জী থকাৰ হাবিয়াহ নোহোৱা হৈছে
থিৰাং কৰিব পৰা নাই,– ‘বাংলায়ন’ বোলোঁ, নে, ‘বাংলাকৰণ’ বোলোঁ৷ ‘বাংলায়ন’কে বোলোঁ৷ ‘শব্দ’টো অভিধানত নাই ভাবার্থৰে লিখিছোঁ৷ বিচাৰ–বিবেচনাসম্প আটাই লোকে জানে যে, প্রয়োজনবিশেষে, এটা ভাষাৰপৰা আন এটা ভাষালৈ শব্দ ‘ধাৰ’ কৰি অনাটো এটা বিশ্বজনীন ৰীতি৷ কিন্তু নিজৰ ভাষাত যথোচিত অর্থবহ আৰু মান্য শব্দ তথা প্রকাশ শৈলী থকা সত্ত্বেও, সিবোৰক অৱজ্ঞা কৰি, কোলাৰটো এৰি বোকাৰটো বুটলি লোৱাৰ দৰে,– (হকে–) বিহকে আন ভাষাৰ শব্দ বা শৈলী আনি সুৱাগুৰি তুলি নিজ ভাষাত সুমাই লোৱাটো যি কোনো জাতিৰ বেলিকা, এটা উদ্ভট জাতিগত আচৰণ– জাতিদ্রোহ৷ তেনে আচৰণেৰে নিজৰ মাতৃ ভাষাটো বাংকেৰেপা কৰা কু–পন্থাটো ক্রমবর্ধমানসংখ্য অসমীয়া মানুহে বাৰুকৈয়ে আয়ত্ত কৰিছে৷ অসমীয়া জাতি আৰু অসমীয়া ভাষা, দুয়োটাৰে ঠেৰু ইতিমধ্যে ছিগিল৷
প্রয়োজন হ’লে আন ভাষাৰ শব্দ ধাৰ কৰিবই লাগিব৷ স্থান–কাল ভেদে, ‘মহাজনী’ ভাষাৰ শব্দই ধৰুৱা ভাষাটোত কিছু সুকীয়া, নতুন ৰূপ আৰু ঢ়ালো ল’ব৷ সেই কথা সুকীয়া৷ অসমীয়া ভাষাতে তেনে অলেখ ‘বহিৰাগত’ (এইলিয়ন্) শব্দ আছে৷ প্রশ্ণ হৈছে, নিজৰ প্রতিষ্ঠিত, মান্য শব্দ বা শৈলীক বাহী, এলাগি কৰি, আন ভাষাৰ শব্দ তথা শৈলীক বৰ পীৰাত বহুওৱাক লৈহে৷ বেছ কিছু বছৰৰ আগলৈকে অসমীয়াত ইংৰাজীৰ, এহাতেElectric আৰুElectrical (বৈদ্যুতিক), আৰু, আনহাতে,Electronic (বৈদ্যুতিন) এই কেউটা শব্দকে ‘বৈদ্যুতিক’ বুলি কোৱা আৰু লিখা হৈ আছিল৷ বিনম্রভাৱে কওঁ যেElectronic–ৰ প্রতিশব্দ ৰূপে, বাংলাত পোৱা ‘বৈদ্যুতিন’ বোলা শব্দটো এই লিখকে নিজৰ বিভিন্ন লেখাত আৰু অন্যান্য মঞ্চত সঘনাই ব্যৱহাৰ কৰাৰ পাছৰেপৰা অসমীয়াতো সণ্ঢালনিকৈ ব্যৱহূত হ’বলৈ ধৰিলে৷
বৃহৎসংখ্যক অসমীয়া মানুহৰ এটা স্বভাৱ আছে৷ বহু দশক জুৰি অসমত থকা অসমীয়া ভাল দৰে ক’ব পৰা আৰু অসমীয়াতে কথা পাতিব খোজা বাংলাভাষী আৰু হিন্দীভাষী মানুহ লগ পালে, সেইসকল অসমীয়াই তেনে লোকৰ লগত, ভুলে–ভালে, আগ ধৰি, বাংলা তথা হিন্দীতে কথা আৰম্ভ কৰে৷ বিহাৰী নাপিতৰ ছেলূনত চুলি কটাওঁতে