নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিটফাণ্ড কেলেংকাৰিৰ গোচৰঃ পৰিপূৰক চার্জশ্বীট দাখিল চিবিআইৰ

নিয়মীয়া বাৰ্তা, ২৩ জুলাইঃ চিটফাণ্ড কেলেংকাৰি সন্দর্ভত ৰুজু হোৱা এটা গোচৰত বৃহস্পতিবাৰে পৰিপূৰক চার্জশ্বীট দাখিল কৰিছে তদন্তকাৰী সংস্থা চি বি আয়ে৷ কলকাতাৰ এই প্রতিষ্ঠানটোৱে সঞ্চালক– বিষয়াসহ চাৰিজনৰ বিৰুদ্ধে গুৱাহাটীস্থিত বিশেষ আদালতত এই চার্জশ্বীট দাখিল কৰিছে চি বি আয়ে৷

উল্লেখ্য যে কলকাতাৰ চিটফাণ্ড প্রতিষ্ঠানটোৱে অসমৰ বিভিন্ন প্রান্তত প্রৱঞ্চনাৰ জাল পেলাই বৃহৎ পৰিমাণৰ ধন লুণ্ঠন কৰিছিল৷ ২০১৩ চনলৈ এই প্রতিষ্ঠানটোৱে মুঠ ৯,৩৯,৩৬,৩৫০ টকা জনসাধাৰণৰ পৰা সংগ্রহ কৰিছিল৷ কম দিনৰ ভিতৰতে উপার্জন দুুগুণ কৰাৰ সপোন দেখুৱাই গ্রাহকৰ ধন ওভতাই দিয়া নাছিল চিটফাণ্ড প্রতিষ্ঠানটোৱে৷ ইয়াৰ পূর্বে ২০১৮ চনত ১০ অক্টোবৰত এখন চার্জশ্বীট দাখিল কৰিছিল চিবিআয়ে৷

You might also like