নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰোগীক বিভিন্ন পৰীক্ষাৰ বাবে ব্যক্তিগত লেব’ৰেটৰীলৈ প্রেৰণ; পাণ্ডু এফআৰইউত চিকিৎসকৰ কাণ্ডত প্রতিক্রিয়া

নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰঃ  ৰাজ্যৰ স্বাস্থ্য খণ্ডত আমূল পৰিৱর্তন সাধনেৰে ৰাজ্য চৰকাৰে জনসাধাৰণৰ সুবিধাৰ বাবে বিনামূলীয়া চিকিৎসা সেৱাৰ ব্যৱস্থা কৰিছে৷ চিকিৎসালয়তে ৰোগীক বিনামূলীয়া ঔষধ যোগান ধৰাৰ লগতে বিভিন্ন পৰীক্ষা কৰাৰো সুবিধা প্রদান কৰিছে৷ কিন্তু একাংশ কমিছনলোভী চৰকাৰী চিকিৎসকে ৰোগীক প্রদান কৰা প্রেছক্রিপচনত বিভিন্ন পৰীক্ষাৰ বাবে নির্দিষ্ট প্রতিষ্ঠানৰ নাম উল্লেখ কৰে৷

শেহতীয়াকৈ পাণ্ডু এফআৰইউৰ এগৰাকী চিকিৎসকে ৰোগীক দিয়া প্রেছক্রিপচনত বায়’স্কেন নামৰ লেব’ৰেটৰীটোত বিভিন্ন পৰীক্ষা কৰিবলৈ পৰামর্শ প্রদান কৰিছে৷ ৰাজ্য চৰকাৰে সকলো চিকিৎসালয় আৰু স্বাস্থ্যকেন্দ্রত ক’ভিড পৰীক্ষা বিনামূলীয়াকৈ কৰাৰ সুবিধা প্রদান কৰিছে৷

ক’ভিড সৃষ্ট এই জটিল পৰিস্থিতিৰ সময়ত পাণ্ডু এফআৰইউৰ চিকিৎসক ডাঃ গীতিমা ডেকাই আদাবাৰীৰ বায়’স্কেন নামৰ লেব’ৰেটৰীটোত ক’ভিডৰ আৰটিপিআৰ পৰীক্ষাকে ধৰি অন্যান্য পৰীক্ষা কৰিবলৈ ৰোগীক দিয়া প্রেছক্রিপচনত পৰামর্শ প্রদান কৰি আহিছে৷ ভুক্তভোগী ৰোগীৰ অভিযোগ অনুসৰি পাণ্ডু এফআৰইউৰ চিকিৎসক ডাঃ গীতিমা ডেকাই নিয়মীয়াকৈ লাভ কৰি অহা কমিছনৰ বাবেই এনেদৰে ৰোগীৰ প্রেছক্রিপচনত বায়’স্কেনত বিভিন্ন পৰীক্ষা কৰিবলৈ পৰামর্শ প্রদান কৰে৷

চৰকাৰী নিয়ম অনুসৰি ৰোগীৰ প্রেছক্রিপচনত ব্যক্তিগত লেব’ৰেটৰীৰ নাম উল্লেখ কৰিব নোৱাৰে৷ কিন্তু কমিছনৰ অংকত পাণ্ডু এফআৰইউৰ চিকিৎসক গীতিমা ডেকাই এনেদৰে ৰোগীক দিয়া প্রেছক্রিপচনত ব্যক্তিগত লেব’ৰেটৰীৰ নাম উল্লেখ কৰি বিষয়টো সন্দর্ভত স্বাস্থ্য বিভাগে কি ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷

You might also like