নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিশা জ্যেষ্ঠ চিকিৎসকৰ দায়িত্বত চকু বিশেষজ্ঞ

জিএমচিএইচত স্বাস্থ্যমন্ত্রী কেশৱ মহন্তৰ ছাডেন ভিজিটত উন্মোচিত গাফিলতি

নিয়মীয়া বাৰ্তা ৩০ জুনঃ মাৰাত্মক ক’ৰোনা ভাইৰাছত আক্রান্ত হৈ যোৱানিশা ১২জন ৰোগীৰ মৃত্যুৰ পিছতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জি এম চি এইচ)ত ক’ভিড চিকিৎসাক লৈ উত্থাপন হৈছে প্রশ্ণৰ৷ ৰোগীসকলৰ মৃত্যুৰ পিছত মাজনিশা স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই জি এম চি এইচত ছাডেন ভিজিট কৰাৰ সময়তে উন্মোচিত হৈছে ক’ভিড চিকিৎসাৰ ক্ষেত্রত চূড়ান্ত গাফিলতি৷ মধুমেহ, হূদৰোগ আদিকে ধৰি বিভিন্ন গুৰুতৰ ৰোগত আক্রান্ত ক’ভিড ৰোগীৰ চিকিৎসাৰ বাবে জি এম চি এইচত নিশা নাথাকে সংশ্লিষ্ট বিভাগসমূহৰ বিশেষজ্ঞ চিকিৎসক৷ বৰঞ্চ যোৱানিশা ১২জন ৰোগীৰ ক’ভিডত মৃত্যু হোৱাৰ সময়তো জি এম চি এইচত বিশেষজ্ঞ চিকিৎসক হিচাপে কর্তব্যৰত আছিল এজন চকু বিশেষজ্ঞহে৷

নিশা প্রায় ১ বজাত হাস্পতালখনত উপস্থিত হোৱা স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই জি এম চি এইচৰ উপ–ধীক্ষকক কোন কোন জ্যেষ্ঠ চিকিৎসক কর্তব্যত আছে, সেই সন্দর্ভত অনুসন্ধান কৰাত এই তথ্য পোহৰলৈ আহিছে৷ নিশা জ্যেষ্ঠ চিকিৎসক হিচাপে কোন কর্তব্যত আছে বুলি স্বাস্থ্যমন্ত্রীয়ে সোধা প্রশ্ণৰ উত্তৰত কেৱল চকু চিকিৎসা বিভাগৰ এজন সহকাৰী অধ্যাপকহে নিশা বিশেষজ্ঞ চিকিৎসক হিচাপে সমগ্র্র ৰোগীৰ পর্যবেক্ষণ কৰে বুলি জানিবলৈ দিয়ে৷ কিড্নী, ডায়েবেটিছ, হূদৰোগ আদিকে ধৰি গুৰুতৰ ৰোগত আক্রান্ত ৰোগী থকাৰ সময়ত চকু চিকিৎসকহে ৰাখিছে নেকি বুলিও তেওঁ প্রশ্ণ উত্থাপন কৰে৷ তদুপৰি জি এম চি এইচ আৰু ছুপাৰ স্পেচিয়েলিটী হাস্পতালৰ ক’ভিড ৱার্ডসমূহ পৰিদর্শন কৰি মন্ত্রী মহন্তই কর্তব্যত থকা চিকিৎসকসকলক মাতি আনি কিমান ৰোগী আছে আৰু সংকটজনক অৱস্থাত কেইজন ৰোগী আছে, এইসমূহ তথ্যৰ অনুসন্ধান কৰে৷ হাস্পতালখনৰ উপ–ধীক্ষক হিচাপে বিভিন্ন আন কথাৰে বুজাবলৈ যত্ন কৰে যদিও নিশা জ্যেষ্ঠ অথবা বিশেষজ্ঞ চিকিৎসকৰ অনুপস্থিতিত খর্গহস্ত হৈ পৰা স্বাস্থ্যমন্ত্রী মহন্তই তেওঁক হাস্পতালখনৰ ক’ভিডৰ কর্তব্যত থকা সকলো চিকিৎসকৰ তালিকা দাখিল কৰিবলৈ নির্দেশ দিয়ে৷

