থলুৱাভাৱে নির্মিত আইএনএছ বিক্রান্ত অহা বর্ষত অন্তর্ভুক্ত হ’ব নৌসেনাত
নিয়মীয়া বাৰ্তা ২৬ জুনঃ প্রথম ‘মেড ইন ইণ্ডিয়া’ যুদ্ধ বিমান পৰিবাহী জাহাজ আই এন এছ বিক্রান্ত অহা বর্ষত নৌসেনাত আনুষ্ঠানিকভাৱে অন্তর্ভুক্ত কৰা হ’ব৷ শুকুৰবাৰে কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে ছাউডার্ন নেভেল কমাণ্ড পৰিদর্শন কৰি এই ঘোষণা কৰিছে৷ দেশৰ স্বাধীনতাৰ ৭৫সংখ্যক বার্ষিকী উপলক্ষে আই এন এছ বিক্রান্ত নৌসেনাত অন্তর্ভুক্ত কৰা হ’ব৷ আই এন এছ বিক্রান্তক ইণ্ডিজিনিয়াছ এয়াৰক্রাফট কেৰিয়াৰ–১ তথা আই এ চি–১ বুলিও জনা যায়৷