নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰসংগঃ ৰূপজ্যোতিৰ কংগ্রেছ ত্যাগ

‘আন্তর্জাতিক যোগ দিৱস’ৰ দিনটোতে ৰূপজ্যোতি কুর্মীয়ে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিলে৷ অনুষ্ঠানটোত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাও উপস্থিত আছিল৷ মুখ্যমন্ত্রী ড০ শর্মাই তেওঁক দললৈ আদৰণি জনাই কংগ্রেছ নেতাজনৰ বিজেপিলৈ আগমন আগেয়ে হ’ব লাগিছিল বুলি মন্তব্য দিলে৷ ৰূপজ্যোতি কুর্মীয়েও নিজৰ বিজেপিলৈ গমন দেৰিকৈ হোৱা বুলি আক্ষেপৰ সুৰত প্রকাশ কৰি অসমৰ শাসক দলটোৰ প্রতি যে তেওঁ বহুদিনৰ পৰাই আশাবাদী হৈ আছিল আৰু যোগাত্মক ধাৰণা এটা মনত পুহি ৰাখিছিল, তাকেই প্রকাশ কৰাৰ চেষ্টা চলায়৷ ভাৰতীয় ৰাজনীতিত এনেধৰণৰ কথা–বতৰা নতুন নহয়৷ এটা দলৰ পৰা আনটো দললৈ জাঁপ মাৰোঁতে তেনেধৰণৰ কথা সততে উচ্চাৰিত হয়৷ ৰূপজ্যোতি কুর্মী অথবা মুখ্যমন্ত্রী ড০ শর্মাৰ বক্তব্যই কোনো নতুন কথা বা চিন্তাক জনসাধাৰণৰ সন্মুখলৈ উলিয়াই দিয়া নাই৷ তদুপৰি, বিজেপিৰ নীতি–আদর্শৰ ভক্তিত গদগদ হৈও ৰূপজ্যোতি কুর্মীয়ে দলটোলৈ যোৱা বুলি ক’ব নোৱাৰি৷ তেন্তে ৰূপজ্যোতি কুর্মীৰ দৰে নেতাই কিয় দলত্যাগ কৰে?
আজিৰ তাৰিখত এটা কথা মোটামুটিকৈ প্রতিষ্ঠা হৈছে যে প্রায় ১৩৫ বছৰীয়া পৰিক্রমাত বিগত প্রায় সাতবছৰে কংগ্রেছ সর্বাধিক সংকটত আছে৷ দলটোৱে স্বাধীনতাৰ পাছৰে পৰা দেশখনত সুদীর্ঘকাল শাসন কৰিছে৷ কিন্তু এতিয়া এখন ৰাজ্যত ক্ষমতা লাভৰ বাবে হাহাকাৰ কৰিবলগীয়া হয়৷ ইয়াৰ কাৰণ কিন্তু আন নহয়৷ দলটো নিজেই৷ কংগ্রেছ হৈছে এটা পৰিয়ালৰ আশা–আকাংক্ষাৰ ঠেক গণ্ডীত বন্দী হৈ থকা এটা দল৷ দলটোত যোগ্যজনক প্রাপ্য মর্যাদাৰ পৰা বঞ্চিত কৰাটো এটা পৰম্পৰা৷ লাগিলে তেওঁ শাৰদ পাৱাৰেই হওক বা মমতা বেনার্জীয়েই হওক৷ এই নেতাসকলৰ এসময়ত কংগ্রেছৰ ভৱিষ্যৎ ৰূপে উত্থান ঘটিছিল৷ কিন্তু পৰিয়ালবাদৰ চেপাত পৰি তেওঁলোকে মূৰকত কংগ্রেছ এৰিবলগীয়া হয়৷ পৰৱর্তীত নতুন ৰাজনৈতিক দল গঠন কৰি নিজকে অনুপেক্ষণীয় নেতা হিচাপে প্রতিষ্ঠা কৰে৷ শেহতীয়াকৈ ৰাজস্থানত শচীন পাইলটকো সেইদৰে অন্যায়–বিচাৰ কৰি প্রাপ্যৰ পৰা বঞ্চিত কৰি ৰাখিছে৷ তেৱোঁ বেছিদিন কংগ্রেছত থকাৰ সম্ভাৱনা কম৷ অথচ ৰাজস্থানত বিজেপিক পৰাভূত কৰি কংগ্রেছক ক্ষমতালৈ অনা মূল ব্যক্তিজনেই আছিল শচীন পাইলট৷ যুৱপ্রজন্মৰ মাজত অতি জনপ্রিয় পাইলটে বিধানসভা নির্বাচনৰ বহু পূর্বৰে পৰা ৰাজস্থানত কংগ্রেছক সাংগঠনিকভাৱে শক্তিশালী কৰি বিজেপিক প্রত্যাহ্বান জনাব পৰাকৈ গঢ়ি তুলিছিল৷ তেতিয়ালৈকে জ্যেষ্ঠ কংগ্রেছ নেতা অশোক গেহলট প্রেক্ষাপটত নাছিল বুলিয়েই ক’ব পাৰি৷ কিন্তু নির্বাচনত জয়লাভ কৰাৰ পাছত পাইলটক বঞ্চিত কৰি গেহলটক মুখ্যমন্ত্রী পদত অধিষ্ঠিত কৰি পাইলটক উপ–মুখ্যমন্ত্রী পদত অধিষ্ঠিত কৰা হয়৷ কিন্তু সতীর্থৰ পাখিকটা ৰাজনীতিত সিদ্ধহস্ত কংগ্রেছ নেতা৷ অশোক গেহলটেও ৰাজস্থানত শচীন পাইলটৰ প্রভাৱ নাইকিয়া কৰাৰ ৰাজনীতি আৰম্ভ কৰিলে৷ পৰিণতিত পাইলটে ১৯জন বিধায়কক লগত লৈ গেহলটৰ বিৰুদ্ধে বিদ্রোহ কৰিলে৷ সমস্যাটো সমাধানৰ বিপৰীতে শচীন পাইলটক উপ–মুখ্যমন্ত্রী পদৰ লগতে প্রদেশ কংগ্রেছৰ সভাপতি পদৰ পৰাও আঁতৰোৱা হ’ল৷ পিছত কেন্দ্রীয় নেতৃত্বৰ হস্তক্ষেপত দুয়ো শিবিৰে হাত মিলালে৷ কিন্তু যিটো কাম এআইচিচিৰ নেতৃত্বই কৰিব লাগিছিল, সেইটো নকৰিলে৷ পাইলট শিবিৰৰ অভিযোগ–আপত্তি দূৰ কৰাৰ বাবে ছোনিয়া গান্ধীয়ে জ্যেষ্ঠ কংগ্রেছ নেতা আহমেদ পেটেল, কংগ্রেছৰ সাধাৰণ সম্পাদক (সংগঠন) কে চি বেণুগোপাল আৰু ৰাজস্থানৰ দায়িত্বত থকা কংগ্রেছৰ সাধাৰণ সম্পাদক অজয় মাকনক লৈ এখন সমিতি গঠন কৰি দিয়ে৷ সমিতিখনে দুয়োপক্ষৰ মাজত বৈঠক অনুষ্ঠিত কৰি সমস্যাটোৰ সমাধান সূত্র উলিওৱাৰ কথা আছিল৷ কিন্তু আজিলৈকে সমিতিৰ বৈঠক এখনেই অনুষ্ঠিত নহ’ল৷ ইতিমধ্যে সমিতিখনৰ সদস্য আহমেদ পেটেলৰ দেহাৱসান ঘটিল৷ বাকী দুগৰাকী সদস্যই আজিলৈকে এখনো বৈঠক অনুষ্ঠিত