নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডুমডুমাৰ ডেইলী বজাৰত বিধ্বংসী অগ্নিকাণ্ড

ডিজিটেল ডেস্ক, ১৪ জুন : ডুমডুমাত এক বিধংসী অগ্নিকাণ্ড সংঘটিত হয়। ডুমডুমাৰ ডেইলী বজাৰত সংঘটিত হৈছে এই অগ্নিকাণ্ড। অগ্নিকাণ্ডত বৰ্তমানলৈকে প্ৰায় ৬-৭ খন দোকান ইতিমধ্যেই জ্বলি ভস্মীভূত হৈছে ।

অগ্নিনিৰ্বাপক বাহিনীৰ এখন বাহনে আহি জুই নিৰ্বাপণৰ চেষ্টা চলায় যদিও জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হোৱা নাই। ঘটনাত আতংকিত হৈ পৰিছে ৰাইজ। কি কাৰণত জুইৰ সূত্ৰপাত হ’ল সেয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।

You might also like