নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশেষ ন্যায়াধীশৰ আদালতত আৰম্ভ খলনায়ক ৰাকেশ পালৰ বিচাৰ প্রক্রিয়া

নিয়মীয়া বাৰ্তা ২৫ জুনঃ স্বজন–তোষণ, দুর্নীতি–নিয়মেৰে অসম লোকসেৱা আয়োগক কলংকিত কৰা কুখ্যাত ৰাকেশ পালৰ বিৰুদ্ধে আৰম্ভ হৈছে বিচাৰ প্রক্রিয়া৷ অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখা (চিআইডি)ত ৰুজু হৈ থকা ২৭/২০১৮ নম্বৰৰ গোচৰত ৰাকেশ পালৰ বিৰুদ্ধে বিচাৰ প্রক্রিয়া আৰম্ভ হৈছে৷ আজি এই গোচৰটোত ধাৰা আৰোপ কৰে বিশেষ ন্যায়াধীশৰ আদালতে৷ চিআইডিৰ এই গোচৰটোত দুর্নীতি প্রতিৰোধ আইনৰ ২/১৩(২) আৰু ভাৰতীয় দণ্ডবিধিৰ ৪২০ ধাৰা আৰোপ কৰিছে৷

অর্থাৎ দুর্নীতি প্রতিৰোধ আইন ২/১৩(২) আৰু ভাৰতীয় দণ্ডবিধি ৪২০ ধাৰাৰ অধীনত ৰাকেশ পালৰ বিৰুদ্ধে আদালতত বিচাৰ প্রক্রিয়া চলিব৷ আৰক্ষীয়ে দাখিল কৰা তথ্য প্রমাণৰ ভিত্তিত বিচাৰ প্রক্রিয়াৰ অন্তত যদিহে উক্ত ধাৰাৰ অধীনত দোষাৰোপ হয়, তেন্তে সেই ধাৰা অনুসৰি শাস্তি লাভ কৰিব বিতর্কিত পালে৷ উল্লেখ্য যে ২০১৮ চনত ধ্রুৱজ্যোতি বৈশ্য নামৰ এজন প্রার্থীৰ পৰা অসম লোকসেৱা আয়োগৰ উপ–আৰক্ষী অধীক্ষক পদত নিযুক্তিৰ বাবে ১০ লাখ টকাৰ উপঢ়ৌকন বিচাৰিছিল৷ এই সন্দর্ভত প্রার্থীজনৰ খুৰাকৰ এজাহাৰৰ ভিত্তি ২৭/২০১৮ নম্বৰৰ গোচৰ ৰুজু কৰিছিল চিআইডিয়ে৷

You might also like