বা কটাবলৈ গৈ অলপ বহি থাকোঁতে তাৰ বিস্তৰ নমুনা পোৱা যায়৷ বছৰদিয়েক আগেয়ে আমাৰ ঘৰত বিহাৰী কাঠ মিস্ত্রি এজনে কিবা কাম এটা কৰি থাকোঁতে, মই তেওঁক যিমানেই অসমীয়াত কথা কৈছিলোঁ বা কিবা সুধিছিলোঁ, তেওঁ সিমানেই হিন্দীতহে কৈ আছিল/উত্তৰ দিছিল৷ (অসমীয়া ৰাজ মিস্ত্রি, কাঠ মিস্ত্রি, পানী মিস্ত্রি আদি একো একোটা দুষ্প্রাপ্য জীৱ)৷ ক্রমাৎ অতিষ্ঠ হৈ উঠি মই তেওঁক তেওঁ গুৱাহাটীৰ কোন ঠাইত আৰু কিমান বছৰ আছিল, তাকে সোধাত গম পালোঁ যে তেওঁ বামুণীমৈদামত (‘ময়দান’ত?) থকা পাঁচ বছৰ হৈ গ’ল৷৷ গুৱাহাটীৰ মাজ মজিয়াত পাঁচ বছৰ থাকিও তেওঁ কিয় অসমীয়া ক’ব নোৱাৰে বুলি সোধাত তেওঁ ক’লে– ‘উধাৰতো কোঈ লোগ্ হম্সে আসামী মে’ বাত্ হী নহী কৰতে’– সেইটোতো হয়েই কিন্তু মই, অসমত বহু বছৰ বেপাৰ–বাণিজ্য কৰা এনে বহুতো বিহাৰী, হিন্দুস্তানী আৰু, বিশেষতঃ, ৰাজস্থানী, দোকানী–বেপাৰীও পাইছোঁ যিসকলে কেতিয়াও অসমীয়া নকয় বা ক’ব নোখোজে৷ বিগত চাৰে সাত বছৰত এওঁলোকৰ এনে আচৰণ অধিক প্রকট হৈছে৷ আনহাতে, মন কৰিবলগীয়া যে অসমত সুদীর্ঘ কাল জুৰি ভাষিক–সাংস্কৃতিক পৰিচয়কেন্দ্রিক ৰাজনীতিয়ে অসমীয়া আৰু বাঙালী মানুহৰ মাজত প্রকট কিম্বা অন্তঃসলিল ৰূপত এটা অস্বস্তিকৰ পৰিস্থিতি বর্তাই ৰাখিলেও, (তাহানিৰ কছাৰী ৰাজ্য) বৰাক উপত্যকাৰ বিশেষ একাংশ ৰাজনৈতিক, অর্ধ–ৰাজনৈতিক লোকৰ বাদে, সাধাৰণভাৱে, বেছিভাগ অসমবাসী বাঙালী লোকে অসমীয়া কোৱাত কার্পণ্য নকৰে৷ লেঠাটো লাগে, লোকপিয়লত ভাষাৰ তথ্যৰ ৰাজনীতিক লৈহে৷
এটা কথা৷ গুৱাহাটী বিশ্ববিদ্যালয় প্রতিষ্ঠিত হোৱাৰ আগেয়ে আৰু তাৰ বেছ কিছু বছৰৰ পাছলৈকেও, স্নাতকোত্তৰ মহলাত অধ্যয়নার্থে বেছিভাগ অসমীয়া ছাত্র–ছাত্রী কলিকতা (কলকাতা) বিশ্ববিদ্যালয়লৈ গৈছিল৷ তাত সহপাঠী বাঙালী ছাত্র–ছাত্রী আৰু অন্যান্য বাঙালী লোকৰ লগত তেখেতসকলৰ অনেকৰে বেছ মধুৰ সম্পর্ক গঢ়ি উঠিছিল, যি সম্পর্ক পাছলৈকে বর্তি আছিল৷ সেইটো অতি ভাল কথা৷ আমাতকৈ বেছ আগৰ সেইসকল লোকৰ আটাইৰে বেলিকা নহ’লেও, উলাই কৰিব নলগীয়া বেছ একাংশৰ ওপৰত বাংলা ভাষাৰ কিছু কিছু অহেতুক আৰু অনাৱশ্যকীয় প্রভাৱ ৰৈ গৈছিল৷ তাৰ ছাপ, তেখেতসকলৰ অসমীয়া কথা–বতৰা আৰু লেখাৰ মাজত অনুভূত হৈছিল৷ সেই প্রভাৱ ক্রমাৎ বিদ্যায়তনিক, সামাজিক, ৰাজনৈতিক ক্ষেত্রসমূহ তথা সংবাদ জগতখনলৈও প্রসাৰিত হ’ল৷ সি যি কি নহওক, এতিয়া প্রৱন্ধৰ শিৰোনামৰ কথালৈ আহোঁ৷ বহুবাৰ কৈছোঁ যে অসমীয়া ভাষাত বত্তৃণতা, ভাষণ আৰু বক্তব্য নাৰাখে বত্তৃণতা দিয়ে, ভাষণ দিয়ে আৰু বক্তব্য আগবঢ়ায়, দাঙি ধৰে বা উত্থাপন কৰে৷ বাংলাতহে বক্তব্য, ভাষণ আদি সকলো ‘ৰাখে’৷ কিন্তু আজিকালি যেনিয়ে যায়, তেনিয়ে, সভা–সমিতি, আলোচনা চক্র, সকলোতে, অসমীয়া মানুহৰ মুখত, বাংলাৰ আর্হিত, সততে শুনা যায়– ‘(অমুকক) বক্তব্য ৰাখিবলৈ অনুৰোধ জনালোঁ’, ‘(তমুকে) বক্তব্য ৰাখিব’, ‘(তহুকে) ভাষণ ৰাখিছিল’ ইত্যাদি৷ এই অহৈতুক আমদানিটো অসমীয়া ভাষালৈ দুটা বিশেষ ৰাজনৈতিক দলৰ অবিস্মৰণীয় অৱদান৷ এতিয়া ‘দুর্দান্ত’ জাতীয়তাবাদীসকলকো ধৰি প্রায় আটাই অসমীয়াৰে মুখত এই ‘ৰখা’টো আখৈ ফুটাদি ফুটে৷
ঘড়ীত বজা সময়ৰ প্রসংগত, অসমীয়াত সংখ্যাবাচক শব্দৰ পাছত নির্দিষ্টার্থক পৰসর্গ স্বৰূপে ‘টা’ প্রত্যয় নালাগে৷ সেইটো বাংলাতহে প্রযোজ্য, যেনে– ‘কয়টা বাজ্ছে’, ‘চারটা বাজ্ছে’, ‘ছয়টা বাজ্ছে’, ‘বারটা পনের’ ইত্যাদি৷ কিন্তু অসমীয়াত ‘চাৰিটা’ নাবাজে, ‘ছটা ছয়টা’ নাবাজে, ‘বাৰটা’ বাজি পোন্ধৰ মিনিট নাযায় চাৰি বাজে, ছয় বাজে, বাৰ বাজি পোন্ধৰ মিনিট যায় ইত্যাদি৷ পিচে, কাণ উনাই শুনিবচোন– চৌদিশে, বিভিন্ন ক্ষেত্রৰ কিমান অসমীয়া মানুহে, ঘড়ীয়ে বুজোৱা সময়ৰ কথা কওঁতে সংখ্যাবাচক শব্দবোৰ অসমীয়া শৈলী/বিধি অনুসাৰে কয়, নে, বাংলা শৈলী/বিধি অনুসাৰে কয় মন কৰিবচোন,– আমাসৱৰ ভাগ্য নিয়ন্তা,– মন্ত্রী, বিধায়ক, সাংসদ আদি দৌতা–ডাঙৰীয়াসৱৰ শ্রীমুখগিলাখানৰপৰ্ নির্গত সোণ–ৰূপৰ ‘বাইক’সমূহ৷ নিজৰ মাতৃ ভাষাটো তথা চৰকাৰী ভাষাটো (সেইফেৰা ইতিমধ্যে নেচেল) কওঁতে, লিখোঁতে নাওমান সতর্ক হ’ব নোৱৰা, নোখোজা জাতিটো কেনে হেন জাতি দ’ক
