নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আগন্তুক ৰাজ্যিক বাজেট

- শ্যামকানু মহন্ত

অহা ১১ জুলাইত অসম বিধানসভাৰ বাজেট অধিৱেশন আৰম্ভ হ’ব৷ সেই অধিৱেশনতে বিত্তমন্ত্রী অজন্তা নেওগে নতুন চৰকাৰৰ প্রথমখন বাজেট উত্থাপন কৰিব৷ ক’ভিডসৃষ্ট পৰিৱেশত বাজেটখন কেনেকুৱা হ’ব এই সম্পর্কে যথেষ্ট গুণাগঁথা হৈছে৷ বিত্তমন্ত্রী অজন্তা নেওগেও বাজেট প্রস্তুতৰ ক্ষেত্রত ৰাইজৰ পৰামর্শ বিচাৰিছে৷ এই পৰিপ্রেক্ষিতত আমাৰ দৃষ্টিৰে বাজেটখন কেনে হোৱাটো উচিত, ইয়াৰ কিছু দিশ আলোকপাত কৰিবলৈ চেষ্টা কৰিম৷ বিশেষকৈ যিবোৰ দিশত গুৰুত্ব দিলে ৰাজ্যখনৰ বিভিন্ন সূচাংকৰ উন্নয়ন হ’ব, সেই সম্পর্কে আমাৰ কিছু ক’বলগীয়া আছে৷
ৰাজ্যখনৰ গভীৰ প্রত্যাহ্বানৰ সময়ত এই বাজেট উত্থাপিত হ’ব৷ ক’ভিডসৃষ্ট পৰিৱেশত অসম তথা দেশৰ অর্থনীতি সুস্থিৰ নহয়৷ দেশখনত বিকাশৰ হাৰ নিম্নগামী হৈছে৷ লকডাউনৰ বাবে অসমতো যোৱা কিছুদিন ধৰি এনে সমস্যা হৈছে৷ কিন্তু চৰকাৰখনে অতি বুদ্ধিমত্তাৰে সম্পূর্ণ লকডাউন নিদি আংশিক লকডাউনেৰে ক’ভিডৰ সময়ছোৱা পাৰ কৰিবলৈ চেষ্টা কৰিছে৷ এইক্ষেত্রত দেখা যায় যে ক’ভিডৰ যি পজিটিভিটীৰ হাৰ সেয়া বহুদিন ধৰি ২ শতাংশৰ আশে–পাশে ৰৈ গৈছে৷ ইয়াৰ অর্থ হৈছে বিভিন্ন অঞ্চলত এতিয়াও ক’ভিডৰ সংক্রমণ হৈ আছে৷ এই প্রেক্ষাপটত অনাগত দিনত কিমানখিনি আনলক প্রক্রিয়া কৰিব পৰা যায়, সেয়াও যথেষ্ট প্রত্যাহ্বানমূলক৷ কাৰণ সমগ্র ভাৰততে তৃতীয় ঢ়ৌৰ প্রবল সম্ভাৱনা আছে৷ দেশৰ বিভিন্ন প্রান্তত ক’ভিড পজিটিভিটীৰ হাৰ যথেষ্ট কমিছে৷ কিন্তু অসমত এই হাৰ একে ঠাইতে স্থবিৰ হৈছে৷ এইটো আজিৰ প্রেক্ষাপটত অতি জটিল সমস্যা যে অনাগত বছৰটো কিদৰে পাৰ হ’ব৷ ৰাজ্যৰ ক’ভিড পৰিস্থিতিৰ ওপৰত চৰকাৰৰ ৰাজহ আহৰণ কেনে হ’ব, বহুখিনি নির্ভৰ কৰিব৷
আজি আমাৰ এই আলোচনাটোত সাধাৰণ ৰাইজে বুজাকৈ আৰু চৰকাৰৰ জ্ঞাতার্থে আমাৰ কিছু ক’ব বিচাৰিছোঁ৷
যোৱাবাৰ বাজেটত এক লাখ তিনি হাজাৰ কোটি টকাৰ ব্যয়ৰ পৰিৱর্তে আহৰণ কৰা হৈছিল প্রায় ৯২ হাজাৰ কোটি টকা৷ দেখা যায় যে ইয়াৰ প্রায় ৪৯ শতাংশই দৰমহা, পেন্সন ইত্যাদিত খৰচ হয়৷ উন্নতিমূলক কামৰ বাবে থাকে কেৱল ৫১ শতাংশ৷ তাতে এইবাৰ মাইক্র’ ফাইনেঞ্চ ৰেহাই দিয়াৰ বাবদ প্রায় ৮ হাজাৰ কোটি আদায়ৰ সিদ্ধান্ত হৈছে৷ গতিকে ক’ভিডসৃষ্ট এই পৰিৱেশ আৰু পৰিস্থিতিলৈ চাই বাজেটত নতুন ডাঙৰ প্রকল্প কিবা কৰা সম্ভৱ হ’ব বুলি মোৰ মনে ধৰা নাই৷ চৰকাৰৰ মুঠ আয়ৰ প্রায় ৩৩ শতাংশ অসমৰ নিজা সংগ্রহৰ পৰা আহে আৰু বাকী ৬৭ শতাংশই কেন্দ্রীয় শিতানৰ পৰা আহে৷ কেন্দ্রীয় শিতানত বহু প্রকল্প আছে, যিখিনি ভালদৰে কৰিব পৰা যায় য’ত ৰাজ্যৰ দহ বা পাঁচ শতাংশ দিলেই ৯০ বা ৯৫ শতাংশই কেন্দ্রীয় চৰকাৰৰ পৰা আনিব পাৰি৷ সেই কাৰণে বাজেটৰ এই শিতানসমূহত ৰাজ্য চৰকাৰৰ অংশসমূহ ৰখাটো দৰকাৰ৷