আন এটা ৱার্ড পৰিদর্শন কৰি মন্ত্রী মহন্তই গুৰুতৰ ৰোগীসকলক কোন জ্যেষ্ঠ চিকিৎসকে পৰীক্ষা কৰে বুলি সোধা প্রশ্ণৰ উত্তৰত কর্তব্যৰত এগৰাকী চিকিৎসকে সদৰী কৰে যে পুৱাৰ ভাগত অহা চিকিৎসকে নিয়মীয়া পৰীক্ষাৰ সময়তহে এই গুৰুতৰ ৰোগীসকলক চোৱা–চিতা কৰে৷ নিশা গুৰুতৰ ৰোগীসকলৰ স্বাস্থ্যৰ অৱস্থাৰ অধিক অৱনতি ঘটিলে জ্যেষ্ঠ চিকিৎসকক জনোৱা হয় বুলিও কর্তব্যৰত চিকিৎসকগৰাকীয়ে জানিবলৈ দিয়ে৷ অর্থাৎ নিশা স্বাস্থ্যমন্ত্রীৰ ছাডেন ভিজিটৰ পিছতে জি এম চি এইচত ক’ভিড চিকিৎসাৰ নামত ৰোগীৰ জীৱনৰ সৈতে হেতালি খেলা হৈছে নেকি বুলিও প্রশ্ণ উত্থাপন হৈছে৷

উল্লেখ্য যে কালি নিশা হঠাৎ হাস্পতালখনত চিকিৎসাধীন ১২জন লোকৰ মৃত্যু ঘটে৷ ইয়াৰে ১০জন ক্রমে আয়েছা খাতুন (৬২), গীতা দাস (৬৫), নীলা বসুমতাৰী (৫০), আৰফালন হুছেইন (৫২), ইছাব আলী (৬৫), ভীমপ্রসাদ শর্মা (৮০), সুমিত্রা মণ্ডল (৭৫), ছাইদুল ৰহমান (৬৫), সুধীৰ বিশ্বাস (৮৫) আৰু পূণিকা হাজৰিকা (৫৫) বুলি জানিব পৰা গৈছে৷ অৱশ্যে আন দুজনৰ নাম এতিয়াও জানিব পৰা হোৱা নাই৷ নিশা মৃত্যু হোৱা আটাইকেইজন ৰোগীৰ শৰীৰত অক্সিজেনৰ মাত্রা যথেষ্ট কম আছিল বুলি জানিব পৰা গৈছে৷ অক্সিজেনৰ মাত্রা হ্রাস পোৱাৰ বাবেই তেওঁলোকৰ মৃত্যু হোৱা বুলি সদৰী কৰিছে জি এম চি এইচ কর্তৃপক্ষই৷ নিশা কোনো বিশেষজ্ঞ চিকিৎসক কর্তব্যত নাছিল যদিও পূর্বৰ দৰেই যথেষ্ট পলমকৈ ৰোগীসকলক ভর্তি কৰোৱাৰ বাবে মৃত্যুৰ হাৰ বৃদ্ধি পাইছে বুলিও দায় সাৰিবলৈ চেষ্টা কৰা পৰিলক্ষিত হ’ল হাস্পতালখনৰ কর্তৃপক্ষই৷ আনহাতে, হাস্পতালখনত ছাডেন ভিজিটৰ পিছত সংবাদ মাধ্যমৰ আগত মন্ত্রী কেশৱ মহন্তই কয় যে জি এম চি এইচত নিশা ক’ভিডৰ চিকিৎসা পৰিচালনাৰ ক্ষেত্রত আৰু কিছু ব্যৱস্থা গ্রহণৰ প্রয়োজনীয়তা আছে৷ নিশা জ্যেষ্ঠ চিকিৎসকৰ প্রয়োজন হ’ব বুলি উল্লেখ কৰি তেওঁ কয়– ‘১২জন ৰোগীৰ মৃত্যুৰ বাতৰি পিছত মই পৰিদর্শনৰ বাবে আহিছোঁ৷ হাস্পতালখনৰ পৰিচালনাত কিছু সালসলনি কৰিব লাগিব৷ নিয়মীয়াভাৱে চিকিৎসক থাকে কিন্তু যথেষ্ট বিশেষজ্ঞ চিকিৎসকৰ প্রয়োজন হ’ব৷’

