চৰকাৰী বিদ্যালয়ৰ নৱম দশমৰ শিক্ষার্থীলৈ স্মার্টফোন
নিয়মীয়া বাৰ্তা, ১৭ জুলাইঃ ৰাজ্যৰ শিক্ষাখণ্ডৰ বিকাশৰ লক্ষ্যৰে বিত্তমন্ত্রী অজন্তা নেওগে চলিত ২০২১–২১ বিত্তীয় বর্ষৰ বাবে আজি দাখিল কৰা বাজেটত কেইবাটাও অভিলাষী ঘোষণা সন্নিৱিষ্ট কৰিছে৷ ক’ভিডসৃষ্ট পৰিস্থিতিত শিক্ষানুষ্ঠানসমূহত বন্ধ হৈ আছে পাঠদান প্রক্রিয়া৷ এই সময়ছোৱাত অনলাইন পদ্ধতিৰেহে ছাত্র–ছাত্রীসকলক পাঠদান কৰি থকা হৈছে৷ কিন্তু ডিজিটেল ব্যৱস্থা সুলভ নোহোৱাৰ পৰিপ্রেক্ষিতত বহুসংখ্যক ছাত্র–ছাত্রীয়ে অনলাইনৰ সুবিধা ল’ব পৰা নাই৷ ইয়াৰ প্রতি লক্ষ্য ৰাখি শৈক্ষিক ক্ষতি হ্রাস কৰাৰ বাবে ডিজিটেল বৈষম্য আঁতৰ কৰাৰ বাবে চৰকাৰে নৱম আৰু দশম শ্রেণীৰ শিক্ষার্থীসকলক স্মার্ট ম’বাইল ফোন যোগান ধৰাৰ এক অনন্য পদক্ষেপ গ্রহণ কৰাৰ কথা শুকুৰবাৰে বাজেটত ঘোষণা কৰিছে বিত্তমন্ত্রী নেওগে৷ নিজ বাজেট ভাষণত বিত্তমন্ত্রী নেওগে কয় যে এই পদক্ষেপে অনগ্রসৰ শ্রেণীৰ ছাত্র–ছাত্রীসকলৰ শৈক্ষিক ক্ষতি হ্রাস কৰাত সহায় কৰিব৷ লগতে শিক্ষাৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ ক্ষেত্রত এক ইতিবাচক ভূমিকা গ্রহণ কৰিব আৰু আধাতে বিদ্যালয় এৰা ছাত্র–ছাত্রীৰ সংখ্যা হ্রাস কৰাত সহায়ক হ’ব৷ এই আঁচনিখনে নৱম–দশম শ্রেণীৰ প্রায় ৮ লাখ ছাত্র–ছাত্রীক উপকৃত কৰিব বুলি মন্তব্য কৰে বিত্তমন্ত্রী নেওগে৷
বাজেটত সন্নিৱিষ্ট শৈক্ষিক খণ্ডৰ বাবে আন এটা উল্লেখযোগ্য ঘোষণা হ’ল কার্বি আংলং জিলাত এখন ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপনৰ প্রস্তাৱ৷ বিত্তমন্ত্রী নেওগে প্রকাশ কৰা মতে, বর্তমানৰ ডিফু চৰকাৰী মহাবিদ্যালয়ক ৰাজ্যিক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ বাবে সম্ভাৱনীয়তা পৰীক্ষা কৰা হ’ব৷ অংগনৱাড়ী কেন্দ্রৰ লগতে প্রাথমিক বিদ্যালয়সমূহত বৈদ্যুতীকৰণৰ প্রস্তাৱো বাজেটত আগবঢ়াইছে বিত্তমন্ত্রী নেওগে৷ তদুপৰি তেজস্বী নৱধিতামস্তু এডু–ইনফ্রা ফাণ্ডৰ অধীনত ৰাজ্যৰ ছখন উচ্চ শিক্ষানুষ্ঠান ক্রমে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়, ৰবীন্দ্রনাথ ঠাকুৰ বিশ্ববিদ্যালয়, ভট্টদেৱ বিশ্ববিদ্যালয়, মাধৱদেৱ বিশ্ববিদ্যালয়, বীৰাংগনা সতী সাধিনী ৰাজ্যিক বিশ্ববিদ্যালয় আৰু অনিৰুদ্ধদেৱ ক্রীড়া বিশ্ববিদ্যালয়লৈ তিনিটা বর্ষৰ বাবে পুঁজি নির্ধাৰণ কৰি দিয়া হৈছে৷