অসমীয়াত ‘আজি’–ৰ আগদিনাক অর্থাৎ, ঠিক পূর্বৱর্তী দিনটোক বোলা হয় ‘কালি’ আৰু ‘আজি’–ৰ পৰৱর্তী প্রথম দিনটোক বোলা হয় ‘কালিলৈ’, আৰু, সৰলীকৃত ৰূপত, ‘কাইলৈ’৷ অর্থাৎ ‘কালি’ হ’ল ‘য়ে’স্ট(ৰ্)ডেই’, আৰু ‘কালিলৈ’ বা ‘কাইলৈ’ হ’ল ‘টমৰৌ’৷ আনহাতে, বাংলাত ‘কালি’–ক বোলা হয় ‘গত কাল’, আৰু (আহিবলগীয়া দিন) ‘কালিলৈ’ বা ‘কাইলৈ’–ক বোলা হয় ‘আগামী কাল’৷ অৱশ্যে, এই ‘কালিলৈ/কাইলৈ’ (টমৰৌ)–ৰ অর্থত, বাংলাত বহু সময়ত ‘কাল্কে’– Kaalke)ও ব্যৱহাৰ কৰা হয়৷ কিন্তু অসমীয়াত বাংলাৰ ‘গত কাল’ আৰু ‘আগামী কাল’–ৰ দৰে, ‘অহা কালি’ আৰু ‘যোৱা কালি’ বুলি দুটা কালি নাই৷ তাহানিতে কোনো এখন অসমীয়া অভিধানত সেই দুটা আছিল যদিও, মই সততে মেলা আন কোনো অভিধানতে সেই দুই ৰূপৰ দুটা কালি নাই৷ ‘কালি’ অতীত ‘কালিলৈ/কাইলৈ’ ভৱিষ্যৎ৷ অথচ, আজিকালি, ক’ৰবাত ক’ৰবাত থকা দুই–চাৰিজনৰ বাদে, প্রায় আটাই অসমীয়াৰ মুখত মাথোন ‘যোৱা কালি’ আৰু ‘অহা কালি’ কিশোৰ–কিশোৰী, ছাত্র–ছাত্রীৰ কথা বাদ দিয়ক৷ মুধা ফুটা ৱিদ্বান লোক, ৰাজ্যিক তথা ৰাষ্ট্রীয় বঁটাপ্রাপ্ত সাহিত্যিক, গায়ক কথাছবি আৰু বাকচ লেলপেলৰ বিয়াগোম অভিনয় শিল্পী,– এই আটাই বর্গৰে দুই–চাৰিজনক বাদ দিলে বিভিন্ন সময়ৰ বিভিন্ন চৰকাৰৰ অমাত্য সভাৰো দুই–চাৰিগৰাকীক একাষৰীয়াকৈ থ’লে,– ঊধৰপৰা মূধলৈ বাকী প্রায় আটাই অতীত আৰু বর্তমান অমাত্যৰে মুখত তথা বিধাতাবর্গৰ মুখত মাথোন সেই ‘যোৱা কালি’ আৰু ‘অহা কালি’ বহুতেই আকৌ কয়– ‘মই কালি যাম’ (আই ৱিল্ গৌ য়ে’স্ট(ৰ্)ডেই?)৷
অসমীয়াত যে ‘আহ’ ধাতু আৰু ‘যা’ ধাতুৰপৰা হোৱা ক্রিয়া পদত যুক্ত, লক্ষ্যস্থানবাচক কর্মপদত ‘ত’ প্রত্যয় (ক’ত যায়? বৰপেটাত যাওঁ ক’ত আহিছাঁ? বজাৰত আহিছোঁ) প্রযোজ্য নহয়,– ‘লৈ’ প্রত্যয়হে প্রযোজ্য (ক’লৈ গৈছিলাঁ? ধেমাজিলৈ গৈছিলোঁ ক’লৈ আহিছ? ঘৰলৈ আহিছোঁ), সেই কথা ক’ত কিমান হাজাৰবাৰ ক’লোঁ, লিখিলোঁ, তাৰ উৱাদিহ নাই কিন্তু, অনেক লোকৰ কলম আৰু জিভাৰ আগত এই দিশত ভালেখিনি শুধৰণি ঘটিছে যদিও, বৃহৎসংখ্যক লোকে এতিয়াও ‘ক’ত যোৱাঁ’, ‘ছিব্ছাগৰ (শিৱসাগৰ)ত যাওঁ’, ‘সূকলত (সূকললৈ) নাযাৱ?’, ‘দূৰত (দূৰলৈ) যা’, ‘ওচৰত (ওচৰলৈ) আহ’ আদিৰ নন্দন কাননতে আনন্দ মনে নাচি–বাগি আছে৷ এই অহেতুক ‘ত’–টো হৈছে বাংলা শৈলী নকলৰ অশুভ প্রৱণতাৰ ফল৷ বাংলাত, থকা, যোৱা, অহা, এই তিনিওটাতে, ‘কোথায়’ শব্দটো প্রযোজ্য, যেনে– ‘তুমি কোথায় থাক’?’ ‘–কোথায় যাচ্ছ’?’, ‘–কোথায় এসেছ’?’ এই ‘কোথায়’–ৰ অসমীয়া প্রতিশব্দ হ’ল– ‘ক’ত’৷ সেয়ে,– ‘তুমি ক’ত থাকাঁ?’– (শুদ্ধ) ‘তুমি ক’ত যোৱাঁ?’– (ভুল) আৰু ‘তুমি ক’ত আহিছাঁ?’– (ভুল)৷ অসমীয়া ভাষা ক্রমাৎ শেষ হৈ আহিছে৷ কথিত, লিখিত দুয়োটা ৰূপতে প্রতিটো ক্ষণতে অলেখ লোকে ভাষাটোৰ বাক্য গাঁথনি, শব্দ বিন্যাস, বানান, উচ্চাৰণ, সন্ধি, যুক্তাক্ষৰ, প্রত্যয় সকলোতে একো লাগ্–বান্ধ্ নোহোৱা কৰিয়েই আছে৷ যোৱা ২৫ জুলাইত এটা বাকচে লিখিলে– ‘দাঁ–জাঁঠি–জোং’ আন এটাই লিখিলে– ‘লাভলীনাক আহত গছৰ (আঘাতপ্রাপ্ত গছৰ?) পাতত শুভেচ্ছা’ নহয় আঁহত গছৰ পাতত৷ আন এদিন আন এখন পর্দাত দেখিলোঁ– ডিব্রু–চৈখোৱা ৰাষ্ট্রীয় উদ্যানৰ অৱস্থা হেনো সূচনীয় (শোচনীয়)
ৰ’ব৷ কথাটো মাথোন ভাষা–সাহিত্য–সংস্কৃত্ সীমাৱদ্ধ হোৱা হ’লেও, তিলমান সুকীয়া আছিল৷ কিন্তু নহয় সমান্তৰালভাবে, ইয়াৰ ভয়াৱহ, নিগূঢ় সামাজিক–ৰাজনৈতিক তাৎপর্য্য আছে৷ খাৰখোৱা অসমীয়াৰ অন্তহীন অসচেতনতা, জাতিগত দুর্বলতা আৰু অকর্মণ্যতাৰ সুযোগ লৈ বিগত প্রায় দুশটা বছৰে বিভিন্ন ক্ষেত্রত কোনে, ক’ত, কেতিয়া, কেনেকৈ সিহঁতৰ মাতৃভূমিতে সিহঁতৰ বিৰুদ্ধে ষড়যন্ত্র কৰি সিহঁতক নিঃশেষ কৰি গৈ আছে, সেয়া এখন খোলা কিতাপ৷ যোৱা তিনি কুৰি এটা বছৰে খাৰখোৱাহঁতে আৰু সিহঁতৰ কোনো এখন চৰকাৰে সিহঁতৰ ৰাজ্যখনৰ আইনগত চৰকাৰী ভাষাটো কার্য্যতঃ বলৱৎ কৰিব নোৱাৰিলে আৰু আগলৈও নোৱাৰে৷ বিগত প্রায় দুটা বছৰত ক’ৱিড্–১৯ আৰু অন্যান্য সংক্রান্তত প্রশাসনীয় চাহেব আৰু ‘মেমনী’সকলে তথা আৰক্ষী বৰচাহেব আৰু ‘মেমনী’সকলে যিমানবোৰ চিঠি–পত্র আৰু ৰাজহুৱা জাননী প্রকাশ কৰিছে, সেইবোৰ সমস্ত, বে’–আইনী, বে’–চৰকাৰী ভাষা ইংৰাজীত৷ অসমীয়া সমগ্র অসমৰে সার্বজনীন ৰাজ্য ভাষা৷ কিন্তু বী টী আ(ৰ্) এলেকাত বড়ো ভাষা