নামভৰ্তিৰ সংকট
ঘাত–প্রতিঘাত, সংশয়–শংকা মানৱ সভ্যতাৰ অবিচ্ছেদ্য অংগ৷ ইয়াক অতিক্রম কৰাৰ দৃঢ়তা আৰু যোগ্যতাৰে সমৃদ্ধিশালী বাবেই আজিও মানৱ সভ্যতাৰ গতি অনিৰুদ্ধ৷ কিন্তু প্রগতিৰ স্বার্থত কেতিয়াবা কেতিয়াবা এখোজ পিছুৱাই আহিবলগীয়া হয়৷ ক’ৰোনাসৃষ্ট পৰিৱেশেও আমাৰ দেশখনক সুন্দৰ ভৱিষ্যতৰ স্বার্থত এইবাৰ এটা খোজ পিছুৱাই আহিবলৈ বাধ্য কৰিলে৷ প্রতিকূল পৰিৱেশৰ বাবে এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষা, হাইমাদ্রাছা, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নগ’ল৷ এইটো জটিল পৰিস্থিতিয়ে আনি দিয়া এটা কঠিন সিদ্ধান্ত৷ কিন্তু পৰীক্ষাৰ বাতিলৰ লগত জড়িত হৈ আছিল এটা শিক্ষাবর্ষ৷ কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে বিকল্প মূল্যায়নৰ জৰিয়তে এই প্রত্যাহ্বান হেলাৰঙে অতিক্রম কৰিলে৷ ছাত্র–ছাত্রীৰ শিক্ষাবর্ষত কোনোধৰণৰ হেঙাৰৰ সৃষ্টি নহ’ল৷ কিন্তু এটা জটিল পৰিস্থিতিক জয় কৰিবলৈ যাওঁতে আন এটা জটিল পৰিস্থিতিৰ সৃষ্টি হ’ল৷ অৱশ্যে এইটো স্বাভাৱিকো আছিল৷ মূল্যায়নৰ জৰিয়তে ঘোষিত ফলাফলত উত্তীর্ণৰ হাৰ যে অধিক হ’ব, সেইটো অৱধাৰিত আছিল৷ অসম চৰকাৰৰ শিক্ষা বিভাগৰ তথ্য অনুসৰি এইবেলি একাদশ শ্রেণীত ৮০ হাজাৰ আৰু স্নাতক পাঠ্যক্রমত ৪০ হাজাৰ আসনৰ নাটনি হ’ব৷ সমস্যাটো ভবাতকৈ বহু বেছি জটিল৷ অসমৰ দৰে সমস্যাজর্জৰ ৰাজ্য এখনত এটা বা দুটা মাহত ইমানসংখ্যক শিক্ষার্থীৰ বাবে আসনৰ ব্যৱস্থা কৰাটো সহজসাধ্য নহয়৷ যিহেতুকে ৰাজ্য চৰকাৰে এটা বিশেষ ব্যৱস্থাৰ জৰিয়তে মেট্রিক–হাইমাদ্রাছা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে, উত্তীর্ণ শিক্ষার্থীসকলৰ ভৱিষ্যৎ শিক্ষাৰ দায়িত্বও চৰকাৰে ল’বই লাগিব৷ এটা শিক্ষাবর্ষ নষ্ট নোহোৱাটো নিশ্চিত কৰা চৰকাৰে আসনৰ অভাৱত উত্তীর্ণ শিক্ষার্থীৰ এটা শিক্ষাবর্ষ অথলে যাবলৈ দিব নোৱাৰে৷ এইক্ষেত্রত চৰকাৰে কিছু ব্যৱস্থা গ্রহণৰ চিন্তা–চর্চা কৰা বুলি সংবাদ মাধ্যমত প্রকাশ পাইছে৷ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে বিধানসভাত জনোৱা মতে, এইবেলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰি সমস্যাটো সমাধান কৰাৰ ইংগিত দিছে৷ অৱশ্যে ইয়াতো এটা চর্ত অথবা নীতিগত বাধাৰ কথা উল্লেখ কৰা হৈছে৷ শিক্ষাৰ অধিকাৰ আইন অনুসৰি সাত কিলোমিটাৰ ব্যাসার্ধৰ ভিতৰত এখনহে উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপন কৰা হ’ব৷ ইফালে, মহাবিদ্যালয়ৰ পৰা পর্যায়ক্রমে উচ্চতৰ মাধ্যমিক শাখা আঁতৰোৱা হ’ব বুলি শিক্ষামন্ত্রীগৰাকীয়ে সদনত ঘোষণা কৰিছে৷ এই অৱস্থাত এইবাৰ মেট্রিকত উত্তীর্ণ হোৱা ৩,৯৭,১২১গৰাকী শিক্ষার্থীক পৰৱর্তী পর্যায়ৰ শিক্ষাৰ বাবে কিদৰে আসনৰ ব্যৱস্থা কৰা হ’ব, সেইটো এটা বৃহৎ প্রশ্ণ হৈ পৰিছে৷
