নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মঙলৰ বুকুত সঘনে সৃষ্টি হয় কম্পনঃ এমাহত তিনিবাৰকৈ থৰথৰকৈ কঁপিল ৰঙা গ্রহ

নিয়মীয়া বাৰ্তা ২৪ ছেপ্টেম্বৰঃ সম্পূর্ণ নির্জীৱ হৈ যোৱা নাই ৰঙা গ্রহ মঙল৷ ৰঙা গ্রহৰ প্রাণৰ ৰক্তকণিকা বর্তমানো জীৱিত হৈ আছে৷ তাৰ বাবেই এই গ্রহত সঘনে অনুভূত হৈছে কম্পন৷ আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই প্রেৰণ কৰা ৰ’ভাৰ ইনছাইটে এমাহৰ ভিতৰত তিনিবাৰকৈ মঙলৰ কম্পন ধৰা পেলাবলৈ সক্ষম হৈছে৷

দুদিনৰ ভিতৰত তিনিবাৰকৈ কম্পন অনুভূত হৈছে ৰঙা গ্রহত৷ লক্ষণীয়ভাৱে কম্পনৰ মাত্রা ইমানেই প্রবল আছিল যে একেৰাহে আধাঘণ্টা ধৰি গ্রহটো থৰ থৰকৈ কঁপিছে৷ মঙলৰ অভ্যন্তৰত থকা পাথৰবোৰৰ স্তৰৰ মাজত আৰম্ভ হয় এই কম্পন৷ কম্পনৰ ফলত ওপৰৰ স্তৰ তললৈ বহি গৈছে আৰু তলৰ স্তৰ উঠি আহিছে ওপৰলৈ৷

নির্জীৱ, নিষ্প্রাণ হ’লে সেয়া কেতিয়াও সম্ভৱ নহ’লহেঁতেন বুলি বিজ্ঞানীসকলে মতপোষণ কৰিছে৷ নাছাৰ তথ্য অনুসৰি যোৱা ২৫ আগষ্টৰ পৰা ১৮ ছেপ্ঢেম্বৰলৈ মঙলত তিনিটাকৈ কম্পন অনুভূত হৈছিল৷ এই কম্পনক কোৱা হয় ‘মার্চকুৱেক’৷ এই তিনিটা কম্পনৰ এটাৰ প্রাবল্য আছিল ৪.১৷ আন দুটাৰ প্রাবল্য ৪.২ আছিল বুলি ইতিমধ্যে ইনছাইটৰ ছিচ’মিটাৰে ধৰা পেলাইছে৷

মঙলৰ এই কম্পনক লৈ জ্যোতির্বিজ্ঞানীসকলৰ্ মাজত সৃষ্টি হৈছে কৌতূহল৷ কাৰণ পৃথিৱীৰ দৰে মঙলৰ বক্ষত নাই কোনোধৰণৰ টেক্টনিক প্লেট৷ পূর্বৰ সাগৰ, মহাসাগৰ, বিশাল জলাশয়বোৰ শুকাই গৈছে৷ মঙলৰ বক্ষত আছে এতিয়া মাথোঁ শিলাস্তৰ৷ তথাপি এনে ঘন ঘন কম্পনাংকৰ কাৰণ কি? একাংশ গৱেষকৰ মতে, সূর্যৰ বিভিন্ন ক্রিয়াৰ ফলত মঙলত এনে ঘন ঘন কম্পনাংকৰ সৃষ্টি হ’ব পাৰে৷ কিন্তু সেয়াও প্রামাণিক সত্য নহয়৷

You might also like