সোণ–হীৰাকে ধৰি ধাতুৰ ভাণ্ডাৰৰ সন্ধানত বৃহস্পতিৰ গ্রহাণুলৈ নাছাৰ যান
নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰঃ সৌৰজগতৰ বৃহস্পতি গ্রহৰ কক্ষপথত থকা ট্র’জান গ্রহাণুত থকা মূল্যৱান ধাতুৰ ভাণ্ডাৰৰ সন্ধানত মহাকাশযান প্রেৰণ কৰিলে নাছাই৷ প্রথমবাৰৰ বাবে নাছাই সৌৰশক্তিচালিত মহাকাশযান বৃহস্পতি গ্রহৰ কক্ষপথৰ ট্র’জান গ্রহাণুলৈ প্রেৰণ কৰিলে৷
আমেৰিকাৰ ফ্ল’ৰিডাৰ কেপকানাভেৰালৰ পৰা এটলাছ ভি ৰকেটেৰে মহাকাশযানখন আজি উৎক্ষেপণ কৰাৰ পিছতেই ১২ বছৰীয়া অভিযান আৰম্ভ হ’ল৷ ভাৰতীয় সময়মতে আজি বিয়লি ৩ বাজি ৫ মিনিটত নাছাৰ লুছি মহাকাশ যানখন উৎক্ষেপণ কৰাৰ পিছতেই এক ইতিহাস সৃষ্টি হ’ল৷ আদি মানৱৰ বিশেষ এটা প্রজাতিৰ নামেৰে নাছাই বৃহস্পতিৰ কক্ষপথত থকা ৮ ট্র’জান গ্রহাণুলৈ প্রেৰণ কৰা মহাকাশযানৰ নাম ৰাখিছে লুছি৷
১২ বছৰ ধৰি এই মহাকাশযানখন বৃহস্পতিৰ কক্ষপথত থাকি ট্র’জান গ্রহাণু সন্দর্ভত অধ্যয়ন, গৱেষণা চলাব৷ সৌৰজগত সৃষ্টি হোৱাৰ সময়ত গঢ় লোৱা সোণ, হীৰা, প্লেটিনাম, লো, নিকেল, কোবাল্ট আদি মূল্যৱান ধাতুৰ ভাণ্ডাৰৰ সন্ধান চলাব লুছিয়ে৷ উক্ত গ্রহাণুত থকা মূল্যৱান ধাতুৰ ভাণ্ডাৰ পৃথিৱীলৈ অনাৰ সম্ভাৱনা আছে নে নাই, সেই সন্দর্ভতো মহাকাশ যানখনে অধ্যয়ন চলাব৷ চাৰি বছৰৰ ভিতৰত অর্থাৎ ২০২৫ চনত মহাকাশযানখনে প্রথমে ড’নাল্ড জোহানছন নামৰ গ্রহাণুটোৰ ওচৰ চাপিব৷ কিন্তু সেই গ্রহাণুটো বৃহস্পতিৰ কক্ষপথত থকা ট্র’জান গ্রহাণুৰ অন্তর্ভুক্ত নহয়৷ মঙল আৰু বৃহস্পতিৰ মাজত আছে এই গ্রহাণুটো৷
পৰৱর্তী ২০২৭ চনৰ পৰা ২০৩৩ চনৰ মাজত মহাকাশ যানখনে ট্র’জান গ্রহাণুৰ সাতটা গ্রহাণুৰ ওচৰ চাপিব আৰু তাতেই এই গ্রহাণু দুটাৰ সবিশেষ তথ্য লুছিয়ে সংগ্রহ কৰিব৷ উল্লেখ্য যে নাছাৰ এই অভিযানে বৃহস্পতি গ্রহৰ লগতে সৌৰজগতৰ সন্দর্ভতো নতুন তথ্য লাভ কৰাৰ সম্ভাৱনা আছে৷