এয়া এটা আৰম্ভণিহে৷ অহা বিত্তীয় বর্ষত হয়তো বৃহৎ প্রকল্প কৰিব পৰা যাব৷ অৱশ্যে এই বাজেটত চৰকাৰখনৰ আদর্শ আৰু অনাগত দিনৰ পৰিকল্পনা প্রকাশ পাব বুলি মোৰ ভাব হয়৷ প্রথম তিনি–চাৰি বছৰতে যথাসম্ভৱ উন্নয়নমূলক কাম কৰিব লাগিব৷ নির্বাচনৰ স্বার্থত হিতাধিকাৰীয়ে শেষৰ দুটা বা এটা বছৰত অধিক গুৰুত্ব পাব৷
প্রথম তিনি–চাৰি বছৰত যথাসম্ভৱ অর্থনৈতিক সংস্কাৰ কৰি কিছু প্রকল্প কৰিব লাগে, ফলত ৰাজ্যখনৰ সর্বাংগীণ উন্নয়ন হয়৷ মোৰ দৃষ্টিত আটাইতকৈ প্রয়োজন শিক্ষা, স্বাস্থ্য, মানৱ সম্পদ উন্নয়নৰ লগতে ৰাজ্যখনৰ অর্থনৈতিক উন্নয়ন, জনমূৰি আয় বৃদ্ধি, বিভিন্ন সূচাংকত পাৰদর্শিতাৰ হাৰ বঢ়োৱাৰ বাবে পৰিকল্পনা কৰি নির্ণয় কৰা এখন বাজেট৷ কৃষিৰ ক্ষেত্রত গুৰুত্ব প্রদান অতিশয় দৰকাৰী৷ অসমৰ সাৰুৱা মাটিত যদি জৈৱিক পদ্ধতিৰে ভালদৰে খেতি কৰা যায়, গুণগত মান বর্তাই ৰখাৰ লগতে কৃষিৰ উৎপাদন খৰচ কমাব পাৰি, তেতিয়া আমাৰ দেশ–বিদেশৰ বজাৰ দখলৰ ক্ষমতা আছে৷ তাৰ বাবে খেতিয়কসকলক উদগনি দিব লাগিব৷ ফার্মাৰ প্রডিউচিং কোম্পানী, খেতিয়ক গোট ব্যৱস্থাক উদগনি দি, ভালদৰে প্রশিক্ষণ আৰু মেচিনৰ যোগান দিব পাৰিলে কৃষিখণ্ডই উদগনি পাব৷ এইক্ষেত্রত এটা সুকীয়া পলিচী লাগে আৰু কেন্দ্রীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ লাভ ল’ব পৰাকে বাজেটত অসম চৰকাৰৰ ৫ বা ১০ শতাংশ যাৱতীয় পুঁজি ৰখাৰ ব্যৱস্থা কৰিব লাগে৷ খেতিয়কৰ সবাতোকৈ ডাঙৰ সমস্যা বজাৰ৷ মোৰ দৃষ্টিত এইখন বাজেটত মণ্ডীৰ দৰে কিছুমান ব্যৱস্থাৰে অসমৰ বিভিন্ন প্রান্তত আন্তঃগাঁথনিৰ সৃষ্টি কৰিব লাগে৷ যিটো এগ্রিকালচাৰ হাব বুলি ক’ব পাৰি৷ ফুড প্রচেছিং প্রকল্প কৰিব খুজিলে একে ঠাইতে ধৰক বহুখিনি নেমু লাগে বা বিলাহী বা তৰমুজ বা মাটিকঁঠাল লাগে৷ কিন্তু অসমত একে ঠাইতে সৰহ পৰিমাণৰ কেঁচামাল পাবলৈ অসুবিধা৷ মণ্ডীবোৰত বিভিন্ন খাদ্যশস্য বৃহৎ পৰিমাণত পোৱা যাব৷ ফলস্বৰূপে ফুড প্রচেছিং উদ্যোগে বিকাশ লাভ কৰিব৷ তাৰ লগতে খেতিয়কে বজাৰ পাব৷ ইয়াৰ লগতে ক’ল্ড ষ্ট’ৰেজ, ক’ল্ড ষ্ট’ৰেজ নেটৱর্কৰ দৰে আন্তঃগাঁথনি সমগ্র অসমতে সৃষ্টি কৰিব লাগে৷ এইটোৱেই কৃষি, মীন, দুগ্ধ সকলো ক্ষেত্রতে সহায় কৰিব৷
