নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত আৰক্ষীক স্কুটীৰে চোঁচৰালে যুৱকে

নিয়মীয়া বাৰ্তা ১৪ আগষ্টঃ  নগাঁও চহৰত শুকুৰবাৰে দিনৰ ভাগত সংঘটিত হয় এটা চাঞ্চল্যকৰ ঘটনা৷ কর্তব্য সম্পাদন কৰি থকা নগাঁও আৰক্ষীৰ যান–বাহন নিয়ন্ত্রণ শাখাৰ এগৰাকী আৰক্ষী জোৱানক এজন স্কুটী চালকে স্কুটাৰেৰে চোঁচৰাই নিয়ে৷ নগাঁও মহাবিদ্যালয়ৰ চ’কত হেলমেট পৰিধান নকৰা দুচকীয়া বাহনৰ চালকৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই থকা সময়তে ঘটনাটো সংঘটিত হয়৷ জানিব পৰা মতে, হেলমেট পৰিধান নকৰাকৈ এএছ–০২ এল–১০২৩ নম্বৰৰ স্কুটী এখনত অহা দুই যুৱকক ৰ’বলৈ সংকেত দিয়ে যান–বাহন আৰক্ষীয়ে৷

কিন্তু আৰক্ষীৰ নির্দেশ অমান্য কৰি পলায়নৰ চেষ্টা চলোৱা স্কুটীখনৰ চালকক বাধা প্রদান কৰে যান–বাহন আৰক্ষীৰ সহকাৰী উপ–পৰিদর্শক নিৰঞ্জন দিহিঙীয়াই৷ স্কুটীৰ চালক মুচাহিদ ৰফিকুল আহমেদে আৰক্ষী বিষয়াজনৰ নির্দেশ আওকাণ কৰি আৰক্ষী বিষয়াজনক কিছুদূৰ চোঁচৰাই লৈ যায়৷ আৰক্ষী বিষয়াজনৰ সহকর্মীসকলে খেদি খেদি স্কুটী চালকজনক কৰায়ত্ত কৰাৰ লগতে স্কুটীখন জব্দ কৰে৷ নগাঁৱৰ ৰাজপথত যান–বাহন আইন অমান্যকাৰীয়ে সংঘটিত কৰা এই ঘটনাই নগাঁৱত চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে প্রতিক্রিয়াৰো সৃষ্টি কৰিছে৷

উল্লেখ্য যে আজি প্রায় ডেৰ মাহ ধৰি নগাঁৱৰ যান–বাহন আৰক্ষীয়ে হেলমেট পৰিধান নকৰা বাইক আৰোহীৰ বিৰুদ্ধে অভিযান চলাই আহিছে৷ ইতিমধ্যে নগাঁৱৰ প্রায় ৯৫ শতাংশ বাইক আৰোহীয়ে হেলমেট পৰিধান কৰিবলৈ বাধ্য হৈছে৷ এয়া নগাঁও যান–বাহন আৰক্ষীৰ এটা বৃহৎ সফলতা হিচাপে চিহ্ণিত হৈছে৷ হেলমেট পৰিধান নকৰা বাইক আৰোহীক ১,০০০ টকাকৈ জৰিমনা বিহিছে আৰক্ষীয়ে৷

You might also like