নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘তোৰে মোৰে আলোকৰে যাত্রা’ মানুহৰ মহাকায় সভ্যতা

ঠেৰুছিগা বুদ্ধি আৰু জীৱনৰ নৈৰাজ্যত পতিত হৈ মানৱ জাতিৰ বহুযুগ প্রতিপালিত আপোন জীৱনাদর্শৰ কল্পিত সপোনপুৰী ছেদেলি–ভেদেলি হৈ পৰিছে সম্প্রতি৷ কিন্তু কিয় মানুহৰ জীৱনত এনেদৰে চৌপাশে দেখা দিছে নৈৰাজ্যৰ এই বিভীষিকা অথবা  কাল অমানিশাৰ কলীয়া ডাৱৰে? মানুহৰ স্বপ্ণৰাজ্যৰ সুদীর্ঘকালৰ আশা আৰু প্রত্যাশা কিয় আজি হতাশাত হৈ পৰিছে পর্যৱসিত? অনিশ্চিত ভৱিষ্যতৰ দুঃস্বপ্ণত মানুহ কিয় হৈ পৰিছে বিপর্যস্ত অথবা পথহাৰা পথিকৰ দৰে উত্ভ্রান্ত? বিৱর্তনৰ সন্ধিক্ষণত উপনীত হৈ উৱাদিহ নাপাই মানুহে কিয় আজি জগতৰ প্রান্তে প্রান্তে ককবকাই আছে?
জড়বিজ্ঞানৰ অত্যন্ত বিস্ময়কৰ তথা অকল্পনীয় প্রগতি আৰু পৰিপুষ্টি, ইয়াৰ আৱিষ্কাৰক্ষম অথবা উদ্ভাৱনপটু মনীষাৰ আশ্চর্যজনক কার্যকৰী সামর্থ্য অথবা পদার্থবিজ্ঞানৰ অতুলনীয় বিজয়াভিযানৰ সমৃদ্ধি তথা সফলতাৰ শিখৰসমূহলৈ আঙুলি টোঁৱাই বস্তুনিষ্ঠ যুগৰ কোনো দীপ্ত মানৱাত্মাই এই কথা যে অস্বীকাৰ কৰিব পাৰে সেয়া সঁচা৷ বস্তুনিষ্ঠ যুক্তিযুগৰ নৱদীপ্তিৰ আলোকত উদ্ভাসিত সুনিপুণ তার্কিকে নিজৰ তূণৰ শাণিত যুক্তিৰ সুতীক্ষ্ণ বাণ আমালৈ নিক্ষেপ কৰি মানৱ জাতিৰ এই সন্ধিক্ষণৰ স্বৰূপলক্ষণৰ ব্যাখ্যা বিচাৰি আমাক যে থকা–সৰকা কৰিব আৰু দ্বন্দ্বযুদ্ধলৈ আহ্বান জনাব, সেয়াও কোৱাই বাহুল্য মাত্র৷ একেবাৰে অজলাৰ দৰে হাত সাবটি মাথোঁ বুদ্ধিৰ বিলাস অথবা অলীক কল্পনাৰ কচৰৎ কৰাৰ আমাৰো নাই কোনো বিলাস–বাসনা কিম্বা অতৃপ্ত তৃষ্ণা৷ সেই বাবে মানুহৰ সাম্প্রতিক কালৰ এই কালসন্ধিৰ স্বৰূপলক্ষণৰ সাক্ষ্য–প্রমাণ সম্বলিত এক বিৱৰণ আমাৰ অল্প বুদ্ধিৰে প্রস্তুত কৰি সবিনয়ে পাঠকৰ উদ্দেশ্যে নিবেদন কৰিবলৈ আমি এক বিনম্র প্রয়াস কৰিছেছা৷