সম্পূর্ণ ৰূপেবলৱৎ কৰি ভাল কাম কৰাৰ সমান্তৰালকৈ মূল ৰাজ্য ভাষা অসমীয়াক তাৰ পৰা হুদু খেদা দিয়া হৈছে৷ আনহাতে, ১৮৩৩ চনত ব্রিটিশে কছাৰী ৰজা মহাৰাজ গোৱিন্দ চন্দ্রৰপৰা হস্তগত কৰি যি কছাৰী ৰাজ্যকCACHAR নাম দি ছিলেট আৰু মৈমনসিঙেদি বাট খুলি দি কাছাৰ, উত্তৰ কাছাৰ (ডিমা হাচাও) আৰু হাইলাকান্দিক (বৰাক উপত্যকা), কোঁচবিহাৰ, জলপাইগুৰি আৰু ত্রিপুৰাৰ দৰে ‘উদ্বাস্তু ভূমি’ কৰাৰ বাট খুলি দিছিল, সেই বৰাক উপত্যকাত, চৰকাৰী ভাষা ৰূপে বাংলা ভাষা ষোল অনা বলৱৎ৷ এই পৰিপ্রেক্ষিতত তথা বিগত এশ বছৰতকৈ অধিক কাল পূর্ব বংগ/পূব পাকিস্তান/ বাংলাদেশৰপৰা, জেওৰা ভাঙি আহি লুকাই–চুৰকৈ অসমত থিতাপি লৈ থকাসকলৰ উপৰি, এতিয়াও বাংলাদেশত থকা এচাম বাংলাদেশীক ধর্মৰ ভিত্তিত আন ৰাজ্যলৈ অনাৰ উপৰি অসমলৈও আনি থাপিবৰ বাবে যি নাগৰিকত্ব ভেজালকৰণ আইন কৰা হ’ল, সেই সকলোখিনি কথা মনত ৰাখিব লাগিব,– ৬১ বছৰেও অসমত কোনো ‘অসমীয়া’ চৰকাৰে অসমৰ আইনগত চৰকাৰী ভাষা বলৱৎ নকৰাৰ ৰহস্য৷ নিজ ভাষা লৈ বৈ আহি আছে অধিক পৰৰাষ্ট্রীয়ৰ সোঁত৷ ‘গণতন্ত্র’ সংখ্যাৰ খেল৷
এইবোৰ কথা কিয় কৈছোঁ? আজিৰ কথা নহয়, বহু বছৰৰ আগৰপৰা চলি অহা কথা৷ মাথোন শিলচৰ আৰু ধুবুৰীৰপৰা নহয়, ঊষানগৰী তেজপুৰৰপৰাও সমগ্র অসমৰ বিভিন্ন ঠাইলৈ বাংলা ভাষাত আসাম সরকারের সরকারী চিঠি প্রেৰিত হোৱাৰ বাতৰি ওলাই আহিছে বহুবাৰ৷ কিন্তু নিশ্চুপ, নির্বিকাৰ, অসম চৰকাৰ৷ যোৱা ২০ আগস্তত ঘটি গৈছে অকল্পনীয় এটা কাণ্ড নগাঁওৰ জুৰিয়াত থকা, ভাৰত মৰাপাট নিগমৰ কার্যালয়ৰ দুগৰাকী মহিলা কর্মচাৰীক, চাকৰিৰপৰা খেদি দিয়া হ’ল কার্য্যালয়ত বাংলাত কথা নকৈ অসমীয়াত কথা কোৱাৰ অপৰাধত সমুদায় অসমীয়াই মহানন্দে হজম কৰিলে সেই সুসংবাদ ‘স্বায়ত্তশাসিত’ অনুষ্ঠান অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ছাত্র–ছাত্রীক আধুনিক ভাৰতীয় ভাষা/মাতৃ ভাষা অধ্যয়নৰ বাবে প্রণোদিত কৰাৰ অর্থে বিকল্প ইংৰাজী বিষয়টো উঠাই দিবলৈ লোৱা সিদ্ধান্ত বাতিল কৰিলে চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকে দেখুওৱা, বাহ্যিক কাৰণ হাস্যকৰ, ভুৱা৷ প্রকৃত উদ্দেশ্য, বিকল্প ইংৰাজীপ্রেমী ‘মূল সুঁতি’ৰ আছামীয্ পিতৃ–মাতৃৰ, অসমীয়া পঢ়িব নোৱৰা, আছামীয্ সন্তান–সন্ততিৰ ‘ন্যায্য স্বার্থ’ ৰক্ষা৷
