ব্যয় সংকোচন
ক’ভিড–১৯ৰ সংক্রমণ ক্রমশঃ হ্রাস পাই আহিলেও মহামাৰীত বিধ্বস্ত দেশৰ অর্থনীতিয়ে স্বাভাৱিক গতি লাভ কৰিবলৈ যে যথেষ্ট সময়ৰ প্রয়োজন হ’ব, সেই কথা নিশ্চিত৷ ইতিমধ্যে বিশেষজ্ঞ–র্থনীতিবি এই বিষয়ে বাৰম্বাৰ দোহাৰি আহিছে৷ একে সময়তে ভাৰতীয় ৰিজার্ভ বেংককে ধৰি বিভিন্ন সংস্থাই চলোৱা সমীক্ষাত স্পষ্ট হৈছে ক’ভিডকালত দেশৰ অর্থনীতিৰ বাস্তৱ ছবিখন৷ কৃষি–উদ্যোগ–পর্যটন্ ধৰি প্রতিটো খণ্ডতেই স্থবিৰতাই বিৰাজ কৰিছে৷ কর্মহীন হৈ পৰিছে হাজাৰ হাজাৰ শ্রমিক–কর্মচাৰী৷ প্রধানতঃ ইয়াৰ বাবেই দেশৰ অর্থনীতিৰ গ্রাফডাল নিম্নগামী হৈছে৷ ক’ভিড–১৯ৰ প্রথমটো জোৱাৰৰ সময়তেই বিগত বর্ষৰ মে’ মাহত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ২০ লাখ কোটি টকাৰ আর্থিক পেকেজ ঘোষণা কৰিছিল৷ এই আর্থিক পেকেজৰ অন্যতম হৈছে গৰিব কল্যাণ যোজনা৷ শেহতীয়াকৈ কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে এই আঁচনিখন অব্যাহত ৰখাৰ লগতে ৮ দফীয়া এক গুৰুত্বপূর্ণ ঘোষণা কৰিছে৷ ক’ৰোনাৰ দ্বিতীয় জোৱাৰত ক্ষতিগ্রস্তসকলৰ প্রতি লক্ষ্য ৰাখিয়েই কেন্দ্রীয় বিত্তমন্ত্রীগৰাকীয়ে ৬.২৯ লাখ কোটি টকাৰ এই পেকেজ ঘোষণা কৰিছে৷ ক’ভিড–১৯সৃষ্ট জটিল পৰিস্থিতিত কেন্দ্রীয় চৰকাৰৰ এই উদ্যোগ নিঃসন্দেহে গুৰুত্বপূর্ণ৷ কেন্দ্রীয় বিত্তমন্ত্রীগৰাকীয়ে ৬.২৯ লাখ কোটি টকীয়া এই পেকেজৰ পাছতে কেন্দ্রীয় বিত্ত মন্ত্রালয়ে জাৰি কৰা এক নির্দেশনাই সকলোৰে দৃষ্টি আকর্ষণ কৰিছে৷ যোৱা ১ জুলাইত জাৰি কৰা এই নির্দেশনাৰ জৰিয়তে কেন্দ্রীয় চৰকাৰৰ অধীনস্থ শতাধিক মন্ত্রালয়–বিভাগক ব্যয় সংকোচন নীতি গ্রহণ কৰিবলৈ কোৱা হৈছিল৷ বিশেষকৈ জুলাই–ছেপ্ঢেম্বৰ এই তিনি মাহত চলিত বর্ষৰ বাজেটত ২০ শতাংশতকৈ অধিক পুঁজি ব্যয়ত বাধ্য–বাধকতা আৰোপ কৰা হৈছে৷ কেন্দ্রীয় বিত্ত মন্ত্রালয়ৰ এই পদক্ষেপৰ মূলতে আর্থিক সংকট বুলি ধাৰণা কৰিব পাৰি৷ তদুপৰি দেশৰ ভগ্ণ অর্থনীতিলৈ গতি ঘূৰাই অনাৰ লক্ষ্যৰে আন্তঃগাঁথনিত অধিক পুঁজি ব্যয়ৰ হকে অপ্রয়োজনীয় খৰচ হ্রাস কৰাৰ বাবেই এনেধৰণৰ ব্যৱস্থা গ্রহণ কৰা বুলি একাংশ অর্থনীতিবিদে মত ব্যক্ত কৰিছে৷
