নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰী ছীল মৰা ছাগলীৰ মাংস বিক্রীত অনুমতি

ব্যৱসায়ীয়ে দোকানত আঁৰিব লাগিব নামফলকঃ ১ জুলাইৰ পৰা কার্যকৰী হ’ব নির্দেশনা

নিয়মীয়া বাৰ্তা ২৬ জুনঃ জনস্বাস্থ্যৰ প্রতি ভাবুকি সৃষ্টি কৰি গুৱাহাটী মহানগৰীত একাংশ অসাধু ব্যৱসায়ীয়ে অস্বাস্থ্যকৰ পৰিৱেশত মাংস বিক্রী কৰি আহিছে৷ পৌৰ নিগম কর্তৃপক্ষৰ নির্লিপ্ততাৰ সুযোগ লৈ নীতি–নির্দেশনা উলংঘাৰে বছৰৰ পিছত বছৰ ধৰি এনেদৰে অস্বাস্থ্যকৰ পৰিৱেশত মাংস বিক্রী কৰাৰ অভিযোগ প্রায়েই উত্থাপন হৈ আহিছে৷ ৰাইজৰ অভিযোগৰ ভিত্তিত আজি পৌৰ নিগম কর্তৃপক্ষই মহানগৰ আৰক্ষীৰ সহযোগত বিভিন্ন স্থানত অভিযান চলায়৷ পৌৰ নিগমৰ ভেটেনাৰী শাখা, এনফ’চমেণ্ট শাখা আৰু মহানগৰ আৰক্ষীৰ সহযোগত অভিযানকাৰী দলটোৱে পুৱা ৮ বজাৰ পৰা গণেশগুৰি, হাতীগাঁও, ভেটাপাৰা, ঘোঁৰামাৰা, বেহাৰবাৰী, নালাপাৰা, লখৰা, সাউকুছি, লালগণেশ, ফটাশিল কলনী বজাৰ, কালাপাহাৰ, বি কে কাকতি ৰোড আৰু উলুবাৰীত অভিযান চলায়৷ পৌৰ নিগমৰ অভিযানকাৰী দলটোৱে এই অভিযানৰ সময়ত অস্বাস্থ্যকৰ পৰিৱেশত ছাগলীৰ মাংস বিক্রী কৰা বহুকেইখন দোকানৰ স্বত্বাধিকাৰীক জৰিমনা বিহে৷

লগতে জনস্বাস্থ্যৰ প্রতি ভাবুকি সৃষ্টি কৰি অস্বাস্থ্যকৰ পৰিৱেশত মাংস বিক্রী কৰা হাতীগাঁৱৰ দুখন দোকান ছীল কৰে৷ পৌৰ নিগমৰ ভেটেনাৰী শাখাৰ বিষয়া ডাঃ প্রদীপ মেধিৰ নেতৃত্বত চলা এই অভিযানত ৮০ কেজি ছাগলীৰ মাংস জব্দ কৰে৷ লগতে ২০,৫০০ টকা জৰিমনা সংগ্রহ কৰে৷ জব্দকৃত মাংসখিনি বৰাগাঁৱৰ ডাম্পিং গ্রাউণ্ডত পুতি পেলায় পৌৰ নিগম কর্তৃপক্ষই৷ ইফালে, ডাঃ প্রদীপ মেধিয়ে জানিবলৈ দিয়া মতে, গুৱাহাটী মহানগৰীত ১৭৪খন অনুজ্ঞা–পত্র থকা ছাগলী মাংস বিক্রীৰ দোকান আছে৷ ছাগলীৰ মাংস বিক্রী কৰা ব্যৱসায়ীসকলে দোকানৰ ভিতৰ ভাগত বগা ৰং আৰু বাহিৰত মেৰুন ৰং কৰিব লাগিব৷ প্রতিখন দোকানতে ব্যৱসায়ীসকলে গ্রাহকৰ চকুত পৰাকৈ নীলা ৰঙৰ ছাইনব’ডত বগা ৰঙেৰে ট্রেড লাইচেঞ্চৰ নম্বৰ, ব্যৱসায়িক প্রতিষ্ঠানৰ স্বত্বাধিকাৰীৰ নাম আৰু প্রতিকিলো মাংসৰ দাম লিখি ৰাখিব লাগিব৷ শেহতীয়াকৈ পৌৰ নিগম কর্তৃপক্ষ আৰু ছাগলী ব্যৱসায়ীৰ মাজত হোৱা এখন বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হৈছিল৷ অহা ১ জুলাইৰ পৰা এই নির্দেশনা কার্যকৰী হ’ব৷ প্রতিকেজি ছাগলীৰ মাংস ব্যৱসায়ীসকলে ৭০০ টকাত বিক্রী কৰিব লাগিব৷ চৰকাৰী ছীল–মোহৰ মৰা ছাগলীহে ব্যৱসায়ীসকলে বিক্রী কৰিব পাৰিব৷ এই নির্দেশনা উলংঘা কৰা ব্যৱসায়ীৰ বিৰুদ্ধে পৌৰ নিগম কর্তৃপক্ষই কঠোৰ ব্যৱস্থা গ্রহণ কৰিব৷

You might also like