দুই ফেৰী চালকৰ ভুলৰ বাবেই ঘটিল মর্মান্তিক দুর্ঘটনা
নিয়মীয়া বাৰ্তা, ৯ ছেপ্টেম্বৰঃ যোৰহাটৰ নিমাতীঘাটত দুখন ফেৰীৰ মাজত সংঘটিত সংঘর্ষত কেইবাজনো যাত্রী সন্ধানহীন হোৱা ঘটনাই ৰাজ্যবাসীক উদ্বিগ্ন কৰি তুলিছে৷ নিমাতীঘাট পাৰঘাটত সংঘটিত এই দুর্ঘটনাৰ শিহৰণকাৰী বর্ণনা আগবঢ়াইছে দুর্ঘটনাগ্রস্ত ফেৰীত থকা কেইবাগৰাকীও যাত্রীয়ে৷ মা কমলা নামৰ ফেৰীখনত থকা এগৰাকী মহিলাই প্রকাশ কৰা অনুসৰি তেওঁলোকৰ ফেৰীখনে পাৰঘাটৰ পৰা মাজুলী অভিমুখে এৰাৰ ঠিক দুই মিনিটৰ পাছতে এই দুর্ঘটনা সংঘটিত হৈছিল৷ প্রায় ১০০ৰ পৰা ১২০জন যাত্রীৰে মাজুলী অভিমুখী মা কমলাত প্রচণ্ড জোৰেৰে খুন্দা মাৰিছিল টিপকাই নামৰ জুৰীয়া মাৰ নাওখনে৷ যাৰ বাবে কেইমুহূর্তমানৰ ভিতৰতে ব্রহ্মপুত্রৰ বুকুত ডুব গৈছিল মা কমলা নামৰ ফেৰীখন৷ সমুখত ভয়াৱহ বিপদ দেখি চিৎকাৰ কৰি উঠিছিল প্রতিজন যাত্রীয়ে৷
টিপকাইৰ খুন্দাত ক্ষতিগ্রস্ত মা কমলা নামৰ ফেৰীখন একাষৰীয়া হৈ লাহে লাহে ডুব যাবলৈ আৰম্ভ কৰিছিল ব্রহ্মপুত্রৰ বিশাল জলৰাশিত৷ প্রাণৰ মমতাত একাংশ যাত্রীয়ে ডুবিবলৈ ধৰা ফেৰীখনৰ পৰা জঁপিয়াই দিছিল ব্রহ্মপুত্রৰ বুকুত৷ ইয়াৰে কিছুসংখ্যকে ওচৰতে থকা পাৰঘাট পাবলৈ সক্ষম হৈছিল৷ আন একাংশক সেই সময়ত পাৰঘাটত ৰৈ থকা আন ফেৰীৰে উদ্ধাৰ কৰা হৈছিল৷
দুর্ঘটনাগ্রস্ত ফেৰীখনত থকা মহিলাগৰাকীয়ে ঘটনা সন্দর্ভত বর্ণনা কৰি কয়– ‘মা কমলা ফেৰীখনে নিমাতীঘাটৰ পৰা মাজুলীলৈ ঠিক ৰাওনা হৈছিল৷ সেই মুহূর্ততে টিপকাই নিমাতী ঘাট পাওঁ পাওঁ হৈছিল৷ মাজুলীৰ পৰা অহা টিপকাইক ৰখাবৰ বাবে স্থান এৰি দি লাহে লাহে মা কমলাই পাৰঘাট এৰিবলৈ আৰম্ভ কৰিছিল৷ আমি থকা মা কমলাই পাৰঘাট এৰা ঠিক একৰ পৰা দুই মিনিটমান হৈছিলহে, সেই ফালৰ পৰা আহি থকা টিপকায়ে প্রচণ্ড জোৰেৰে খুন্দা মাৰিছিল৷ মাজুলীৰ পৰা নিমাতীঘাটলৈ আহি থকা টিপকাই নামৰ জুৰীয়া মাৰ নাওখন প্রচণ্ড বেগত আহিছিল৷ খুন্দা মৰাৰ পাছতেই আমাৰ ফেৰীখন ডুবিবলৈ আৰম্ভ কৰিছিল৷ কি কৰিম, কি নকৰিম ভাবিলৈও যেন অপাৰগ হৈ পৰিছিলোঁ৷ ফেৰীখনৰ ৰেলিঙত থকা ৰছীত ধৰি কোনোমতে ওলমি ৰৈছিলোঁ৷ জীৱন বাচিবনে নাবাচে, তাক লৈ শংকিত হৈ পৰিছিলোঁ৷ কিন্তু আন নাৱেৰে অহা মানুহে মোক উদ্ধাৰ কৰি লৈ আহিছিল৷’
মা কমলা নামৰ ফেৰীখনত থকা আন এগৰাকী যুৱতীয়ে দুর্ঘটনা সন্দর্ভত এইদৰে কয়– ‘মই যোৰহাটলৈ ফুৰিবলৈ আহিছিলোঁ৷ বিয়লি মাজুলীলৈ উভতি যাবলৈ মা কমলাত উঠিছিলোঁ৷ কিন্তু আমাৰ ফেৰীখনে পাৰঘাট এৰাৰ পাছতে দুর্ঘটনাত পতিত হ’ল৷ হঠাতে ব্রহ্মপুত্রৰ বুকুত ডুব যোৱা ফেৰীখনৰ এজনৰ পাছত আন এজন যাত্রী পানীৰ তললৈ সোমাবলৈ আৰম্ভ কৰিছিল৷ মই নিজেও দুবাৰকৈ পানীৰ তললৈ গৈছিলোঁ৷ কিন্তু সেই সময়ত পাৰঘাটৰ পৰা অহা আন এখন নাৱে মোক উদ্ধাৰ কৰি লৈ আহিছিল৷ কিন্তু মোৰ চকুৰ সন্মুখত বহু যাত্রী পানীত ডুব গৈছিল, দুই চালকৰ ভুলৰ বাবে আজিৰ এই দুর্ঘটনা সংঘটিত হ’ল৷’
ইফালে জল পৰিবহণ বিভাগৰ চূড়ান্ত অৱহেলা আৰু অদূৰদর্শিতাৰ বাবেই এই দুর্ঘটনা সংঘটিত হ’ল বুলি আন কেইবাগৰাকীও প্রত্যক্ষদর্শীয়ে মন্তব্য কৰিছে৷ দুয়োখন ফেৰীৰ কর্মচাৰীৰ চৰম গাফিলতিৰ বাবে ব্রহ্মপুত্রৰ বুকুত কেইবাজনো লোকে প্রাণ হেৰুৱালে বুলিও প্রত্যক্ষদর্শীসকলে প্রকাশ কৰে৷ তেওঁলোকে কয় যে মা কমলা নামৰ ফেৰীখনে টিপকাই নামৰ মাৰ নাওখন আহি পোৱাৰ পূর্বে নিমাতীঘাট এৰিব লাগিছিল৷ কিন্তু কেইটমান টকাৰ বাবে মটৰচাইকেল উঠাবলৈ নিমাতীঘাটতে ৰৈ আছিল মা কমলা৷ নির্ধাৰিত সময় অতিক্রম হোৱাৰ পাছত নিমাতীঘাট এৰাৰ বাবেই এই দুর্ঘটনা সংঘটিত হ’ল৷