নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘোষ ব্রাদার্ছৰ স্বত্বাধিকাৰ প্রতুল কুমাৰ ঘোষ বিআইই’ৰ জালত

আইডিবিআইৰ ১.১০ কোটি টকাৰ ঋণ আত্মসাৎ

নিয়মীয়া বাৰ্তা ১ নৱেম্বৰঃ ইণ্ডাষ্ট্রিয়েল ডেভেলপমেণ্ট বেংক অৱ ইণ্ডিয়া (আই ডি বি আই)ৰ পৰা লোৱা দুটাকৈ ঋণৰ ধন সমুলঞ্চে আত্মসাৎ কৰি অসম আৰক্ষীৰ অর্থনৈতিক অপৰাধ তদন্ত সংস্থা, চমুকৈ বি আই ই অ’ৰ জালত পৰিল ঘোষ ব্রাদার্ছৰ স্বত্বাধিকাৰ প্রতুল কুমাৰ ঘোষ৷ বি আই ই অ’ৰ এটা দলে প্রৱঞ্চনাত সিদ্ধহস্ত ঘোষক কালি ভঙাগড়ৰ পৰা গ্রেপ্তাৰ কৰে৷ বি আই ই অ’ৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি ঘোষে ৰাষ্ট্রীয় কৃষি বিকাশ যোজনা আৰু দুগ্ধ উন্নয়নৰ অধীনত আই ডি বি আইৰ পৰা দুটাকৈ ঋণ লৈছিল৷ দুয়োটা ঋণৰ পৰিমাণ আছিল মুঠ ১.১০ কোটি টকা৷ কিন্তু প্রৱঞ্চকজনে যি উদ্দেশ্য দেখুৱাই ঋণ লৈছিল, তাত উক্ত ধনৰাশিৰ এটকাও ব্যয় নকৰিলে৷ ইয়াৰ বিপৰীতে ঘোষে ঋণ চুক্তি সম্পূর্ণৰূপে উলংঘা কৰি এই ধন ব্যক্তিগত উদ্দেশ্যতহে ব্যৱহাৰ কৰে৷ আই ডি বি আই বেংক কর্তৃপক্ষই বাৰম্বাৰ জাননী দিয়া সত্ত্বেও ঘোষে ঋণৰ এটকাও ঘূৰাই দিয়া নাছিল৷ এনে অৱস্থাত আই ডি বি আইৰ কলকাতাস্থিত মহাপ্রবন্ধকে যোৱা ১৩ আগষ্টত ঘোষৰ বিৰুদ্ধে বি আই ই অ’ত এখন এজাহাৰ দাখিল কৰে৷

এই এজাহাৰ লাভ কৰাৰ পাছতে বি আই ই অ’ৰ দলে বিষয়টোৰ অনুসন্ধান চলায় আৰু ঘোষৰ বিৰুদ্ধে পর্যাপ্ত তথ্য–প্রমাণ সংগ্রহ কৰিবলৈ সক্ষম হয়৷ ইয়াৰ পাছতে ঘোষ ব্রাদার্ছৰ স্বত্বাধিকাৰজনক কালি ভঙাগড়ৰ পৰা গ্রেপ্তাৰ কৰে বি আই ই অ’ই৷ দেওবাৰে ঘোষক বি আই ই অ’ই আদালতত হাজিৰ কৰাই ৭ দিনৰ জিম্মাত বিচাৰিছিল৷ কিন্তু আদালতে ঘোষক দুদিনৰ বাবেহে বি আই ই অ’ৰ জিম্মালৈ প্রেৰণ কৰে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে ঘোষৰ বিৰুদ্ধে এনফ’চমেণ্ট ডাইৰেক্টৰেট আৰু চি বি আইতো গোচৰ ৰুজু হৈ আছে৷ তদুপৰি এই প্রৱঞ্চকজন নন–বেংকিং বিত্তীয় কোম্পানী সম্পর্কীয় ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি), ৪২০, ৪০৬, পি চি এণ্ড এম চি এছ আইনৰ ৪,৫,৬ আৰু এ পি আই ডি আইনৰ ৫নং ধাৰাত বি আহ ই অ’ই পঞ্জীয়ন কৰা ০৫/২০২১নং গোচৰটোতো অভিযুক্ত৷ এই গোচৰটোত উল্লেখ থকা অনুসৰি ঘোষে ৰাইজৰ পৰা অবৈধভাৱে বৃহৎ পৰিমাণৰ ধন সংগ্রহ কৰিছিল৷

কলকাতাস্থিত ৰেজিষ্ট্রাৰ অৱ কোম্পানিজত পঞ্জীভুক্ত ঘোষ ব্রাদার্ছ ৰিয়েলট’ছ প্রাইভেট লিমিটেড আৰু মেপন ইনফ্রাকন লিমিটেড নামৰ নন–বেংকিং বিত্তীয় প্রতিষ্ঠান দুটাৰ সঞ্চালক তথা স্বত্বাধিকাৰ ঘোষে বিভিন্ন জমা আঁচনিৰ অধীনত তথা বছৰত অকল্পনীয়ভাৱে উচ্চ হাৰত ৬০ শতাংশ পর্যন্ত সুদৰ প্রলোভন দি কোটি কোটি টকা সংগ্রহ কৰিছিল৷ কিন্তু প্রতিশ্রুতি অনুসাৰে বিনিয়োগকাৰীক ঘোষে জমাধন ওভতাই দিব পৰা নাই৷ এইদৰেই প্রৱঞ্চকজনে অসমৰ সহজ–সৰল জনসাধাৰণৰ আর্জিত ধন লুণ্ঠন কৰিছে৷ লক্ষণীয়ভাৱে সম্পূর্ণ অবৈধভাৱে ঘোষে গঢ়ি তোলা নন–বেংকিং বিত্তীয় প্রতিষ্ঠান দুটাৰ ভাৰতীয় ৰিজার্ভ বেংক বা ছিকিউইৰিটিজ এণ্ড এক্সেঞ্জ ব’ড অৱ ইণ্ডিয়াৰ কোনোধৰণৰ অনুজ্ঞাপত্র নাই৷

You might also like