কেন্দ্রীয় বিত্ত মন্ত্রালয়ে ব্যয় সংকোচনৰ বাবে জাৰি কৰা নির্দেশনাই দেশৰ অর্থনীতি পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্রত যথেষ্ট অৰিহণা আগবঢ়াব বুলি ক’ব পাৰি৷ বিশেষকৈ চৰকাৰৰ দ্বাৰা ঘোষিত পেকেজে দৰিদ্র জনতাক সকাহ দিয়াৰ সমান্তৰালভাৱে ব্যয় সংকোচনে আন্তঃগাঁথনি মজবুট কৰিব৷ ভাৰতীয় ৰিজার্ভ বেংকে শেহতীয়াকৈ প্রকাশ কৰা অনুসৰি ক’ৰোনাৰ দ্বিতীয় জোৱাৰৰ বাবে চলিত বিত্তীয় বর্ষত দেশৰ অর্থনীতিৰ কমেও ২ লাখ কোটি টকা ক্ষতি হ’ব৷ মহামাৰীৰ দ্বিতীয় জোৱাৰে ঘৰুৱা চাহিদাৰ ওপৰত পেলোৱা বিৰূপ প্রভাৱৰ কাৰণে এনেধৰণৰ অভাৱনীয় ক্ষতিৰ সন্মুখীন হ’ব লাগিব দেশৰ অর্থনীতিয়ে৷ তদুপৰি খোদ কেন্দ্রীয় পৰিসংখ্যা মন্ত্রালয়ৰ তথ্যতেই দেশৰ অর্থনীতিৰ বিধ্বস্ত ৰূপটো উন্মোচিত হৈছে৷ বিগত ২০২০–২১ বিত্তীয় বর্ষত দেশৰ মুঠ ঘৰুৱা উৎপাদন (জি ডি পি) ৭.৩ শতাংশলৈ হ্রাস পাইছিল৷ যোৱা চাৰিটা দশকত কেতিয়াও ভাৰতৰ অর্থনীতিয়ে ইমান বেয়া অৱস্থাৰ সন্মুখীন হোাৱা নাছিল৷ ইয়াৰ প্রতি লক্ষ্য ৰাখিয়েই কেন্দ্রীয় চৰকাৰে পেকেজ–ব্যয় সংকোচন নীতি গ্রহণৰ উপৰি আন প্রয়োজনীয় কার্যব্যৱস্থা গ্রহণ কৰা উচিত৷ বিশেষকৈ ক’ভিড–১৯সৃষ্ট জটিল পৰিস্থিতিত কর্মহীন হোৱা শ্রমিক–কর্মচাৰীসক্ সংস্থাপনৰ বাট মুকলি কৰি দিব লাগিব৷ কিয়নো কর্মসংস্থাপনৰ ওপৰত এখন দেশৰ অর্থনীতি বহুলাংশে নির্ভৰশীল৷ অৱশ্যে কেন্দ্রীয় বিত্তমন্ত্রী সীতাৰমণে কর্মসংস্থাপন বৃদ্ধিৰ বিষয়টোত অগ্রাধিকাৰ দিয়া বুলি ইতিমধ্যে ঘোষণা কৰিছে৷ এতিয়া এই ঘোষণাক কার্যকৰী কৰিবলৈ কেন্দ্রীয় চৰকাৰে কেনেধৰণৰ পৰিকল্পনা গ্রহণ কৰে, স্বাভাৱিকতে তাৰ ওপৰত ক’ৰোনাপিষ্ট দেশৰ জনসাধাৰণৰ দৃষ্টি নিবদ্ধ হৈ ৰৈছে৷