকাৰ যে এই দুয়োটা উদ্যোগৰ লগতে কেইবাটাও বৃহৎ উদ্যোগ গোষ্ঠীৰ ব্যৱসায়িক স্বার্থ জড়িত হৈ আছে৷ মৰাপাট উৎপাদনৰ ক্ষেত্রত ভাৰতৰ ভিতৰতে অসমৰ স্থান দ্বিতীয়৷ অসমত বছৰি ৭.৬৮ মেট্রিক টনতকৈ অধিক মৰাপাট উৎপাদন হয়৷ চুবুৰীয়া ৰাজ্য পশ্চিমবংগত ৬০টা মৰাপাটৰ কল আছে৷ সেই কলবোৰৰ বাবে বাংলাদেশৰ উপৰি অসমৰ পৰা কেঁচামাল আমদানি কৰা হয়৷ মৰাপাট কলবোৰৰ গৰাকী বৃহৎ উদ্যোগ গোষ্ঠীবোৰে নিবিচাৰে যে অসমত উৎপাদন হোৱা মৰাপাট অসমতে ব্যৱহাৰ হওক৷ কেঁচামাল যোগানৰ উৎস আৰু উৎপাদিত সামগ্রীৰ বজাৰ হিচাপে অসমক তেওঁলোকে জীয়াই ৰাখিব বিচাৰে৷ অসমত মৰাপাট কল প্রতিষ্ঠা কৰাৰ প্রচেষ্টা বিফল হোৱাৰ ইয়ো অন্যতম কাৰণ৷ কাগজ কলৰ ক্ষেত্রতো একেই অৱস্থা৷ আইটিচি, বিৰলা, জে কে গ্রুপ আদি বিখ্যাত ঔদ্যোগিক গোষ্ঠী কাগজ উৎপাদনৰ সৈতে জড়িত৷ বিগত শতিকাৰ শেষৰ দুই/তিনিটা দশক অসম চৰকাৰৰ ব্যৱস্থাপনাত একাধিক ৰাজহুৱা খণ্ডৰ কাগজ কল গঢ়ি উঠাত উদ্যোগপতিসকল শংকিত হৈ পৰিল৷ অৱশেষত অসমৰ ৰাজহুৱা খণ্ডত নির্মাণ কৰা দুয়োটা বৃহৎ কল বন্ধ হৈ যোৱাতহে তেওঁলোকে স্বস্তিৰ নিশ্বাস পেলাইছে৷
তিনি
অসমলৈ যিহেতু ব্যক্তিগত খণ্ডত উদ্যোগ স্থাপন কৰিবলৈ বৃহৎ পুঁজিপতি গোষ্ঠীবোৰ আগ্রহী নহয়, সেয়ে কেন্দ্রীয় চৰকাৰৰ অধীনস্থ সংস্থা হিন্দুস্তান কাগজ নিগমে অসমত দুটা কাগজ কল স্থাপন কৰিছিল৷ তাৰে জাগীৰোডৰ নগাঁও কাগজ কল আৰু পাঁচগ্রামৰ কাছাৰ কাগজ কল ক্রমে ১৯৮৩ খ্রীষ্টাব্দ আৰু ১৯৮৮ খ্রীষ্টাব্দত উৎপাদনক্ষম হৈ উঠিছিল৷ উক্ত কাগজ কল দুটাত উৎপাদন বন্ধ হৈ পৰে ক্রমে ২০১৭ চনৰ মার্চ আৰু ২০১৫ চনৰ অক্টোবৰ মাহৰ পৰা৷ তাৰ ফলস্বৰূপে কর্মহীন হৈ পৰিল কাগজ কল দুটাত প্রত্যক্ষ বা পৰোক্ষভাৱে কাম কৰি থকা শ্রমিক–কর্মচাৰীসক্৷ জনা মতে কাগজ কল দুটাত উৎপাদন চলি থকাৰ সময়ত প্রায় ৩০০০ শ্রমিক–কর্মচাৰী প্রত্যক্ষভাৱে নিয়োজিত হৈ আছিল৷ কাগজ কল দুটাৰ সৈতে জড়িত ঠিকাদাৰসকলৰ অধীনত প্রায় ৫,০০০ ঠিকাভিত্তিক কর্মী কর্মৰত আছিল৷ কল দুটাৰ প্রধান