কৃষিক্ষেত্রত খেতিয়কৰ বাবে উপযোগী আন্তঃগাঁথনি লাগে৷ এনে প্রকল্পবোৰ চৰকাৰে নিজস্ব বাজেটৰ পৰা নাইবা কিছু ড’নাৰ মন্ত্রালয়, কৃষি বিভাগ বা বিভিন্ন অনুষ্ঠানৰ পৰা আহৰণ কৰি চলোৱাৰ ভাৰ ব্যক্তিগত খণ্ডক অর্পণ কৰিব লাগে৷ কিন্তু কৃষকৰ বাবে ভাৰা নূ্যনতম ৰাখি তেওঁলোকৰ সুবিধা কৰি দিব লাগে৷ বীজৰ ক্ষেত্রত বহুখিনি সমস্যা আছে৷ ভাল বীজ দিয়াটো চৰকাৰৰ দায়িত্ব৷ বীজ ভাল হ’লেহে শস্যৰ উৎপাদন ভাল হ’ব৷ তাৰ লগতে বজাৰ সৃষ্টিৰ বাবে সমগ্র দেশতে এটা কেম্পেইন কৰিব লাগে৷ কেম্পেইনটো হৈছে যে ক’ভিডৰ সময়ত মানুহ স্বাস্থ্যক লৈ সাংঘাতিক ধৰণেৰে শংকিত হৈছে আৰু সকলো মানুহেই ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰিব বিচাৰিছে৷ প্রতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে অসমৰ নেমু বা মাটিকঁঠাল, লেটেকু বা আমলখি ইত্যাদিৰ যথেষ্ট চাহিদা আছে৷ সেই চাহিদা আমি সৃষ্টি কৰিব লাগিব৷ তাৰ বাবে খুচুৰা বজাৰত মানুহে কিনিব পৰাকৈ কেম্পেইন কৰিব লাগিব৷ দিল্লীত কৰিব লাগিব, মুম্বাই, বাংগালুৰু সকলোতে যে ‘ক’ভিডৰ সময়ত নেমু খাই নিজকে ক’ভিডমুক্ত কৰি ৰাখক আৰু প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰক’৷ কেম্পেইন কৰাৰ বাবে আজিকালি বহু উপায় আছে৷ সামাজিক মাধ্যমৰ জৰিয়তে বা অন্যান্য বিভিন্ন উপায়েৰে যেনে– হ’র্ডিং–বেনাৰ, টিভিৰ জৰিয়তে প্রচাৰ কৰিব লাগে, যাতে এখন বজাৰ সৃষ্টি হয়৷ কৃষকৰ বজাৰৰ ক্ষেত্রত সহযোগিতাৰ প্রয়োজন৷ চৰকাৰে এইক্ষেত্রত বাজেটত যাৱতীয় পুঁজি ৰখাৰ ব্যৱস্থা লোৱাটো দৰকাৰী৷
তাৰ লগে লগে উদ্যোগ খণ্ড সম্পর্কে আমাৰ বিভিন্ন প্রবন্ধত পূর্বতেও আলোচনা কৰিছেছা৷ কৃষিৰ লগতে উদ্যোগ খণ্ডৰ উন্নয়ন নহ’লে অসমৰ জনমূৰি আয় বৃদ্ধি কৰিব পৰা নাযাব৷ উদ্যোগ খণ্ডৰ ক্ষেত্রত মোৰ দৃষ্টিত থলুৱা উদ্যোগীক এটা পেকেজৰ ব্যৱস্থা কৰি দিব পাৰিলে ভাল৷ কিন্তু বর্তমান সময়ত হয়তো সেয়া সম্ভৱ নহ’ব৷ তথাপি এটা প্রচেষ্টা আৰম্ভ কৰিব লাগিব যে থলুৱা উদ্যোগীসকলক কি ধৰণেৰে সহায় কৰিব পৰা যায় লগতে উদ্যমী সংস্কৃতি এটা গঢ়ি তোলাৰ বাবে কি কি কৰা উচিত৷
মোৰ বোধেৰে অসমত বহু লোকে ক্ষুদ্র বা মজলীয়া ধৰণৰ উদ্যোগ কৰিব বিচাৰে৷ ইয়াৰ লগতে মাইক্র’ ফাইনেঞ্চৰ সহায় ল’ব বিচৰা ব্যক্তিসকলৰো এটা ঋণ সাক্ষৰতাৰ সমস্যা আছে৷ বেছিভাগ মানুহেই নাজানে যে ঋণ ল’বলৈ কি কৰা উচিত৷ বহু মানুহেই এইক্ষেত্রত সমিধান বিচাৰি মোক ফোন কৰে৷ ধৰক, আপোনাৰ এটা বেংক একাউণ্ট লাগিব, পানকার্ড লাগিব, বেংকৰ জৰিয়তে আপুনি খৰচখিনি কৰিব লাগিব৷ তেতিয়াহে প্রকল্প কৰিবলৈ আপোনাৰ মূলধন বুলি ধৰা হ’ব৷ ঠিক তেনেকৈ ঋণ সময়মতে ঘূৰালেহে ভৱিষ্যতে ঋণ পাব৷ কি ধৰণৰ প্রকল্প সফল হ’ব পাৰে ইত্যাদি কথা৷
