নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

  ‘উপযুক্ত শব্দৰ উপযুক্ত বিন্যাসেই কবিতা’- প্ৰসন্ন কুমাৰ নাথ

নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰ: দৰং জিলাৰ নিজ দলগাঁৱৰ সাহিত্যিক প্ৰমোদ শইকীয়াৰ স্বৰচিত কাব্য গ্ৰন্থ “ছাঁ পোহৰৰ বাটে বাটে” তেওৰ ধৰ্মপত্নী দিবিকা বৰা শইকীয়াৰ ছমহীয়া মৃত্যু তিথিত আজি উন্মোচন কৰে ছিপাঝাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক প্ৰসন্ন কুমাৰ নাথে৷ তদুপলক্ষে শইকীয়াৰ বাসভৱনত দুপৰীয়া ১২ বজাত সাহিত্যানুৰাগীৰ উপস্থিতিত অৱসৰী শিক্ষক যোগেন্দ্ৰ চন্দ্ৰ নাথৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়।

উন্মোচনী ভাষণত উন্মোচক প্ৰসন্ন কুমাৰ নাথে কয়- কবিতাখিনিৰ মাজত কবিগৰাকীৰ সাংঘাটিক ধৰণৰ ভাবাৱেগ জড়িত হৈ আছে। অনুভৱ শক্তিশালী হ’লেহে কবিৰ কলমত কবিতা সৃষ্টি হয়।কাব্য সৃষ্টিৰ লগত কবিৰ মনৰ ভাৱ জড়িত থাকিলেহে শব্দ সৃষ্টি হয়। কবিতাবোৰত কবিৰ শোক, প্ৰকৃতি বন্দনা,সমাজ চেতনা সোমাই আছে। শোকক শক্তিলৈ ৰূপান্তৰিত কৰিবলৈ তেওঁ আহ্বান জনায়। তেওঁ কয় উপযুক্ত শব্দৰ উপযুক্ত বিন্যাসেই হৈছে কবিতা।প্ৰেম চান্দৰ কবিতা উল্লেখ কৰি কয় যে মানুহ হিচাপে সকলো পজিটিভ ধাৰণাৰ হ’ব লাগে। নেতিবাচক চিন্তাধাৰাৰ পৰা আঁতৰি থকা উচিত।

Input: আব্দুচ ছামাদ ,দলগাও

You might also like