হাজাৰ বছৰীয়া শোষণৰ ধুমুহা নেওচি নাৰী আগুৱাই আহি আছে এখন সৃষ্টিশীল, মমতাময়ী, শক্তিশালী আশ্রয়দাত্রী ধৰিত্রীৰ প্রতীক হৈ– এই কথাকে বাৰে বাৰে প্রমাণ কৰে বহু বাধা নেওচি সফলতাৰ উচ্চ শিখৰত বিজয়ধ্বজা উৰুওৱা নাৰীসকলে৷ মীৰাবাঈ চানু, লাভলীনা বৰগোহঁায়েও তাকেই প্রমাণ কৰিলে৷ অলিম্পিকৰ সুদীর্ঘ ইতিহাসত অসমৰ ছোৱালী এজনীয়ে নিজৰ অসীম শক্তিৰ পৰিচয় দিলে অসমীয়া নাৰী হিচাপে, অসমৰ নাম প্রথমবাৰৰ বাবে অলিম্পিকত উচ্চাৰিত হ’ল৷
‘নিয়মীয়া বার্তা’ত আমাৰ পূর্বে প্রকাশিত লেখা ‘কলমতকৈ তৰোৱাল শক্তিশালী’ পঢ়ি অসমৰ বিভিন্ন প্রান্তৰ পঢ়ুৱৈয়ে নিজৰ মতামত জনাবলৈ ফোন কৰিছিল৷ তাৰ ভিতৰত অধিকাংশ আছিল জীৱনৰ নানা সংঘাত তথা অভিজ্ঞতাৰে পুষ্ট শিক্ষিতা মহিলা৷ মূলতঃ নাৰী নির্যাতনক লৈ লিখা সেই লেখাটো পঢ়ি এনে কেইগৰাকী মান মহিলাই ফোন কৰিছিল, যিসকলে নিজৰ জীৱনৰ কাহিনী লিখিব বিচাৰিছে, অথচ লিখিব পৰা নাই নানা কাৰণত৷ গতিকে তেখেতসকলে নিজৰ জীৱনৰ অভিজ্ঞতা, অনুভৱ মোৰ মাজেৰে প্রকাশ কৰিব বিচাৰিছে৷ মোৰ বাবে এয়া পৰম সৌভাগ্য যে মোৰ শব্দৰ মাজেৰেই মোক কোনোবাই বিশ্বাস কৰিছে, সুহূদ বুলি ভাবিছে৷ আচলতে আজন্ম দেখি অহা মানুহৰ জীৱনৰ বাদে আৰু কাৰ কথানো লিখিব পাৰি? তাতকৈও তাৎপর্যপূর্ণ কথা যে বুজন হোৱাৰে পৰা নিজে এগৰাকী নাৰী হিচাপে চৌপাশে দেখা, লগ পোৱা প্রতিগৰাকী নাৰীৰ জীৱনৰ লগত একাত্মবোধ কৰা কথাটো৷ এয়া হূদয়ৰ স্বতঃস্ফূর্ত তাগিদা নহয়নো কি? এক সৰল উদাহৰণ দিলে কথাটো আৰু সৰল হৈ পৰিব– এগৰাকী অসমীয়া নাৰীয়ে বুৰঞ্জীৰ পাতত অতীত হৈ যোৱা সতী জয়মতীৰ যন্ত্রণা সুঁৱৰি কিয় আজিও ছটফটাই উঠে? কিয় বিষ্ণু ৰাভাৰ ‘জয়া নাই জয়া নাই’ শুনি তেজৰ চকুলো টোকে? কাৰণ, জয়মতী আমাৰ অংশ৷
বোধহয় যেতিয়ালৈকে হাতত কলমটো ধৰি থাকিম সচল হৈ, তেতিয়ালৈকে মই মোৰ মাজেৰে শতসহস্র নাৰীৰ জীৱনৰ সুখ–দুখ–সংগ্রাম ধাৰণ কৰি তাক প্রকাশ কৰি যাম যিমান পাৰোঁ সিমান শক্তি আৰু নিষ্ঠাৰে৷ আমাৰ ইতিহাস আমি নিজেই লিখিব লাগিব, পঢ়িব লাগিব৷ কাৰণ, যুগ সলনি হৈছে, প্রেক্ষাপট সলনি হৈছে অথচ সলনি হোৱা নাই নাৰীক পদদলিত কৰি থ’ব বিচৰা মানসিকতা, লোকাচাৰ৷ এখন ঘৰত তিনিটা পুত্র সন্তান থাকিলে কোনেও প্রশ্ণ নোতোলে, কিন্তু তিনিজনী কন্যা সন্তান থাকিলে ৰাইজৰ চিন্তাৰ তত নাইকিয়া হয়, লাগিলে ছোৱালীকেইজনী সকলো কামতে পার্গত হওক৷ সৌ সিদিনা মাত্র প্রথম অসমীয়া অলিম্পিক বঁটা বিজয়ী লাভলীনা বৰগোহঁায়ে ছ’চিয়েল মিডিয়াত সাক্ষাৎকাৰ গ্রহণ কৰোঁতে তাকেই স্পষ্টকৈ ক’লে৷ উত্তৰ–পূব ভাৰতৰেই মেৰীকম, হিমা দাস, মীৰাবাঈ চানু, লাভলীনা বৰগোহঁাই আদিয়ে বিশ্বৰ ক্রীডাক্ষেত্রত নাম জিলিকোৱাৰ পিছতো আমাৰ সমাজত সন্দেহৰ অন্ত নাই নাৰীৰ সামর্থ্যৰ ওপৰত – ‘পাৰিবনে’? অতি পৰিতাপৰ কথা যে আমাৰ সমাজত চুটিকৈ চুলি কটা, চাইকেল চলোৱা ছোৱালী এজনীক ‘ল’ৰা’ বুলি ইতিকিং কৰা হয়, যিটো ইতিকিং মহীয়সী চন্দ্রপ্রভা শইকীয়ানীক তাহানি চাইকেল চলাওঁতে কৰিছিল, একেটা নীতি এতিয়াও বর্তি আছে অথচ আমাৰ ভাৰতীয় মহিলাই এতিয়া যুদ্ধবিমান চলায় আৰু বহুতে পাৰিব যুদ্ধবিমান চলাব, মহাকাশ ভ্রমণ কৰিব, কিন্তু বহু নাৰীয়ে নিজৰ স্বপ্ণক গতি দিবলৈ প্রথম পৰিয়াল, তাৰ পিছত সমাজব্যৱস্থাৰ লগত যুঁজি থাকোঁতেই সময়, শক্তি হেৰুৱাই পেলায়৷ পৰিয়ালটো পদে পদে বাধা হোৱা হ’লে হিমা দাসে প্রাণখুলি দৌৰিব নোৱাৰিলেহেঁতেন, লাভলীনা বৰগোহঁাই অলিম্পিক নাপালেগৈহেঁতেন৷
যেতিয়া মই নিজৰ কথাবোৰ ক’বলৈ আৰম্ভ কৰোঁ, তেতিয়া মই মাথোঁ মোৰ কথাই ক’ব পাৰোঁনে? মই যেতিয়া কথাবোৰ লুকুৱাব নোৱাৰোঁ, অব্যক্ত কথাৰ ভাৰ সহিব নোৱাৰি বুকুখন বিষায়, কথাবোৰ ক’বলৈ আহৰি নাপায়, কোনো শ্রোতা নাপায়, যেতিয়া ডায়েৰীত বা নোটবুকত লিখি থওঁ, তেতিয়াও মই কেৱল নিজৰ কথাখিনিহে ক’ব পাৰোঁনে? মোৰ কথাবোৰ ক’বলৈ আৰম্ভ কৰিলেই মোক ফালি–ছিৰি শতসহস্রজনী ওলাই যায় নিজৰ কথা ক’বলৈ, যি কেইগৰাকীক মই জীৱনৰ বিভিন্ন ক্ষণত বিভিন্ন ৰূপত লগ পাইছিলোঁ৷বৰঞ্চ এনেকৈ ক’লেহে ভাল হ’ব যে তেওঁলোক প্রত্যেকৰে জীৱনৰ একোটা অধ্যায় মই নিজে যাপন কৰিছোঁ৷
