নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুক্তিবাদী দৃষ্টিৰে মহাভাৰত

সুপ্রাচীন ভাৰতীয় সাংস্কৃতিক পৰম্পৰাত মহাকাব্য দুখনৰ মহত্ত্ব অপৰিসীম৷ কিন্তু আজিও ৰামায়ণ আৰু মহাভাৰত সন্দর্ভত শত–সহস্র প্রশ্ণ উত্তৰবিহীন হৈ ৰৈছে৷ বিশেষকৈ মহাভাৰতক কেন্দ্র কৰি মানুহৰ মন চিৰকাল অলেখ ৰহস্যই আৱৰি ৰাখিছে৷ এই বিশাল মহাকাব্যখনৰ বিষয়ত অনেক মতবাদে গঢ় লৈ উঠিছে৷ বহুসংখ্যক লোকৰ দৃষ্টিত মহাভাৰত এক বাস্তৱ কাহিনীৰ আধাৰত ৰচিত হৈছিল৷ তাৰ বিপৰীতে আন একাংশ লোকে বিশ্বাস কৰে যে মহাভাৰত এশ শতাংশই কাল্পনিক, অর্থাৎ ইয়াত বর্ণিত কোনোটো চৰিত্র কিম্বা ঘটনাই সত্য নহয়৷ তাৰ মাজতে এনে এচাম লোকৰ অস্তিত্বও দৃষ্টিগোচৰ হয়, যিসকলে এটা মধ্যম পন্থা অৱলম্বন কৰে৷ তেওঁলোকে ভাবে যে মহাকাব্যখনৰ মূল কাহিনীভাগ সত্য, কিন্তু তাৰ লগত অসংখ্য অতিকথা বা ‘মিথ’ myth) সংলগ্ণ হৈ আছে৷ সেইসকলৰ মতে, এনে অতিকথাসমূহ নিলগাই থৈয়ো মহাভাৰতৰ মূল কাহিনীটো আগবঢ়াই নিয়া তেনেই অসম্ভৱ নহয়৷ আধুনিক কালত একাংশ লেখকে অতিকথাবর্জিত ৰূপত মহাভাৰত নতুনকৈ ৰচনা কৰাৰ প্রচেষ্টা হাতত লোৱা পৰিলক্ষিত হয়৷ পিছে অতিকথাৰ পৰা সম্পূর্ণৰূপে মুক্ত মহাভাৰত এখনৰ চৰিত্র কেনে হ’ব পাৰে, সেই কথা কল্পনা কৰাও কঠিন৷ প্রকৃতপক্ষে কথা আৰু অতিকথাৰ সুষম সমাহাৰেই হৈছে মহাভাৰত৷ ইয়াৰ ৰচয়িতাগৰাকী অতিকথা উপস্থাপনৰ বিষয়ত যিমান সিদ্ধহস্ত, মানুহৰ মনস্তাত্ত্বিক দিশটোৰ সুগভীৰ বিশ্লেষণতো তেওঁ সমানেই নৈপুণ্যৰ স্বাক্ষৰ ৰাখি থৈ গৈছে৷ মহাভাৰতৰ স্রষ্টা হিচাপে সকলোৱে মহর্ষি ব্যাসদেৱকে স্বীকৃতি প্রদান কৰি আহিছে৷ পিছে আমোদজনক কথা এইটোহে যে বেদব্যাস নামেৰেও প্রসিদ্ধ মহাভাৰতৰ ৰচয়িতাগৰাকী নিজেও এই মহাকাব্যখনৰ অন্যতম প্রধান চৰিত্র৷ অৱশ্যে এক লাখ শ্লোকবিশিষ্ট এই বৃহৎ গ্রন্থখন তেওঁ কেতিয়া ৰচনা কৰিছিল, সেই সন্দর্ভতো একাধিক মতৰ অস্তিত্ব লক্ষণীয়৷ সাধাৰণতে স্বর্গাৰোহণ পর্বতে মহাভাৰতৰ সামৰণি পৰা বুলি ভবা হয় যেতিয়া যুধিষ্ঠিৰে সোঁশৰীৰে স্বর্গত পদার্পণ কৰাৰ পাছলৈকে মহাকাব্যখনৰ ৰচকগৰাকী জীৱিত থাকিব লাগিব৷ নতুবা এনেও হ’ব পাৰে, মহাভাৰতৰ কুৰুক্ষেত্র যুদ্ধৰ পৰৱর্তী পর্বকেইটা ব্যাসৰ দ্বাৰা ৰচিত হোৱা নাছিল৷ অর্থাৎ মহাভাৰতৰ শেহৰ অংশটো আন কোনোবা লেখকেহে ৰচনা কৰি তাক পাছৰ কালত ব্যাসদেৱৰ নামত চলাই দিছিল৷
এইখিনিতে আমাৰ আন এটা আমোদজনক পর্যবেক্ষণ দাঙি ধৰাৰ প্রয়োজন অনুভৱ কৰিছোঁ৷ আমি আটায়ে এটা কথা জানো যে মানুহৰ চিন্তাজগতলৈ ভাৰতবর্ষৰ অন্যতম বিশিষ্ট অৱদান হৈছে শূন্যৰ ধাৰণা৷ কিন্তু শূন্য zero) আৱিষ্কাৰৰ ঘটনা খ্রীষ্টৰ জন্মৰ পৰৱর্তী কালৰ কথা৷ যদি সেয়ে হয়, তেনেহ’লে ব্যাসদেৱে মহাভাৰতত গণি গণি এক লাখ শ্লোক সন্নিৱিষ্ট কৰাটো কিদৰে সম্ভৱ হৈছিল? কোৱা বাহুল্য যে শূন্যৰ ধাৰণা অবিহনে লাখ, কোটি আদি সংখ্যাবিলাকৰ কথা ভবাটোৱেই অসম্ভৱ৷ তদুপৰি যি সময়ত ভগৱান শ্রীকৃষ্ণই দুর্যোধনক এক কোটি নাৰায়ণী সেনা যোগোৱাৰ প্রস্তাৱ দিছিল, তেতিয়া গোটেই ভাৰতবর্ষৰ মুঠ জনসংখ্যাই সম্ভৱতঃ এক কোটিৰ অংক স্পর্শ কৰা নাছিল৷ লক্ষণীয়ভাৱে শূন্যৰ ধাৰণা নোহোৱাকৈ কোটি সংখ্যাটো লিখি উলিওৱাটোও সম্ভৱ নহয়৷ তথাপি কোনো কোনোৱে গণনা কৰি উলিয়াইছে যে আজিৰ পৰা ৫০৮৮ বছৰ পূর্বে প্রসিদ্ধ কুৰুক্ষেত্রৰ যুদ্ধখন সংঘটিত হৈছিল৷ এই ‘নির্ভুল’ গণনাৰ আধাৰস্বৰূপ সূত্রটো আছিল এই যে মহাকাব্যখনত বর্ণিত জয়দ্রথ বধৰ ঘটনাটোৰ ঠিক আগে আগে এনে এটা পূর্ণগ্রাস সূর্যগ্রহণ হৈছিল, যিটো কেইবাহাজাৰ বছৰৰ ব্যৱধানতহে একোবাৰ ঘটে৷ সেই বিৰল পূর্ণগ্রাস সূর্যগ্রহণৰ প্রাকৃতিক পৰিঘটনাটোকে হেনো কৃষ্ণই সুদর্শন চক্রৰে সূর্যটো ঢ়াকি ধৰা বুলি মহাভাৰতৰ দ্রোণপর্বত বর্ণোৱা হৈছে এনে ব্যাখ্যা বাৰু বিশ্বাসযোগ্যনে? ইংৰাজীত’euhemerism’ বুলি এটা শব্দ আছে, যাৰ অর্থ হৈছে পৌৰাণিক অতিকথাসমূহক ঐতিহাসিক ঘটনা হিচাপে প্রতিপাদন কৰাৰ প্রয়াস৷ মোৰ দৃষ্টিত শ্রীকৃষ্ণই সুদর্শন চক্রৰে সূর্যক ঢ়াকি ধৰাৰ ‘মিথ’টোক এক পূর্ণগ্রাস সূর্যগ্রহণৰ ৰূপ দিয়াটো ইউহেমেৰিজমৰ এক সুন্দৰ উদাহৰণ৷ এনে প্রচেষ্টাই মহাভাৰতৰ ৰহস্যসমূহ উদ্ঘাটন কৰাত একো সহায় কৰিব নোৱাৰে৷
