নদীবান্ধৰ ভয়াৱহতা
অৰুণাচল প্রদেশত শেহতীয়াকৈ হোৱা ধাৰাবাহিক বৰষুণৰ ফলত নির্মীয়মাণ নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ মূল বান্ধৰ ওপৰেদি পানী বাগৰি যোৱা বিষয়টো ব্যাপকভাৱে চর্চিত হৈছে৷ বর্তমানলৈকে ৪০ মিটাৰ উচ্চতাৰ নির্মাণ সম্পূর্ণ হোৱা মূল বান্ধটোৰ ওপৰেদি অৰুণাচল প্রদেশৰ পৰা নামি অহা পানীৰ ধল বৈ অহাৰ পিছত নামনিৰ বাসিন্দাসকল শংকিত হৈছে৷ এই পানীৰ সোঁতত আনকি বান্ধটোৰ ৫ নম্বৰ ডাইভাৰছন টানেলটোও উটি যোৱাৰ ফলত নদীবান্ধটোক লৈ অধিক শংকাৰ সৃষ্টি হৈছে৷ ইতিমধ্যে আছু, জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ আদিৰ দৰে জাতীয় সংগঠনসমূহে সোৱণশিৰি প্রকল্পটো পৰিদর্শন কৰি ইয়াৰ ভয়াৱহতা সন্দর্ভত বিভিন্ন প্রশ্ণ উত্থাপন কৰিছে৷ নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পটোৰ নির্মাণ আৰম্ভ হোৱাৰ পূর্বৰ পৰা ইয়াক লৈ তীব্র বিতর্কৰ সৃষ্টি হৈ আহিছে৷ বিশেষকৈ এই বৃহৎ নদীবান্ধটোৰ ভটিয়নি অঞ্চলত সৃষ্টি হ’ব পৰা বিৰূপ প্রভাৱ সম্পর্কত প্রথমৰ পৰাই প্রশ্ণ উত্থাপন হৈ আহিছে আৰু ৰাজ্যখনত দীর্ঘদিন ধৰি বৃহৎ নদীবান্ধবিৰোধী আন্দোলনো চলি আহিছে৷ এনে পৰিপ্রেক্ষিততে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ নির্মাণৰ ক্ষেত্রত চৰকাৰে এখন বিশেষজ্ঞ সমিতি গঠন কৰি দিছিল৷ এই বিশেষজ্ঞ সমিতিখনে দাখিল কৰা প্রতিবেদনত এই বৃহৎ নদীবান্ধটোৰ ফলত নামনি অঞ্চলত হ’ব পৰা ভয়াৱহ ক্ষয়–ক্ষতি সম্পর্কত নির্মাণকাৰী সংস্থা এন এইচ পি চিক সকীয়াই দিয়া হৈছিল৷ বিশেষজ্ঞ সমিতিৰ প্রতিবেদনত কাৰিকৰী বিষয়সমূহ বাদ দি সহজ অর্থত দুটা বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰি বান্ধটোৰ নির্মাণ সম্পর্কত প্রতিবেদন দাখিল কৰা হৈছে৷ প্রথমতে, নামনি সোৱণশিৰি প্রকল্প নির্মাণ হ’বলগীয়া স্থান অর্থাৎ, অসম–ৰুণাচল সীমান্তৰ গোগামুখ অঞ্চলটো দেশৰ সবাতোকৈ বেছি ভূমিকম্পপ্রৱণ অঞ্চল হিচাপে চিহ্ণিত হৈ আহিছে৷ ভূমিকম্পপ্রৱণ অঞ্চল অর্থাৎ, ৫নং ছিছমিক জ’নৰ অন্তর্গত এই অঞ্চলটো৷ সেই বাবেই ইয়াত হ’ব পৰা বৃহৎ ভূমিকম্পৰ ফলত বৃহৎ নদীবান্ধটোৰ ৰিজার্ভাৰটোৰ যদি ক্ষতিগ্রস্ত হয় তাৰ পৰা ধুমুহা গতিত নামি অহা পানীৰ ধলে নামনি অঞ্চল নিমিষতে উটুৱাই লৈ যোৱাৰ আশংকা প্রকাশ কৰা হয়৷ দ্বিতীয়তে, বিশেষজ্ঞ সমিতিয়ে অৰুণাচলৰ পাহাৰীয়া অঞ্চলটো ঠুনুকা শিলেৰে গঠিত হোৱা বাবে যিকোনো মুহূর্ততে এই পাহাৰৰ শিল খহি অহাৰ সম্ভাৱনা প্রবল৷ বৃহৎ নদীবান্ধৰ ওপৰ ভাগত যদি তেনে দুর্ঘটনা সংঘটিত হয়, তেন্তে নামনি অঞ্চলত ভয়াৱহ পৰিস্থিতি সৃষ্টি হোৱাৰ আশংকা প্রকাশ কৰিছিল বিশেষজ্ঞ সমিতিয়ে৷
