জনবিস্ফোৰণ নিয়ন্ত্রণৰ পদক্ষেপ
অসমৰ জনবিস্ফোৰণ নিয়ন্ত্রণৰ বাবে বিশেষ পদক্ষেপ গ্রহণ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনে৷ চুবুৰীয়া বাংলাদেশৰ পৰা দশক দশক ধৰি চলি থকা অনুপ্রৱেশ আৰু মুছলমানৰ জনসংখ্যাৰ অস্বাভাৱিক বৃদ্ধিয়ে ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ লোকসকলক শংকিত কৰাৰ সময়তে দিছপুৰৰ চৰকাৰখনে জনবিস্ফোৰণ নিয়ন্ত্রণৰ বাবে গ্রহণ কৰা পদক্ষেপ নিশ্চিতভাৱে আদৰণীয়৷ নেচনেল ফেমিলী হেল্থ ছার্ভে–৫ৰ প্রতিবেদন অনুসৰি ২০১৯–২০ত সর্বভাৰতীয় পর্যায়ত প্রজননৰ হাৰ আছিল ১.৯৷ ইয়াৰে অসমত হিন্দুৰ মুঠ প্রজননৰ হাৰ ১.৬ৰ বিপৰীতে মুছলমানৰ প্রজননৰ হাৰ ২.৪৷ ২০২০–২১ত অসমত হিন্দুৰ প্রজনন ১.৮ আছিল যদিও মুছলমানৰ প্রজনন ২.৯লৈ বৃদ্ধি হৈছে৷ শতাংশ হিচাপত ২০১৯–২০ত অসমত হিন্দুতকৈ মুছলমানৰ প্রজননৰ হাৰ ৫০ শতাংশ, ২০২০–২১ত ৬১.১ শতাংশলৈ বৃদ্ধি হৈছে৷ ২০১০–১১ত অসমত হিন্দুৰ প্রজনন ১.৭ৰ বিপৰীতে মুছলমানৰ প্রজনন আছিল ৩.১ শতাংশ৷ ফলত অসমত হিন্দুতকৈ মুছলমানৰ প্রজনন ৮২.৩৫ শতাংশ অধিক হৈছিল৷ একেদৰে ২০০৫–০৬ বর্ষত অসমত হিন্দু প্রজনন ২ৰ বিপৰীতে মুছলমানৰ প্রজনন আছিল ৩.৬৷ ফলত মুছলমানৰ প্রজননৰ হাৰ ৮০ শতাংশ বৃদ্ধি হৈছিল৷ বাংলাদেশৰ পৰা চলি থকা অবৈধ বিদেশীৰ আগমন আৰু অসন্তুলিত প্রজনন হাৰৰ বাবে ৰাজ্যখনত যে জনবিস্ফোৰণ হৈছে, সেয়া স্পষ্ট৷ এনে জনবিস্ফোৰণৰ বাবে ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ পদে পদে সমস্যাৰ সন্মুখীন হৈছে৷ বিপন্ন হৈছে খিলঞ্জীয়া লোকসকলৰ অধিকাৰ৷ ৰাজ্যৰ সামূহিক বিকাশৰ ক্ষেত্রতো আহি পৰিছে ভয়াৱহ প্রত্যাহ্বান৷ দেশে স্বাধীনতা লাভ কৰাৰ বিগত ৭টা দশকত অসন্তুলিত এনে জনবিস্ফোৰণ প্রতিৰোধ কৰাৰ বাবে কোনো এখন চৰকাৰ অথবা প্রধান ৰাজনৈতিক দলে পদক্ষেপ গ্রহণ কৰা নাই৷ জনবিস্ফোৰণে ৰাজ্যখনৰ সামূহিক ক্ষতি কৰাই নহয়, এনে সমস্যাৰ বাবে সর্বাধিক ক্ষতিগ্রস্ত হয় সংশ্লিষ্ট পৰিয়াল তথা জনগোষ্ঠীৰ লোকসকল৷ উপযুক্ত শিক্ষা তথা অনগ্রসতাৰ বাবে জনবিস্ফোৰণ হয় বুলি এটি ধাৰণা বছৰ বছৰ ধৰি বিয়পাই দিয়াৰ চেষ্টা কৰি আছে একাংশ ৰাজনৈতিক নেতাই৷ কিন্তু এয়া সত্য হোৱাহেঁতেন হিন্দু আৰু মুছলমানৰ মাজত অসন্তুলিত জনসংখ্যাৰ ব্যৱধান দশক দশক ধৰি চলি নাথাকিলহেঁতেন৷ ভোটবেংকৰ ৰাজনীতি বর্তাই নিয়াৰ স্বার্থত মুছলমানসকলৰ মাজত স্বাধীনতাৰ পিছত ৰাজনৈতিক নেতাসকলে যিমান শক্তি প্রয়োগ কৰিলে তাৰ ১০ শতাংশও যদি জন্ম নিয়ন্ত্রণৰ বাবে ব্যৱহাৰ কৰিলেহেঁতেন আজিৰ এই বিস্ফোৰক পৰিস্থিতিৰ উদ্ভৱ নহ’লহেঁতেন৷ ইয়াৰ বিপৰীতে সহজ–সৰল মুছলমান লোকক যিমান পাৰি সন্তান জন্ম দিয়াৰ বাবে একাংশ ৰাজনৈতিক তথা ধর্মীয় নেতাই মুকলিকৈ উচটনি দিয়াহে দেখা গৈছে৷
বাংলাদেশীৰ অনুপ্রৱেশ আৰু জনবিস্ফোৰণৰ ফলত সর্বাধিক ক্ষতিগ্রস্ত হৈছে অসমৰ খিলঞ্জীয়া মুছলমানসকল৷ ৰাজ্যৰ ৰাজনীতিত এতিয়া খিলঞ্জীয়া মুছলমানসকলৰ প্রতিনিধিত্ব নাইকিয়া হোৱাৰ উপক্রম হৈছে৷ ৰাজ্যখনৰ সংখ্যালঘু ৰাজনীতি এতিয়া নিয়ন্ত্রণ কৰিছে বাংলাদেশীমূলৰ মুছলমান নেতাসকলে৷ ফলত খিলঞ্জীয়া মুছলমানসকলে তেওঁলোকৰ অধিকাৰক লৈ জাগ্রত হোৱাটো তেনেই স্বাভাৱিক৷ বাংলাদেশীৰ আগ্রাসন আৰু অসন্তুলিত প্রজননৰ বাবে বিগত ১০ বছৰৰ ভিতৰতে ৰাজ্যখনৰ ৪০টা বিধানসভা সমষ্টিত জনবিস্ফোৰণৰ প্রতিচ্ছবিখন স্পষ্ট হৈছে৷ ২০১১ৰ তুলনাত ২০২১ৰ ভোটাৰ তালিকাত ৰাজ্যখনৰ সংখ্যালঘু অধ্যুষিত জনিয়া সমষ্টিত ভোটদাতা বৃদ্ধি হৈছে ৫৫ শতাংশ৷ একেদৰে এই সময়ছোৱাত বাঘবৰত ৫৩ শতাংশ, ধিঙত ৪৭ শতাংশ, মানকাচৰত ৪৬ শতাংশ, দলগাঁৱত ৪৫ শতাংশ, নাওবৈচাত ৪৫ শতাংশ, বিজনীত ৪৩ শতাংশ, সৰভোগত ৪২ শতাংশ, ৰূপহীহাটত ৪২ শতাংশ, যমুনামুখত ৪২ শতাংশ, অভয়াপুৰী দক্ষিণত ৪২ শতাংশ, বকোত ৩৯ শতাংশ, সৰুক্ষেত্রীত ৩৮ শতাংশ, চেঙাত ৩৮ শতাংশ, গোৱালপাৰা পূবত ৩৮ শতাংশ, গোৱালপাৰা পশ্চিমত ৩৮ শতাংশ, ধলাইত ৩৭ শতাংশ, কাটিগড়াত ৩৭ শতাংশ, ছয়গাঁৱত ৩৭ শতাংশ, দুধনৈত ৩৬ শতাংশ, বিলাসীপাৰা পশ্চিমত ৩৫ শতাংশ, লাহৰিঘাটত ৩৫ শতাংশ, জলেশ্বৰত ৩৫ শতাংশ, বৰপেটাত ৩৪ শতাংশ, বৰখলাত ৩৪ শতাংশ, জাগীৰোডত ৩৪ শতাংশ, মাজবাটত ৩৪ শতাংশ, সোণাইত ৩৪ শতাংশ, দক্ষিণ শালমৰাত ৩৩ শতাংশ, পাঠাৰকান্দিত ৩৩ শতাংশ, বিলাসীপাৰা পূবত ৩২ শতাংশ, গৌৰীপুৰত ৩১ শতাংশ, গোলকগঞ্জত ৩১ শতাংশ, হোজাইত ৩০ শতাংশ, লক্ষীপুৰত ৩০ শতাংশ, হাজোত ২৯ শতাংশ, ৰহাত ২৯ শতাংশ আৰু ধুবুৰীত ২৮ শতাংশ ভোটদাতা বৃদ্ধি হৈছে৷ বাংলাদেশীমূলৰ লোকৰ জনবিস্ফোৰণৰ বাবেই খিলঞ্জীয়া লোকসকলে উপৰিউক্ত সমষ্টিসমূহৰ সিংহভাগতেই তেওঁলোকৰ ৰাজনৈতিক অধিকাৰ হেৰুওৱাই নহয়, আর্থ–সামাজিক দিশতো সন্মুখীন হৈছে সীমাহীন সমস্যাৰ৷ আনকি খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ লোকসকলে ৰাজ্যখনৰ বহু অঞ্চলত দ্বিতীয় শ্রেণীৰ নাগৰিকৰ জীৱন যাপন কৰিবলগীয়া অৱস্থাৰ উদ্ভৱ হৈছে৷ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ হেৰুওৱা অধিকাৰ পুনৰ ঘূৰাই আনি ৰাজ্যখনৰ সামূহিক বিকাশৰ পথ নিশ্চিত কৰিবলৈ হ’লে অসন্তুলিত জনবিস্ফোৰণ প্রতিৰোধ কৰিবই লাগিব৷ এইক্ষেত্রত মুখ্যমন্ত্রী ড০ শর্মাই গ্রহণ কৰা পদক্ষেপৰ প্রতি খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহে সতর্কতাৰে দৃষ্টি ৰাখিছে৷ মুখ্যমন্ত্রী ড০ শর্মাই দেওবাৰে ৰাজ্যৰ খিলঞ্জীয়া মুছলমান বুদ্ধিজীৱী আৰু আগশাৰীৰ নাগৰিকসকলৰ স’তে আনুষ্ঠানিক আলোচনাত বহিছে৷ ৰাজ্যৰ খিলঞ্জীয়া মুছলমানসকলে জনবিস্ফোৰণ প্রতিৰোধৰ বাবে জন্ম নিয়ন্ত্রণৰ কঠোৰ আইনখনৰ পোষকতা কৰিছে৷ ৰাজ্যৰ খিলঞ্জীয়া লোকসকলৰ শিক্ষা, স্বাস্থ্য, দক্ষতা বিকাশকে ধৰি বিভিন্ন বিষয় সামৰি আঠখন উপ গোট গঠন কৰাৰ বাবে মুখ্যমন্ত্রী ড০ শর্মাই পদক্ষেপ লোৱাই নহয়, তিনি মাহৰ ভিতৰত প্রতিবেদন দাখিল কৰাৰ আহ্বান জনাইছে৷ এয়া নিশ্চিতভাৱে ৰাজ্যখনৰ জনবিস্ফোৰণ নিয়ন্ত্রণৰ বাবে বর্তমান চৰকাৰখনৰ এক বলিষ্ঠ খোজ৷ এইক্ষেত্রত চৰকাৰখনৰ সফলতা–বিফলতাৰ ওপৰতে নির্ভৰ কৰিব ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ ভৱিষ্যৎ৷