নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৮ কোটিৰ হেৰ’ইনসহ সৰবৰাহকাৰী দম্পতীক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা ২২ ছেপ্টেম্বৰঃ এদিন পূর্বে অসম–নাগালেণ্ড সীমান্তৰ লাহৰীজানত আৰক্ষীয়ে অভিযান চলাই ৩.৫ কোটি টকাৰ হেৰ’ইনসহ দুই ড্রাগ্ছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰাৰ পিছতে জিলাখনৰ বোকাজান আৰক্ষীয়ে মঙলবাৰে অভিযান চলাই পুনৰ কেইবাকোটি টকাৰ নিষিদ্ধ ড্রাগ্ছসহ এটা দম্পতীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷

প্রাপ্ত তথ্য অনুসৰি, এক গোপন সূত্রে লাভ কৰা তথ্যৰ ভিত্তিত বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত তথা বোকাজান থানাৰ ভাৰপ্রাপ্ত বিষয়া মণি চমুৱা, খটখটি থানাৰ ভাৰপ্রাপ্ত বিষয়া প্রতাপ চেনাৰ, উপ–পৰিদর্শক ক্রমে চৰণ মোহন চেতিয়া, মৃদুল ৰুদ্র পাল আৰু নিতুল শইকীয়াৰ সহযোগত চিআৰপিএফ, আৰক্ষী কমাণ্ডো বাহিনীৰ এটা দলে খটখটি থানাৰ অন্তর্গত জনকপুখুৰী নামৰ ঠাইত অভিযান চলায়৷

এই অভিযানত অভিযানকাৰী আৰক্ষীৰ দলটোৱে ৮০টা চাবোনৰ বাকচত লুকুৱাই অনা অৱস্থাত ১০০৫ গ্রাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়৷ জব্দ হোৱা হেৰ’ইনখিনিৰ আন্তঃৰাষ্ট্রীয় বজাৰমূল্য কমেও প্রায় ৮ কোটি টকা বুলি অনুমান কৰা হৈছে৷ এই সন্দর্ভত আৰক্ষীয়ে নাগালেণ্ডৰ এটা দম্পতীক গ্রেপ্তাৰ কৰে৷ ড্রাগ্ছ সৰবৰাহকাৰী দম্পতীটোৰ সৈতে এটি কণমানি শিশু থকা বুলি জানিব পৰা গৈছে৷ ধৃত দম্পতীটো ডিমাপুৰৰ নগা ইউনাইটেড ভিলেজৰ চাৰি মাইল নিৱাসী বেচিল মাও (২৭) আৰু মাথিব’ মাও বুলি চিনাক্ত কৰা হৈছে৷ ইয়াৰে বেচিল মাওৰ প্রকৃত ঘৰ মণিপুৰৰ সেনাপতি জিলাৰ চাডুবি কাইবিত যদিও শেহতীয়াকৈ ডিমাপুৰত বসবাস কৰি আহিছিল৷ উল্লেখ্য যে জব্দ হোৱা হেৰ’ইনখিনি মণিপুৰৰ পৰা সৰবৰাহ কৰি আনি থকা অৱস্থাতে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়৷

You might also like