মন কৰিবলগীয়া যে ওপৰত বর্ণোৱা অতিকথাটোৰ দৰে আন বহুতো সদৃশ আখ্যানৰ বাস্তৱসন্মত ব্যাখ্যা দাঙি ধৰাৰ পৰম্পৰা এটা ভাৰতীয় সমাজত সুদূৰ অতীততে প্রতিষ্ঠা হৈছে৷ তাহানিৰ ব্রহ্মাস্ত্র, শক্তিশেল আদিক আধুনিক কালৰ পাৰমাণৱিক অস্ত্র, ক্ষেপণাস্ত্র আদিৰ সৈতে তুলনা কৰা দেখা যায়৷ পিছে এইবোৰ কথাত মহাভাৰতৰ প্রকৃত মহত্ত্ব নিহিত হৈ থকা নাই৷ দৰাচলতে মহাভাৰত হৈছে মানুহৰ মনোজগতৰ বৈচিত্র্যসমূহ বিশ্লেষণ কৰাৰ এক বিৰল প্রচেষ্টা৷ ইয়াৰ ৰচয়িতা ব্যাসদেৱেই হওক অথবা ব্যাস ছদ্মনামধাৰী আন এচাম মহান কাব্য–প্রণেতাই হওক, সেইসকলৰ সাহিত্যিক ৰসবোধ যে অতিশয় উচ্চ পর্যায়ৰ আছিল, সেই কথা সন্দেহৰ থল মুঠেও নাই৷ আধুনিক দৃষ্টিৰে চাবলৈ গ’লে মহাভাৰত হৈছে বিশ্বৰ বিশালতম কেনভাছখনত অংকিত এক অনন্য আলেখ্য৷ ইয়াৰ উপন্যাসধর্মিতা অতুলনীয়৷ মহাভাৰতৰ ৰচয়িতাৰ দৰে প্লট নির্মাণৰ দক্ষতা সমগ্র মানৱ ইতিহাসতে বিৰল৷ কেৱল সেয়ে নহয়, চৰিত্র অংকনৰ নৈপুণ্য আৰু সাহিত্যৰ নৱৰসৰ একত্রে সমাৱেশ ঘটাব পৰাৰ সামর্থ্য একমাত্র মহাভাৰততহে দৃষ্টিগোচৰ হয়৷
মোৰ দৃষ্টিত মহাভাৰত এখন অতি উচ্চ পর্যায়ৰ ৰূপক৷ মানুহক শুভ আৰু অশুভ শক্তি দুটাৰ সম্যক ধাৰণা দান কৰাটোৱেই এই মহাকাব্যৰূপী ৰূপকখনৰ সর্বপ্রধান উদ্দেশ্য যেন বোধ হয়৷ প্রকৃততে মানৱ জীৱনৰ অগণন মাত্রা মহাকাব্যখনৰ মাধ্যমে প্রতিভাত হৈছে৷ কিন্তু ইয়াৰ পাছতো জীৱনৰ উদ্দেশ্য সম্বন্ধে মহাভাৰতৰ প্রণেতাই এক সুস্পষ্ট সিদ্ধান্ত দিব পৰা নাই৷ ইয়াতে মানৱীয় সীমাবদ্ধতাৰ বিষয়টো প্রকট হৈ উঠে৷ এক আদর্শ জীৱন যাপনত মহত্ত্ব নিঃসন্দেহে আছে৷ তাৰ পাছতো জীৱনৰ সর্বশেষ উত্তৰ যেন এক বৃহৎ শূন্য এটা কথা সকলোৰে বিদিত যে মহাভাৰত মহাকাব্যখনৰ কেন্দ্রীয় বিষয়বস্তু হৈছে ওঠৰ দিন ধৰি চলা কুৰুক্ষেত্রৰ মহাযুদ্ধখন৷ বাহ্যিক দৃষ্টিত এই যুদ্ধখনত অনেক সৰু–বৰ ঘটনাৰ সমাৱেশ ঘটিছে৷ কিন্তু অন্তর্দৃষ্টিৰে নিৰীক্ষণ কৰিলে তেনে প্রতিটো ঘটনাৰ অন্তৰালত একোটাকৈ গভীৰ তত্ত্বৰ আভাস পাব পাৰি৷ মহাকাব্যখনৰ তত্ত্ব–কথনৰ শীর্ষাৰোহণ ঘটিছে শ্রীমদ্ভগদ্গীতাৰ মাধ্যমে৷ মানুহৰ মগজুৱে সেই কালত ঢুকি পাব পৰা প্রতিটো তত্ত্বই গীতাত স্থান লাভ কৰিছে৷ এই তত্ত্বজ্ঞানৰ বক্তাৰ ৰূপত মহাভাৰতৰ ৰচয়িতাই পৰমেশ্বৰ পৰমব্রহ্মক শ্রীকৃষ্ণৰ ৰূপত অৱতীর্ণ কৰাইছে৷ কুৰুক্ষেত্রৰ মহাৰণত জগতৰ আদি কাৰণৰূপী কৃষ্ণই শুভ শিৱিৰক সাৰথি ৰূপে মার্গ দর্শন কৰাইছে৷ তেওঁৰ প্রিয়তম সখা অর্জুনক সাৰথিৰূপী কৃষ্ণৰ দ্বাৰা বিশ্বৰূপ দর্শন কৰাইছে৷ ইয়াতেই জীৱনৰ শুভ, সুন্দৰ আৰু উজ্জ্বলতম দিশটো মহাকাব্য ৰচয়িতাৰ অনন্য সাধাৰণ ধী–শক্তিয়ে স্পর্শ কৰিবলৈ সমর্থ হৈছে৷
আনহাতে মনুষ্য জীৱনৰ অশুভ তথা অন্ধকাৰ দিশটো তুংগত উঠিছে দ্রৌপদীৰ বস্ত্র হৰণৰ জঘন্য ঘটনাটোৰ সময়ত৷ সেই চৰম মুহূর্তটোত ভগৱানৰূপী কৃষ্ণই অলৌকিকভাৱে দ্রৌপদীক বস্ত্রৰ যোগান ধৰি তেওঁৰ অন্তিম লজ্জাকণ নিবাৰণ কৰিছে৷ কিন্তু একেজন কৃষ্ণই তেওঁৰ অতি মৰমৰ ভাগিন অভিমন্যুক নৃশংস হত্যাৰ পৰা ৰক্ষা কৰিবলৈ একোপ্রকাৰে যত্নপৰ হোৱা নাছিল৷ মাতুলৰূপী পৰমেশ্বৰৰ পৰা এই নৱযুৱক যোদ্ধাজনে দ্রৌপদীৰ দৰে বিশেষ কৃপা লাভ কৰাৰ পৰা কিয় বঞ্চিত হৈছিল, সেই প্রশ্ণই যুক্তিবাদী মনবোৰক স্বাভাৱিক আমনি কৰে৷ অৱশ্যে অভিমন্যুৰ পুত্র পৰীক্ষিতক মাতৃগর্ভত থকা কালতে অশ্বত্থামাৰ ব্রহ্মাস্ত্রৰ পৰা ৰক্ষা কৰি কৃষ্ণই ঐশ্বৰিক শক্তিৰ নমুনা আকৌ এবাৰ দেখুৱাইছিল৷ যিজন পৰীক্ষিতক পৰমেশ্বৰে ব্রহ্মাস্ত্রৰ দ্বাৰা আঘাতপ্রাপ্ত হোৱাৰ পাছতো দৈৱী কৃপাৰ বলত নতুন জীৱন দান কৰিছিল, তেওঁ কিন্তু ঋষিৰ শাপৰ পৰা বাচিব পৰা নাছিল৷ এনে ঘটনাসমূহ সাধাৰণ দৃষ্টিত বৈপৰীত্যৰ নিদর্শন হ’লেও মহাভাৰতৰ ৰচয়িতাই হয়তো সামগ্রিকভাৱে এই বার্তাকে দিব খুজিছে যে এক পৰম সত্তাই কি ভাবি কি সিদ্ধান্ত লয়, তাৰ উমান পোৱাটো কোনো মানুহৰ পক্ষে সম্ভৱ নহয়৷ ভগৱান কৃষ্ণই দেখোন তেওঁৰ বৈকুণ্ঠ–প্রয়াণৰ আগে আগে নিজ বংশজ যাদৱসকলকে এক অগতানুগতিক কৌশল অৱলম্বনৰ জৰিয়তে নিঃশেষ কৰি থৈ গৈছিল৷ তেওঁক পুত্র ৰূপে পাবৰ নিমিত্তে