মানুহৰ মনত আজি দেখা দিছে প্রবল বৈষম্যই৷ এফালে যদি মানুহে লাভ কৰিছে বিস্ময়কৰ সফলতা আৰু উপনীত হৈছে উৎকর্ষৰ অকল্পনীয় পৰাকাষ্ঠাত, আনফালে এই মানুহেই আকৌ এতিয়াও কুণ্ঠিত তথা গতিৰুদ্ধ, উৱাদিহ নাপাই আন্ধাৰতে খেপিয়াই ফুৰিছে মাত্র৷ নিত্য–চঞ্চল অধীৰ আৰু অস্থিৰ মন তথা প্রাণৰ সদাসক্রিয়তাই সম্প্রতি গঢ়ি তুলিছে বাহ্য জীৱনৰ এক জটিল তথা নিয়ন্ত্রণাতীত বিৰাট সৌধ, অথচ মানুহৰ মন তথা প্রাণৰ সামর্থ্য আজিও একেবাৰে সীমিত, তাতকৈও সীমিত মানুহৰ নীতিবোধ, সীমিত তথা কুণ্ঠিত মানুহৰ অধ্যাত্ম–বীর্য৷ সদাবুভুক্ষু দেহ, প্রাণ তথা মনৰ সমস্ত ক্ষুধা আৰু বাসনাৰ তর্পণ হেতু অকল্পনীয় তথা অফুৰন্ত বৈচিত্র্যৰ পৰিপূর্ণ সমাৰোহেৰে মানুহে তথাপি গঢ়ি তুলিছে এক অতিকায় সভ্যতা৷ ইন্দ্রিয়ৰ অন্তহীন দাবী, বুদ্ধিৰ অবাধ বিলাস–বাসনা অথবা ৰস–চেতনা তথা সৌন্দর্যবোধৰ পৰিতৃপ্তিৰ বাবে মানুহে সৃষ্টি কৰিছে জটিল তথা বিপুল ৰাজনৈতিক, সামাজিক, অর্থনৈতিক তথা সাংস্কৃতিক ব্যৱস্থাৰাজি৷
এইসমূহৰ জৰিয়তে পুঞ্জিত সামূহিক সাধন–সামগ্রীৰ বিপুল আয়োজনৰ সন্মুুখত মানুহৰ প্রমত্ত অহং আৰু ক্ষুধিত বাসনা এতিয়া যেন এক অতিকায় বুভুক্ষু অজগৰ ৰূপে উদ্যত হৈছে৷ কিন্তু এই অজগৰক প্রতিহত কৰিবলৈ মানুহৰ মাজত নাই কোনো যথার্থ সামর্থ্য কাৰণ সীমিত আমাৰ মন তথা বুদ্ধিৰ শক্তি, সংকুচিত আমাৰ নীতিবোধ, কুণ্ঠিত আমাৰ অধ্যাত্ম চেতনাৰ কৰণবীর্য৷ আৰু ইয়াৰেই পৰিণতিত মানৱ জাতিৰ চিৰন্তন উত্তৰায়ণৰ জীৱন প্রৱাহ হৈ পৰিছে ব্যাহত, বিপন্ন তথা বিপর্যস্ত৷ ন্যায়সংগত তথা যুক্তিযুক্তভাৱেই আমি আজি প্রশ্ণ উত্থাপন কৰিব পাৰোঁ,– মন তথা বুদ্ধিৰ এই সীমিত সামর্থ্য, অপৈণত তথা সংকুচিত এই নীতিবোধ, শূন্যগর্ভ এই অধ্যাত্ম–বীর্য অথবা প্রমত্ত অহং আৰু নিত্য নতুন ক্ষুধিত বাসনাৰে সদাজর্জৰিত এই কুণ্ঠিত মানুহে পাৰিব জানো চম্ভালিব এই মহাকায় সভ্যতাক?
