নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰিবহণ বিভাগৰ ৩৮২ দালালৰ তালিকা মুখ্যমন্ত্রীৰ হাতত

নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰঃ চক্র বিষয়াৰ কার্যালয়ত মাটিৰ দালালৰ পাছত এইবাৰ পৰিবহণ বিভাগৰ দালালৰাজৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ সন্মুখতে মুখ্যমন্ত্রী ড০ শর্মাই বিভাগটোত চলি থকা দালালৰাজ, দুর্নীতিৰ বিষয়ে উল্লেখ কৰি তেওঁৰ হাতত বর্তমান ডি টি অ’ কার্যালয়ৰ ৩৮২জন দালালৰ তালিকা আছে বুলি প্রকাশ কৰে৷

অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে চৰকাৰে লার্নাৰ ড্রাইভিং লাইচেঞ্চ অনলাইনযোগে দিয়াৰ ব্যৱস্থা কৰাৰ ২২ দিনৰ ভিতৰত ৫৩ হাজাৰজনে ড্রাইভিং লাইচেঞ্চ লাভ কৰিবলৈ সক্ষম হয়৷ কাৰ ভয়ত এইসকল লোকে ইমানদিনে ডি টি অ’ৰ কার্যালয়লৈ অহা নাছিল বুলি প্রশ্ন কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মাহত ডি টি অ’ৰ কার্যালয়লৈ পাঁচ হাজাৰ লোকহে লাইচেঞ্চ বিচাৰি আহে৷ এনে অৱস্থাত ৪৮ হাজাৰ লোক কাৰোবাৰ ভয়ত লার্নাৰ লাইচেঞ্চ বিচাৰি অহা নাছিল৷ অনলাইনযোগে যিসকলে লার্নাৰ লাইচেঞ্চ বিচাৰিলে, সেইসকল কোনো বিদেশী লোক নহয়, বাংলাদেশৰ পৰা অহা নহয়, আটাইকে আধাৰ কার্ডৰ ওপৰতহে ড্রাইভিং লাইচেঞ্চ দিয়া হৈছে৷ পৰিবহণৰ কাম–কাজ কেনেকৈ চলিছিল, এই ঘটনাই সেইটো প্রমাণ কৰাৰ লগতে বিভাগটোৰ প্রতি যে মানুহৰ অনাস্থা আছিল সেই কথাও সূচাইছে৷ পদ্ধতি যেতিয়া শুদ্ধ হয়, মানুহ নিজেই ৰাজহ দিবলৈ আগবাঢ়ি অহাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এইবাৰ লার্নাৰ লাইচেঞ্চৰ নামত ৫০০ টকাকৈ বিভাগে আদায় লৈ এইকেইটা দিনতে আঢ়ৈ কোটিৰ পৰা তিনি কোটি টকা ৰাজহ সংগ্রহ কৰিবলৈ সক্ষম হয়৷ অথচ পূর্বতে মাহে ড্রাইভিং লাইচেঞ্চৰ পৰা ৪০–৫০ লাখ টকাহে ৰাজহ সংগ্রহ হৈছিল৷

পৰিবহণ বিভাগৰ ডি টি অ’ৰ কার্যালয়ত দালালৰাজ চলি থকাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বর্তমান তেওঁৰ হাতত ডি টি অ’ কার্যালয়ৰ ৩৮২জন দালালৰ তালিকা আছে৷ সেই দালালসকলৰ সম্পত্তিৰ বিশাল তালিকা দেখিলে অসমখন যথেষ্ট উন্নত হোৱা যেন অনুভৱ হয়৷ আসন্ন দুর্গাপূজাৰ আগেয়ে ড্রাইভিং লাইচেঞ্চ নৱীকৰণ আৰু ডুপ্লিকেট লাইচেঞ্চ প্রদান ব্যৱস্থাও অনলাইনযোগে কৰা হ’ব বুলি সেই অনুষ্ঠানতে মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰে৷ বিভাগটোত ১৫টামান সেৱা অনলাইনযোগে অনাগত দিনত কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে৷ সেই অনুষ্ঠানতে মুখ্যমন্ত্রী ড০ শর্মাই ট্রেড লাইচেঞ্চ প্রদানৰ নামতো চলি থকা ব্যাপক দুর্নীতিৰ বিষয়ে উল্লেখ কৰি কয় যে গুৱাহাটীত একোখন ট্রেড লাইচেঞ্চ পাবৰ বাবে মানুহে প্রায় ৩০ হাজাৰ টকা খৰচ কৰিব লাগে৷ এই ধনৰ মাত্র ১ হাজাৰ টকাহে চৰকাৰলৈ আহে৷