ইপিনে, মঙলবাৰে সন্ধিয়া ৬ বজাত জি এম চি এইচৰ অধীক্ষক, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ, সকলো বিভাগৰ মুৰব্বীৰ সৈতে এখন বৈঠকত মিলিত হয় স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত৷ এই বৈঠকত ক’ভিড ৰোগীসকলৰ চিকিৎসা ব্যৱস্থাপনাৰ সঠিক পৰিচালনাৰ বিষয়ে বিস্তাৰিতভাৱে আলোচনা কৰা হয়৷ বৈঠকৰ সিদ্ধান্ত অনুসৰি আজি নিশাৰে পৰাই জি এম চি এইচত ক’ভিড ৰোগীৰ চিকিৎসা অধিক ফলপ্রসূ হোৱাকৈ কিছু নীতি–নির্দেশনা সংযোজিত কৰিবলৈ নির্দেশ দিয়া হয়৷ ৰাজ্যৰ প্রতিখন চিকিৎসা মহাবিদ্যালয় হাস্পতালতে এই ব্যৱস্থা প্রযোজ্য কৰিবলৈও সংশ্লিষ্ট কর্তৃপক্ষই স্বাস্থ্যমন্ত্রীক নির্দেশ দিছে৷

একে সময়তে আজিৰে পৰা জিএমচিএইচত দিনৰ সময়ছোৱাৰ উপৰি নিশাৰ ভাগতো ক’ভিড ৰোগীয়ে প্রয়োজনীয় জৰুৰী চিকিৎসাৰ দিহা–পৰামর্শ লাভ কৰিব পৰাকৈ সহকাৰী অধ্যাপক অথবা ইয়াতকৈ জ্যেষ্ঠ চিকিৎসা বিশেষজ্ঞ চিকিৎসালয়খনত উপস্থিত থকা নিশ্চিত কৰিবলৈ তেওঁ নির্দেশনা দিছে৷ দিন আৰু নিশাৰ বাবে সুকীয়াকৈ এনে জ্যেষ্ঠ চিকিৎসা বিশেষজ্ঞ দায়িত্ব পালন কৰিব৷ এই বৈঠকৰ সময়তে ক’ভিড আক্রান্তৰ হাৰ হ্রাস পালেও মৃত্যু হোৱা ৰোগীৰ সংখ্যা হ্রাস নোপোৱা বিষয়টোক লৈ বিশেষভাৱে পর্যালোচনা কৰে স্বাস্থ্যমন্ত্রীগৰাকীয়্৷

ক’ভিড আক্রান্ত শিশুৰ বাবে আছুতীয়া চিকিৎসা ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ দি মহন্তই প্রতিখন চিকিৎসা মহাবিদ্যালয় হাস্পতালতে অহা ১ জুলাইৰ পৰা চিকিৎসাধীন ক’ভিড ৰোগী সন্দর্ভত একোখন হেল্থ বুলেট প্রকাশ কৰিবলৈও নির্দেশ দিছে৷ একেদৰে কোনো ৰোগীৰ স্বাস্থ্যৰ অৱনতি ঘটিলে সেই সন্দর্ভত তাৎক্ষণিকভাৱে পৰিয়ালক অৱগত কৰাৰ ক্ষেত্রতো গুৰুত্ব আৰোপ কৰে কেশৱ মহন্তই৷

আনহাতে, নিশা মৃত্যুক সাবটি লোৱা ১২ ৰোগীৰ কোনো এজনেই ক’ভিড ভেকচিন লোৱা নাছিল বুলি সদৰী কৰিছে জি এম চি এইচৰ অধীক্ষক অভিজিৎ শর্মাই৷ সংবাদ মাধ্যমৰ আগত প্রতিক্রিয়া প্রকাশ কৰি শর্মাই কয় যে মৃত্যু হোৱা লোককেইজনৰ ৯জন আইচিইউত আৰু আন তিনিজন ৱার্ডত চিকিৎসাধীন হৈ আছিল৷ ৱার্ডত চিকিৎসাধীন হৈ থকা এই ৰোগীকেইজন ২৪ ঘণ্টাৰ ভিতৰত হাস্পতালখনত ভর্তি হৈছিল৷ ক’ভিডৰ বিৰুদ্ধে যুঁজিবলৈ প্রতিষেধক লোৱাটো অত্যন্ত প্রয়োজনীয় বুলি উল্লেখ কৰি অধীক্ষক শর্মাই ক’ভিডৰ লক্ষণ দেখা দিলেই পৰীক্ষা কৰি ক’ভিড চেণ্টাৰ অথবা হাস্পতালত চিকিৎসাধীন হ’বলৈ আহ্বান জনায়৷ অক্সিজেনৰ মাত্রা যথেষ্ট নিম্নগামী হোৱাৰ পিছত চিকিৎসালয়ত ভর্তি কৰিলে তেনে ৰোগীৰ জীৱন বচোৱাটো চিকিৎসকসকলৰ বাবে কঠিন হৈ পৰে বুলিও তেওঁ উল্লেখ কৰে৷

You might also like