এই ধৰণৰ কথাবোৰ লৈ এটা ব্যাপক কেম্পেইন কৰিব লাগে৷ ঋণ সাক্ষৰতা অভিযানৰ বাবে চৰকাৰে এটা বাজেট নির্ধাৰণ কৰা উচিত৷ তাৰ লগে লগে মোৰ মতে অসমৰ চুকে–কোণে মহকুমাই মহকুমাই বা জিলাই জিলাই উদ্যোগ পৰামর্শদাতাৰ এটা ডিভিজন কৰিব লাগে য’ত এজন ক্ষুদ্র উদ্যোগী বা যিকোনো ব্যৱসায় আৰম্ভ কৰিব খোজা ব্যক্তিয়ে জ্ঞান লাভ কৰে যে কেনেদৰে উদ্যোগ আৰম্ভ কৰিব, কি ধৰণৰ ব্যৱসায় কৰিব, চৰকাৰে কি সুবিধা দিছে, ঋণ কিদৰে পাব পাৰি, সেই সম্পর্কে জ্ঞান লাভ কৰিব পৰাকৈ বাজেটত এটা সুবিধা ৰাখিলে ভাল৷ ঋণ পৰামর্শদাতা আৰু উদ্যমী সৃষ্টিৰ অভিযানে নতুন উদ্যোগীসকলৰ সংখ্যা বৃদ্ধি কৰিব আৰু অসমত এটা ঔদ্যোগিক বিপ্লৱৰ সৃষ্টি হ’ব৷ তাৰ লগে লগে বৃহৎ ক্ষেত্রত বিনিয়োগৰ বাবে পর্যাপ্ত আন্তঃগাঁথনি, বিদ্যুতৰ যোগান এই ধৰণৰ ব্যৱস্থা আৰম্ভ কৰিব লাগে৷ অসমত উদ্যোগৰ প্রসাৰৰ বাবে ব্যাপক প্রচেষ্টা অভিযান হাতত ল’ব লাগে৷ ষ্টার্ট আপৰ ক্ষেত্রত অধিক গুৰুত্ব দিব লাগে৷ সম্ভাৱনা থকা ষ্টার্ট আপ উদ্যোগীক কিছু আৰম্ভণি পুঁজি দিয়াৰ বাবে বাজেটত ব্যৱস্থা কৰিব পাৰে৷
অসমত তথ্য–প্রযুক্তিৰ ক্ষেত্রখনত মই যথেষ্ট সম্ভাৱনা দেখা পাইছেছা৷ অসমীয়া বহু ল’ৰা–ছোৱালীয়ে বাহিৰত খুব ভাল কাম কৰি আছে৷ কোনোবাই ফিল্ম এডিটিং, কোনোবাই এনিমেচনৰ কাম কৰে, ছফ্টৱেৰ বনোৱা ইত্যাদি বিভিন্ন কাম কৰি আছে৷ কিন্তু অসমত তথ্য–প্রযুক্তিৰ ক্ষেত্রখনত প্রধান সমস্যা এইটোৱেই যে ইয়াত উপযুক্ত আন্তঃগাঁথনিৰ অভাৱ৷ বিশেষকৈ বাহিৰৰ প্রতিষ্ঠিত কোম্পানীয়ে যদি অসমত বিনিয়োগ কৰিব বিচাৰে তেওঁলোকৰ কাৰণে কিছু ৰেহাইৰ ব্যৱস্থা কৰিব লাগে৷ কিছু আকর্ষণীয় পেকেজ সৃষ্টি কৰা উচিত, ফলত বৃহৎ কোম্পানীবোৰ অসমত বিনিয়োগৰ বাবে আগ্রহী হৈ উঠে৷ ইতিমধ্যে তথ্য–প্রযুক্তিৰে এখন ইলেকড্রনিক চিটী নির্মাণ হৈছে৷ বিনিয়োগকাৰীৰ লগতে বাহিৰত কাম কৰা অসমীয়া উদ্যমীসকলক আকর্ষণ কৰিবলৈ চেষ্টা কৰিব লাগে৷ ইয়াৰ বাবে বাজেটত কিছু ব্যৱস্থা কৰিব পাৰিলে ভাল৷