প্রাকৃত জীৱনৰ বিপুল ঐশ্বর্যৰে আজি উপচি পৰিছে মানুহৰ অঞ্জলি৷ বাহ্য জীৱনৰ বিপুল সক্রিয়তাৰে অর্জিত এই উপকৰণ–বিভূতি আত্মসাৎ কৰি সামূহিকভাৱে যে মানুহে এতিয়া জীৱনৰ উত্তৰায়ণ আৰু বৃহত্তৰ তথা মহত্ত্বৰ সফলতাৰ অভিমুখে গতি কৰিব, সেই সাধনাৰ আনকি লেশমাত্র আভাস অথবা উদ্ভাস মানৱ জাতিৰ সামূহিক জীৱনচর্যাত আমি জানো প্রত্যক্ষ কৰিব পাৰিছেছা? প্রাকৃত জীৱনৰ এই বিপুল ঐশ্বর্যৰাশিৰ শক্তিৰে আদিম প্রয়োজন পূৰণ কৰি সামূহিকভাৱে মানৱ জাতিয়ে এতিয়া যে ক্রান্তদর্শী চিত্ত তথা বিজ্ঞানময় আলোক আৰু বোধি চেতনাৰে জীৱনক সত্য–শিৱ–সুন্দৰৰ সার্থকতৰ সাধনাত প্রবৃত্ত কৰি এই প্রাকৃত জীৱনক সমৃদ্ধ তথা পৰিপুষ্ট কৰি তুলিব, মানুহৰ সামূহিক জীৱন প্রৱাহৰ মাজত ক’ত তাৰ প্রকাশ অথবা উন্মেষ?
অথচ দেহ আৰু প্রাণৰ নিত্য বুভুক্ষাৰ সমস্ত দাবী পূৰণ কৰিও পুঞ্জিত উপকৰণৰ এই বিপুল সঞ্চয়ে মনক লোকোত্তৰ সফলতা আৰু সিদ্ধিৰ অকুণ্ঠ এষণাৰ অভিমুখে প্রবল ৰূপে উৎসাহিত তথা অনুপ্রাণিত কৰিব পাৰিলেহেঁতেন৷ অধ্যাত্ম সত্তাৰ দিব্যতৰ তথা বিশালতৰ আৱিষ্কাৰসমূহ আৰু সেইবোৰৰ প্রতি মানুহৰ অনুৰাগ তথা আৱেশত জাতিৰ জীৱন তেতিয়া সত্তাৰ পৰম উৎকর্ষৰ সাধনাত ৰূপান্তৰিত হ’লহেঁতেন৷ কিন্তু ইয়াৰ বিপৰীতে উপকৰণৰ প্রাচুর্যই সম্প্রতি অভাৱৰ বাহুল্যহে সৃষ্টি কৰিছে জাতি অথবা গোষ্ঠীৰ সামূহিক অহঙক স্ফীতকায় কৰি পৰস্বহাৰী কৰি তুলিছে৷ মহাযোগী শ্রীৰবিন্দৰ ভাষাত এয়াই মানৱ জাতিৰ কালসন্ধি, য’ত মানুহৰ ঊর্ধ্বমুখী বিৱর্তনৰ সমস্ত সম্ভাৱনা গতিৰুদ্ধ হৈ প্রায় নির্বাপিত হোৱাৰ উপক্রমে দেখা দিছে৷
আধুনিক জডবিজ্ঞান সম্প্রতি সফলতাৰ একেবাৰে সর্বোচ্চ শিখৰত আৰূঢ় হৈছে৷ আধুনিক মননৰ সমীপত জডবিজ্ঞান আৰু যুক্তি–বুদ্ধিয়ে সাম্প্রতিক কালত লাভ কৰিছে দেৱতাৰ মর্যাদা৷ এই কথা অনস্বীকার্য যে জডবিজ্ঞানৰ কল্যাণত মানুহে বিশ্ব–শক্তিৰ নানা অভিনৱ বিভূতিৰ সাধন–মন্ত্র ইতিমধ্যে নিজৰ আয়ত্তাধীন কৰিছে৷ আনকি ই বিশ্বৰ জনগণক স্থূলভাৱে অখণ্ড তথা একত্রিত কৰিবলৈও সমর্থ হৈছে৷ কিন্তু যি বা যিসকলে বিশ্ব–শক্তিক ব্যৱহাৰ কৰিছে, সেয়াহে আচল বিচার্য বিষয়৷ যিসকলে এই বিশ্ব–শক্তিক ব্যৱহাৰ কৰিছে, তেওঁলোক জানো অহঙৰ ফাটেকত বন্দী সংকীর্ণচেতা এমুঠিমান ব্যষ্টি–ব্যক্তি অথবা পৰস্পৰ ক্ষুদ্র স্বার্থৰে পৰিচালিত মুষ্টিমেয় ব্যক্তিৰ একোটা দলবদ্ধ ব্যষ্টি–সমষ্টি নহয়? আনফালে বাৰু দুই–এক গোষ্ঠীবিশেষৰ সংকীর্ণ অহমিকাই জডবিজ্ঞানৰ এই বিস্ময়কৰ প্রভূত শক্তিৰ একছত্রী অধিপতি হৈ সেই শক্তিক যথেচ্ছা ব্যৱহাৰ কৰিছে নেকি?
