কংগ্রেছত দলত্যাগৰ জোৱাৰ
দুর্যোগে যেন সংগ এৰা নাই ৰাজ্যৰ প্রধান বিৰোধী দল কংগ্রেছৰ৷ বিগত দুটা বিধানসভা নির্বাচনত একেৰাহে পৰাজিত কংগ্রেছক জর্জৰিত কৰি তুলিছে নেতৃত্বকেন্দ্রিক অন্তর্কন্দলে৷ শেহতীয়া বিধানসভা নির্বাচনত বিপর্যস্ত কংগ্রেছৰ পৰা শেহতীয়াকৈ মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুর্মী, গুৱাহাটী জিলা সমিতিৰ সভাপতি জুৰি শর্মা বৰদলৈ, ৰাজ্যিক মুখপাত্র দিলীপ শর্মাই পদত্যাগ কৰাৰ পাছত প্রধান বিৰোধী দলটোৰ কেইবাজনো নেতাই দলত্যাগ কৰিবলৈ সাজু হোৱাৰ বাতৰি ওলাইছে৷ প্রধান বিৰোধী দলটোৰ আৰু দুজন বিধায়ক, প্রদেশ কংগ্রেছৰ বিষয়ববীয়াকে ধৰি কেইবাজনো প্রাক্তন মন্ত্রী–প্রাক্তন সাংসদেও দলত্যাগ কৰি বিজেপিত যোগদান কৰিবলৈ সাজু হৈছে৷ দিছপুৰত থকা বিজেপি নেতৃত্বাধীন চৰকাৰখনক ওফৰাই ক্ষমতা দখলৰ লক্ষ্যৰে শেহতীয়া বিধানসভা নির্বাচনত কংগ্রেছে বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফৰ স’তে নির্বাচনী মিত্রতা কৰিছিল যদিও নির্বাচনী ফলাফল দলটোৰ সপক্ষে নগ’ল৷ এ আই ইউ ডি এফৰ স’তে মিত্রতাৰ ফলত কংগ্রেছে ক্ষতিগ্রস্ত হোৱাহে দেখা গৈছে৷ বিশেষকৈ এসময়ত উজনি অসমৰ শক্তিশালী ভেটিত কংগ্রেছৰ ভেটি উছন হৈছে৷ কংগ্রেছৰ এনে দুর্যোগৰ মাজতো বিধানসভালৈ নির্বাচিত হৈ অহা মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুর্মীৰ দলত্যাগ আৰু বিজেপিত যোগদান নিশ্চিতভাৱে প্রধান বিৰোধী দলটোৰ বাবে মোক্ষম আঘাত৷ একেৰাহে ৪বাৰ বিধানসভালৈ নির্বাচিত ৰূপজ্যোতি কুর্মীৰ দলীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ, অসন্তুষ্টি নতুন কথা নাছিল৷ এ আই ইউ ডি এফৰ সৈতে নির্বাচনী মিত্রতা কৰাৰ প্রক্রিয়া আৰম্ভ হোৱাৰ সময়ৰ পৰা ৰূপজ্যোতি কুর্মীকে ধৰি উজনি অসমৰ অধিকাংশ কংগ্রেছ নেতাই ইয়াৰ বিৰোধিতা কৰিছিল৷ কিন্তু দলীয় নেতৃত্বই এই প্রতিবাদক কাণসাৰ দিয়া নাছিল৷ ফলত বিধানসভালৈ নির্বাচিত হৈ আহিও এক দুর্যোগপূর্ণ পৰিস্থিতিত ৰূপজ্যোতি কুর্মীয়ে দলত্যাগৰ দৰে কঠোৰ সিদ্ধান্ত লৈছে৷ দেশে স্বাধীনতা লাভ কৰাৰ পাছত সাত দশক ধৰি ৰাজ্যখনৰ চাহ জনগোষ্ঠী তথা আদিবাসী লোকসকলে কংগ্রেছক সমর্থন