এখন কিতাপ কিনাৰ কাহিনী
ইছায়া বার্লিনক কুৰি শতিকাৰ এজন বিশিষ্ট দার্শনিক বুলি গণ্য কৰা হয়৷ পৃথিৱীৰ বহুতো বিখ্যাত পণ্ডিতৰ নাম আৰু কীর্তিৰ লগত মই মোটামুটিভাৱে পৰিচিত কিন্তু তাৰ অর্থ এইটো নহয় যে মই তেওঁলোকৰ কিতাপ পঢ়িছোঁ বা তেওঁলোকৰ চিন্তাধাৰাৰ বিষয়ে মাত্র তিনিটা বাক্য লিখাৰো যোগ্যতা অর্জন কৰিছোঁ৷ সঁচা কথা ক’বলৈ গ’লে ২০ বছৰমান আগলৈকে মই ইছায়া বার্লিনৰ নামটোও শুনা নাছিলোঁ৷ কিতাপ পঢ়া দূৰৰ কথা৷
প্রায় ২০ বছৰ আগতে অনুষ্ঠিত গুৱাহাটী গ্রন্থমেলাত কেইবাখনো কিতাপৰ দোকানত ভুমুকি মৰাৰ পিছত মই একেবাৰে শেষত অক্সফ’ড ইউনিভার্ছিটী প্রেছৰ বিপণীত প্রৱেশ কৰিলোঁ৷ কেইখনমান কিতাপ বাছি লৈ কিতাপৰ দাম দিবলৈ কাউণ্টাৰৰ ফালে আগবাঢ়িবলৈ খোজোঁতেই এখন কিতাপৰ লেখকজনৰ নামটোৱে চুম্বকৰ দৰে মোৰ চকু দুটা টানি নিলে৷ ইছায়া বার্লিন৷ (নামটোৰ উচ্চাৰণ শুদ্ধ হৈছে নে নাই সেই কথা মই নাজানো)৷ বার্লিনৰ কিতাপৰ লগত সেয়েই মোৰ প্রথম সাক্ষাৎ৷ মই লৰালৰিকৈ কিতাপৰ থাকটোৰ ওচৰলৈ গৈ সেই বিশেষ কিতাপখন টানি উলিয়ালোঁ৷ কিতাপখনৰ নাম আছিলPersonal Impressions৷ কিতাপখন লুটিয়াই–বগৰাই চাই আৱিষ্কাৰ কৰিলোঁ যে এইখন মই দন্তস্ফুট কৰিব নোৱৰা দুৰূহ দার্শনিক বা তত্ত্বমূলক কিতাপ নহয়৷ অক্সফ’ডৰ বিশ্ববিখ্যাত অধ্যাপক ইছায়া বার্লিন যিসকল বিখ্যাত আৰু বিদগ্ধ ব্যক্তিৰ ঘনিষ্ঠ সংস্পর্শলৈ আহিছিল, তেওঁলোকৰ বিষয়ে লেখকৰ ব্যক্তিগত অনুভৱেই হ’ল কিতাপখনৰ বিষয়বস্তু৷
কিতাপৰ সূচীপত্রখন পঢ়ি মোৰ জিভাৰ পৰা লোভৰ পানী ওলাবলৈ ধৰিলে৷ কিন্তু দামটো পঢ়ি মোৰ বুকুখন অলপ দমি গ’ল৷ ইতিমধ্যেই যিকেইখন কিতাপ বাছনি কৰিলোঁ, সেইকেইখনৰ দাম দিয়াৰ পিছত এইখন কিতাপৰ কাৰণে মোৰ ধনৰ অলপ নাটনি হ’ব৷ অথচ আনকেইখন কিতাপৰ এখনো এৰি থৈ যাবলৈ মোৰ মন নাই৷ গধুৰ মনেৰে কিতাপখন পুনৰ থাকত ভৰাই থৈ মই কাউণ্টাৰৰ ফালে আগবাঢ়িলোঁ৷
মই জনা নাছিলোঁ যে অক্সফ’ড ইউনিভার্ছিটী প্রেছৰ এজন জ্যেষ্ঠ বিষয়াই (অম্বিকা কুমাৰ বৰা?) মোৰ কার্যকলাপ দূৰৰ পৰা অতি মনোযোগেৰে নিৰীক্ষণ কৰি আছিল৷ মই কাউণ্টাৰৰ সন্মুখত থিয় দিয়াৰ লগে লগে মোৰ গাৰ নিচেই কাষৰ পৰা অহা এটা সৰু মাত মই শুনিবলৈ পালোঁ– ‘ছাৰ৷’ মূৰ ঘূৰাই চাই মই দেখিলোঁ, ডিঙিত টাই মৰা এজন সুবেশ সুদর্শন ভদ্রলোক৷ তেওঁ মোক নম্রভাৱে সুধিলে, ‘ছাৰ, আপুনি সেই কিতাপখন কিনিব খুজিও কিয় নিকিনিলে?’