পর্যটন ক্ষেত্রখনৰ যথেষ্ট ভূমিকা আছে৷ বর্তমান পর্যটন উদ্যোগৰ অৱস্থা অতি বিধ্বস্ত৷ বিশেষকৈ এজেণ্ট, ট্যুৰ অপাৰেটৰ, ক্ষুদ্র উদ্যোগীসকলৰ দুখলগা অৱস্থা৷ ভাৰত চৰকাৰে এটা ঋণৰ গেৰাণ্টীৰ ব্যৱস্থা কৰিছে, কিন্তু তেওঁলোকক ঋণ নহয় কিছু আর্থিক সাহায্যও লাগে৷ তেওঁলোকৰ কৰ বা বিল মাফ কৰিলে বা কিছুমান বিলৰ ম্যাদ বঢ়াই দিলেহে উপকৃত হ’ব৷ মোৰ দৃষ্টিত উদ্যোগীসকলক অলপমান সহায় কৰিবলৈ ক’ভিডে বিধ্বস্ত কৰা পর্যটন উদ্যোগৰ বাবে বাজেটত কিছু ব্যৱস্থা ৰাখিব লাগে৷
ক’ভিডৰ পিছত অসমলৈ বহু পর্যটক আহিব৷
পর্যটকক আকর্ষণ কৰিবলৈ অসমত বহু আন্তঃগাঁথনিমূলক উন্নয়নৰ প্রয়োজন৷ পর্যটকে বহুদূৰ পদভ্রমণ কৰিব লাগে৷ অসমত কেইবাটাও ৰাস্তাৰ কাষৰ খাদ্য আৰু বিশ্রাম কেন্দ্রৰ দৰকাৰ৷
কিছু নতুন প্রকল্প বাজেটত ধৰিব পৰা যায়৷ অসমৰ থলুৱা সংস্কৃতি প্রতিফলিত হোৱা এখন মডেল গাঁৱৰ প্রকল্প নির্মাণ হোৱা উচিত, ৰাজস্থানৰ চৌকিধানীৰ আর্হিত৷ এইবোৰ পৰিচালনাৰ বাবে ব্যক্তিগত খণ্ডক উদগনি দিব লাগে৷ পর্যটনৰ সমলসমূহ প্রচাৰৰ বাবে ব্যাপক প্রচেষ্টা হাতত ল’ব লাগে৷ পর্যটনৰ উন্নয়ন মানেই অসমৰ জনমূৰি আয় বৃদ্ধি৷ পর্যটনৰ ক্ষেত্রত কেৱল কাজিৰঙা আৰু গুৱাহাটীক কেন্দ্র কৰিয়েই নহয়৷ সমগ্র অসমৰ বিভিন্ন ঠাইত পর্যটন কেন্দ্র গঢ়ি তোলাৰ বাবে দীর্ঘম্যাদী পৰিকল্পনাৰ প্রয়োজন৷ ধেমাজিৰ হাবুং, শিৱসাগৰ, সোণাৰি, যোৰহাটৰ বিভিন্ন অঞ্চলত, টীয়কত থকা লাচিতৰ মৈদাম ইত্যাদি, টাই ফাকে গাঁও, চিংফৌ গাঁও এটা টাই পর্যটন চার্কিটলৈ ৰূপান্তৰিত কৰাৰ এটা প্রচেষ্টা হাতত লোৱা উচিত৷ আমি বেংককত নর্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল অনুষ্ঠিত কৰোঁতে দুয়োটা অঞ্চলৰ মানুহৰ আদান–প্রদান অনুষ্ঠান কৰিছিলোঁ৷ অসমৰ বহু টাই জনগোষ্ঠীয় ব্যক্তি তালৈ গৈছিল৷ দক্ষিণ–পূব এছিয়াৰ টাই জনগোষ্ঠীয় লোকসকল আহিছিল৷ তেওঁলোক অসমৰ মৈদাম চাবলৈ খুব আগ্রহী বা টাই ফাকে, টাই চিংফৌ, টাই আহোমসকলৰ সংস্কৃতি চাবলৈ আগ্রহী৷
যদি অসমখনক আমি দেশৰ অগ্রণী ৰাজ্য হিচাপে প্রতিষ্ঠা কৰিব বিচাৰোঁ, তেন্তে সুদক্ষ মানৱ সৃষ্টি আমাৰ মূল লক্ষ্য হ’ব লাগিব৷ সুদক্ষ মানৱ সম্পদ সৃষ্টিৰ বাবে আমাৰ শিক্ষাৰ ক্ষেত্রত বহুখিনি কৰিব লগা আছে৷ বহু বিদ্যালয়ৰ অৱস্থা দুখ লগা, প্রস্রাৱাগাৰৰ শোচনীয় অৱস্থাৰ বাবে বহু ছাত্রী বিদ্যালয়লৈ যাব নিবিচাৰে৷ আধাতে বিদ্যালয় এৰা শিক্ষার্থীৰ সংখ্যা অসমত দেশৰ ভিতৰতে সর্বাধিক ৰাজ্যৰ ভিতৰত৷ মোৰ দৃষ্টিত শিক্ষাৰ ক্ষেত্রত বিশেষকৈ প্রাইমাৰী স্তৰত ব্যাপক আন্তঃগাঁথনিমূলক বিনিয়োগ কৰিব লাগে৷ শিক্ষাৰ ক্ষেত্রত তথ্য প্রযুক্তিৰ আধুনিক সমল, অৱলম্বনসমূহৰ ব্যৱস্থা কৰা উচিত৷ সেইবাবে বাজেটত গুৰুত্ব দিব লাগে৷ খেলা–ধূলাকে ধৰি