নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ষষ্ঠ অনুসূচীঃ কার্বি শান্তি চুক্তি

-ড০ ৰণজিৎ সভাপণ্ডিত

স্বাধীনতাৰ ৰ’দ–কাঁচলিৰে পৰা অসমে পাহাৰ–ভৈয়ামৰ ‘বৰ অসম’ অক্ষুণ্ণ ৰখাৰ আন্তৰিক প্রচেষ্টা চলাই আহিছে৷ লোকপ্রিয় বৰদলৈয়ে পাহাৰবাসীৰ স্বার্থত সংবিধানত ষষ্ঠ অনুসূচী অন্তর্ভুক্ত কৰাইছিল, তেওঁলোকৰ হাতত ক্ষমতা তুলি দিছিল, মুখ্যমন্ত্রী চলিহাই পাহাৰ–ভৈয়ামৰ এনাজৰী শক্তিশালী কৰি ৰাখিবৰ কাৰণে শ্বিলঙত মিলাপ্রীতি সন্মিলন অনুষ্ঠিত কৰিছিল, কু–ভ্যাস কানি, বৰবিহ পাহাৰীয়াসকলৰ মাজৰ পৰা আঁতৰ কৰাৰ বাবে আইন প্রণয়ন কৰিছিল, কিন্তু ইমানৰ পিছতো অসমীয়াপ্রীতিক পাহাৰীয়া জনগোষ্ঠীসমূহে সন্দেহৰ চকুৰে চাইছিল৷ পাহাৰীয়া জনগোষ্ঠীৰ মুষ্টিমেয় নেতাই সুকীয়া ৰাজ্যৰ দাবীত আন্দোলনৰ সূচনা কৰি, সশস্ত্র সংগ্রামত লিপ্ত হৈ এখনৰ পিছত এখন পাহাৰীয়া জিলাক ৰাজ্যত পৰিণত কৰালে৷ পাহাৰী জনগোষ্ঠীয় নেতাৰ বিচ্ছিন্নতাবাদৰ প্রতিফলন আনবোৰ জনগোষ্ঠীৰ মাজতো দেখা গ’ল৷ জনগোষ্ঠীয় চেতনাক প্রাধান্য দি তেওঁলোকে অসমত থাকিও অসমীয়া হ’ব নোখোজাৰ প্রৱণতা গঢ়ি তুলিলে৷
মণ্টেগু ছেমচ ফ’ড সংস্কাৰ প্রতিবেদনৰ (১৯১৯) আধাৰত ৰচিত ১৯১৯ চনৰ ভাৰত চৰকাৰ আইনৰ ৫২ নং (ক) অনুচ্ছেদত ইংৰাজ শাসনে ঢুকি নোপোৱা অসমৰ কেইবাটাও এলেকাৰ বিষয়ে উল্লেখ কৰি গৈছে৷ এই নির্দিষ্ট এলেকাকেইটাক পশ্চাদপদ অঞ্চল Backward Tract) বুলি চিহ্ণিত কৰাৰ লগতে ইয়াত ব্রিটিছৰ পৰোক্ষ শাসনৰ প্রয়োজনীয়তাহে স্বীকাৰ কৰি গৈছে৷ এই পিছপৰা অঞ্চলবোৰ আছিল গাৰোপাহাৰ, ৰাজধানী শ্বিলং মিউনিচিপালিটী এলেকা বাদ দি খাছি–জয়ন্তীয়াপাহাৰ, মিকিৰপাহাৰ, কাছাৰৰ অন্তর্গত উত্তৰ কাছাৰ, লুছাইপাহাৰ, নগাপাহাৰ, শদিয়া সীমান্ত, বালিপৰা সীমান্ত আৰু লখিমপুৰ সীমান্ত অঞ্চল৷ ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনে এই অঞ্চলসমূহত প্রৱর্তিত পিছপৰা অঞ্চল অবিধাটো আঁতৰাই তাৰ ঠাইত বহির্ভূত অঞ্চল excluded area) আৰু অর্ধবহির্ভূত অঞ্চল partially excluded area) নামৰ দুটা ভাগ কৰে৷ স্বাধীনতাৰ পিছত এই অঞ্চলসমূহত শাসনৰ নীতি নির্ধাৰণৰ কাৰণে বৰদলৈৰ নেতৃত্বত তিনিজনীয়া সমিতি Bordoloi Committee) গঠন কৰা হয়৷ বৰদলৈয়ে পাহাৰীয়া জনজাতীয় এলেকাত উপস্থিত হৈ এই লোকসকলৰ অনুভৱ–নুভূতিক প্রাধান্য দি এখন প্রতিবেদন তৈয়াৰ কৰি সংবিধান নির্মাণৰ কাণ্ডাৰী আম্বেদকাৰৰ হাতত অর্পণ কৰে৷ অসমৰ পাহাৰীয়া জনগোষ্ঠীৰ স্বার্থত বৰদলৈ কমিটীয়ে যুগুত কৰা প্রতিবেদনৰ মূল বিষয়কেইটা হৈছে– (১) পাহাৰীয়া জনগোষ্ঠীয় লোকসকলৰ ভূ–সম্পত্তিৰ সুৰক্ষা তথা ভৈয়ামবাসীৰ আগ্রাসন মুক্ত কৰা (২) জনজাতীয়সকলৰ সাংস্কৃতিক ৰক্ষণাবেক্ষণ দিয়া (৩) জনজাতীয়সকলৰ পৰম্পৰাগত স্ব–শাসন ব্যৱস্থাটো অটুট ৰখা আৰু প্রয়োজনীয় পুঁজি যোগান ধৰা৷ বৰদলৈ কমিটীৰ মূল বিষয়সমূহৰ ওপৰত গণ পৰিষদৰ বিশেষ আপত্তি কৰিব লগা নহৈছিল৷ বৰদলৈ কমিটীৰ প্রতিবেদন সংবিধানৰ ষষ্ঠ অনুসূচীভুক্ত হয়৷
বৰদলৈ কমিটীৰ প্রতিবেদন ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ ৰূপ ধাৰণ কৰাটো বৰ অসমৰ পাহাৰী জনগোষ্ঠীৰ স্বার্থত এক বিশেষ গুৰুত্বপূর্ণ পদক্ষেপ৷ বিস্তৃত ৰূপত সুবিশাল অঞ্চলৰ প্রশাসনৰ কাৰণে যুগুতোৱা বৰদলৈ প্রতিবেদন অর্থাৎ ষষ্ঠ অনুসূচী সেই অর্থত এই ক্ষুদ্র সংবিধান৷ পাহাৰীয়া জিলাকেইখনে স্বায়ত্ত শাসনৰ সুবিধা লাভ কৰাৰ লগতে সংবিধান স্বীকৃত কেইবাটাও বিভাগত স্বতন্ত্রৰীয়াকৈ ৰাজনৈতিক, অর্থনৈতিক ক্ষমতা পোৱাৰ সুযোগ পায়৷ পৰৱর্তী সময়ত ষষ্ঠ অনুসূচীৰ আধাৰ ভৈয়ামলৈকে প্রসাৰ ঘটিল৷
পাহাৰীয়া জনগোষ্ঠীকেইটাক প্রায়বোৰ দিশতে নিজস্বতা বর্তাই থাকিবলৈ দি অসমৰ ৰাজনৈতিক পৰিসীমাত অন্তর্গত কৰাৰ বৰদলৈৰ যি আন্তৰিক প্রচেষ্টা আছিল, সেয়া থানবান হ’বলৈ বেছি দিনৰ প্রয়োজন নহ’ল৷ সংবিধান বলৱৎ হোৱাৰে পৰা এটা দশকৰ পিছতে ষষ্ঠ অনুসূচীত কেইবাটাও সংশোধন ঘটোৱা হ’ল৷ ১৯৫৭ চনত পোনপ্রথম ষষ্ঠ অনুসূচীৰ সংশোধন ঘটাই নগাপাহাৰ জিলাৰ লগত টুৱেনচাং এলেকা সংযোগ ঘটোৱা হ’ল৷ ১৯৬২ চনত দ্বিতীয়টো সংশোধনীৰ যোগেদি নাগালেণ্ডক ৰাজ্যৰ মর্যাদা দিয়া হ’ল৷ তৃতীয়টো সংশোধনীৰ যোগেদি (১৯৬৯) ‘অসম পুনৰ গঠন আইন (মেঘালয়)’ তৈয়াৰ কৰি অসমৰ পৰিধিৰ ভিতৰতে মেঘালয় নামৰ স্বায়ত্তশাসিত Autonomous) ৰাজ্য এখনৰ ঘোষণা কৰা হ’ল৷ অনুসূচীটোৰ চতুর্থটো সংশোধনী ঘটাই ১৯৭১ চনত (৩০ ডিচেম্বৰ) নর্থ ইষ্টার্ন এৰিয়া (পুনর্গঠন) আইন তৈয়াৰ কৰি