কিন্তু অহঙৰ কাৰাগাৰত আবদ্ধ এই ব্যক্তি অথবা ব্যষ্টি–সমষ্টি অথবা গোষ্ঠী–চেতনাৰ সংকীর্ণ অহমিকাৰ মাজত আছে জানো যথার্থ বিশ্ব–চেতনাৰ নির্মল দীপ্তিৰ লেশমাত্র আভাস অথবা প্রকাশ? জডবিজ্ঞানৰ এই বিস্ময়াৱহ শক্তিপুঞ্জই মানৱ সমাজত যি এক বাহ্য সংহতি গঢ়ি তুলিছে, তাক অধ্যাত্ম অথবা আন্তৰ সংহতিত কেনেদৰে ৰূপান্তৰিত কৰিব পাৰি, তাৰ গোপন ৰহস্যৰ সূত্রৰাজি এই ক্ষুদ্র তথা সংকীর্ণ অহমিকাৰ মাজত আমি পাম জানো বিচাৰি? আচলতে বিশ্ব–মানৱৰ মাজত এনেদৰে স্থূলভাৱে প্রতিষ্ঠিত সাম্প্রতিক কালৰ এই বাহ্য একত্বক কিদৰে যথার্থ একত্ব ভাবনাত পৰিৱর্তিত অথবা পর্যৱসিত কৰিব পাৰি, তাৰ নিগূঢ় শক্তি তথা সামর্থ্য অথবা অনুভৱ অহঙৰ অন্ধকাৰত নিমজ্জিত গোষ্ঠী চিত্তৰ সংকীর্ণ অহমিকাক্লিষ্ট চেতনাৰ মাজত যে তিলমাত্রও নাই, সেই কথা সজোৰে উত্থাপন কৰাৰ বিশেষ প্রয়োজন নাথাকিলে আমি এই কথা ব্যক্ত নকৰিলোঁহেঁতেন৷
বিশ্বব্যাপী শিৱহীন দক্ষ যজ্ঞৰ মহাবিপ্লৱত কম্পিত আজি বিশ্ব–মন, জর্জৰিত জগতৰ জনগণ৷ চতুর্দিশে মন্দ্রিত মাথোঁ মানসিক কল্পনাপ্রসূত আদর্শৰ সংঘাত, সংঘর্ষ তথা নৈৰাজ্যৰ উচ্চ তথা বে–সুৰা স্বৰ৷ সর্বত্র দেখিবলৈ পাওঁ কেৱল ব্যষ্টি অথবা সমষ্টি অথবা গোষ্ঠীৰ বর্বৰ ক্ষুধাৰ তাডনা শুনিবলৈ পাওঁ মাথোঁ প্রাণপ্রসূত অন্ধ তথা উদ্দাম কামনাৰ প্রমত্ত আর্তনাদ ব্যক্তি বা শ্রেণী অথবা জাতিৰ স্বর্থৈষণাৰ তুমুল কোলাহল৷
এই সন্ধিক্ষণত ৰাজনৈতিক ব্যৱস্থা অথবা সামাজিক দর্শন অথবা অর্থনীতিৰ ধাৰণাৱলীত সজোৰে যিসমূহ কথা উত্থাপিত হৈছে, সেইবোৰ অদ্ভূত তথা বিচিত্র মতবাদৰ ভেঁকুৰ মাত্র বুলি ক’লে জানো সত্যৰ অপলাপ কৰা হ’ব? কাৰণ এফালে যদি ভুৱা আদর্শবাদৰ নামত চৌপাশে মাথোঁ ৰণচিৎকাৰ তথা নানা প্রকাৰৰ মহৌষধ প্রাপ্তিৰ বৃথা