শিক্ষার্থীৰ চৰিত্র গঠনৰ সকলো কামত শিক্ষা বিভাগে গুৰুত্ব দিয়াৰ লগতে আধুনিক ভিত্তিত শিক্ষাদানৰ বাবে ব্যৱস্থা ল’ব লাগে৷ চৰ অঞ্চল তথা চাহ জনগোষ্ঠীয় অঞ্চলত শিক্ষাৰ আন্তঃগাঁথনিৰ ক্ষেত্রত বহুখিনি কৰিব লগা আছে৷ ঠিক তেনেকৈ স্বাস্থ্যৰ ক্ষেত্রতো কৰিব লাগিব৷ এই দুই অঞ্চলৰ নিম্ন সূচাংকৰ বাবে বহু অসুবিধা হৈছে৷ মোৰ দৃষ্টিত মানুহৰ মাজৰ পৰা অন্ধবিশ্বাস, কু–সংস্কাৰ, ডাইনী হত্যা ইত্যাদি দূৰ কৰিবলৈ এটা ব্যাপক কেম্পেইন কৰিব লাগে৷ প্রসূতিৰ যত্ন, জনসংখ্যা বিস্ফোৰণৰ সমাধানৰ বাবেও ব্যাপক প্রচেষ্টা ল’ব লাগে৷ এইক্ষেত্রত চৰকাৰৰ লগতে বেচৰকাৰী সংগঠনসমূহকো উদগনি যোগোৱা উচিত৷ চৰ বা বাগিচা অঞ্চলত এই ধৰণৰ কাম কৰি থকাসকলৰ বাবে বাজেটত কিছু সুবিধা ৰাখিব লাগে৷ আমাৰ লক্ষ্য হ’ব লাগে এই দুটা অঞ্চলৰ সূচাংকৰ ঊর্ধ্বগামী হাৰ৷ তেতিয়াহে এই দুই অঞ্চলৰ লগতে বাকী পিছপৰা অঞ্চলৰ উন্নয়ন হৈ ৰাজ্যখনৰে উন্নয়ন হ’ব৷ মানৱ সম্পদৰ ক্ষেত্রত দক্ষতা বৃদ্ধি আটাইতকৈ সমস্যা৷ আমাৰ কলেজসমূহৰ আন্তঃগাঁথনি যথেষ্ট ভাল৷ বহু কলেজে দক্ষতা বৃদ্ধিৰ বাবে ভাল কাম কৰি আছে৷ জাগীৰোড কলেজ, নগাঁও কলেজ, সোণাপুৰ কলেজ, শিৱসাগৰ কমার্চ কলেজ, টীয়কৰ চি কে বি কলেজ ইত্যাদি বহু কলেজে দক্ষতা বৃদ্ধিৰ বহু প্রকল্পৰ কৰি আছে৷ এই ধৰণৰ কলেজসমূহত দক্ষতা বৃদ্ধিৰ আন্তঃগাঁথনিৰ বাবে এইবাৰৰ বাজেটত অলপ সহায় কৰিব পাৰিলে ভাল৷ কলেজসমূহৰ আন্তঃগাঁথনি আৰু প্রশিক্ষণৰ জৰিয়তে বহু লোকক দক্ষ কৰিব পৰা যায়৷ এতিয়া সুদক্ষ মানৱ সম্পদ এখন শক্তিশালী ৰাজ্যৰ বাবে প্রয়োজনীয়৷ সুদক্ষ মানৱ সম্পদ সৃষ্টিৰ বাবে অসমৰ আধাতে বিদ্যালয় সামৰা ছাত্র–ছাত্রী (বিশেষকৈ অষ্টম আৰু নৱম শ্রেণী)ৰ হাৰ কমাব লাগিব৷ সেইটো কৰিবলৈ হ’লে বিদ্যালয়সমূহত এটা পৰিৱেশ সৃষ্টি কৰিব লাগিব আৰু পঢ়াতো এটা আনন্দৰ কামলৈ পৰিণত কৰিব লাগিব৷ তাৰ বাবে ব্যাপক সজাগতা বৃদ্ধিৰ ব্যাপক অনুষ্ঠান কৰাটো দৰকাৰ৷ লগতে আমাৰ বহু ল’ৰা–ছোৱালী চাকৰিৰ বাবে যোগ্য নহয়৷ তেওঁলোকৰ যাৱতীয় দক্ষতাৰ অভাৱ৷ সেই দক্ষতা কেনেকৈ বঢ়াব পাৰি, এইক্ষেত্রত ল’ৰা–ছোৱালীবোৰ যোগ্য কৰি তুলিবলৈ কিছুমান সমাপ্তকৰণ পাঠ্যক্রমৰ ব্যৱস্থা কৰিব লাগে৷ মানৱ সম্পদ সৃষ্টিৰ বাবে বাজেটত এটা ব্যৱস্থা ৰাখিব লাগে৷ আনুষ্ঠানিক শিক্ষা সমাপ্ত হোৱাৰ লগতে শিক্ষার্থীসকলৰ চৰকাৰী ব্যৱস্থা, উদ্যোগ, কৃষি তথা সেৱাখণ্ডৰ ব্যৱহাৰিক অভিজ্ঞতাৰ প্রয়োজন৷ মহিলাৰ সুৰক্ষা, সবলীকৰণৰ ক্ষেত্রত সর্বাধিক গুৰুত্বৰ দৰকাৰ৷ সর্বাধিক মহিলা কুটিৰ তথা বস্ত্রশিল্পৰ লগত জডিত৷ এইখিনি শিল্পৰ ডিজাইন বজাৰ উপযোগী কৰি তোলাৰ বাবে প্রশিক্ষণৰ ব্যৱস্থা কৰিব লাগে৷ এইবোৰত খৰচ বেছি নহয়, কিন্তু বহু লোক উপকৃত হ’ব৷