নকৰিলে৷ সুযোগ পাই অশোক গেহলটেও নৃত্য–নাটিকা আৰম্ভ কৰিলে৷ শাসনকালৰ আধা সময় যাবৰ হ’ল, মন্ত্রীসভা সম্প্রসাৰণৰ নামেই নুলিওৱা হ’ল৷ ধৈর্যৰ সীমা অতিক্রম কৰাত শচীন পাইলটে মুকলিকৈ মুখ্যমন্ত্রী অশোক গেহলটক আক্রমণ কৰা আৰম্ভ কৰি দিছে৷ অর্থাৎ মুকলি বিসম্বাদ পুনৰ আৰম্ভ হ’ল৷ ৰূপজ্যোতি কুর্মীৰ ইমান উচ্চস্তৰৰ নেতালৈ উত্তৰণ ঘটা নাছিল যদিও পঞ্চদশ অসম বিধানসভাত চাহ জনগোষ্ঠীক প্রতিনিধিত্ব কংগ্রেছৰ একমাত্র বিধায়ক হিচাপে দলটোৰ পৰা তেওঁ কিবাকিবি আশা কৰাটোত অস্বাভাৱিক একো নাছিল৷ কিন্তু কংগ্রেছ নেতৃত্বই সেই আশাত চেঁচাপানী ঢ়ালি তেওঁক নিৰাশ কৰিলে৷ সংবাদ মাধ্যমত প্রকাশ পোৱা অনুসৰি, ৰূপজ্যোতি কুর্মীয়ে প্রদেশ কংগ্রেছৰ সভাপতি পদটো বিচাৰিছিল৷ তেওঁ বিচৰা পথটো সঠিক নাছিল৷ কোনেও নিজকে যোগ্য বুলি দাবী কৰি ৰাজ্যিক সমিতি এখনৰ সভাপতিৰ দৰে পদ দাবী নকৰে৷ কিন্তু তাৰ জৰিয়তে নিজৰ ইচ্ছা এটাক তেওঁ ব্যক্ত কৰিছিল৷ কথাটোক সহানুভূতিৰে বিবেচনা কৰাৰ দৰকাৰ আছিল৷ একোৱেই নহ’ল৷ সেইটোত আশা নেদেখি কুর্মীয়ে বিধায়িনী দলৰ উপ–দলপতি পদটো বিচাৰিছিল৷ তাতো তেওঁক নিৰাশ কৰা হয়৷ এজন উদীয়মান নেতা হিচাপে আৰু নিজে প্রতিনিধিত্ব কৰা জনগোষ্ঠীটোৰ একমাত্র বিধায়ক হিচাপে কংগ্রেছত উচ্চ আসন লাভৰ আকাংক্ষাটোক কংগ্রেছ নেতৃত্বই কলিতে মোহাৰি পেলালে৷ তেওঁ দল এৰি গুচি গ’ল৷ বিজেপিত তেওঁক বুজা নতুবা আবদাৰ কৰি নিজৰ বাবে সুবিধাজনক স্থান উলিয়াই ল’বলৈ কেইবাজনো প্রভাৱশালী নেতা আছে৷ এক কথাত ক’বলৈ গ’লে চাহ জনগোষ্ঠীৰ এজন নেতা হিচাপে ৰূপজ্যোতি কুর্মীয়ে বিজেপিত অধিক সুবিধাজনক অৱস্থাত থাকিব৷
এতিয়া প্রশ্ণ উঠিছে– ৰূপজ্যোতি কুর্মীৰ প্রস্থানে কংগ্রেছৰ ক্ষতি কৰিব নেকি? বিষয়টোৰ গভীৰতালৈ যোৱাৰ পূর্বে ৰূপজ্যোতি কুর্মী সম্পর্কে দুটামান কথা আলোচনা কৰি লোৱা হওক৷ তেওঁ কংগ্রেছৰ তেনে কোনো নেতা নাছিল যাক দলীয় সম্পদ বুলি ক’ব পাৰি৷ তেওঁ এসময়ত তৰুণ গগৈৰ বিৰুদ্ধাচৰণ কৰি বিসম্বাদী শিবিৰতো সক্রিয় ভূমিকা গ্রহণ কৰিছিল৷ পাছলৈ অৱশ্যে স্থিতি সলনি কৰি কংগ্রেছতে ৰৈ যায়৷ শেহতীয়াকৈ তেওঁ কংগ্রেছ ত্যাগ কৰাৰ আঁৰৰ এইটোও এটা প্রধান কাৰণ বুলি ক’ব পাৰি৷ ৰূপজ্যোতি কুর্মীয়ে সেই সময়ত কংগ্রেছ ত্যাগ নকৰাৰ কাৰণ আছিল দলটোৰ প্রতি তেওঁৰ আস্থা৷ ২০১৬ চনত তৰুণ গগৈৰ নেতৃত্বত কংগ্রেছৰ শোচনীয় পৰাজয় হ’লেও ৰূপজ্যোতি কুর্মীৰ দৰে বহু নেতাই মনে–প্রাণে বিশ্বাস কৰিছিল যে দলটো পুনৰ অসমৰ শাসনলৈ উভতি আহিব৷ কিন্তু সদ্যসমাপ্ত বিধানসভা নির্বাচনত পৰাজিত হোৱাৰ লগে লগে বহুতোৰে মনত সেই আশা নির্বাপিত হ’বলৈ ধৰে৷ কথাটো তেনেই সৰল, দল এটাৰ যেতিয়া ক্ষমতালৈ অহাৰ সম্ভাৱনা কমি আহে বা নাইকিয়া হৈ যায়, সেই দলটোৰ পৰা সম্ভাৱনাময় দললৈ নেতা–কর্মীৰ গমন ঘটে৷ আজিৰ তাৰিখত কংগ্রেছৰ অৱস্থা এনেকুৱাই৷ দেশৰ বেছিভাগ ৰাজ্যতে কংগ্রেছৰ বাবে শাসনলৈ অহাৰ সম্ভাৱনা শূন্যপ্রায় হৈ পৰিছে৷ কিন্তু অসমৰ দৰে দুই–এখন ৰাজ্যত সম্ভাৱনাৰ চাকিটো জ্বলি আছিল৷ এইবাৰৰ বিধানসভা নির্বাচনে চাকিটোৰ ওপৰত বেয়াকৈ আঘাত কৰিলে৷ লগতে ৰাজ্যিক আৰু কেন্দ্রীয় নেতৃত্বৰো দুর্বলতা দুখ লগাকৈ ওলাই পৰিল৷ এই অৱস্থাত অকল ৰূপজ্যোতি কুর্মীয়েই নহয়, অনাগত দিনত কংগ্রেছৰ পৰা আৰু বিধায়ক বিজেপিলৈ যোৱাৰ সম্ভাৱনা আছে৷ দলটো চৰম নৈৰাজ্যৰ গ্রাসত পৰিছে৷ কংগ্রেছত আজি দলীয় কর্মী তথা সমর্থক আৰু জনসাধাৰণক উদগনি জগাব পৰা নেতা নাই বুলিয়েই ক’ব পাৰি৷ ৰাহুল গান্ধী, প্রিয়ংকা গান্ধী ৱদ্রা, ছোনিয়া গান্ধী আৰু তেওঁলোকক প্রদক্ষিণ কৰি থকা নেতাৰ ব্যর্থতা আৰু লুকাই থকা নাই৷ দলটোক পূর্বৰ গৰিমাময় অৱস্থালৈ ওভতাই লৈ যাব পৰা তেনে কোনো নেতাৰ আৱির্ভাৱো ঘটা নাই৷ দলটোৰ ভৱিষ্যৎ সাংঘাতিক ধৰণে অনিশ্চয়তাৰে ভৰা৷ গান্ধী পৰিয়াল সহিতে অথবা অবিহনে, দুয়োটা অৱস্থাতে কংগ্রেছ উজ্জীৱিত হৈ উঠাৰ সম্ভাৱনা তেনেই ক্ষীণ৷ কংগ্রেছৰ বহু নেতাই প্রায়েই কয়, পূর্বতেও