মই বা মোৰ বুলি কিবা এটা ক’বলৈ যাওঁতে মই, মোৰ বুলি সুখৰ কথা কওঁতে, দুখৰ কথা কওঁতে, সংগ্রামৰ কথা কওঁতে, বিপদৰ কথা কওঁতে, অন্যায়ৰ কথা লিখোঁতে, ক্ষোভত ফাটি পৰোঁতে, মই আচলতে কেইবাজনী মোৰ নিচিনা মানুহক ধাৰণ কৰি লওঁ৷ কেৱল মোৰ দুখেৰে মই নহয়, কেৱল মোৰ সংগ্রামেৰে মই নহয়৷ হাজাৰ বছৰৰ পৰা শুনি অহা হাজাৰ নাৰীৰ ইতিহাস আমি আমাৰ মাজেৰে কঢ়িয়াই লৈ ফুৰোঁ, সেয়ে নাৰীৰ সংগ্রাম সলনি হৈছে, নাৰীৰ জীৱনৰ পৰিৱর্তন হৈছে, নাৰী অকলেই আগবাঢ়িছে, পৃথিৱীৰ সকলো নাৰী দুখে–সুখে, প্রতিবাদে একত্রিত হৈছে আৰু আৰম্ভ হৈছে নিতৌ ন ন ক্ষেত্রত জয়যাত্রা৷ নাৰীয়ে কৰিব নোৱাৰিব বুলি সমাজে আৰোপ কৰা বাধা নেওচি নাৰীয়ে সেই বহু কাম নাৰীয়ে কৰি পেলাইছে আৰু সেয়ে সেই নাৰী বাতৰিৰ শিৰোনাম হৈছে৷ মই যেতিয়া নিজৰ ক্ষুদ্র সত্তাৰ কথা ভাবি বিচলিত হওঁ, অন্যায়ৰ বলি হওঁ, শোষিত হওঁ তেতিয়া মোৰ মাজত আহি মিলি যায় জয়মতী, পদ্মাৱতী, লক্ষ্মীবাঈ, কনকলতা বা চন্দ্রপ্রভা শইকীয়ানী, ইন্দিৰা মিৰি, নিৰুপমা বৰগোহাঞি, মামনি ৰয়ছম গোস্বামী ইত্যাদি৷ সেই সকলো মিলি মিলি মোৰ জীৱন, এগৰাকী নাৰীৰ জীৱন৷ নাৰীয়ে কত প্রজন্মৰ সৃষ্টিৰ ৰহস্য ধাৰণ কৰে আৰু ভূমিষ্ঠ হয় প্রকৃতিৰ বুকুত নতুন নতুন প্রজন্ম৷ আকৌ সেই সৃষ্টিৰ পালনৰ দায়িত্বও কেৱল নাৰীৰ হাততেই বুলি ক’ব পাৰি, তথাপি জানো কোনোবা কৃতজ্ঞ হয়?? নাৰী নির্যাতনৰ পৰা মুক্ত নেকি এতিয়াও? কাৰোবাক যদি ‘নাক’টো লৈ তুলাচনীত তুলিছেছা, কাৰোবাক ৰংটো লৈ, কিবা নহয় কিবা এটা অজুহাত লৈ নাৰীক লুটিয়াই–পুতিয়াই চাই থকাটোৱেই সমাজৰ নিয়ম৷ নীৰৱে সকলো কাম কৰিও শান্তিৰে পানীটুপি পর্যন্ত নাপায়, চিপ লোৱা