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৰাজ্যখনত বন্ধ হৈ থকা শিক্ষানুষ্ঠান পর্যায়ক্রমে মুকলি কৰাৰ কথা সদৰী কৰিছে৷ তেওঁৰ মতে ৰাজ্যখনত ক’ৰোনাত সংক্রমণৰ দৈনিক সংখ্যা ৫০০লৈ নামিলে নতুবা কমেও ডেৰ কোটি লোকক ভেকচিন দিয়া হ’লে চূড়ান্ত পর্যায়ৰ শ্রেণীসমূহত পাঠদান আৰম্ভ কৰা হ’ব৷ তেওঁ পহিলা ছেপ্ঢেম্বৰৰ পৰা ৰাজ্যখনত পর্যায়ক্রমে শিক্ষানুষ্ঠান মুকলিৰ ইংগিত দিছে৷ অর্থাৎ ক’ৰোনাই স্তব্ধ কৰি ৰখা শিক্ষাদানৰ ব্যৱস্থাটোৱে পুনৰ গতি লাভ কৰিবলৈ বেছিদিন নাই৷ কিন্তু প্রশ্ণ এটাই– একাদশ শ্রেণীত ৮০ হাজাৰ আৰু স্নাতক পাঠ্যক্রমত ৪০ হাজাৰ আসনৰ নাটনি পূৰ হ’ব কিদৰে? শিক্ষা বিভাগে দিবা আৰু নৈশ ব্যৱস্থাৰে পাঠদান কৰিব পৰা যাব বুলি মত পোষণ কৰিছে৷ লগতে শাখাৰ সংখ্যা বৃদ্ধি কৰিও অতিৰিক্ত শিক্ষার্থীক নামভর্তিৰ সুবিধা দিয়াৰ কথা কৈছে৷ এইটোক আদৰণীয় চিন্তা–চর্চা বুলিয়েই ক’ব পাৰি৷ সমস্যা হৈছে ৰাজ্যখনৰ বেছিভাগ শিক্ষানুষ্ঠানতেই আন্তঃগাঁথনিৰ অভাৱ৷ শাখাৰ সংখ্যা বৃদ্ধি পালে শ্রেণীকোঠাৰ সংখ্যাও বৃদ্ধি কৰিব লাগিব৷ লগতে প্রয়োজন হ’ব ডেস্ক–বেঞ্চ আদিৰ সংখ্যা বঢ়োৱাৰ৷ কিন্তু ৰাজ্যখনৰ সকলো বিদ্যালয়তে এই সুবিধা আছেনে? ইয়াৰ লগতে শিক্ষকৰ সংখ্যাও এটা বৃহৎ প্রত্যাহ্বান হৈ উঠিব পাৰে৷ শিক্ষার্থীক অকল নামভর্তিৰ সুবিধা দিলেই নহ’ব, তেওঁলোকৰ বাবে শিক্ষাদানৰ ব্যৱস্থাও কৰিব লাগিব৷ অধিক শিক্ষার্থীক শিক্ষাদানৰ বাবে প্রয়োজন হ’ব অধিক শিক্ষকৰ৷ ৰাজ্য চৰকাৰে এই সমস্যাটো গুৰুত্বসহকাৰে লোৱা উচিত৷ এইক্ষেত্রত বিশেষ পৰিস্থিতিৰ দোহাই দি ৰাজ্য চৰকাৰে দায়িত্বৰ পৰা নিজকে আঁতৰাই ৰাখিব নোৱাৰিব৷ শিক্ষার্থীসকল দেশৰ ভৱিষ্যৎ৷ তেওঁলোকৰ ওপৰতেই নির্ভৰ কৰিব দেশখনৰ ভৱিষ্যৎ৷ এতিয়া যদি নামভর্তিতেই চৰকাৰে দায়িত্ব সামৰে, ছাত্র–ছাত্রীৰ শিক্ষা জীৱন অনিশ্চয়তাৰ গ্রাসত পৰিব৷ গতিকে আসন আৰু পাঠদান দুয়োটাই নিশ্চিত কৰাৰ দায়িত্ব চৰকাৰৰ৷ কি নীতি গ্রহণ কৰিলে এইবাৰ মেট্রিক–হাইমাদ্রাছা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীর্ণ হোৱা লাখ লাখ ছাত্র–ছাত্রীৰ পৰৱর্তী শিক্ষা জীৱন বাধাহীন হৈ থাকে, সেইটো এতিয়াই চূড়ান্ত কৰিব লাগিব৷ নহ’লে অসমৰ লক্ষাধিক শিক্ষার্থীৰ শিক্ষা জীৱনৰ এটা বর্ষ নষ্ট কৰাৰ বদনাম এইখন চৰকাৰে অনন্তকাললৈ বহন কৰি থাকিব লাগিব৷