বিশেষজ্ঞ সমিতিখনে মূলতঃ এই দুটা বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰি নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প নির্মাণৰ ক্ষেত্রত নামনি অঞ্চলৰ লোকসকলৰ জীৱন আৰু সা–সম্পত্তিৰ নিৰাপত্তা নিশ্চিত কৰাৰ পিছতহে বান্ধটো নির্মাণৰ পৰামর্শ আগবঢ়াইছিল৷ সেই অনুসৰি সমিতিখনে বান্ধ নির্মাণকাৰী সংস্থা এন এইচ পি চিক প্রকল্পটোৰ আর্হি সলনি কৰাৰ বাবে আগবঢ়োৱা পৰামর্শ সাৰোগত কৰি ইতিমধ্যে এই বৃহৎ নদীবান্ধৰ প্রথমৰ আর্হিটো সলনি কৰি মূল বান্ধটো যথেষ্ট সবল কৰি নির্মাণকার্য আগবঢ়াই নিছে এন এইচ পি চিয়ে৷ শেহতীয়াকৈ হোৱা বৰষুণৰ ফলত সৃষ্টি হোৱা বানক লৈ এতিয়া দল–সংগঠনসমূহে যি শংকা ব্যক্ত কৰিছে প্রকৃততে তাৰ বিপৰীতে এই বৃহৎ নদীবান্ধটোৰ পৰা হ’ব পৰা আন কিছু ক্ষয়–ক্ষতি তথা নেতিবাচক প্রভাৱৰ বিষয়েহে আমি এতিয়া সচেতন হোৱা প্রয়োজন৷ ইয়াৰ বাবে বেছি দূৰলৈ যোৱাৰ প্রয়োজন নাই৷ লখিমপুৰ জিলাৰ আনটো নদীবান্ধ ৰঙানদী প্রকল্পৰ ফলত ৰঙানদীৰ বেছিনত সৃষ্টি হোৱা প্রভাৱসমূহ অধ্যয়ন কৰিলেই বৃহৎ নদীবান্ধৰ ভয়াৱহতা অনুধাৱন কৰিবলৈ সহজ হৈ পৰে৷ উল্লেখ্য যে বিগত কিছু বছৰ ধৰি ৰঙানদী প্রকল্পৰ ফলত প্রকল্পটোৰ নামনিত থকা সৰস্রোতা এই নদীটো এতিয়া মৰানদীত পৰিণত হৈছে৷ আনহাতে প্রকল্পটোৰ ৰিজার্ভাৰৰ পানী এৰি দিয়াত হীন–ডেঢ়ি হ’লেই ৰঙানদীৰ বিস্তীর্ণ দুইপাৰ জলমগ্ণ হৈ পৰাটো স্বাভাৱিক ঘটনাত পৰিণত হৈছে৷ ইয়াৰ বিপৰীতে ৰঙানদীত পানী নোহোৱা হৈ যোৱাটোৱে আন এক স্বাভাৱিক পৰিঘটনাৰ ৰূপ লৈছে৷ ফলস্বৰূপে ৰঙানদীত মাছ–কাছ তথা জৈৱ–বৈচিত্র্যৰ চিন–মোকাম নোহোৱা হোৱাৰ উপৰি এই জীৱন্ত নদীখন মৃত উপত্যকালৈ ৰূপান্তৰিত হৈ পৰিল৷ নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ এই দৃশ্য দেখিবলৈ হয়তো আমাক প্রয়োজন হ’ব কেইবছৰমান অপেক্ষাৰ৷ সোণ কমোৱা সোৱণশিৰি যিদিনাই এক মৃত উপত্যকালৈ ৰূপান্তৰিত হ’ব, সিদিনাই উপলব্ধি হ’ব বৃহৎ নদীবান্ধৰ ভয়াৱহতা৷