সাৱধান! অলপতে স্মাৰ্টফোন গৰম হয় নেকি? কি কৰিব…
ফোন গৰম হোৱাৰ পৰা হাত সাৰিবলৈ পাঁচটা টোকা
সূৰ্যৰ তলত ফোন ব্যৱহাৰ নকৰিবঃ ফোনটো পোনপটীয়াকৈ সূৰ্যৰ তলত ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক। ই ফোনৰ তাপমাত্ৰা বৃদ্ধি কৰিব, যি আপোনাৰ ফোনটো অধিক গৰম কৰি তুলিব।
অপ্ৰয়োজনীয় এপছবোৰ ডিলিট কৰকঃ স্মাৰ্টফোনত নিয়মীয়াকৈ ব্যৱহাৰ নকৰা এপছবোৰ ফোনৰ পৰা ডিলিট কৰক। এনে এপছবোৰে ব্যাকগ্রাউন্ডত চলি থকাৰ ফলত কোনো কাৰণ নোহোৱাকৈ ফোনটো গৰম কৰিব পাৰে।
ব্রাইটনেছ কম ৰাখক – ফোনৰ ব্রাইটনেছ কম ৰাখক। অপ্ৰয়োজনীয়ভাৱে উজ্জ্বলতা বৃদ্ধি কৰিলে বেটাৰিৰ ব্যৱহাৰ বৃদ্ধি হ’ব পাৰে, যি আপোনাৰ ফোনটো অপ্ৰয়োজনীয়ভাৱে গৰম কৰিব পাৰে।
ফোনকেছ ব্যৱহাৰ নকৰিব – স্মাৰ্টফোনত কেছ ব্যৱহাৰ কৰিলে বায়ু লৰচৰ কৰিব নোৱাৰে, যাৰ ফলত ফোনটো কোনো কাৰণ নোহোৱাকৈ গৰম হৈ পৰে।
এৰ’প্লেন মোড – ফোনৰ এৰ’প্লেন মোড অন কৰক, আনকি সকলো মৌলিক সুবিধা অন থাকিলেও, ৱায়াৰলেচ নেটৱৰ্ক শাখাটো বন্ধ কৰা হ’ব, যি ফোনটো গৰম হোৱাত বাধা দিব।
গৰম হ’লে ফোন ঠাণ্ডা কিদৰে কৰিব?
এপছসমুহ আপ-টু-ডেট ৰাখকঃ ফোনৰ সকলো এপছ আপ-টু-ডেট ৰাখক। ইয়াৰ ফলত বহু সমস্যাৰ পৰা মুক্তি পাব, ফলত বেটাৰিও বাচিব আৰু ফোন গৰম হোৱাৰ পৰাও হাত সাৰিব।
ফোনৰ পৰা আনবোৰ গেজেটবোৰ আঁতৰাই ৰাখিবঃ – কেতিয়াবা এটা গেজেট আনটোৰ ওপৰত ৰাখিলে কোনো কাৰণ নোহোৱাকৈ ইয়াক গৰম কৰি তোলে। ফোনটো আঁতৰাই ৰাখি ঠাণ্ডা হোৱাত সহায় কৰক।
অপ্রয়োজনীয় এপছঃ- ফোন গৰম হোৱা আৰম্ভ হ’লেই প্রথমে অপ্রয়োজনীয় এপছবোৰ ডিলিট কৰক।
ফোনটো ফেনৰ সন্মুখত ৰাখিবঃ ফোনটো অত্যাধিক গৰম হ’লে ফেনৰ সন্মুখত ৰাখক। যদি বতাহ বহে, ই সোনকালে ঠাণ্ডা হ’ব।