নাৰীবোৰো মোৰ মাজত আহি সোমাই পৰে, মই নিজক সাত্ব্ন্না দিব নোৱাৰোঁ তেতিয়া, ক্ষমাৰ স্থান নাই কাৰো বাবে৷ কোলাৰ কন্যা শিশুও যেতিয়া কামনাৰ বলি হয়, তেতিয়া কি মূক বেদনাত আমি সকলো নাৰী ছটফটাই মৰো– কোনোবাই দেখেনে? পথাৰৰ মাজত নেফানেফ হোৱা নাৰীৰ নগ্ণ শৰীৰ যেতিয়া বাতৰি হয়, মই, ‘মই’ হৈ থাকোনে– নিজৰ তেজতে ওপঙি ওপঙি থকাৰ যন্ত্রণা কেৱল নাৰীয়ে বুজে৷
নাৰীয়ে এতিয়া বেপাৰ–বাণিজ্য কৰে, ৰাজমিস্ত্রী হৈ ঘৰ সাজে, নাঙলত ধৰি খেতি কৰে, যুদ্ধবিমান চলায়, মহাকাশত ভ্রমণ কৰে, যুদ্ধ কৰে অথচ এতিয়াও নাৰীয়ে নিজৰ কর্মক্ষেত্রত শাৰীৰিক সুৰক্ষাৰ বাবে যুঁজ দিবলগা হয়– ইয়াতকৈ পৰিতাপৰ কথা কি হ’ব পাৰে?
মই মোৰ কাৰণে যেতিয়া কান্দো, সেই সকলো নাৰীৰ বাবে ৰাউচি জুৰি কান্দো, যি কন্দাৰ সুযোগো নাপালে আৰু অত্যাচাৰৰ বলি হৈ পৃথিৱী এৰিলে নীৰৱে৷ মোৰ নিঃকিন জীৱনক লৈ কোনো আক্ষেপ নাথাকে, যেতিয়া মই দেখোঁ– এজনী সাধাৰণ বুলি জনাজাত ছোৱালীয়ে দৌৰত স্বর্ণপদক পাইছে, বিজ্ঞানত ন’বেল বঁটা পাইছে নাৰীয়ে, যুদ্ধবিমান উৰুৱাইছে৷ মই যেতিয়া মোৰ বুলি কথাৰ পাতনি মেলোঁ, মই জানো সেই কথাবোৰ মোৰ নিচিনাই কত নাৰীৰ মনৰ কথা, জীৱনৰ কথা, কিছুমানে লাজত নক’লে, কিছুমানে ভয়ত নকয়, কিছুমানে কোৱাৰ প্রয়োজন নাই বুলি ভাবে, কিছুমানে ক’ব নাজানে, কিছুমানে মিছা মাতিয়েই জীয়াই থকাৰ অভ্যাস কৰি লয়৷
মই সেই প্রত্যেক নাৰীৰ কণ্ঠ হ’ম, যি নাৰীয়ে নিজৰ কথা ক’বলৈ আহৰি নাপালে, যি নাৰীয়ে দুর্বিষহ জীৱন কটায়ো নিজৰ সন্তানক সমাজৰ বাবে গঢ়ি তুলিলে, যি নাৰীৰ অতুলনীয় অৱদানৰ বাবে কোনোবাই বাট বিচাৰি পালে জীৱনৰ অথচ তেওঁ লোক আন্ধাৰতে থাকিল৷ সেইসকল নাৰীৰ কথা মই ক’ব নোৱাৰিলে বৃথা, যাৰ মুখ ছল–চাতুৰীৰে পুৰুষতান্ত্রিক সমাজে ৰুদ্ধ কৰিলে নিজৰ স্বার্থত৷ আজন্ম চিনাকি আৰু অচিনাকি হ’লেও এনে বহু নাৰীৰ কথা মই ক’ব লাগিব, যি নিজৰ কথা ক’বলৈ আহৰি নাপালে