মই তেওঁক সঁচা কথাটো খুলি ক’লোঁ৷ তেওঁ আকৌ সুধিলে– ‘আপোনাৰ হাতত কিমান টকা বাকী আছে?’ মই মোৰ জেপত থকা টকাৰ পৰিমাণটো উল্লেখ কৰাত তেওঁ ক’লে– ‘হ’ব, সেইখিনি টকাৰেই হ’ব৷ আপুনি কিতাপখন লৈ যাওক৷’ এইবুলি কৈ তেওঁ নিজে থাকৰ পৰা কিতাপখন আনি মোৰ হাতত তুলি দিলে৷ মই লৰালৰিকৈ হিচাপ কৰি চাই দেখিলোঁ যে ৰেহাই বাদ দিও মই কিতাপখনৰ আচল দামতকৈ প্রায় ১০০ টকা কম দিব লাগিব৷ মই আচৰিত হৈ ভদ্রলোকৰ মুখলৈ চাই সুধিলোঁ, ‘আপুনি এজন অচিনাকি মানুহৰ প্রতি ইমান সদয় হৈছে কিয়?’ তেওঁ নম্র হাঁহি এটা মাৰি ক’লে, ‘আমি কেৱল টকাৰ মুখলৈ নাচাওঁ, লগতে গ্রাহকৰ মুখলৈকো চাওঁ৷ কোনে কি কিতাপ কিনিছে তাৰ দ্বাৰা আমি গ্রাহকজনৰ গ্রন্থৰ ৰুচি আৰু শিক্ষা–দীক্ষাৰো অলপ আভাস পাওঁ৷ মই নিবিচাৰোঁ যে মাত্র ১০০টা টকাৰ কাৰণে আপুনি এই কিতাপখন এৰি থৈ যাওক৷’
মানুহজনক ধন্যবাদ দিবলৈ মই ভাষা বিচাৰি নাপালোঁ৷ মুখৰ ভিতৰতে কিবাকিবি বিৰবিৰাই মই কিতাপখনৰ দামটো দি ওলাই গুচি আহিলোঁ৷
ইছায়া বার্লিনৰ কিতাপখনত মুঠতে ১৪টা প্রবন্ধ আছে৷ সেইবোৰৰ ভিতৰত ৭টা প্রবন্ধৰ বিষয়বস্তু হ’ল– উইনষ্টন চার্চিল, ফ্রেংকলিন ৰুজভেল্ট, চেইম ৱেজমান (ইজৰাইলৰ প্রথম ৰাষ্ট্রপতি), ফেলিক্স ফ্রেংকফুটাৰ (আমেৰিকান আইনজ্ঞ), অল্ডছ হাক্সলি, আইনষ্টাইন আৰু কেইজনমান ৰাছিয়ান লেখক৷ বাকী ৭টা প্রবন্ধৰ বিষয়বস্তু হ’ল ইছায়া বার্লিনৰ নিজৰ বিশ্ববিদ্যালয় অক্সফ’ডৰ অধ্যাপক৷ অতি সুলিখিত আৰু গভীৰ অন্তর্দৃষ্টিসম্পন্ন এই প্রবন্ধকেইটা মই কেৱল এবাৰ নহয়, কেইবাবাৰো পঢ়িছোঁ৷ কিন্তু মোৰ মনত স্থায়ীভাৱে দাগ কাটিছে ইছায়া বার্লিনে অক্সফ’ড বিশ্ববিদ্যালয়ৰ ইতিহাসৰ বিখ্যাত অধ্যাপক ৰিচার্ড পাৰেছৰ বিষয়ে লিখা কেইটামান বাক্যই৷ তেওঁ যি শ্রদ্ধা–গদগদ ভাষাৰে ৰিচার্ড পাৰেছৰ জীৱন, কর্ম আৰু পাণ্ডিত্যৰ কাহিনী বর্ণনা কৰিছে, তাৰ পৰা বুজিবলৈ বাকী নাথাকে যে ৰিচার্ড পাৰেছে তেওঁৰ হূদয়ত এক বিশেষ স্থান অধিকাৰ কৰিছিল৷ জীৱনৰ শেষৰ কেইবাটাও বছৰ পক্ষাঘাতগ্রস্ত হৈ শয্যাশায়ী হোৱা পণ্ডিতজনৰ মৃত্যুৰ প্রক্রিয়াও আছিল অতি দীঘলীয়া আৰু যন্ত্রণাপূর্ণ৷ তেওঁৰ শৰীৰটো এফালৰ পৰা ক্রমান্বয়ে মৰি আহিছিল৷ তেওঁৰ মৃত্যুৰ বর্ণনা কৰি ইছায়া বার্লিনে লিখিছে‘…he faced his end, which he knows to be near, with a noble serenity which no words of mine are fit to describe.’ ইছায়া বার্লিনে তেওঁৰ প্রবন্ধটোৰ সামৰণি মাৰিছে এইটো বাক্যৰে–He was the best and most admirable man I have ever known.
ইছায়া বার্লিনৰ প্রবন্ধটো পঢ়ি শেষ কৰি মই মনে মনে চিন্তা কৰিবলৈ আৰম্ভ কৰিছিলোঁ– ইছায়া বার্লিনে এইটো কম কথা লিখিছেনে? তেওঁ নিশ্চয় তেওঁৰ সমসাময়িক শ শ বা আনকি তাতোকৈ বেছি বিশ্ববিখ্যাত মনীষী আৰু বিভিন্ন ক্ষেত্রৰ প্রতিভাৱান মানুহক লগ পাইছিল আৰু তেওঁলোকক ঘনিষ্ঠভাৱে জানিবলৈ সুযোগ পাইছিল৷ অথচ তেওঁ লিখিছে যেRichard Pares was the best and most admirable man I have ever known! এজন প্রকৃত অর্থত ভাল মানুহক লগ পাবলৈ আৰু ঘনিষ্ঠভাৱে জানিবলৈ সুযোগ পোৱাটো নিশ্চয় এটা ডাঙৰ সৌভাগ্য৷ সেই অভিজ্ঞতাই মানুহজনৰ জীৱনটোকো কিছু পৰিমাণে হ’লেও সলনি কৰি দিয়ে আৰু তেওঁৰ চকুৰ আগত জীৱনৰ এটা নতুন সৌন্দর্য জিলিকি উঠে৷ এখন ভাল কিতাপতকৈ এজন ভাল মানুহৰ প্রভাৱ কোনোগুণেই কম নহয়৷