নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ট্রাইবেল বেল্টত ধুবুৰী–বৰপেটা দৰং–মৰিগাঁৱৰ সন্দেহযুক্ত লোকৰ বসতি

সোণাপুৰৰ শ শ বিঘা ভূমি বেদখলকাৰীৰ কবলত

নিয়মীয়া বাৰ্তা ৩০ ছেপ্টেম্বৰঃ সোণাপুৰৰ ট্রাইবেল বেল্ট সন্দেহজনক নাগৰিকৰ ৰম্যভূমি হৈ পৰিছে৷ ধুবুৰী, বৰপেটা, দৰং, মৰিগাঁৱৰ পৰা অহা সন্দেহজনক নাগৰিকৰে ভৰি পৰিছে খিলঞ্জীয়া জনগোষ্ঠীয় লোকৰ বাবে সংৰক্ষিত সোণাপুৰৰ বহুকেইটা অঞ্চল৷ কংগ্রেছৰ আমোলত ২০০৩ চনত সোণাপুৰ ট্রাইবেল বেল্টৰ ১০১ বিঘা ভূমি বেদখলমুক্ত কৰিবলৈ উচ্ছেদৰ জাননী দিয়াৰ পাছতো ৰহস্যজনকভাৱে চৰকাৰ–প্রশাসনে বেদখলমুক্ত নকৰাত আজি সমগ্র সোণাপুৰ অঞ্চলৰ শ শ বিঘা ভূমি সন্দেহজনক নাগৰিকৰ হাতলৈ গৈছে৷

শেহতীয়াকৈ ধলপুৰৰ উচ্ছেদৰ এসপ্তাহ পূর্বে ১২খন নাৱত দিগাৰু নৈৰে সোণাপুৰলৈ অহা একাংশ লোকেও অঞ্চলটোত থিতাপি লোৱা বুলি সর্বত্র চর্চা চলিছে৷ ১২খন নাৱত অহা এই লোকসকলৰ সন্ধানত আৰক্ষী–প্রশাসনে অভিযান চলাইছে যদিও এতিয়ালৈকে কোনো সন্ধান উলিয়াব পৰা নাই৷ তদুপৰি সোণাপুৰৰ পৰা পাণবাৰীলৈকে থকা কুৰিটাৰো অধিক ইটাভাতাৰ মালিকে ধলপুৰৰ উচ্ছেদিত লোকসকলক কম পাৰিশ্রমিকত শ্রমিক হিচাপে নিয়োজিত কৰাৰ বাবে দালাল নিয়োগ কৰা বুলিও জানিব পৰা গৈছে৷ ‘নিয়মীয়া বার্তা’ৰ চৰজমিন তদন্তত পোহৰলৈ আহিছে সোণাপুৰৰ ট্রাইবেল বেল্টৰ ভূমিত বিগত দুটা দশকত হাজাৰ হাজাৰ সন্দেহযুক্ত নাগৰিকে বসতি কৰি অহাৰ ভয়াৱহ তথ্য৷ বিশেষকৈ সোণাপুৰ গাঁও পঞ্চায়তৰ অধীনস্থ ৰাজহ গাঁও সোণাপুৰ পথাৰ, কচুতলী পথাৰ, সোণাপুৰ গাঁও, ছমতা পথাৰত অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে জনবসতি৷ সোণাপুৰ ট্রাইবেল বেল্টৰ ভূমি বেদখল কৰি ৰাজহ গাঁও কচুতলী পথাৰৰ অধীনৰ বেলটিলা, পাৰকামা, ৰে’ললাইন চুবা, সোণাপুৰ পথাৰ, শিমলুতল, সোণাপুৰ গাঁৱত একাংশ দালালৰ সহযোগত ধুবুৰী, বৰপেটা, মৰিগাঁও, দৰং আদি অঞ্চলৰ পৰা অহা একাংশ সন্দেহজনক লোকে বসবাস কৰি আহিছে৷ প্রাপ্ত তথ্য মতে, ২০১১ চনৰ লোকপিয়ল অনুসৰি ৬১নং সোণাপুৰ গাঁও পঞ্চায়তত ১৩,৭৯১গৰাকী ভোটাৰ আছিল৷ ইয়াৰ ভিতৰত ৭,১০৪গৰাকী পুৰুষ ভোটাৰ আৰু ৬,৬৮৭গৰাকী মহিলা ভোটাৰ৷