কেঁচামাল বাঁহৰ যোগান প্রক্রিয়াৰ লগত দুই লাখ মান লোক জড়িত হৈ আছিল৷ এই আটাইবোৰ লোক এতিয়া কর্মহীন৷ সেয়ে কাগজ কল দুটা চিৰতৰে বন্ধ কৰি সম্পত্তিবোৰ নিলাম কৰাৰ বাবে যেতিয়া এন চি এল টি আগবাঢ়িল, তাৰ বিৰূপ প্রতিক্রিয়া গোটেই অসমত দেখা গ’ল৷ এতিয়া নিলাম প্রক্রিয়া স্থগিত থকাত অৱশ্যে পৰিস্থিতি কিছু সহজ হৈছে৷ কিন্তু বন্ধ হৈ থকা কল দুটাত পুনৰ উৎপাদন আৰম্ভ কৰাৰ কোনো ইংগিত চৰকাৰে দিয়া নাই৷ নির্বাচনী প্রচাৰৰ সময়ত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দিয়া প্রতিশ্রুতি পালন কৰিবলৈ অস্বীকাৰ কৰিছে কেন্দ্রীয় চৰকাৰে৷ বৰং তাৰ ওলোটা দিশতহে খোজ পেলাইছে গুৰু উদ্যোগ মন্ত্রালয়ে৷
নগাঁও আৰু কাছাৰ কাগজ কলৰ মালিকানা আৰু ব্যৱস্থাপনা হিন্দুস্তান কাগজ নিগমৰ, যি ভাৰত চৰকাৰৰ এটা সংস্থা৷ কাজেই ভাৰত চৰকাৰৰ নীতি আৰু নির্দেশনা অনুসৰি সংস্থাটো চলে৷ কেইবছৰমান আগতে হিন্দুস্তান কাগজ নিগমৰ ১০০ শতাংশ অংশীদাৰিত্ব বিক্রীৰ বাবে মুকলি নিবিদা আহ্বান কৰিছিল৷ কিন্তু কোনো উদ্যোগপতিয়ে সেই বিষয়ত আগ্রহ নেদেখুৱালে৷ আনফালে ‘নন ষ্ট্রেটেজিক’ ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠানসমূহ নির্বিনিয়োজন নীতিৰ আধাৰত ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰাটো বর্তমান চৰকাৰৰ নীতি৷ সেইবাবে কাগজ কল দুটা পুনৰ উৎপাদনক্ষম কৰি তুলিবলৈ প্রয়োজন হোৱা আনুমানিক ১,৯০০ কোটি টকা নিৱেশ কৰিবলৈ কেন্দ্রীয় চৰকাৰ মান্তি হ’ব বুলি আশা কৰিব নোৱাৰি৷ এইক্ষেত্রত কেন্দ্রীয় চৰকাৰৰ ধনৰ সমস্যা নাই, আচল প্রশ্ণটো হৈছে চৰকাৰে মৃত্যুমুখী ৰাজহুৱা খণ্ডৰ উদ্যোগ পুনর্জীৱিত কৰাৰ বাবে পুঁজি নিৱেশ কৰিবনে নাই৷ কেন্দ্রীয় চৰকাৰৰ দৃষ্টিভংগী ৰাজহুৱা কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দ্ব্যর্থহীন ভাষাত কৈছে যে ধাৰাবাহিক লোকচান ভৰি থকা ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠানবোৰ জীয়াই ৰখাৰ বাবে ব্যয় কৰা ধন অন্যান্য