মেঘালয়, মিজোৰাম আৰু অৰুণাচল প্রদেশ নামৰ তিনিখন ৰাজ্য গঠন কৰা হ’ল৷ পঞ্চমটো সংশোধনীৰ যোগেদি ১৯৭১ চনত (২৩ মার্চ) ত্রিপুৰা ৰাজ্যৰ কাৰণে ‘ড্রাইবেল এৰিয়া এট’নমাছ ডিষ্ট্রিক্ট কাউঞ্চিল’ আইনখন তৈয়াৰ কৰা হ’ল৷ ১৯৯৫ চনৰ ষষ্ঠ অনুসূচীৰ সপ্তম আৰু অষ্টম সংশোধনী ঘটাই কার্বি আংলং আৰু উত্তৰ কাছাৰক প্রাদেশিক স্বায়ত্ত শাসনৰ ক্ষমতা দিয়া হ’ল৷ এই অনুসূচীৰ ষষ্ঠ আৰু নৱম সংশোধনী বিশেষ তাৎপর্যপূর্ণ বুলি ক’ব পৰা যায়৷ প্রথমটোৰ যোগেদি পোনপ্রথমবাৰৰ কাৰণে ষষ্ঠ অনুসূচীৰ পৰিসৰ পাহাৰৰ পৰা ভৈয়ামলৈ নমাই অনা হ’ল আৰু দ্বিতীয়টোৰ যোগেদি বডো জনগোষ্ঠীক স্বায়ত্ত পৰিষদ তথা স্বাযত্ত শাসন প্রদান কৰা হ’ল৷
দেখা যায় ষষ্ঠ অনুসূচীয়ে বিশৃংখল পৰিৱেশ এটাৰ সৃষ্টি কৰি গ’ল৷ এসময়ত ষষ্ঠ অনুসূচীৰ ভাব–চিন্তাত আবদ্ধ নাগালেণ্ড আৰু অৰুণাচল প্রদেশৰ কোনোটো এলেকাই এতিয়া এই অনুসূচীৰ অধীনত নহয়৷ মেঘালয় আৰু মিজোৰামৰ কাৰণে এতিয়া ষষ্ঠ অনুসূচী গুৰুত্বহীন৷ আনহাতে সংবিধান বলৱৎ হোৱাৰ সময়ত কোনো অঞ্চলেই ষষ্ঠ অনুসূচীৰ ভিতৰত নথকা ত্রিপুৰাৰ প্রায় ৫০ শতাংশ এলেকা এতিয়া এই অনুসূচীৰ অন্তর্গত৷ পাহাৰী জিলাকেইখন অসমৰ পৰা ফাটি গৈ ৰাজ্যত পৰিণত হ’ল৷ কিন্তু তাৎপর্যপূর্ণ কথাটো হৈছে যে একমাত্র ষষ্ঠ অনুসূচীক আধাৰ হিচাপে লৈয়ে জিলাসমূহে ৰাজ্যৰ মর্যাদা পোৱাৰ পথটো সুচল হ’ল৷
অসমৰ অন্তর্গত পাহাৰীয়া জনগোষ্ঠীৰ উদ্দেশ্য প্রৱর্তিত ষষ্ঠ অনুসূচীৰ পৰিহাস এতিয়া মন কৰিবলগীয়া৷ এক কথাত ষষ্ঠ অনুসূচীয়ে কোনো সুফল নিদিলে৷ এতিয়া এই অনুসূচীটো মাত্র বর্তি আছে কার্বি আংলং আৰু ডিমা হাছাওত৷ তাতো এক কথাত থৰক–বৰক অৱস্থা৷ কার্বিপাহাৰৰ জনতাই সুকীয়া ৰাজ্য দাবী কৰি আহিছে৷ আনকি স্বায়ত্ত পৰিষদ গঠনেৰে ৰাজনৈতিক ক্ষমতা আহৰণ কৰাৰ পিছতো বডোসকলৰ মাজত সুকীয়া ৰাজ্য গঠনৰ উকমুকনি লক্ষ্য কৰা যায়৷ ১৯৯৩ চনত বডো স্বায়ত্ত পৰিষদ, ২০০৩ চনত বডোলেণ্ড জিলা পৰিষদ আৰু ২৭টা বছৰ অতিক্রম কৰাৰ পিছত তৃতীয়খন ঐতিহাসিক বডো চুক্তি (২৭ জানুৱাৰী, ২০২১)ৰে বিটিআৰক পৃথক ৰাজ্যৰ তুলনাত শক্তিশালী আন্তঃগাঁথনি প্রদানৰ পিছতো এচাম নেতাৰ মাজত সুকীয়া ৰাজ্য বিচৰাৰ মানসিকতা অন্ত পৰা নাই৷