প্রয়াত সন্তোষ মোহন দেব (বাংলাত ‘ৱ’ নাই) আছিল কেন্দ্রীয় চৰকাৰৰ আৰু অসম চৰকাৰৰো মন্ত্রী৷ তেখেতৰ পিতৃ আছিল সতীন্দ্র মোহন দেব৷ এইজনা পিতৃদেব আছিল, ভগনীয়া পুনৰ সংস্থাপন মন্ত্রী বৈদ্যনাথ মুখার্জীৰ দৰে, অসমত বাংলাভাষী মানুহৰ সংখ্যাবৃদ্ধি আৰু আধিপত্যৰ পুৰোহিত৷ সতীন্দ্র মোহনৰপৰা আৰম্ভ কৰি শিলচৰৰ এই দখলী পৰিয়ালটো সদায় অসমৰ থলুৱা মানুহৰ ন্যায্য স্বার্থ ৰক্ষাৰ দাবী আৰু আন্দোলনৰ বিৰোধী৷ সন্তোষ মোহন দেবে গুৱাহাটীতো কেতিয়াও অসমীয়া নকৈছিল৷ তেখেতৰে দুহিতা হ’ল, কস্মিনকালেও অসমীয়া নোকোৱা সুষ্মিতা Sushmita) দেব৷ অসম কংগ্রে’ছৰ দলীয় নেতা তৰুণ গগৈ হওক বা আন কোনোবা হওক, ‘উদ্বাস্তু ৰাজ্য’ৰ কংগ্রে’ছৰ প্রতি আটাইৰে সদায় ভীতি ভৰা নীতি৷ সুষ্মিতা দেব, গৌতম ৰয় আদি অলেখগৰাকী, ‘কা’–ৰ দুর্ঘোৰ সমর্থক৷ সন্তোষ মোহন দেব আছিল বিদেশী বহিষ্কৰণ আন্দোলনৰ দুর্ঘোৰ বিৰোধী৷ কিন্তু সেই আন্দোলনৰ অশ্বডিম্ব, অসমৰ প্রথমখন কেন্দ্রীয় বিশ্ববিদ্যালয় সেই দেৱাদিদেবেই নানানটা কু–বুদ্ধিৰে লৈ গ’ল শিলচৰলৈ ঃ নাম, আসাম য়ুনিৱার্সিটি, য’ত অসমীয়া বিষয়, বোধ হয়, এতিয়াও নাই৷ তেজপুৰ বিশ্ববিদ্যালয়, তাৰে নিচুকণি৷ পিচে, হেনো,– তাতো নাই অসমীয়া৷ সি যি কি নহওক, সেইজনা দেবৰে দুহিতা সুষ্মিতা দেব, এবেসে, দুর্ঘোৰ অসম বিৰোধী মমতা বেনার্জীৰ তৃণমূল কংগ্রে’ছত চর্চা চলিছে,– হেনো, সময়ত ত্রিপুৰাৰ মুখ্য মন্ত্রিত্বৰ বাবে প্রক্ষিপ্ত হ’বলগীয়া প্রার্থী,– যি ‘উদ্বাস্তু ৰাজ্য’ ত্রিপুৰাত খিলঞ্জীয়া ডেকা–গাভৰুৱে, ছাত্র–ছাত্রীয়ে, মাতৃ ভাষা কক্বৰকত কথা পাতে ভয়ে ভয়ে৷ ত্রিপুৰাৰ গাতে লাগি আছে বৰাক উপত্যকা৷ এতিয়া ভাবক অসমৰ ভৱিষ্যতৰ কথা অসমত, বিগত ৬১টা বছৰে চৰকাৰী ভাষা আইনখন বলৱৎ নোহোৱাটো ইমান সাত্ত্বিক, ইমান নিৰামিষ কথা নহয় বুজিছে, ‘নিৰীহ’, খাৰখোৱা আসামী?
