নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহামাৰীক আৰ্শীবাদ ৰূপে গ্ৰহণ কৰি নতুন ব্যৱসায়ৰে সফলতাৰ খোজ এজন উদ্যোগীৰ

নিয়মীয়া বাৰ্তা ৫ আগষ্টঃ মহামাৰীৰ সময়ত বিভিন্ন জনৰ কৰ্ম সংস্থাপন হেৰুৱাইছে যদিও আকৌ কোনোবাই আকৌ ন উদ্ভাৱনেৰে নতুন কৰ্মক্ষেত্ৰ গঢ়ি তুলিছে।

তেনে এজন উদ্যোগী জ্যোতিবিকাশ বৰগোহাঁইয়ে ২০২০ চনৰ বহাগ বিহুৰ সময়ত যেতিয়া দেশখন মহামাৰীৰ সময়ত লকডাউন হৈছিল , তেতিয়া ডিব্ৰুগড়ত থকা তেওঁৰ মাতৃৰ সৈতে বৰগোহাঁইৰ বাৰ্তালাপে সকলো সলনি কৰি দিছিল।

তেওঁ গম পালে যে তেওঁৰ মাতৃ, যি অকলে থাকে দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী পোৱাৰ কোনো উপায় নাছিল। এইটোৱে বৰগোহাঁইক জোকাৰি গৈছিল আৰু তেওঁৰ মাতৃৰ দৰে লোকসকলক সহায় কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল। তেওঁ এটা প্ৰকল্পৰ বিষয়ে ভাবিবলৈ আৰম্ভ কৰিছিল আৰু এবছৰতকৈও অধিক কঠোৰ পৰিশ্ৰম আৰু আবেগৰ পিছত বাস্কেট অনলাইনৰ জন্ম ২০২১ চনৰ এপ্ৰিলত হৈছিল।

“মোৰ উদ্দেশ্য আছিল গুৱাহাটীৰ লোকসকলক সকলো প্ৰয়োজনীয় সামগ্ৰী যাতে ঘৰতে পায় তাৰ ব্যৱস্থা কৰা। বৰ্তমান এই সেৱা গুৱাহাটীত উপলব্ধ আৰু জনসাধাৰণে মাত্ৰ 90 মিনিটত গ্ৰোচাৰী আৰু অত্যাৱশ্যকীয় সামগ্ৰী যেনে, ফল, পাচলি, মাংস আৰু মাছ আদিৰ ঘৰুৱা বিতৰণ সেৱা আশা কৰিব পাৰে। সেৱাসমূহ ৰাতিপুৱা ৮ ৰ পৰা নিশা ৮ বজালৈ আৰম্ভ হয়,” বৰগোহাঁইয়ে কয়।

তেওঁৰ ষ্টাৰ্টআপৰ বিষয়ে ইমান বেলেগ কি বুলি সোধাত, বৰগোহাঁইয়ে কৈছিল যে, “আমি আমাৰ গ্ৰাহকসকলৰ বাবে স্থানীয় দোকানলৈ যাত্ৰাটো অনলাইনত আনি স্থানীয় দোকানলৈ যাত্ৰা সলনি কৰিবলৈ এক মাল্টি ভেণ্ডাৰ মডেলত কাম কৰোঁ, যাতে গ্ৰাহক এজনে সহজে ঘৰত আৰামেৰে বহি তেওঁৰ প্ৰয়োজনীয়তা ৰাখিব পাৰে।”

“আমি শীঘ্ৰেই ঔষধ, বেকাৰী, ব্ৰেকফাষ্ট পেকেজ, পোহনীয়া জন্তুৰ সামগ্ৰী আদিৰ হোম ডেলিভাৰী সেৱা আৰম্ভ কৰাৰ পৰিকল্পনা কৰিআছো। আমি বাস্কেট অনলাইনৰ জৰিয়তে ঘৰুৱা প্ৰয়োজনীয়তাৰ বেছিভাগ বস্তু উপলব্ধ কৰিব বিচাৰো,” বৰগোহাঁইয়ে জনায়।

জ্যোতিবিকাশ বৰগোহাঁই সুখী যে বাস্কেট অনলাইনত এতিয়া চাৰি হাজাৰৰো অধিক গ্ৰাহক আছে আৰু বাস্কেট মুকলিহোৱাৰ দুমাহত চাৰি হাজাৰতকৈও অধিক ডেলিভাৰী সফলতাৰে প্ৰদান কৰিবলৈ সক্ষম হৈছিল।

You might also like