কৰি আহিছে৷ বিগত সাত বছৰত কংগ্রেছৰ এই ভোটবেংকত বিজেপিয়ে ক্রমাগতভাৱে খোপনি পুতিছে৷ এইবাৰ বিধানসভালৈ নির্বাচিত বিধায়কসকলৰ ভিতৰত ৰূপজ্যোতি কুর্মীয়ে আছিল চাহ জনগোষ্ঠীৰ একমাত্র বিধায়ক৷ এতিয়া তেওঁ বিজেপিত যোগদান কৰাৰ ফলত কংগ্রেছ দলে নিশ্চিতভাৱে চাহ জনগোষ্ঠীৰ মাজত ৰাজনীতি কৰাৰ সুযোগ–সুবিধা বহুলাংশে হেৰুৱাব লাগিব৷
ৰাজ্যৰ বিগত দুটা দশকৰ ৰাজনীতিৰ ১৫ বছৰে কংগ্রেছক ক্ষমতাত থকাৰ সুযোগ দিছে অসমবাসীয়ে৷ ছবছৰীয়া অসম আন্দোলনৰ পাছত ২০০১ৰ বিধানসভা নির্বাচনত প্রথমবাৰৰ বাবে ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ লোকসকলৰ সমর্থনত কংগ্রেছে ৭১খন আসন লাভ কৰি দিছপুৰৰ ক্ষমতাত অধিষ্ঠিত হৈছিল৷ ২০০৬ৰ বিধানসভা নির্বাচনত কংগ্রেছৰ আসনৰ সংখ্যা ৫৩খনলৈ হ্রাস পালেও হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰ সহযোগত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল কংগ্রেছ৷ দ্বিতীয়টো কার্যকালত প্রদর্শন কৰা অভূতপূর্ব সফলতাৰ বাবে অসমবাসীয়ে ২০১১ৰ বিধানসভা নির্বাচনত হিয়া উজাৰি কংগ্রেছক সমর্থন দিছিল৷ যাৰ বাবে কংগ্রেছ দলে ৭৯খন আসনত জয়লাভ কৰি একেৰাহে তৃতীয়বাৰৰ বাবে ক্ষমতা দখল কৰিবলৈ সক্ষম হৈছিল৷ কিন্তু ২০১১ৰ নির্বাচনত ৭৯খন আসন লাভ কৰা কংগ্রেছ দলে ২০১৬ৰ বিধানসভাৰ নির্বাচনত কিয় ২৬খন আসন লাভ কৰিলে তাৰ সঠিক আত্মবিশ্লেষণ দলটোৰ নেতৃত্বই কৰা নাছিল৷ মাথোঁ ক্ষমতা দখলৰ লক্ষ্যৰে এআইইউ ডি এফৰ সৈতে নির্বাচনী মিত্রতা কৰাৰ বাবেই যে ২০২১ৰ নির্বাচনত কংগ্রেছ বিপর্যস্ত হৈছে সেয়া দলটোৰ একাংশ নেতাই মুকলিকৈ স্বীকাৰ কৰাৰ পাছতো বিগত প্রায় ডেৰ মাহে ইয়াৰ কোনো পর্যালোচনা কৰা নাই দলীয় নেতৃত্বই৷ ইয়াৰ বিপৰীতে নির্বাচনী বিপর্যয়ৰ নির্মোহ বিশ্লেষণ কৰিব বিচৰা একাংশ নেতাক দলীয় অনুশাসনৰ নামত হাৰাশাস্তি কৰাৰহে অভিযোগ উঠিছে৷ কংগ্রেছত সৃষ্টি হোৱা খহনীয়া প্রতিৰোধ কৰিবলৈ হ’লে প্রদেশ কংগ্রেছ তথা কংগ্রেছ হাইকমাণ্ডে অসন্তুষ্ট নেতাসকলৰ ক্ষোভ–সন্তুষ্টিৰ বুজ ল’ব লাগিব৷ ইয়াৰ অন্তর্নিহিত কাৰকসমূহৰ সঠিক বিশ্লেষণ অবিহনে দলটোৱে সঠিক বাটেৰে খোজ দিব পাৰিব বুলি আশা কৰিব নোৱাৰি৷