তাহানিৰেপৰা বিভিন্ন সময়ত, অসমৰ জাতীয় স্বার্থ জড়িত বিভিন্ন আন্দোলন সন্দর্ভত মমতা বেনার্জীৰ ভূমিকা সর্বজনবিদিত৷ অসমত বাংলাদেশী, ৰাষ্ট্রীয় নাগৰিকপঞ্জী আদি কথাবোৰ বৈয়ামত ভৰাই সাফৰ মাৰি থোৱা হ’ল৷ ‘বাংলাদেশ’ আৰু ‘বাংলাদেশী’, এতিয়া যেন দুটা নিষিদ্ধ শব্দ৷ এই বিষয়ে একো লিখিত চুক্তি নহ’লেও, সকলো ৰাজনৈতিক দলৰ মাজত এক ইন্দ্রিয়াতীত ভাৱ বিনিময়ৰ বুজাবুজি (টেলিপেথিকMOU– কি যে মিঠা) হৈ গৈছে অসমৰ বিভিন্ন দলৰ ৰাজনৈতিক লোকসকলৰ জিভা আৰু কলমৰ আগৰপৰা এই শব্দ দুটা অন্তর্ধান হ’বৰ কিমান দিন হ’ল, তাৰ কিবা হিচাপ আছেনে? আমাৰ জাতীয় উৎসৱবোৰ চূড়ান্ত বিকৃত হ’ল পয়োভৰ ঘটিছে ব’ল্ বৌম্, গণেশ চতুর্থী, শনি পূজা, ষট পূজা, ধন তেৰস্ আৰু যে কত কিহৰ যোৱা ৪০/৪৫ বছৰত কিমান কেইখন চৰকাৰৰ মুখত যে শুনিলোঁ বোলে– আমি কাকো আমাৰ ৰাজ্যৰ ‘এক ইঞ্চি মাটিও’ এৰি নিদিওঁ ইফালে বাতৰি ওলাইছে যে আমাৰ চুবুৰীয়া ৰাজ্যৰ গ্রাসত আমাৰ ৮৪,০০০ হে’ক্টৰ ভূমি৷ বিগত কিছুদিনত মই অনেক লোকক এটা প্রশ্ণ কৰি হাবাথুৰি খাই ফুৰিছোঁ ঃ এক ইঞ্চি ভূমি হ’বলৈ মুঠ কিমান হাজাৰ হে’ক্টৰ বা কিমান লাখ হে’ক্টৰ ভূমি লাগে?
মোৰ, জী থকাৰ হাবিয়াহ আছিল প্রৱল৷ তাৰ চালিকা শক্তি অসম প্রেম৷ এতিয়াও নেদেখা ঠাইবোৰৰ উপৰি, অনেকবাৰ দেখা, অসমৰ ঐতিহাসিক গুৰুত্বপূর্ণ ঠাইবোৰ আৰু জীৱ–জন্তু, চৰাই–চিৰিকটিৰে ভৰা সেউজীয়া অৰণ্যানি সঘনাই পিতপিতাই ফুৰাৰ প্রচণ্ড হেঁপাহ৷ কিন্তু আৰু নাই৷ মোৰ অনেক পাঠকে ফৌনযোগে আৰু বার্তা প্রেৰণযোগে মোৰ লগত ভাৱ বিনিময় কৰে৷ অনেকেই কয়– ‘ছাৰ, আপুনি বহু বছৰ জী থাকক ভগৱানে আপোনাক সু স্বাস্থ্য দিয়ক৷’ অনেকে কোৱা কিছু কথাৰ বাবে মই সেইসকলক মৰমেৰে ধম্কীও দিওঁ৷ কৃষ্ণ গোসাঁইৰ কৃপাত আৰু এইসকল লোকৰ শুভেচ্ছা আৰু আশীর্বাদত ক’ৱিড্–১৯ৰ দুটা ঢ়ৌও পাৰ কৰিলোঁ৷ কিন্তু সঁচাকৈ কৈছোঁ– জী থকাৰ প্রৱল হাবিয়াহ আৰু নাই৷ আত্মহনন নকৰোঁ কিন্তু মাতৃ ভূমিৰ ইমান দুর্দশা চাই থাকিবলৈ ভীষণ কষ্ট হৈছে৷ বাকচৰ পর্দাত বান আৰু খহনীয়াই চপৰা–চপৰে মাটি, আৰু মানুহৰ ঘৰ–দুৱাৰ খহাই নিয়া দেখিলে চকু দুটা মুদি মুখখন আনফালে ঘূৰাই দিওঁ৷