বৰপেটাৰোডত সাৰৰ বৃহৎ ছিণ্ডিকেটঃ ২৬৬ টকীয়া ইউৰীয়া ৫০০ টকাত বিক্রী
নিয়মীয়া বাৰ্তা, ২১ জুনঃ বৰপেটা জিলাত বৰপেটাৰোডৰ পৰাই নিয়ন্ত্রণ হয় সাৰৰ বজাৰ৷ বৰপেটা জিলাৰ কৃষকসকলৰ মাজত ব্যাপকভাৱে প্রচলিত ইউৰীয়া, ছুপাৰ ফছফেট, ডি এ পিক লৈ বৰপেটাৰোডৰ ব্যৱসায়ীসকলে এখন বৃহৎ বজাৰ গঢ়ি তুলিছে৷ টাটা, পৰশ, কাঞ্চন, আই পিএল, মুক্তা, ইপকো আদি কোম্পানীৰ উৎপাদিত ইউৰিয়া, ছুপাৰ ফছফেট, ডি এ পি, এম অ’ পি পটাছ আদি ব্যাপক প্রচলন হৈ আছে৷ কিন্তু ভয়ংকৰভাৱে সাৰ আৰু কীটনাশক দ্রব্যৰ দাম বৃদ্ধি ঘটাত কৃষকসকল যথেষ্ট সমস্যাৰ সন্মুখীন হ’ লগা হৈছে৷
উল্লেখ্য যে বিগত বর্ষত প্রতিবেগ ছুপাৰ ফছফেটৰ দাম আছিল ৪৩০ টকা৷ আৰু বর্তমান ছুপাৰ ফছফেটৰ প্রতিেবগৰ দাম হৈছে প্রায় ৫৯৯ টকা৷ একেদৰে প্রতিবেগ ডি এ পিৰ মূল্য বিগত বর্ষত আছিল ১৩০০–১৪০০ টকা আৰু বর্তমান দাম হৈছে প্রায় ১,৯০০ টকা৷ কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ’ল সম্প্রতি এই সাৰৰ ছপা দামতকৈ বজাৰত দুগুণ দৰত বিক্রী কৰি থকা হৈছে৷ বিশেষকৈ অধিক প্রচলিত ইউৰীয়া বিক্রীৰ ক্ষেত্রত পাইকাৰী বিক্রেতাসকলে অবৈধ প্রক্রিয়াৰে লুণ্ঠনৰ সাম্রাজ্য গঢ়ি তুলিছে৷
অভিযোগ অনুসৰি প্রতিেবগ ইউৰীয়াৰ ছপা দাম হ’ল ২৬৬ টকা৷ কিন্তু বৰপেটাৰোডৰ বজাৰত প্রতিবেগ ইউৰীয়া বিক্রী কৰা হয় ৪৫০ টকাৰ পৰা ৫০০ টকালৈ৷ একাংশ খুচুৰা বিক্রেতা আৰু কৃষকৰ অভিযোগ মতে প্রধানকৈ বৰপেটাৰোডৰ ‘গ্রীন নার্ছাৰী’, ‘চোহেইল এগ্রি’ আৰু ‘কৃষি হাউছ’ নামৰ তিনিখন সাৰৰ পাইকাৰী বিক্রী প্রতিষ্ঠানে সাৰৰ এই ক’লা বজাৰৰ সাম্রাজ্য চলাই আছে৷ খুচুৰা বিক্রেতা বা কৃষকক পাইকাৰী বিক্রেতাসকলে ইউৰীয়া সাৰ দুগুণ দৰত কিন্বিলৈ বাধ্য কৰাই আহিছে বুলি অভিযোগ উত্থাপন হৈছে৷ অভিযোগ অনুসৰি সাৰ ক্রয় কৰিলে এই প্রতিষ্ঠানসমূহে কোনো ছপা কৰা কেছমেমো বা ভাউচাৰ নিদিয়ে৷ কিয় এইদৰে ছপা মূল্যতকৈ দুগুণ দৰত এই ইউৰীয়া সাৰ বিক্রী কৰি থকা হৈছে এই সন্দর্ভত এই প্রতিেবদকে জানিব বিচৰাত এগৰাকী ব্যৱসায়ীয়ে কয় যে ইউৰীয়া সাৰৰ লগত এই ব্যৱসায়ীসকলে আৰু কেইবিধমান সামগ্রী বাধ্যতামূলকভাৱে ক্রয় কৰ্বিলগীয়া হয়৷ ব্যৱসায়ীসকলৰ ভাষাত ‘টেকিং’ বুলি কোৱা এই সামগ্রী ইউৰীয়া উৎপাদন কৰা কোম্পানীসমূহৰ এক ব্যৱসায়িক কৌশল৷ যি কৌশলৰ কু–প্রভাৱ পৰিছে ৰাজ্যৰ কৃষকসকলৰ ওপৰত৷ কোম্পানীসমূহৰ অবৈধ এই কৌশলৰ পূর্ণ সুযোগ গ্রহণ কৰি কোটিপতি হৈছে সাৰৰ পাইকাৰী বিক্রেতাসকল৷ বৰপেটাৰোডত এতিয়া এই টেকিঙৰ নামত বজাৰত সর্বাধিক প্রচলিত ইউৰীয়া সাৰ ছপা মূল্যতকৈ দুগুণ দৰত বিক্রী কৰি থকা হৈছে৷ একেদৰে কৃত্রিম নাটনি দেখুৱায়ো ইউৰীয়া দুগুণ মূল্যত বিক্রী কৰি আহিছে এই ব্যৱসায়ীসকলে৷
প্রশাসন তথা বিভাগীয় কর্তৃপক্ষৰ সন্মুখতে মুকলিকৈয়ে চলি আছে সাৰৰ এই ক’লা বজাৰ৷ ৰহস্যজনকভাৱে এই বিষয়ে মৌন হৈ আছে অসম চৰকাৰ তথা কৃষি বিভাগৰ লগতে বিভাগীয় মন্ত্রী অতুল বৰা৷ অভিযোগ অনুসৰি এই সাৰ কোম্পানীৰ লগতে পাইকাৰী বিক্রেতাসকলৰ ‘আপাৰ লেভেলৰ লগত ফিটিং’ হৈ থকা নীতিৰ বাবেই এতিয়া সাৰৰ এই ৰমৰমীয়া ব্যৱসায় অসমত মুকলিকৈ চলাই থকাৰ সুযোগ লাভ কৰিছে৷ ‘টেকিং’ শব্দৰ অৱসান নঘটিলে সদায় অসমৰ কৃষকসকলে এইদৰে ছপা মূল্যতকৈ দুগুণ দৰত সাৰ কিনি অধিক খৰচান্ত হৈ থাকিব লাগিব আৰু শোষিত হৈ থাকিব লাগিব৷ একেদৰে দ্রূত মূল্য্বৃদ্ধি ঘটা সাৰ তথা কীটনাশক দ্রব্যৰ মূল্য নিয়ন্ত্রণৰ ব্যৱস্থা গ্রহণ নকৰিলে কৃষকসকল আর্থিকভাৱে জুৰুলা হৈয়েই থাকিব লাগিব৷ সম্প্রতি এই বিষয়টো সম্পর্কত এক কঠোৰ পদক্ষেপ গ্রহণ কৰিবলৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক অনুৰোধ জনাইছে বৰপেটা জিলাৰ দুর্ভগীয়া কৃষকসকলে৷