দলটোৰ পৰা বহু নেতা আঁতৰি গৈছিল৷ সংকটে ঘেৰি ধৰিছিল৷ কিন্তু সকলো বাধা নেওচি কংগ্রেছ পুনৰ স্ব–মহিমাৰে উভতি আহিছিল৷ কিন্তু তেওঁলোকে এটা কথা বুজি নাপায় যে সেই সময়ত কংগ্রেছে নিজৰ মাজতে যুঁজিছিল যদিও বাহিৰত দলটোক প্রত্যাহ্বান জনাব পৰাকৈ শক্তিশালী প্রতিদ্বন্দ্বী নাছিল৷ কিন্তু এতিয়া পৰিস্থিতি নাই৷ দেশত একেৰাহে দুবাৰ বিপুল ভোটত জয়ী হৈ চৰকাৰ চলাই থকা দল এটা আছে৷ প্রতিপক্ষ যথেষ্ট শক্তিশালী আৰু প্রভাৱশালী৷ বিজেপিক পৰাজিত কৰিবলৈ কংগ্রেছক হাতী এটাৰ সমান বল লাগিব৷ কিন্তু বর্তমানে যি দেখা গৈছে দলটোৰ নিগনিৰ সমানো বল নাই৷ কথাটো আছিল, ৰূপজ্যোতি কুর্মীৰ দলত্যাগ আৰু বিজেপিত যোগদানে কংগ্রেছৰ কিবা ক্ষতি কৰিব নেকি? নিশ্চয় কৰিব৷ ব্যক্তি হিচাপে ৰূপজ্যেতি কুর্মীক হেৰুৱাই কংগ্রেছে হিয়া ঢ়াকুৰি কান্দিবলগীয়া নাই৷ কিন্তু অসমৰ ৰাজনীতিত চাহ জনগোষ্ঠীৰ শক্তি, ভূমিকা, সামর্থ্য কিমান সেইটো দুনাই নক’লেও হয়৷ অসমত কংগ্রেছৰ দীঘলীয়া ৰাজনৈতিক সাফল্যৰ আঁৰত এই জনগোষ্ঠীটোৰ সমর্থন আছিল অকুণ্ঠ৷ কিন্তু লাহে লাহে জনগোষ্ঠীটোৰ মাজত কংগ্রেছৰ স্থিতি দুর্বল হৈ পৰিব ধৰে৷ সদ্যসমাপ্ত বিধানসভা নির্বাচন ইয়াৰেই জ্বলন্ত উদাহৰণ৷ জনগোষ্ঠীটোৰ পৰা কংগ্রেছ প্রাথী হিচাপে মাথোঁ ৰূপজ্যোতি কুর্মীহে বিধায়ক ৰূপে নির্বাচিত হৈ আহে৷ তেওঁ কংগ্রেছ এৰাত বিধানসভাত কংগ্রেছ চাহ জনগোষ্ঠীৰ প্রতিনিধিহীন হৈ পৰিল৷ কংগ্রেছৰ ইতিহাসত এনে ঘটনা প্রথম৷ ইয়ে চাহ জনগোষ্ঠীৰ জনসাধাৰণৰ মাজত কংগ্রেছৰ প্রতি আস্থাহীনতাৰ পৰিৱেশ অধিক শক্তিশালী কৰিব৷ ইফালে, ধর্মীয় সংখ্যালঘুৰ ক্ষেত্রখনত এ আই ইউ ডি এফৰ শক্তি পুনৰ বাঢ়িছে৷ অসমৰ পৰিৱর্তিত ৰাজনীতিয়ে দলটোক অধিক শক্তিশালী কৰাৰ সম্ভাৱনা আছে৷ তেন্তে কংগ্রেছে কাক লৈ ৰাজনীতি কৰিব? শাসনলৈ আহিবলৈ হ’লে নিজস্ব শক্তিশালী ভেটি এটাৰ আৱশ্যক৷ যিটো দিনে দিনে দুর্বল হৈ গৈ আছে৷ গৈয়েই আছে৷

You might also like