বিধানসভাৰ আজিৰে পৰা বাজেট অধিৱেশন
নিয়মীয়া বাৰ্তা, ১২ জুলাইঃ আজিৰ পৰা মাহজোৰা কার্যসূচীৰে আৰম্ভ হ’ব পঞ্চদশ অসম বিধানসভাৰ প্রথমখন বাজেট অধিৱেশন৷ মুঠ ১৫ কর্মদিনেৰে হ’বলগীয়া এই অধিৱেশনত অহা ১৬ জুলাইত বিত্তমন্ত্রী অজন্তা নেওগে ২০২১–২২ বিত্তীয় বর্ষ তথা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বর্তমানৰ চৰকাৰখনৰ প্রথমখন বাজেট দাখিল কৰিব৷
তদুপৰি এই অধিৱেশনতে গো–সুৰক্ষা বিধেয়ককে ধৰি মুঠ ১৪খন বিধেয়ক উত্থাপন কৰিব চৰকাৰে৷ আজিৰ দিনটোতে গো–সুৰক্ষা বিধেয়কৰ লগতে বিত্তীয় দায়বদ্ধতা আৰু বাজেট ব্যৱস্থাপনাৰ সংশোধনী বিধেয়ক আৰু পৌৰ নিকায় সংশোধনী বিধেয়ক দুখনো উত্থাপন হ’ব৷
ইপিনে এই বাজেট অধিৱেশনতে ৰাজ্যৰ ক’ভিড পৰিস্থিতি, আৰক্ষীৰ গুলীচালনা, সীমান্তত অসমৰ মাটি বেদখল, ড্রাগ্ছৰ সৰবৰাহ, গৰুৰ চোৰাং বেহা আদিকে ধৰি বিভিন্ন ইছ্যুক লৈ সদন উত্তাল কৰাৰ ৰণকৌশল গ্রহণ কৰিছে বিৰোধী দল কংগ্রেছ আৰু এ আই ইউ ডি এফে৷ সদনৰ প্রতিটো দিনতেই বর্তমানৰ চৰকাৰৰ ইতিবাচক কাম–কাজত সঁহাৰি আগবঢ়োৱাৰ লগতে বিভিন্ন ক্ষেত্রত পূর্বৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনক আক্রমণ কৰি শাসক পক্ষক ব্যতিব্যস্ত কৰাৰ বাবে বিৰোধীয়ে পৰিকল্পনা যুগুতাইছে৷
ইয়াৰ বিপৰীতে শাসক পক্ষই বিৰোধীৰ প্রতিটো সমালোচনাৰ যথোচিত উত্তৰ দি বিৰোধীৰ মুখ বন্ধৰ নীতি গ্রহণ কৰিছে৷
আনহাতে ইতিমধ্যে মহাজোঁটৰ সৈতে সম্পর্ক ছেদ কৰা বি পি এফ দলে সদনৰ মজিয়াত শাসক পক্ষৰ সমর্থনত অৱস্থান ল’ব বুলি বি পি এফৰ এক সূত্রই জানিবলৈ দিছে৷
ইফালে সাম্প্রতিক ক’ভিড পৰিস্থিতি আৰু বিধানসভাৰ নিৰাপত্তাৰ দিশলৈ চাই এইবাৰ নতুন এছ অ’ পিৰে অধিৱেশনখন চলোৱাৰ ব্যৱস্থা কৰিছে বিধানসভা কর্তৃপক্ষই৷ এই সম্পর্কত দেওবাৰে বিয়লি আয়োজিত এখন সংবাদ মেলত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে এই বিষয়ে প্রকাশ কৰি কয় যে বিধানসভাৰ অধিৱেশন পৰম্পৰাগতভাৱে যেনেদৰে চলি আহিছে এইবাৰো তেনেদৰেই চলিব৷ এয়া সাংবিধানিক প্রক্রিয়া৷ কিন্তু এইবাৰ ক’ভিড পৰিস্থিতি আৰু সুৰক্ষাৰ ক্ষেত্রত বিধানসভা সচিবালয় চৌহদত কিছু নতুন ব্যৱস্থা কৰা হৈছে৷ প্রৱেশ–পত্রসমূহ এইবাৰ ডিজিটেলাইজ কৰা হৈছে৷ ইয়াৰ ফলত প্রৱেশ–পত্রখন বৈধ নে অবৈধ, বিধানসভা চৌহদত যিখন প্রৱেশ–পত্র লৈ আহিছে সেয়া নিজৰ নে আনৰ সেইটো ধৰা পৰিব৷ বিধায়কসকলৰো প্রৱেশ–পত্র সম্পূর্ণ ডিজিটেলাইজ কৰা হৈছে৷ বিধায়কগৰাকীয়ে বিধানসভা চৌহদৰ মূল প্রৱেশদ্বাৰত প্রৱেশ কৰাৰ লগে লগে তেওঁৰ ফটোসহ পৰিচয় স্ক্রীনত প্রতিফলিত হ’ব৷ ইয়াৰ ফলত নতুন বিধায়কসকলকো নিৰাপত্তাৰক্ষীয়ে চিনি পাব৷ বহু সময়ত নিৰাপত্তাৰক্ষীয়ে চিনি নোপোৱা বাবেই বিধানসভাত প্রৱেশত বিধায়কসকল কেতিয়াবা কেতিয়াবা সমস্যাৰ সন্মুখীন হয়৷ এইবাৰ তেনে সমস্যাৰ সন্মুখীন নহ’ব৷ সেইদৰে বিধানসভাৰ গেলাৰীৰ প্রৱেশ–পত্রও গেলাৰী অনুসৰি সুকীয়া সুকীয়া কৰা হৈছে৷ গেলাৰীৰ প্রৱেশ–পত্র কেৱল গেলাৰীতেই প্রযোজ্য হ’ব৷ মন্ত্রীৰ চেম্বাৰলৈ যোৱা প্রৱেশ–পত্র সুকীয়া হ’ব৷ কেণ্টিন, সাধাৰণ প্রশাসন বিভাগৰ ক্ষেত্রত প্রৱেশ–পত্র সুকীয়া হ’ব৷
ইয়াৰ বাবে প্রথম অৱস্থাত কিছু সমস্যা হ’ব পাৰে বুলি স্বীকাৰ কৰি অধ্যক্ষ দৈমাৰীয়ে কয় যে অনাগত দিনত সকলো প্রৱেশ–পত্র সম্পূর্ণ ডিজিটেলাইজ কৰা হ’ব৷ যান–বাহনৰ ক্ষেত্রত প্রৱেশ–পত্র থকা যান–বাহনসমূহ বিধানসভা চৌহদত প্রৱেশ কৰিব পাৰিব যদিও যি চালকৰ নামত প্রৱেশ–পত্র আছে, তেৱেঁই চলাই আহিব লাগিব৷ আন চালকে চলাই আহিব নোৱাৰিব৷ মুখ্যমন্ত্রীকে ধৰি অন্যান্য উচ্চ পদবীৰ ব্যক্তিৰ নিৰাপত্তাৰ স্বার্থতে বিধানসভা চৌহদত এই ব্যৱস্থা প্রৱর্তন কৰা হৈছে৷ সেইদৰে এইবাৰ বিধানসভাত ম’বাইলৰ নেটৱর্ক বন্ধ কৰাৰ বাবে জামাৰৰ ব্যৱস্থা কৰা হৈছে৷