ছেমছনছিং ইংতি (১৯১০–৪৮)ৰ আদর্শৰে অনুপ্রাণিত কার্বি জনতাৰ মাজত স্বায়ত্তশাসিত ৰাজ্য গঠনৰ দাবী বহুদিনীয়া৷ ১৯৪৮ চনতেই কার্বি ‘আদৰবাৰে’ স্বায়ত্ত শাসনৰ কাৰণে আগবঢ়োৱা প্রস্তাৱ বৰদলৈ কমিটীয়ে মানি লৈছিল৷ সংবিধান প্রণয়নৰ সময়ত সংবিধান সভাই কার্বি–ডিমাচাৰ বাবে ২৪৪ নং (ক) অনুচ্ছেদৰ আধাৰত স্বায়ত্ত শাসনৰ প্রস্তাৱত অনুমোদন জনাই থৈ গৈছে৷ পৰৱর্তী সময়ত পার্বত্য ৰাজ্য গঠনৰ আন্দোলনেৰে খাছি–জয়ন্তীয়া নেতাসকলে প্রস্তাৱিত ‘মেঘালয়’ ৰাজ্যত মিকিৰ পাহাৰকো সুমুৱাই ল’বলৈ অপ্রাণ চেষ্টা চলাইছিল৷ এইক্ষেত্রত মিকিৰ পাহাৰৰ কেইজনমান নেতাই পূর্ণ সমর্থন জনাইছিল৷ সেই ভিত্তিত ২২ নং সংশোধনী বিধেয়ক লোকসভাত উত্থাপনেৰে (১৯৬৯) খাছি–জয়ন্তীয়া, গাৰো, মিকিৰ, উত্তৰ কাছাৰসহ এখন পার্বত্য ৰাজ্য গঠনৰ প্রস্তুতি চলোৱা হয়৷ তদানীন্তন মুখ্যমন্ত্রী চলিহাই ইয়াৰ তীব্র বিৰোধিতা কৰিছিল৷ তেওঁ মিকিৰপাহাৰ আৰু উত্তৰ কাছাৰ কোনো কাৰণতে মেঘালয়ৰ অন্তর্ভুক্ত হোৱাটো বিচৰা নাছিল৷ চলিহাৰ যুক্তি আছিল– মিকিৰ–উত্তৰ কাছাৰবাসীৰ লগত খাছি–জয়ন্তীয়া সংস্কৃতি বেলেগ৷ যদি একাকাৰ হয়, তেতিয়াহ’লে তেওঁলোকে চিৰদিনলৈ অশান্তি ভুগিব লাগিব৷ একমাত্র চলিহাৰ কাৰণেই মিকিৰপাহাৰ আৰু উত্তৰ কাছাৰ প্রস্তাৱিত মেঘালয়ৰ পৰা বাদ পৰিল৷ কার্বিসকলৰ স্বার্থত চলিহাৰ প্রচেষ্টা ঐতিহাসিক বুলি ক’ব পৰা যায়৷ কিন্তু দেখা যায় একাংশ কার্বি নেতাই মিকিৰপাহাৰ অসমৰ অন্তর্ভুক্ত হৈ থকাটো কামনা নকৰে৷ ১৯৮১ চনত স্বাযত্তশাসিত ৰাজ্য দাবী সমিতি গঠন কৰি তেওঁলোকে সংবিধান ২৪৪ (ক)ৰ অধীনত সুকীয়া ৰাজ্য বিচাৰি আহিছে৷ সেই উদ্দেশ্যে কার্বি জনতাৰ মাজত বিচ্ছিন্নতাবাদে গা কৰি উঠিছে৷ ৰাজ্য তথা কেন্দ্রীয় চৰকাৰে সশস্ত্র সংগ্রাম পৰিহাৰ কৰাৰ বিনিময়ত ৰাজনৈতিক ক্ষমতা হাতত তুলি দিয়া প্রতিশ্রুতি দিছিল৷ হিংসাৰ আশ্রয় লৈ সুকীয়া ৰাজ্য দাবীদাৰসকলক সন্তুষ্টি কৰিবলৈ ষষ্ঠ অনুসূচীৰ ভিত্তিত বডো চুক্তিৰ আর্হিত (৪ ছেপ্ঢেম্বৰ, ২০০০) শান্তি চুক্তি সম্পন্ন হৈছে৷