জনকল্যাণমূলক আঁচনিত খৰচ কৰিব পৰা গ’লহেঁতেন৷ প্রধানমন্ত্রীৰ কথাত সত্যতা নোহোৱা নহয়৷ ২০১৯ চনৰ ৩১ মার্চলৈকে ৭০টা ৰাজহুৱা খণ্ডৰ কোম্পানীৰ লোকচানৰ পৰিমাণ আছিল ৩১,০০০ কোটি টকাতকৈ অধিক৷ অৱশ্যে আর্থিক দিশটো বিবেচনা কৰি সকলো ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠান বন্ধ কৰি দিয়াটো সমর্থন কৰিব নোৱাৰি৷ ৰাজহুৱা খণ্ডত চৰকাৰী পুঁজি নিৱেশ সম্পূর্ণ বন্ধ কৰি দিলে, অসমৰ দৰে অনগ্রসৰ আৰু সীমামূৰীয়া ৰাজ্যত কোনোকালেই উদ্যোগ প্রতিষ্ঠা নহ’ব৷
চাৰি
ব্যক্তিগত পুঁজিপতি গোষ্ঠীবোৰ অসমৰ কাগজ কল দুটা উৎপাদনক্ষম কৰি তুলিবলৈ আগ্রহী নহয়৷ কেন্দ্রীয় চৰকাৰে নতুনকৈ পুঁজি নিৱেশ কৰিবলৈ অস্বীকাৰ কৰিছে৷ এনে অৱস্থাত বন্ধ কাগজ কল দুটাৰ ওপৰত নির্ভৰশীল কলৰ কর্মচাৰীসকল অকল আর্থিক দুর্গতিৰে মুখামুখি হোৱা নাই, ই এক সামাজিক আৰু মানৱীয় সমস্যাৰ জন্ম দিছে৷ কাগজ কল দুটা পুনৰ কার্যক্ষম কৰি তোলাৰ দাবীত আন্দোলন চলাই থকা নগাঁও আৰু কাছাৰ কলৰ স্বীকৃত শ্রমিক ইউনিয়নবোৰৰ যৌথ সংগ্রাম সমিতিয়ে দাবী কৰা মতে যোৱা ৫৪ মাহে দৰমহা লাভৰ পৰা বঞ্চিত হৈ থকাৰ ফলত আর্থিক অনাটনত ভুগি কল দুটাৰ ৪জন কর্মচাৰীয়ে আত্মহননৰ পথ বাছি লৈছে আন ৮৯গৰাকী কর্মচাৰীৰ বিনাচিকিৎসাই মৃত্যু ঘটিছে৷ শ্রমিক–কর্মচাৰীৰ সতি–সন্ততিসকলৰ পঢ়া–শুনা বাধাগ্রস্ত হৈছে৷ এয়া এক মানৱীয় সমস্যা আৰু ৰাজ্য চৰকাৰে এইবোৰ সমস্যা আওকাণ কৰি থাকিব নোৱাৰে৷ অসম চৰকাৰৰ হস্তক্ষেপৰ ফলত অৱশ্যে কল বন্ধ হোৱাৰ পিছতো কোম্পানীৰ আৱাসিক গৃহত বাস কৰাৰ ব্যৱস্থা কৰি দিছে৷ বিজুলী বিল আদায় দিয়াত ব্যর্থ হোৱা সত্ত্বেও আৱাস গৃহসমূহলৈ বিজুলী যোগান অব্যাহত ৰাখিছে৷ কিন্তু মূল সমস্যা দুটা সমাধান কৰাৰ ক্ষেত্রত ৰাজ্য চৰকাৰৰ কিবা কৰণীয় আছে নেকি? প্রধান সমস্যা দুটা হৈছে – (১) কল দুটা পুনৰ কার্যক্ষম কৰি তোলা আৰু (২) বকেয়া দৰমহা আৰু ভাট্টাৰ বাবদ শ্রমিক–কর্মচাৰীসক্ শোধ কৰিব লগা প্রায় ৫৫০ কোটি টকা আদায় দিয়া৷