আৰু কোৱাৰ প্রয়োজন আছে৷ অলিখিত, অনাদৃত অথচ অমূল্য জীৱনৰ সাধনাৰে মহীয়ান নাৰীসকলৰ কথা ক’বলৈ মই চেষ্টা কৰিম৷ তেনে বহুতৰ জীৱন মই নিজে দেখি–শুনি পঢ়িছোঁ, বহুতে নিজৰ জীৱনগাথা মোক নিজে শুনাই আহিছে৷ সেয়ে মই মোৰ মাজেৰে বৈ বৈ এখন নদীৰ দৰে কতখন নদীৰ সোঁতত মিলি গৈ আছোঁ, কত নাৰীৰ জীৱনৰ সংঘর্ষৰ লগত চামিল হৈছোঁ, হিচাপ নাই, সেইসকলক এৰি আগুৱাই যোৱা অসম্ভৱ৷ মই মোৰ কথা তেওঁলোকৰ মাজেৰে, তেওঁলোক মোৰ মাজেৰে, এই প্রতিবাদ আৰু মুক্তিৰ প্রয়াস আমৰণ চলিব, আজীৱন চলিব৷ নাৰীৰ অতীত বা ইতিহাস, বর্তমান আৰু বর্তমানৰ পৰা ভৱিষ্যতৰ ফালে বাটটো এটা অন্তহীন বাট, অন্তহীন সংগ্রামৰ বাট, এই বাটত আমি অকলশৰীয়া হ’ব নোৱাৰোঁ৷
লাভলীনা বৰগোহঁাইৰ জয় আমাৰ অসমীয়া নাৰীৰ জয়৷ ঘৰৰ ভিতৰতে হাজাৰটা অলিখিত নিয়মেৰে চেপি–কুঁচিবান্ধি ৰখা ভাৰতীয় ছোৱালীবোৰৰ শক্তি প্রদর্শন বিশ্ববাসীৰ আগত জিলিকি উঠিল৷ মীৰাবাঈ, লাভলীনাৰ এই জয়যাত্রাৰ পথত আমি আৰু ন ন প্রতিভাক দুৱাৰ খুলি উলিয়াই দিওঁ আহক, যেয়ে যেনেকৈ পাৰোঁ তেনেকৈ৷ লাভলীনা বৰগোহঁাইৰ দৰে অসমীয়া ছোৱালীয়েই আমাৰ অসমীয়া নাৰীৰ বীৰত্ব, সামর্থ্য, সাহসৰ (মূলাগাভৰুৰ পৰা কনকলতালৈ) গৌৰৱ গাথাৰ ইতিহাসৰ পুনৰাবৃত্তি কৰি যাব যে নিশ্চিত৷ সেয়ে লাভলীনাৰ অলিম্পিক বঁটা বিজয়ৰ ক্ষণ অসমীয়া নাৰীৰ বাবে এক ঐতিহাসিক ক্ষণ, এই ক্ষণ বিৰূপ সমালোচনা আৰু দোষ খুঁচৰি নহয়, আনন্দ আৰু আশাবাদেৰে উদ্যাপন কৰা উচিত বুলি ভাবোঁ৷
পুৰুষতান্ত্রিক পৃথিৱীত নাৰী শক্তিৰ অপূর্ব জয়গান গোৱা ন’বেল বঁটা বিজয়ী কবি, লেখিকা মায়া এঞ্জেলৰ অন্যতম অমৰ কবিতাStill I Riseত কবিৰ ভাষাত ‘নাৰী’য়ে নিজৰ কথা সগর্বে কৈছে এনেদৰে– আহক, তাৰ মর্ম অনুধাৱন কৰোঁ নিজেই নিজৰ মাজত–
You may write me down in history
With your bitter, twisted lies,
You may trod me in the very dirt
But still, like dust, I’ll rise.