নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাইক’ৰ্টত উন্মোচিত এছচি কল্যাণ সঞ্চালকালয়ৰ ১৩২ কোটিৰ কেলেংকাৰি

নিয়মীয়া বাৰ্তা ৩ ছেপ্টেম্বৰঃ অনুসূচিত জাতিৰ কল্যাণৰ বাবে চৰকাৰে আবণ্টন দিয়া পুঁজিৰ ধন একাংশ বিষয়া–কর্মচাৰীয়ে আত্মসাৎ কৰাৰ বিস্ফোৰক তথ্য উন্মোচিত হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত৷ আমগুৰি নৱনির্মাণ সমিতিয়ে দাখিল কৰা ৫০/২০২১ নম্বৰৰ ৰাজহুৱা স্বার্থজড়িত আবেদন শুনানিৰ সময়ত পোহৰলৈ আহিছে সঞ্চালকালয়ত সংঘটিত এই বিয়াগোম কেলেংকাৰি৷ সমিতিয়ে দাখিল কৰা আবেদনৰ শুনানি গ্রহণ কৰি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সুধাংশু ঢুলীয়া আৰু ন্যায়াধীশ মানস ৰঞ্জন পাঠকৰ খণ্ড বিচাৰপীঠে সঞ্চালকালয়ত সংঘটিত কেলেংকাৰি–নিয়মৰ তদন্ত কৰিবলৈ মুখ্য সচিবক নির্দেশ দিছে৷ জ্যেষ্ঠ বিষয়াৰে গঠন কৰা এই কমিটীয়ে ১২ সপ্তাহৰ ভিতৰত এই তদন্ত সম্পূর্ণ কৰিব লাগিব৷ একে সময়তে অভিযোগ উত্থাপিত হোৱা কোনো বিষয়াকে তদন্ত কমিটীত অন্তর্ভুক্ত নকৰিবলৈ স্পষ্ট কৰি দিছে উচ্চ ন্যায়ালয়ে৷

উল্লেখ্য যে ২০১৩ চনৰ পৰা ২০১৮ চনলৈ অনুসূচিত কল্যাণ সঞ্চালকালয়ত বিভিন্ন আঁচনি ৰূপায়ণৰ ক্ষেত্রত অনিয়ম সংঘটিত হৈছে৷ মহাগাণনিকৰ প্রতিবেদন, তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত আবেদনৰ ভিত্তিত আমগুৰি নৱনির্মাণ সমিতিয়ে লাভ কৰা তথ্য অনুসৰি ২০১৩ চনৰ পৰা ২০১৮ চনলৈ সঞ্চালকালয়টোত সংঘটিত হৈছে প্রায় ১৩২ কোটি টকাৰ কেলেংকাৰি৷ বিভিন্ন কল্যাণকামী আঁচনি ৰূপায়ণৰ নামত সংঘটিত হৈছে এই অনিয়ম৷ সমিতিয়ে দাখিল কৰা আবেদনৰ সৈতে গাঁঠি দিয়া প্রতিলিপিৰ পৃষ্ঠাই পৃষ্ঠাই কিদৰে দৰিদ্র আৰু পিছপৰা শ্রেণীৰ উন্নয়নৰ বাবে আবণ্টিত ধনৰ শৰাধ কৰা হৈছিল, সেয়া উল্লেখ কৰা হৈছে৷ প্রাপ্ত তথ্য অনুসৰি অনুসূচিত জাতিৰ যুৱকসকলৰ বাবে ক্রয় কৰা হৈছিল ৯৫খন টাটা মেজিক বাহন৷ ইয়াৰে ২৬খন টাটা মেজিক বাহন বিতৰণ নকৰি একাংশ বিষয়াই ধন আত্মসাৎ কৰে৷ সেইদৰে ব্যয় নকৰাকৈয়ে পুঁজি ব্যৱহাৰৰ প্রমাণ–পত্র প্রদানেৰেও আত্মসাৎ কৰিছে বিভিন্ন পুঁজিৰ ধন৷ ২০১৩–১৪ বর্ষত মোকলাই দিয়া ৬.৭৭ কোটি টকাৰ ক্ষেত্রত ভুৱা ব্যয়ৰ প্রমাণ–পত্র প্রদানৰো অভিযোগ উন্মোচিত হৈছে৷

You might also like