নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভোগালীলৈ মাজত মাথোঁ কেইটামান দিন

গাঁৱৰ ঘৰে ঘৰে ঢেঁকীৰ গুমগুমনি

নিয়মীয়া বাৰ্তা ১০ জানুৱাৰীঃ  অসমৰ কৃষিভিত্তিক উৎসৱ ভোগালী বিহুলৈ মাজত মাথো ৪–৫ দিন বাকী৷ নাগৰিকত্ব সংশোধনী আইনক কেন্দ্র কৰি সমগ্র ৰাজ্যতে প্রতিবাদৰ বিস্ফোৰণ ঘটাৰ সমান্তৰালকৈ আঘোণৰ সোণোৱালী পথাৰৰ সোণগুটি কৃষকে ঘৰলৈ অনাৰ পাছতে উদং হৈ পৰা মুকলি পথাৰবোৰত বিভিন্ন গ্রামাঞ্চলৰ লোকসকলে ভেলাঘৰ, মেজি সাজি মিলিজুলি এসাঁজ খোৱাৰো ব্যাপক প্রস্তুতি চলোৱা পৰিলক্ষিত হৈছে ৷

                         গাঁৱৰ ঘৰে ঘৰে শুনিবলৈ পোৱা ঢেঁকীৰ চিনাকি শব্দই এতিয়া বিহু অহাৰ বাতৰি দিছেহি ৷ ৰাজ্যৰ আন প্রান্তৰ দৰে তিতাবৰ মহকুমাৰ গ্রামাঞ্চলসমূহতো সান্দহ, মুৰি, চিৰা, দৈৰ লগতে বিভিন্ন প্রকাৰৰ লাড়ু, পিঠা আদি বনাই উলহ–মালহেৰে ভোগালীক আদৰাৰ প্রস্তুতি চলাইছে ৷ দোকান বজাৰসমূহতো বিহুৰ বিভিন্ন খাদ্য সামগ্রীৰে ভৰি পৰা পৰিলক্ষিত হৈছে ৷ ঠায়ে ঠায়ে অনুষ্ঠিত ভোগালী মেলাত ৰছী টনা, ম’হ যুঁজ, কুকুৰা যুঁজ, বিভিন্ন প্রকাৰৰ পিঠা আদিৰ প্রতিযোগিতা চলিছে। বিহুৰ দিন চমু চাপি অহাৰ লগে লগে বজাৰত বৃদ্ধি পাইছে গুড়ৰ চাহিদা ৷ কিয়নো গুড় নহ’লে বিহুৰ জলপান নহয় ৷ কুঁহিয়াৰ খেতি কৰি গুড় প্রস্তুত কৰা কৃষকসকল এইকেইদিন দিনে-ৰাতিয়ে ব্যস্ত ৷

গাঁৱৰ ডেকাসকল প্রায় এসপ্তাহৰ আগৰ পৰাই খৰি খেৰ গোটোৱা, ভেলাঘৰ সজা, চাফা কৰা আদি কামত ব্যস্ত হৈ পৰিছে ৷ বৰহোলা, নগাবাট, বেকাজান আদিৰ বিভিন্ন গাঁৱৰ কেইবাজনো বয়োজ্যেষ্ঠ কৃষকে জনাই যে বিহুৰ দিনকেইটাত আগতে গাঁৱৰ মানুহে ওচৰ চুবুৰীয়া, আত্মীয়–স্বজনক নিমন্ত্রণ কৰি জা-জলপানৰ লগতে এসাঁজ মিলাপ্রীতিৰে খোৱাৰ এক পৰম্পৰা আছিল ৷ তদুপৰি প্রায় এমাহৰ আগৰ পৰাই নৰা, খেৰ, খৰি আদি গোটাই ভেলাঘৰ সাজি উৰুকাৰ নিশা সকলোৱে ভেলাঘৰতে কটাই পিছদিনা পুৱাতে গা পা ধুই অদৃশ্যজনক এবাৰ সেৱা কৰি মেজি জ্বলোৱা হৈছিল ৷ কিন্তু এনেধৰণৰ পৰম্পৰাবোৰত আজিৰ বহু নৱপ্রজন্মই আনন্দ বিচাৰি নোপোৱাটো অতিকৈ দুর্ভাগ্যজনক বুলি মত প্রকাশ কৰে গ্রামাঞ্চলৰ বহুকেইজনে ৷

                            ইফালে নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে বিজেপি চৰকাৰে অসমীয়া জাতিৰ অস্তিত্ব আৰু প্রভুত্ব নিঃশেষ কৰিবলৈ চলোৱা কুটিল চক্রান্তৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিব লগা হোৱাৰ বাবে একাংশই এইবাৰ মাঘ বিহুৰ আয়োজন কৰাৰ পৰা বিৰত থাকিববুলি জানিব পৰা গৈছে ৷ আন একাংশই আকৌ অসমীয়াৰ বাপতি সাহোন এই ভোগালী বিহুটোত পূর্বৰ সাতামপুৰুষীয়া পৰম্পৰা অটুট ৰাখি উলহ–মালহেৰে উদ্যাপন কৰিবলৈ সাজু হোৱা পৰিলক্ষিত হৈছে

You might also like