আমাৰ হাতত পূর্বৰ কেইবাটাও উদাহৰণ আছে য’ত ৰাজ্যখনত অৱস্থিত বৃহৎ উদ্যোগ ধ্বংসৰ মুখৰ পৰা উদ্ধাৰ কৰিবলৈ ৰাজ্য চৰকাৰে আগতীয়া ব্যৱস্থা গ্রহণ কৰিছিল৷ ভাৰত চৰকাৰৰ সংস্থা হিন্দুস্তান সাৰ নিগমৰ অধীনস্থ বিহাৰৰ সিন্ধ্রীত থকা সাৰ কাৰখানাটো বন্ধ হৈ গৈছে৷ কিন্তু সমপর্যায়ৰ নামৰূপৰ সাৰ কাৰখানাটো অসম চৰকাৰৰ হস্তক্ষেপৰ ফলত ৰক্ষা পৰিল৷ ব্রহ্মপুত্র উপত্যকা সাৰ নিগম লিমিটেড নামৰ ৰাজ্য চৰকাৰৰ অংশীদাৰিত্ব থকা কোম্পানীৰ ব্যৱস্থাপনাত নামৰূপৰ সাৰ কাৰখানাটো এতিয়া চলি আছে৷ কিন্তু কাগজ কল দুটাৰ ক্ষেত্রত ৰাজ্য চৰকাৰ নির্লিপ্ত হৈ থাকিল আৰু বন্ধ হ’বলৈ এৰি দিলে৷ উদ্যোগ প্রতিষ্ঠা আৰু পৰিচালনাৰ ক্ষেত্রত অসম চৰকাৰৰ সক্রিয় সহযোগিতাৰ আন এক উদাহৰণ হ’ল ব্রহ্মপুত্র ক্রেকাৰ এণ্ড প’লিমাৰ লিমিটেড, চমুকৈ বি পি চি এল৷ এই উদ্যোগটো ৰিলায়েঞ্চ ইণ্ডাষ্ট্রিজ লিমিটেডে প্রতিষ্ঠা কৰাৰ কথা আছিল৷ ৰিলায়েঞ্চ ইণ্ডাষ্ট্রিজে অপাৰগতা প্রকাশ কৰাত গেছ অথৰিটী অৱ ইণ্ডিয়া লিমিটেড GAIL) সোমাই পৰিল আৰু এন আৰ এল, অইল আৰু অসম চৰকাৰ প্রত্যেকৰে ১০ শতাংশ অংশীদাৰিত্বৰে প্রকল্পটো গঢ়ি উঠিল৷ গেছ ক্রেকাৰ প্রকল্পটোলৈ ‘ফিডষ্টক ছাবচিডী’ হিচাপে অসম চৰকাৰে ১৫ বছৰত ৪,০০০ কোটি টকা আগবঢ়ালে৷ তাৰ উপৰি এন আৰ এল ব্যক্তিগত পুঁজিপতিৰ হাতলৈ যোৱাৰ পৰা ৰক্ষা কৰিবলৈ অসম চৰকাৰৰ অংশীদাৰিত্ব ২৬ শতাংশলৈ বৃদ্ধি কৰিলে৷
নিবনুৱা সমস্যা বৃদ্ধি ৰোধ কৰিবলৈ আৰু ৰাজ্যখনৰ সার্বিক উন্নয়নৰ স্বার্থত কাগজ কল দুটা কার্যক্ষম কৰি তুলিবলৈ দুই হাজাৰ কোটি টকা নিৱেশ কৰিবলৈ অসম চৰকাৰে আগবাঢ়ি আহিবলৈ সংকোচ কৰিছে কিয়? তাৰ উত্তৰ জনসাধাৰণক অৱশ্যেই দিব লাগিব৷ আনহাতে কাগজ কল দুটা উৎপাদনক্ষম কৰি তোলাৰ বাবে শ্রমিক ইউনিয়নবোৰেও এৰা–ধৰাৰ মনোভাব ল’ব লাগিব৷ লগতে কল দুটাত উৎপাদন আৰম্ভ হোৱাৰ পিছতো পৰিচালনাৰ ক্ষেত্রত শ্রমিক–কর্মচাৰীৰ মতামতৰ ওপৰত যথাযথ গুৰুত্ব দিব লাগিব৷ কাৰণ কোনো উদ্যোগ ৰুগ্ণ হ’লে প্রথম ভুক্তভোগী হয় কর্মচাৰীসকল৷