মহিলা সবলীকৰণৰ ক্ষেত্রত অসম বহু পিছপৰি আছে৷ এইক্ষেত্রত বিশেষকৈ চৰ অঞ্চল আৰু চাহ জনগোষ্ঠীয় অঞ্চল বা বিভিন্ন পাহাৰীয়া জিলাকেইখনত ব্যাপক সজাগতা অভিযান হ’ব লাগে৷ বিশেষকৈ অসমত নাৰীজনিত অপৰাধৰ সংখ্যা বহু বৃদ্ধি পাইছে৷ অন্ধবিশ্বাস, কু–সংস্কাৰ দূৰ কৰাৰ বাবে প্রাইমাৰী বিদ্যালয় পর্যায়ত কিছু কেম্পেইনৰ প্রয়োজন৷ আজিকালি সামাজিক মাধ্যম কেম্পেইনৰ বাবে অতি উপযুক্ত৷ ভিডি’ কেম্পেইন কৰিব পাৰি৷ সৰুৰে পৰাই ড্রাগ্ছৰ বিপক্ষে বা অপৰাধ, কু–সংস্কাৰৰ বিপক্ষে সজাগতা গঢ়ি তুলিলে সুদক্ষ মানৱ সম্পদ গঢ়ি তোলাত সুবিধা হয়৷ এইবোৰ দিশত বাজেটত শিতান ৰাখিব লাগে৷ চৰকাৰী বা বেচৰকাৰীভাৱে তেতিয়া এইখিনি কাম কৰিব পৰা যাব৷
চাহ জনগোষ্ঠী অঞ্চলত মানৱ সম্পদ, শিক্ষা, স্বাস্থ্য উন্নয়নৰ বাবে ব্যাপক প্রচেষ্টা হ’ব লাগে৷ আদিবাসী, চাহ জনগোষ্ঠীৰ সংস্কৃতি আৰু ঐতিহ্য ৰক্ষাৰ প্রকল্প হ’ব লাগে৷ এইক্ষেত্রত যাৱতীয় পুঁজিৰ ব্যৱস্থা হ’ব লাগে৷
আটাইতকৈ দৰকাৰী কেন্দ্রীয় চৰকাৰৰ প্রকল্পসমূহ৷ পি এম জি এছ ৱাইৰ ভালকৈ কাম চলি আছে৷ ৰাস্তাৰ উন্নতি হ’লেহে অসমৰ অর্থনীতিৰ উন্নয়ন হ’ব৷ ইতিমধ্যে অসমৰ লোকনির্মাণ বিভাগে ৰাস্তাৰ ক্ষেত্রত বিগত কেইবছৰত বহু কাম কৰিছে৷ গাঁও, পথাৰ আৰু বজাৰ সংযোগী পথৰ প্রকল্প লোৱা হৈছে আৰু ল’ব লাগিব৷ পথৰ লগতে সকলোৰে বাবে ঘৰে ঘৰে পানী যোগান, ৰাষ্ট্রীয় জলজীৱন মিছনৰ প্রকল্পটো যথেষ্ট ডাঙৰ৷ ইয়াৰ বাবে বছৰি প্রায় ২৩ হাজাৰ কোটি টকা আহে৷ এই প্রকল্প সম্পন্ন হ’লে গ্রাম্য অর্থনীতি নিজে নিজে উন্নতি হ’ব৷ গতিকে ইয়াক ভালদৰে আৰু সময়মতে কৰাটো প্রয়োজনীয়৷ মানুহে বিশুদ্ধ পানী পাব লাগে৷ নিটি আয়োগৰ সূচাংকৰ ক্ষেত্রত ঘৰে ঘৰে পানী যোগানৰ ক্ষেত্রত অসম পিছপৰি আছে৷
বানপানী নিয়ন্ত্রণৰ ক্ষেত্রত চৰকাৰখনে যথেষ্ট গুৰুত্ব দিছে৷ মন্ত্রী পীয়ূষ হাজৰিকাই ইতিমধ্যে নয়ন শর্মাৰ দৰে বিশেষজ্ঞৰ উপদেশ লৈছে৷ এই উপদেশ আৰু বিশেষকৈ খহনীয়া ৰোধৰ বাবে তুলনামূলকভাৱে কম খৰচত উচ্চ খাপৰ প্রযুক্তিৰে কিছু প্রকল্প আর্হি কৰি আৰম্ভ কৰিব লাগে৷ বানপানী, খহনীয়া অসমৰ মূল সমস্যা৷ এইক্ষেত্রত যাৱতীয় পুঁজিৰ ব্যৱস্থা কৰিব লাগে৷