বসুদেৱ–দৈৱকীয়ে কেনে অবর্ণনীয় যন্ত্রণা ভোগ কৰিব লগা হৈছিল পূর্বোক্ত প্রতিটো ঘটনাৰ তাৎপর্য এটাই বুলি আমাৰ অনুমান হয় আৰু সেইটো হৈছে– জগতৰ আদি কাৰণৰূপী পৰমেশ্বৰৰ মহিমা বুজাটো কাৰো পক্ষেই সম্ভৱ নহয়৷ মহাভাৰত মহাকাব্যখনত বিভিন্ন ঘটনাৰ অৱতাৰণা কৰি ইয়াৰ স্রষ্টাগৰাকীয়ে এই মৌলিক সত্যটোকে যেন তত্ত্বজিজ্ঞাসুসকলক্ বুজাই দিবলৈ প্রয়াস কৰিছে৷
শ্রীমদ্ভগদ্গীতাৰো মূল বাণী এয়ে যে অতীতত যিবিলাক ঘটনা ঘটিছিল, বর্তমান যিবোৰ ঘটি আছে আৰু ভৱিষ্যতে যি ঘটনা ঘটিব, সকলো এক পৰম সত্তাৰ ইচ্ছাতে ঘটি আহিছে৷ যদি সেয়ে জগতৰ সর্বশেষ সত্য হয়, তেনেহ’লে দুর্যোধন, দুঃশাসন, শকুনি আদিক তেওঁলোকৰ অপকর্মসমূহৰ বাবে দায়ী কৰাৰ অর্থই বা থাকিল ক’ত? এতেকে মহাভাৰতৰ সর্বশেষ অনুসিদ্ধান্ত মানুহৰ পক্ষে খুব সুখকৰ বুলি কেতিয়াও ক’ব নোৱাৰি৷ মহাভাৰতৰ ৰসজ্ঞ পাঠক মাত্রেই অৱহিত যে ভগৱান কৃষ্ণই জৰাসন্ধক নিপাত কৰিবলৈ ভীমক নিযুক্ত কৰিছিল আৰু কর্ণক বধ কৰিবলৈ অর্জুনক উদগাইছিল৷ তদুপৰি ‘অশ্বত্থামা হত ইতি গজ’ কথাষাৰো যুধিষ্ঠিৰে কৃষ্ণৰ মন্ত্রণাতে ব্যক্ত কৰিছিল৷ যুধিষ্ঠিৰৰ এই উক্তি মিছা নাছিল যদিও ইয়াৰ অন্তৰালত থকা অভিপ্রায়হে অসাধু আছিল৷ যাৰ বাবে স্বর্গাৰোহণ পর্বত উল্লেখ থকা মতে যুধিষ্ঠিৰে খন্তেকৰ বাবে হ’লেও নৰক দর্শন কৰিবলগীয়া হৈছিল৷ কিন্তু যুক্তিৰে চাবলৈ গ’লে এই দুর্ভাগ্যৰ হেতু যুধিষ্ঠিৰ নিজে দায়ী নাছিল৷ সি যি নহওক, মহাভাৰতখন এক ঐতিহাসিক দলিল হিচাপে বিৱেচনা কৰিলে অনেক কথাই অতিশয় জটিল হৈ পৰে৷ যুক্তিবাদী দৃষ্টিৰে মহাকাব্যখনত আদ্যোপান্ত সন্নিৱিষ্ট অতিকথাসমূহক স্বীকৃতি প্রদানৰ প্রশ্ণই উঠিব নোৱাৰে৷ এতেকে ইয়াক বিশ্বৰ সর্ববৃহৎ সাহিত্যকৃতি ৰূপে গ্রহণ কৰাটোৱেই সকলো দিশৰ পৰা নিৰাপদ৷ তেনে কৰিলেও প্রাচীন ভাৰতীয় সাহিত্য–মনীষাৰ একো প্রকাৰে অৱমূল্যায়ন নহয়৷ বৰং প্রাগৈতিহাসিক যুগতে ভাৰতীয় সৃষ্টিমূলক ৰচনাৱলীয়ে কেনে উচ্চতা লাভ কৰিছিল, চিৰকাল তাৰ সর্বোৎকৃষ্ট দৃষ্টান্ত হৈ ৰ’ব মহাভাৰত৷

You might also like