শান্তি চুক্তিয়ে কার্বি পৰিষদৰ সদস্যৰ সংখ্যা ২৬ৰ পৰা ৫০লৈ বৃদ্ধি কৰিছে৷ কেন্দ্র তথা ৰাজ্য চৰকাৰে ক্রমে ১৬ আৰু ২১টা উন্নয়ন প্রকল্প ঘোষণা কৰিছে৷ ভৈয়ামৰ কার্বিসকলৰ বাবে ‘কার্বি কল্যাণ পৰিষদ’ গঠনৰ আশ্বাস দিছে৷ কার্বি ভাষাক জিলা পর্যায়ত চৰকাৰী ভাষাৰ মর্যাদা দিয়াৰ কথা জানিব পৰা গৈছে৷ কিন্তু ইয়াৰ পিছতো জিলাখনত চুক্তিবিৰোধী আন্দোলন আৰু প্রতিবাদ কিয়? ২৪টা জাতীয় সংগঠনৰ মর্চাইno autonomous state no rest ধবনি দিছে৷ তেওঁলোকে ২৪৪ ‘ক’ৰ অধীনত সুকীয়া ৰাজ্যৰ দাবীত অচল–টল৷ দেখা যায় সদ্যসমাপ্ত কার্বি শান্তি চুক্তিখন দুটা পক্ষ– বিদ্রোহী গোট আৰু চৰকাৰৰ লাভালাভৰ মাজতে সীমাবদ্ধ, য’ত সাধাৰণ কার্বি জনতা উপেক্ষিত হৈ ৰোৱাৰ দিশটো স্পষ্ট৷
অসম চৰকাৰৰ পার্বত্য উন্নয়ন বিভাগে কার্বি আংলং আৰু ডিমা হাছাও জিলাত ইতিমধ্যে যথেষ্টসংখ্যক স্থানীয় লোকক নিযুক্তি দিছে৷ পূর্বৰ সোণোৱাল চৰকাৰে জিলা দুখনত খালী পদৰ বিপৰীতে অধিক কর্মচাৰী নিযুক্তি দিয়াৰ খবৰ পোৱা গৈছে৷ অধিক কর্মচাৰী থকা সত্ত্বেও কিন্তু জিলা দুখনৰ শিক্ষা, স্বাস্থ্য আদি জনকল্যাণমূলক কাম–কাজ বহু পিছপৰি ৰৈছে৷ কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে যিবোৰ সা–সুবিধা স্বায়ত্ত পৰিষদৰ বাবে এৰি দিছে, সেই সকলোবোৰৰ সমবিতৰণ আৰু সুপৰিকল্পিতভাৱে কার্যত ৰূপায়ণ নকৰাটো অতি দুর্ভাগ্যৰ বিষয়৷ কার্বিসকলে বিচৰা মতে সুকীয়া ৰাজ্য নাপালেও স্থায়ী জিলা স্বায়ত্ত পৰিষদৰ জৰিয়তে আজি কিমানখিনি চকুত লগা পৰিকল্পনাৰ যোগেদি উন্নয়নমূলক কার্য আঁচনি হাতত লৈছে, এক কথাত গভীৰ চিন্তাৰ বিষয়৷ উত্তৰ কাছাৰ জিলা স্বায়ত্ত পৰিষদে উগ্রপন্থীৰ লগত হাত মিলাই চলিবলৈ যিমান টকা খৰচ কৰিছে, দৰিদ্র জনসাধাৰণৰ বাবে তাৰ চাৰিভাগৰ এভাগো টকা খৰচ কৰা নাই৷
স্বৰাজোত্তৰ কালৰে পৰা অসম চৰকাৰে ভৈয়ামৰ তুলনাত পাহাৰক প্রাধান্য দি আহিছে৷ পাহাৰবাসীক সন্তুষ্ট কৰাটোৱেই যেন চৰকাৰৰ একমাত্র উদ্দেশ্য৷ যাৰ ফলত প্রতিটো জনজাতীয় আন্দোলন ৰাজনীতিকৃত আন্দোলনৰ ৰূপ লৈ আহিছে৷ প্রতিটো আন্দোলন এচামৰ কাৰণে ৰাজনৈতিক ক্ষমতা ভোগৰ সুযোগ ঘটিছে৷ যেতিয়াই ক্ষমতা লাভৰ সুযোগ দেখে, তেতিয়াই আন্দোলনকাৰীয়ে চুক্তিত স্বাক্ষৰৰ যোগেদি আন্দোলনৰ সমাপ্তি ঘোষণা কৰে৷ আনহাতে ক্ষমতাৰ পৰা বাদ পৰাসকলে পুনৰ আন্দোলন সূচনা কৰে৷ এয়াই জনজাতীয় ৰাজনীতিৰ প্রকৃত চৰিত্র৷

You might also like