কম্পিউটাৰৰ জৰিয়তে ট্রেড লাইচেঞ্চ পাবৰ বাবে আবেদনৰ ব্যৱস্থা কৰিলে ৰাইজে ৭ হাজাৰ টকা পর্যন্ত চৰকাৰক দিবলৈ আগবাঢ়ি আহিব বুলি প্রকাশ কৰি ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে জনসাধাৰণ আৰু চৰকাৰৰ মাজত প্রতিবন্ধকতা থিয় হৈ থাকিলে চৰকাৰৰো ৰাজহ ক্ষতি হয় আৰু মানুহৰো ক্ষতি হয়৷ মাত্র মাজৰ কিছু ব্যক্তি আৰু মধ্যভোগীৰহে জীৱন সুন্দৰ হয়৷ অসম প্রযুক্তিৰ পৰা আন ৰাজ্যতকৈ বহু দূৰত থকা বাবে ৰাজ্যখনত সেই পৰিৱেশ বেছি হোৱাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসমত ভূমি ৰাজহৰ ৰেকর্ড ডিজিটেলাইজ হোৱা নাই৷ সেয়া হোৱা হ’লে উপ–পঞ্জীয়কৰ কার্যালয়ত মাটিৰ পঞ্জীয়ন কৰাৰ পাছত এছ ডি চিৰ কার্যালয়ত সেই তথ্য উপলব্ধ হ’ব৷ তাৰ ফলত জনসাধাৰণে নামজাৰি কৰিবৰ বাবে কার্যালয়ে কার্যালয়ে গৈ টেবুলে টেবুলে ঘূৰি ফুৰিব নালাগে৷ ডি টি অ’ৰ কার্যালয়, উপায়ুক্তৰ কার্যালয়কে ধৰি প্রায় কার্যালয়তে টকা নিদিলে কাম নহয় বাবে জনসাধাৰণে চৰকাৰখনকে দুর্নীতিগ্রস্ত বুলি ভাবে৷ কিন্তু মণ্ডলে সংগ্রহ কৰা পইচাৰ ভাগ কোনো মন্ত্রীয়ে নাপায়৷ পেন্সনাৰসকলক কোনো মন্ত্রী–বিধায়কে হাৰাশাস্তি কৰা নাই৷ হাৰাশাস্তি কৰিছে যদিও সেই বিভাগৰে কর্মচাৰীয়ে কৰিছে৷ সেয়েহে তেওঁ প্রতিগৰাকী চাকৰিয়ালকে এদিন তেওঁ অৱসৰ গ্রহণ কৰিব, সেই মানসিকতাৰে কাম কৰিবলৈ আহ্বান জনোৱাৰ লগতে নতুন প্রজন্মকো এখন নতুন সুস্থ সমাজ গঢ়াৰ দায়বদ্ধতাৰে কাম কৰিবলৈ আহ্বান জনায়৷ অসম চৰকাৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ‘নূন্যতম চৰকাৰ, অধিকতম প্রশাসন’ নীতিক বাস্তৱায়িতকৰণৰ বাবে নিৰৱচ্ছিন্নভাৱে কাম কৰি আছে৷ জনসাধাৰণে যাতে চৰকাৰী কার্যালয়লৈ নহাকৈ ঘৰতে বহি সেৱাসমূহ লাভ কৰিব পাৰে, তাৰ বাবে প্রযুক্তিৰ সর্বোচ্চ ব্যৱহাৰৰ মাধ্যমেৰে প্রশাসনিক ব্যৱস্থালৈ আমূল পৰিৱর্তন আনিবলৈ বর্তমানৰ চৰকাৰখনে প্রথমটো দিনৰ পৰাই নিষ্ঠাৰে কাম কৰি আহিছে বুলি মুখ্যমন্ত্রী ড০ শর্মাই কয়৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে জনসাধাৰণ আৰু চৰকাৰৰ মাজত বিশ্বাসৰ বাতাৱৰণ বর্তাই ৰাখিবৰ বাবে ৰাজ্য চৰকাৰে চৰকাৰী চাকৰিত নিয়োগৰ বাবে পুলিচ ভেৰিফিকেচনৰ ব্যৱস্থা নোহোৱা কৰিলে৷ ইয়াৰ পৰিৱর্তে নতুনকৈ নিযুক্তি লাভ কৰা যুৱক–যুৱতীসকলে নিজাকৈয়ে তেওঁৰ বিৰুদ্ধে কোনো গোচৰ নাই বুলি নিজেই স্বপ্রত্যাহিত প্রমাণ–পত্র দিব৷ বহুতে এই ব্যৱস্থাত নতুনকৈ নিযুক্তিপ্রাপ্তসকলে চৰকাৰক ফাঁকি দিব বুলি সন্দেহ প্রকাশ কৰিছে৷ থানাৰ অ’চিয়ে দিয়া চার্টিফিকেটখন মানি ল’ব অথচ চাকৰি প্রার্থীগৰাকীয়ে বহু কষ্টৰ বিনিময়ত লাভ কৰা চাকৰিটোৰ ক্ষেত্রত ফাঁকি দিব বুলি কৰা সন্দেহে প্রথম দিনটোৰ পৰাই তেওঁলোকক অবিশ্বাসৰ আৱর্তনলৈ অনা হ’ব৷ ইয়াৰ ফলত তেওঁলোকেও অবিশ্বাসৰ শৃংখলৰ মাজত সোমাই পৰে৷ জনসাধাৰণক চৰকাৰে অবিশ্বাস কৰা আৰম্ভ কৰিলে চৰকাৰখন জনসাধাৰণ পৰা দূৰলৈ গৈ থাকে৷ চৰকাৰে জনসাধাৰণৰ লগত বন্ধুত্ব আৰু উন্নয়নৰ কামৰ অংশীদাৰ কৰিব লাগে৷