একেদৰে শ্রীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়লৈ তিনি কোটি টকা আগবঢ়োৱাৰ কথা বিত্তমন্ত্রী নেওগে উল্লেখ কৰিছে বাজেটত৷ চলিত বর্ষৰ বাজেটত প্রাথমিক শিক্ষা বিভাগৰ বাবে মুঠ ৯৩৮৯.৫৪ কোটি টকা ধার্য কৰাৰ কথা সদৰী কৰি বিত্তমন্ত্রী নেওগে কয় যে ৰাজ্যৰ ১,০০০খন নির্বাচিত বিদ্যালয়ক উৎকর্ষতাৰ কেন্দ্রলৈ ৰূপান্তৰ কৰাৰ লক্ষ্যৰে ‘প্রত্যাহ্বান’ নামৰ এখন আঁচনি আৰম্ভ কৰা হৈছে৷ বিদ্যালয়সমূহত বিশেষ প্রয়োজনীয়তা থকা ৫৮,২২৪গৰাকী শিশুক নামভর্তি কৰোৱা হ’ব আৰু গৃহভিত্তিক শিক্ষাৰ জৰিয়তে তেওঁলোকক সহায় আগবঢ়োৱা হ’ব৷
২০২২ শৈক্ষিক বর্ষৰ বাবে চৰকাৰী–প্রাদেশীকৃত বিদ্যালয়ৰ ৩৭,৭৩,৬৪৫গৰাকী ছাত্র–ছাত্রীক আমি বিনামূলীয়া ইউনিফর্ম আগবঢ়াম৷ লগতে ৪১,৪৮৫খন প্রাথমিক বিদ্যালয়লৈ বার্ষিক অনুদান মুকলি কৰি দিয়া হ’ব৷ উচ্চ শিক্ষা বিভাগৰ বাবে বাজেটত ধার্য কৰা হৈছে ২,৬১২.৮০ কোটি টকা৷ অনুৰূপ ধৰণে মাধ্যমিক শিক্ষা বিভাগৰ বিপৰীতে বাজেটত ৫,১৩১.৫১ কোটি টকা ধার্য কৰাৰ কথা উল্লেখ কৰি বিত্তমন্ত্রী নেওগে কয়– ‘নৱমৰ পৰা দ্বাদশ শ্রেণীৰ ছাত্র–ছাত্রীসকললৈ বিনামূলীয়া পাঠ্যপুথি প্রদান কৰা হ’ব৷ তদুপৰি নৱম আৰু দশম শ্রেণীৰ ছাত্র–ছাত্রীসকলক বিনামূলীয়া ইউনিফর্ম আগবঢ়োৱাৰ উপৰি ষষ্ঠৰ পৰা দ্বাদশ শ্রেণীৰ সকলো ছাত্রীক দিয়া হ’ব ছেনিটেৰী নেপকিন৷’ শিক্ষকসকলৰ বদলীকৰণ আৰু নিয়োগ যুক্তিসংগতভাৱে কৰিবলৈ এটা ছফ্টৱেৰ প্রস্তুত কৰা হ’ব বুলিও তেওঁ ঘোষণা কৰে৷ বিত্তমন্ত্রী নেওগে পুনৰ কয়– ‘নতুনকৈ স্থাপন কৰা ৭খন জিলাত একক প্রশাসনিক ব্লক হিচাপে আমি এটা সংহত বিদ্যালয় পৰিদর্শনকাৰী আৰু জিলা প্রাথমিক শিক্ষা বিষয়াৰ কার্যালয়ো নির্মাণ কৰিম৷ ভিতৰুৱা অঞ্চলসমূহৰ বিদ্যালয়সমূহত কাম কৰি থকা শিক্ষক–শিক্ষয়িত্রীৰ নিয়মীয়া উপস্থিতি নিশ্চিত কৰিবলৈ আমি তেওঁলোকক কোৱার্টাৰ আৰু হোষ্টেল প্রদান কৰিম৷’