জয়োল্লাস, আনফালে ইয়াৰ বাবে উৎপীডন কৰিবলৈ অথবা উৎপীডন সহ্য কৰিবলৈ, মাৰিবলৈ অথবা মৰিবলৈ মানুহৰ আজি নাই কোনো দ্বিধা৷ নিজৰ মতক মাৰণাস্ত্রৰ সহায়েৰে আনৰ ওপৰত জাপি দিয়েই দক্ষ যজ্ঞৰ বিপ্লৱীয়ে ভাবিছে যেন এইবাৰ তেওঁলোকে আদর্শলোকত উপনীত হোৱাৰ চৰম তথা পৰম পথৰ সন্ধান পালে৷
মানুহৰ প্রাণ আৰু মনৰ প্রকৃতিগত পৰিণাম বিশ্বব্যাপ্তিৰ অভিমুখে৷ অথচ অহমিকাদুষ্ট আৰু খণ্ডিত তথা বিভক্ত মানসৰ সন্মুুখত এই ব্যাপ্তিৰ উন্মীলনে মাথোঁ সৃষ্টি কৰিব বে–সুৰা অথবা অসংগত চিন্তা আৰু প্রবৃত্তিৰ বিশাল প্রদূষণ তথা বিসম্বাদ, বিপুল তথা দুর্জয় শক্তি আৰু প্রমত্ত বাসনাৰ অপাৰ প্লাৱন৷ মহত্ত্বৰ তথা বৃহত্তৰ জীৱনৰ বাবে সমস্ত উপকৰণ মানুহে কুক্ষিগত কৰিব পাৰিলেও দিব্যদর্শনময় সৃষ্টি–সামর্থ্যৰ অভাৱত চিন্ময় আলোকৰ দীপ্তি আৰু ছন্দ–সুষমা হেৰুৱাই সেইবোৰ তেতিয়া পর্যবসিত হ’ব অজীর্ণ অথবা অর্ধজীর্ণ অথবা ব্যামিশ্র ভৌতিক, প্রাণিক তথা মানসিক উপকৰণৰ আহুকালত৷ আৰু এই বাবেই শিৱহীন দক্ষ যজ্ঞৰ বিপ্লৱ তথা বিক্ষোভৰ অন্তহীন প্রৱাহ বিশ্বব্যাপী আজিও প্রৱহমান৷ এই বাবেই সামঞ্জস্য আৰু ঐকতানৰ বৃহৎ সুৰ–সাধনাৰে জীৱনৰ মহত্ত্বৰ সাধনাৰ প্রয়াসো বাৰে বাৰে পৰিণত হৈছে ব্যর্থতাত৷
মানৱ জাতিৰ এই মহাসংকটৰ সময়ত বস্তুনিষ্ঠ যুগৰ যুক্তিনিষ্ঠ আলোকত উদ্ভাসিত তথা বিজ্ঞানমনস্ক আভাৰে প্রদীপ্ত আধুনিক মানস প্রদত্ত সমাধানসমূহৰ মাজত কিমান সম্ভাৱনা আৰু সীমাবদ্ধতা বিদ্যমান, সেই বিষয়ে আমি জানিবলৈ প্রয়াস কৰিম আমাৰ পৰৱর্তী আলোচনাত৷
(বিঃদ্রঃ লেখক শ্রীৰবিন্দ চৈতন্যৰ দীপ্তিৰে আলোকিত৷ এই ৰচনাত অভিব্যক্ত চিন্তন–মনন লেখকৰ মৌলিক কৃতি নহয় এই ৰচনা শ্রীৰবিন্দ চৈতন্যৰে পূর্ণৰূপে আলোকিত৷)
ফোনঃ ৭০০২১–৬২০৪৭

You might also like