সোণাপুৰ গাঁও পঞ্চায়তৰ অধীনস্থ কচুতলী পথাৰ, সোণাপুৰ পথাৰ, সোণাপুৰ গাঁও, ছমতা পথাৰ ৰাজহ গাঁৱত বিগত ১০টা বছৰত ৭০ শতাংশৰো অধিক জনবসতি বৃদ্ধি পাইছে বুলি স্থানীয় দল–সংগঠনে অভিযোগ কৰিছে৷ বৃহত্তৰ ডিমৰীয়া ভূমি সুৰক্ষা সমিতিৰ অভিযোগ অনুসৰি ২০০৩ চনত সোণাপুৰৰ ট্রাইবেল বেল্টৰ ২৫৪ বিঘা ম্যাদী আৰু চৰকাৰী ভূমি সন্দেহজনক নাগৰিকে দখল কৰিছিল৷ ইয়াৰ ভিতৰত ১০১ বিঘা চৰকাৰী ভূমি বেদখলমুক্ত কৰিবলৈ চৰকাৰে নির্দেশনা জাৰি কৰিছিল৷ কিন্তু ৰহস্যজনক কাৰণত এই বিশাল ভূমি বেদখলমুক্ত নহ’ল৷ সোণাপুৰ ট্রাইবেল বেল্টৰ ১৫৩ বিঘা ম্যাদী পট্টাৰ ভূমি এতিয়াও বেদখল হৈ আছে৷ দুটা দশক পূর্বে চৰকাৰ–প্রশাসনে সোণাপুৰ ট্রাইবেল বেল্টৰ বেদখলীকৃত ভূমি উচ্ছেদ নকৰাত শ শ বিঘা ভূমি সন্দেহজনক নাগৰিকে দখল কৰি বসবাস কৰি আহিছে৷ সোণাপুৰ ট্রাইবেল বেল্টৰ অধীনস্থ কচুতলী, পাৰকোমা, বেলটিলা, সোণাপুৰ পথাৰ, শিমলুতল, ডিগাৰুপাৰ আদি অঞ্চলত দিছপুৰ সমষ্টিত ভোটাধিকাৰ নথকা হাজাৰ হাজাৰ লোকে বসবাস কৰি আছে৷

উক্ত অঞ্চলটোত পূর্বৰে পৰা বসবাস কৰি অহা একাংশ লোকে এই কথাৰ সত্যতা স্বীকাৰ কৰি কয়– ‘আমি ৩/৪ দশক ধৰি এই অঞ্চলটোত বসবাস কৰি আহিছোঁ৷ দিছপুৰ সমষ্টিত আমাৰ অধিকাংশ লোকৰে ভোটাধিকাৰ আছে৷ অৱশ্যে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পৰা অহা একাংশ লোকে এই অঞ্চলত বসবাস কৰি আহিছে যদিও দিছপুৰ সমষ্টিত তেওঁলোকৰ ভোটাধিকাৰ নথকাটো সত্য৷ কিন্তু অঞ্চলটোত বসবাস কৰা বহু লোকেই দিছপুৰ সমষ্টিত ভোটাধিকাৰ লাভ কৰিছে৷’ ইফালে শেহতীয়াকৈ ধলপুৰৰ উচ্ছেদৰ পাছত সোণাপুৰলৈ কোনো লোক অহা নাই বুলিও অঞ্চলটোৰ ৰাইজে জনিবলৈ দিয়ে৷ কিন্তু উচ্ছেদৰ এসপ্তাহ পূর্বে ভুটভুটীৰে ডিগাৰু নৈৰে একাংশ লোক অহা অঞ্চলটোৰ ৰাইজে প্রত্যক্ষ কৰিছিল বুলি জানিবলৈ দিয়ে৷ কিন্তু সেই লোকসকল ক’লৈ গ’ল, সেই কথা অঞ্চলটোত বসবাস কৰা লোকসকল জ্ঞাত নহয়৷

আনহাতে পাৰকোমাৰ বাসিন্দা প্রদীপ দাস আৰু ইন্দিৰা বিশ্বাসে জানিবলৈ দিয়া মতে, বিশ্বকর্মা পূজাৰ পূর্বে ডিগাৰু নৈৰে প্রথম দিনা ৫খন ভুটভুটীত হাঁহ, ছাগলী, কুকুৰা আৰু ঘৰ নির্মাণৰ সা–সামগ্রী লৈ একাংশ লোক অহা তেওঁলোকে প্রত্যক্ষ কৰিছিল৷ একেদৰে দ্বিতীয় দিনাও প্রথমে তিনিখন ভুটভুটী আৰু কেইঘণ্টামান পাছত চাৰিখন ভুটভুটীত সা–সামগ্রী লৈ ডিগৰু নৈৰে সোণাপুৰৰ দিশেৰে একাংশ লোক আহিছিল৷ এই লোকসকল ক’লৈ গ’ল, সেয়া তেওঁলোকৰ জ্ঞাত নহয় বুলি জানিবলৈ দিয়ে৷ ডিগাৰু নৈত মাছ মাৰি পৰিয়াল পোহপাল দিয়া কেইবাজনো মাছুৱৈৰ জাল ভুটভুটীত লাগি নষ্ট হৈছিল৷ এই দৃশ্য ম’বাইলত আবদ্ধ কৰিছিল অঞ্চলটোৰ কোনো লোকে৷ এই দৃশ্য ভাইৰেল হৈ পৰাৰ পাছতে ৰাজ্যজুৰি ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হয়৷ কালি সোণাপুৰ ৰাজহ চক্র বিষয়া আৰু আৰক্ষীয়ে পাৰকোমা, কচুতলী, বেলটিলা, ডিগাৰুপাৰ আদিকে ধৰি কেইবাটাও অঞ্চল পৰিদর্শন কৰি ভুটভুটীৰে অহা লোকসকলৰ সন্ধান কৰে যদিও কোনো তথ্য লাভ নকৰে৷ উচ্ছেদৰ এসপ্তাহ পূর্বে ধলপুৰৰ পৰা ১২খন ভুটভুটীৰে অহা এই লোকসকল ৰহস্যজনকভাৱে ক’ত অন্তর্ধান হ’ল, তাক লৈ ব্যাপক চর্চা চলিছে৷

You might also like