নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাইক্র’ফাইনেঞ্চৰ ঋণ

মাইক্র’ফাইনেঞ্চৰ ঋণ ৰেহাই সাম্প্রতিক সময়ত ৰাজ্যখনৰ অন্যতম চর্চিত বিষয়৷ ইতিমধ্যে নির্বাচনী প্রতিশ্রুতি অনুসৰি বিজেপি নেতৃত্বাধীন মিত্রদলৰ চৰকাৰখনে অসমৰ মাইক্র’ফাইনেঞ্চৰ ঋণত সর্বস্বান্ত হোৱা মহিলাসকলৰ ঋণ ৰেহাই আঁচনি ঘোষণা কৰিছে৷ সেই অনুসৰি বিগত বছৰ বছৰ ধৰি মাইক্র’ফাইনেঞ্চৰ ঋণৰ মেৰপেঁচত সোমাই থকা অসমীয়া মহিলাসকলে সকাহ লাভ কৰিছে৷ এয়া ৰাজ্য চৰকাৰখনৰ বদান্যতাৰ উদাহৰণহে৷ ইয়াৰ বাবে চৰকাৰৰ ওচৰত মাইক্র’ফাইনেঞ্চৰ ঋণত সর্বস্বান্ত হোৱা মহিলাসকল কৃতজ্ঞ হোৱা প্রয়োজন, কিন্তু তাৰ বাবে আনন্দোল্লাস প্রকাশ কৰাৰ প্রয়োজন আছে বুলি ভবাৰ কোনো যুক্তি নাই৷ কিয়নো এই ঋণ ৰেহাই দিয়াৰ বাবে ৰাজ্য চৰকাৰে ৰাজকোষৰ পৰা ব্যয় কৰিবলগীয়া হৈছে প্রায় ৭,৫০০ কোটি টকা৷ এই বৃহৎ পৰিমাণৰ ধনৰাশি আন কোনো উন্নয়নৰ কামত বিনিয়োগ কৰা হ’লে ৰাজ্যখনৰ বিকাশৰ যাত্রাই এক মাত্রা লাভ কৰিলেহেঁতেন৷ প্রকৃততে চৰকাৰৰ ঋণ ৰেহাইৰ পিছত ৰাজ্যখনত মাইক্র’ফাইনেঞ্চৰ ঋণৰ সমগ্র প্রক্রিয়াটো যে শুদ্ধ ৰূপত সম্পন্ন হোৱা নাছিল সেয়া প্রতীয়মান হৈ পৰিছে৷ মাইক্র’ফাইনেঞ্চৰ ঋণৰ ব্যৱস্থাটো প্রকৃততে এক সামাজিক বিপ্লৱ হিচাপেহে আৰম্ভ হৈছিল৷ বাংলাদেশত ন’বেল বঁটা বিজয়ী অর্থনীতিবিদ প্রফেছাৰ মহম্মদ ইউনুছে আৰম্ভ কৰিছিল মাইক্র’ফাইনেঞ্চৰ ধাৰণাটো৷ বাংলাদেশত দুর্ভিক্ষ আৰু দৰিদ্রতাই যেতিয়া দেশৰ অর্থনীতি কোঙা কৰি পেলাইছিল, দেশখনৰ পৰা লাখ লাখ মানুহ কামৰ সন্ধানত বহিঃৰাষ্ট্রলৈ প্রব্রজন কৰিছিল, সেই সময়ত প্রফেছাৰ ইউনুছে উদ্ভাৱন কৰিছিল এই অভিনৱ ক্ষুদ্র ঋণ ব্যৱস্থাৰ৷ প্রফেছাৰ ইউনুছৰ সূত্র অনুসৰি সাধাৰণতে পৰিয়ালৰ মহিলাসকলৰ সামাজিক দায়বদ্ধতা পুৰুষসকলতকৈ বেছি আৰু তেওঁলোকে যিকোনো বিষয়তে সামাজিকভাৱে লজ্জিত হ’লে আত্মসন্মানত আঘাত পায়৷
প্রফেছাৰ ইউনুছে বাংলাদেশত মহিলাসকলৰ সৰু সৰু একো একোটা গোট তৈয়াৰ কৰি তেওঁলোকক অতি কম পৰিমাণৰ ঋণ দিয়াৰ এক ব্যৱস্থা আৰম্ভ কৰে৷ এই ঋণৰ ধন মহিলাসকলে ঘৰতে থাকি উৎপাদনমুখী কামত বিনিয়োগ কৰাটো আছিল ঋণ প্রদানৰ প্রাথমিক চর্ত৷ বিশেষ হাঁহ–কুকুৰা পালন, পশুপালন, কৃষি আনুষংগিক ব্যৱসায়িক ভিত্তিত কর্ম, তাঁতশালৰ দ্বাৰা কাপোৰ উৎপাদন আদি ক্ষুদ্র অথচ উৎপাদনমুখী কর্মত বিনিয়োগ কৰা হৈছিল এই ঋণৰ ধন৷ ঋণ আদায়ৰ ক্ষেত্রত ঋণ লওঁতাসকলৰ মূৰত অধিক বোজা নপৰিবৰ বাবে এসপ্তাহ বা দুসপ্তাহৰ মূৰত কিস্তি কিস্তিকৈ আদায় লোৱা লৈছিল ঋণৰ ধন৷ প্রতিটো গোটৰ মহিলাসকলৰ মাজত উৎপাদনমুখী আৰু অর্থনৈতিক তথা সঞ্চয়ৰ সজাগতা সৃষ্টিৰো অভিযান চলোৱা হৈছিল৷ এনেদৰে সৰু সৰু গোটৰ উৎপাদনমুখী পাৰদর্শিতাৰ ওপৰতে পৰৱর্তী ঋণৰ পৰিমাণ নির্ভৰ কৰিছিল৷ যিসকল মহিলাই ঋণৰ ধন উচিতভাৱে ব্যৱহাৰ কৰি উপার্জন কৰিবলৈ সক্ষম হৈছিল, তেওঁলোকক প্রথমবাৰৰ ঋণ আদায়ৰ পিছত দ্বিতীয়বাৰৰ বাবে দুগুণ পৰিমাণৰ ঋণ প্রদান কৰা হৈছিল৷ তাৰ পাছত মাত্র এটা দশক৷ প্রফেছাৰ ইউনুছৰ মাইক্র’ফাইনেঞ্চ অর্থাৎ, ক্ষুদ্র ঋণৰ এই ব্যৱস্থাই বাংলাদেশৰ গ্রাম্য অর্থনীতিৰ প্রতিচ্ছবিয়ে সলাই দিলে আৰু এই ব্যৱস্থাটোকে অনুন্নত ৰাষ্ট্রসমূহৰ বাবে প্রফেছাৰ ইউনুছ মডেল হিচাপে স্বীকৃত হৈ পৰিল৷ কিন্তু দুর্ভাগ্যজনকভাৱে বাংলাদেশৰ গ্রাম্য অর্থনীতিৰ প্রতিচ্ছবি সলনি কৰি দিয়া এই মাইক্র’ফাইনেঞ্চৰ ব্যৱস্থাটো ভাৰতবর্ষ তথা অসমত এক লাভজনক সুতখোৰ ব্যৱস্থালৈহে ৰূপান্তৰিত হৈ পৰিল৷ প্রফেছাৰ ইউনুছৰ আদর্শ অনুসৰি অসমৰ গ্রামাঞ্চলতো মহিলাসকলক মাইক্র’ফাইনেঞ্চৰ ঋণ দিলে একাংশ বিত্তীয় প্রতিষ্ঠানে৷ কিন্তু এই ঋণৰ ধন উৎপাদনমুখী কর্মত ব্যৱহাৰ হোৱাতকৈ অধিক ব্যৱহাৰ হ’ল আমোদ–প্রমোদমুখী কর্মকাণ্ডতহে৷ ফলস্বৰূপে এই সফল ঋণ ব্যৱস্থা আমাৰ বাবে হৈ পৰিল বোজাস্বৰূপ৷ এই ঋণ ব্যৱস্থাৰ জৰিয়তে কোটি কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হ’ল একাংশ বিত্তীয় প্রতিষ্ঠানে৷ প্রফেছাৰ ইউনুছৰ মাইক্র’ফাইনেঞ্চৰ মূল আদর্শটো অসমৰ গ্রামাঞ্চলৰ ক’ৰবাতেই হেৰাই থাকিল৷ সেই বাবেই এতিয়া ৰাজ্য চৰকাৰে অসমৰ মহিলাক ঋণৰ বোজাৰ পৰা মুক্ত কৰিবলৈ ৭,৫০০ কোটি টকা ৰাজকোষৰ ধন ব্যয় কৰিবলগীয়া অৱস্থা এটাৰ সৃষ্টি হ’ল৷ সেই বাবেই এতিয়া ৰাজ্য চৰকাৰে মাইক্র’ফাইনেঞ্চৰ ঋণ ৰেহাই দিয়াই নহয়, এনেধৰণৰ ঋণ ব্যৱস্থাৰ ক্ষেত্রত কঠোৰ বিধি–ব্যৱস্থা প্রণয়ন কৰাৰ প্রয়োজনীয়তা আহি পৰিছে৷ ক্ষুদ্র ঋণৰ নামত যাতে একাংশ বিত্তীয় প্রতিষ্ঠানে কোটি কোটি টকাৰ ব্যৱসায় কৰি অসমৰ গ্রামাঞ্চলৰ মহিলাক সর্বস্বান্ত কৰিব নোৱাৰে, সেয়া প্রথমতে নিশ্চিত হোৱা প্রয়োজন৷ ইয়াৰ অন্যথা এই ঋণ ৰেহাইৰ আৰম্ভণিয়ে ৰাজ্যৰ অর্থনীতিত এক অশুভ পৰম্পৰাৰ সৃষ্টি কৰিব৷ সেই বাবে সময় থাকোঁতে মাইক্র’ফাইনেঞ্চ প্রতিষ্ঠানসমূহক নাকী লগোৱাৰ প্রয়োজনীয়তা আহি পৰিছে৷

You might also like