নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পত্নীৰ পাঁচটা গোপন কথাঃ যি কেতিয়াও স্বামীৰ আগত ব্যক্ত নকৰে

নিয়মীয়া বাৰ্তা ২৪ জুনঃ বিবাহিত জীৱনত স্বামী স্ত্ৰীয়ে নিজৰ সকলো দুখ সুখ ইজনে সিজনৰ আগত ব্যক্ত কৰে। এনে ধৰণৰ সিজনে সিজনক ব্যক্ত কৰিলে তেওঁলোকৰ মাজত ভালপোৱাই নহয় বৈবাহিক জীৱনও সুখকৰ হয়। কিন্তু তাৰ মাজতো এনে কম স্বামী স্ত্ৰী আছে যি ইজনে সিজনক নিজৰ মনৰ কথা ব্যক্ত নকৰে।

কিন্তু মহিলাৰ কথা ক’বলৈ গ’লে প্ৰায়েই দেখা যায় যে মহিলাৰ মনৰ কথা গম পোৱাটো বহুতেই কঠিন। তেওঁলোকৰ জীৱনত এনে কিছুমান কথা আছে যি কাৰো আগত ব্যক্ত নকৰে। আনহাতে নিজৰ স্বামীকো একে কথা ব্যক্ত নকৰে। এনে কিছুমান পাঁচটা কথা আছে যি স্ত্ৰীয়ে কেতিয়াও স্বামীৰ আগত প্ৰকাশ নকৰে।

গোপনে ৰখা টকাঃ প্ৰায়সংখ্যক মহিলাই এটা গোপনে  টকা লুকুৱাই ৰাখে। যিটো কথা কাৰো আগত কবলৈ টান পায়। কিন্তু নিজৰ বিশ্বাসী বান্ধৱীক ক’ব কিন্তু নিজৰ স্বামীক ক’বলৈ টান পায়।

বেমাৰৰ বিষয়েঃ প্ৰায় সংখ্যক স্ত্ৰীয়ে নিজৰ বেমাৰৰ কথা স্বামীক কবলৈ টান পায়। এনেধৰণৰ কথা স্বামীক কবলৈ এইকাৰণেই নকয় কাৰণ সৰু সৰু কথা লৈ যাতে স্বামী চিন্তিত নহয়।

প্ৰাক্তন প্ৰেমিকৰ বিষয়েঃ প্ৰত্যক জন ব্যক্তিৰে নিজৰ এটা অতীত প্ৰেমিক অথবা প্ৰেমিকা থাকে। এগৰাকী স্ত্ৰীৰো পুৰণি প্ৰেমিক থাকিব পাৰে। নিজৰ স্বামীক প্ৰাক্তন প্ৰেমিকৰ কথা কেতিয়াও ক’ব নিবিচাৰে। তেওঁলোকে ভাবে যে যদি স্বামীয়ে পত্নীৰ নিজৰ অতীতৰ প্ৰেমিকৰ কথা কয় দিয়ে তেতিয়া বিবাহিত সম্পৰ্কত আউল লাগিব পাৰে ।

পইচা সঞ্চয় কৰাঃ প্ৰায় স্ত্ৰীয়ে নিজৰ স্বামীক নজনোৱাকৈ পইচা সঞ্চচয় কৰি থৈ দিয়ে। তেওঁলোকে ভাবে যে ভৱিষ্যত সুৰক্ষিত কৰিবলৈ এনেদৰে পইচা সঞ্চয় কৰে।

একান্ত বন্ধুৰ বিষয়েঃ প্ৰত্যকৰে জীৱনত এজন বিশেষ বন্ধু নিশ্চয় থাকে। প্ৰায় সংখ্যক স্ত্ৰীয়ে নিজৰ বিশেষ বন্ধুৰ বিষয়ে স্বামীৰ কেতিয়াও চৰ্চা নকৰে।

You might also like