লগতে প্রকল্পসমূহ নিৰীক্ষণ কৰাৰ বাবে প্রত্যেক বিভাগত কিছু ব্যৱস্থা ৰাখিব লাগে৷ মাননীয় মুখ্যমন্ত্রী মহোদয় বিত্তমন্ত্রী হৈ থকা কালত চি আই ডি এফ নামৰ চহৰ উন্নয়ন প্রতি চহৰত নূ্যনতম ১০০ কোটি টকাৰে এটা অভিলাষী প্রকল্প লোৱা হৈছিল৷ বিভাগীয় ব্যৱস্থাৰ কিছু বিচ্যুতিৰ বাবে এই প্রকল্পসমূহৰ চাৰি–পাঁচ শতাংশহে সম্পূর্ণ হৈছে৷ ঠিক তেনেকৈ বহু অভিলাষী প্রকল্প নিৰীক্ষণৰ অভাৱত লেহেমীয়া হৈছে৷
প্রকল্পটো পৰিকল্পনা কৰা মতে হৈছেনে নাই, টকাসমূহ উপযুক্তভাৱে ব্যৱহাৰ হৈছেনে নাই, বা কি কৰিলে সোনকালে ব্যৱহাৰ কৰিব পৰা যায়, সেই কথা নিৰীক্ষণ কৰিবলৈ চৰকাৰী–বেচৰকাৰী পেছাদাৰী সংস্থাক লগোৱাৰ ব্যৱস্থা ৰখাৰ দৰকাৰ৷
বাজেটত আৰক্ষীৰ বিভাগত নিযুক্তি বা আন্তঃগাঁথনি পুঁজি সম্পর্কে বিভিন্ন সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে৷ এইটো খুব ভাল কথা৷ অসমত আইন–শৃংখলা গুৰুতৰ সমস্যা আৰু আৰক্ষীৰ ব্যাপক সংস্কাৰ আৰু উন্নয়নৰ প্রয়োজন৷ মুখ্যমন্ত্রীয়ে পুলিচৰ ক্ষেত্রত কিছু অভূতপূর্ব আৰু অতি প্রশংসনীয় পদক্ষেপ লৈছে৷ বাজেটত এই দিশ সম্পর্কে ভালদৰে প্রতিফলিত হ’ব বুলি আমি আশা কৰিছোঁ৷ স্বাস্থ্যখণ্ড অতিকৈ দৰকাৰী বিষয়৷ স্বাস্থ্যখণ্ডৰ সমগ্র সমস্যা সম্পর্কে অসমৰ মাননীয় মুখ্যমন্ত্রী সিদ্ধহস্ত৷ মোৰ দৃষ্টিত বিশেষকৈ সৰু সৰু অঞ্চলসমূহত প্রাইমাৰী স্বাস্থ্যকেন্দ্র, চিভিল হাস্পতালখন আন্তঃগাঁথনিৰ আৰু বহু উন্নয়ন কৰাটো দৰকাৰী৷ এই সম্পর্কে নিশ্চয়কৈ বাজেটত ব্যৱস্থা থাকিব৷ খেলা–ধূলাৰ ক্ষেত্রতো আশা কৰিছেছা যিসকল খেলুৱৈ আন্তঃৰাজ্যিক বা আন্তঃৰাষ্ট্রীয় পর্যায়ত খেলি আছে তেওঁলোকৰ কিছু সাহায্যৰ ব্যৱস্থা থাকিব লাগে৷ অসমৰ বিভিন্ন নগৰত একোখনকৈ ষ্টেডিয়াম আৰু বিশেষকৈ বক্সিং, আর্চাৰী, শ্বুটিং ইত্যাদি খেল য’ত অসমে ভাল কৰি আছে, অলিম্পিক পর্যায়ৰ আন্তঃগাঁথনি দৰকাৰ৷
ক’ভিডসৃষ্ট পৰিৱেশে অসমৰ বহু লোকক সমস্যাত পেলাইছে৷ ঋণ লৈ ব্যৱসায় বা বিভিন্ন কাম কৰা ক্ষুদ্র ব্যৱসায়ীসকলৰ বাবে বাজেটত এটা পেকেজ আমি আশা কৰিম৷ ঠিক তেনেকৈ শিল্পী, কলা–কুশলী, থিয়েটাৰৰ লগত জডিত যিসকল লোক অতিশয় বিপদত আছে, তেওঁলোকৰ বাবে কিছু সহায়ৰ ব্যৱস্থাৰ কথাটো গুৰুত্বসহকাৰে বিবেচনা কৰিব লাগে৷ বিত্তমন্ত্রী অজন্তা নেওগ এগৰাকী যোগ্য আৰু অভিজ্ঞ মন্ত্রী৷ তেখেতক পূর্বৰ বৃহৎ অভিজ্ঞতাৰে সহায় কৰিবলৈ মুখ্যমন্ত্রীজন আছে৷ মই আশা কৰোঁ সমস্যাৰ মাজতো উন্নয়নমুখী আৰু এখন ভৱিষ্যদর্শী বাজেট হ’ব৷ শেষত বিত্তমন্ত্রী তথা বিভাগীয় কর্মকর্তালৈ শুভেচ্ছা জনালোঁ৷

You might also like