ইপিনে এই অনুষ্ঠানতে মুখ্যমন্ত্রী ড০ শর্মাই মাজুলী–যোৰহাট ফেৰী সেৱাৰ বাবে এটা ই–টিকেটিং ব্যৱস্থা আনুষ্ঠানিকভাৱে মুকলি কৰে৷ এমট্র’নে প্রস্তুত কৰা এই এনড্রইড ভিত্তিক প’র্টেলটোৰ জৰিয়তে মাজুলী–যোৰহাট ফেৰী সেৱাৰ যাত্রীসকল উপকৃত হ’ব৷ যাত্রীসকলে ঘৰতে বহি টিকট ক্রয়ৰ লগতে ফেৰী চলাচলৰ সময়সূচীও জানিব পাৰিব৷ সেইদৰে ক’ভিডৰ দ্বিতীয় ঢ়ৌৰ সময়ত আন্তঃজিলা বাছ সেৱা বন্ধ থকাৰ বাবে নিজৰ জীৱিকা অর্জনত যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা আন্তঃজিলা বাছ সেৱাত নিয়োজিত লোকসকলক সহায়ৰ হাত আগবঢ়োৱাৰ বাবে মুখ্যমন্ত্রী ড০ শর্মাই আজি আন্তঃজিলা বাছৰ চালক, কণ্ডাক্টৰ আৰু হেণ্ডিমেনসকলৰ বাবে মুখ্যমন্ত্রী ক’ভিড সাহায্য আঁচনিও মুকলি কৰে৷ এক অনলাইন প’র্টেলৰ জৰিয়তে বাছৰ মালিকসকলে তেওঁলোকৰ চালক–কণ্ডাক্টৰ–হে নাম পঞ্জীয়ন কৰিব লাগিব৷ চৰকাৰে অহা ৩১ ডিচেম্বৰৰ ভিতৰত পঞ্জীয়ন কৰা চালক–কণ্ডাক্টৰ–হে প্রত্যেককে ১০ হাজাৰ টকাকৈ আর্থিক সাহায্য আগবঢ়াব৷ এই অনুষ্ঠানত পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, পৰিবহণ বিভাগৰ আয়ুক্ত আদিল খান, অসম দক্ষতা বিশ্ববিদ্যালয়ৰ উপাচার্য সুভাষ দাস, উদ্যোগ আৰু বাণিজ্য বিভাগৰ প্রধান সচিব কে কে দ্বিবেদীও উপস্থিত থাকে৷

You might also like