মূল্যবৃদ্ধিৰ প্রভাৱ নাইঃ ধনতেৰাছত মহানগৰীৰ গহনা বিপণীত অভূতপূর্ব ভিৰ
নিয়মীয়া বাৰ্তা ৩ নৱেম্বৰঃ বিগত দুটা বছৰ ধৰি ক’ভিডসৃষ্ট পৰিস্থিতিয়ে জুৰুলা কৰিছে দেশবাসীক৷ ক’ৰোনাকেন্দ্রিক পৰিস্থিতিৰ মাজতে অত্যাৱশ্যকীয় খাদ্য–সামগ্রীৰো অস্বাভাৱিক হাৰত মূল্যবৃদ্ধি ঘটিছে৷ ক’ভিডসৃষ্ট পৰিস্থিতি আৰু মূল্যবৃদ্ধিয়ে জনতাক জুৰুলা কৰাৰ পিছতো ধনতেৰাছত গহনাৰ বিপণীয়ে বিপণীয়ে গ্রাহকৰ ব্যাপক ভিৰ পৰিলক্ষিত হৈছে৷ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত ধনতেৰাছ উপলক্ষে মঙলবাৰে প্রতিখন গহনাৰ বিপণীতে পুৱাৰে পৰা নিশালৈকে গ্রাহকৰ ভিৰ পৰিলক্ষিত হয়৷ অত্যাৱশ্যকীয় খাদ্য–সামগ্রীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ পিছতো ধনতেৰাছত মহানগৰীৰ গহনাৰ বিপণীত গ্রাহকৰ ভিৰে এটা কথাকে স্পষ্ট কৰিছে যে জনতাৰ মাজত মূল্যবৃদ্ধিৰ কোনো প্রভাৱেই পৰা নাই৷
হিন্দু ধর্মাৱলম্বী লোকসকলে পৰম্পৰাগতভাৱে ধনতেৰাছত গহনা ক্রয় কৰে৷ মহালক্ষ্মী পূজাৰ দুদিন পূর্বে উদ্যাপন কৰা ধনতেৰাছৰ দিনা লক্ষ্মী দেৱীৰ ঘৰলৈ আগমন হয় আৰু ইচ্ছা পূৰণ কৰে বুলি সকলোৱে বিশ্বাস কৰে৷ সেয়েহে ধনতেৰাছৰ দিনা হিন্দু ধর্মাৱলম্বী লোকসকলে সোণ–ৰূপকে ধৰি মূল্যৱান ধাতু ক্রয় কৰে৷ প্রবাদ অনুসৰি ৰজা হিমাৰ ১৬ বছৰীয়া পুত্রক অভিশাপ দিছিল৷ তাৰ কোষ্ঠীত লিখা আছিল বিয়াৰ চাৰি দিনৰ দিনা সর্পদংশনত তেওঁৰ মৃত্যু হ’ব৷ হিমা ৰজাৰ পুত্রৰ পত্নীয়ে এই কথা জানিছিল৷ সেয়েহে স্বামীক বচাবৰ বাবে তেওঁ অভিশপ্ত দিনটোত শোৱনিকোঠাৰ বাহিৰে–ভিতৰে সোণ–ৰূপৰ মুদ্রা ৰাখি পোহৰেৰে আলোকিত কৰি ৰাখিছিল৷ স্বামীক ওৰেনিশা জগাই ৰাখিবলৈ পত্নীয়ে সাধু, গান শুনাইছিল৷ যমে হিমা ৰজাৰ পুত্রক নিবলৈ আহি শোৱনিকোঠাৰ আলোকসজ্জা আৰু সোণ–ৰূপৰ অলংকাৰৰ পৰা ওলোৱা পোহৰে যমৰ চকু ছাট মাৰি ধৰে৷ শোৱনিকোঠাত প্রৱেশ কৰি আলোকসজ্জাৰ পোহৰ আৰু সাধু আৰু গান শুনি নিজৰ কর্তব্য পাহৰি যায়৷ ৰাজপুত্রৰ প্রাণ ৰক্ষা পৰাত আনন্দত সেইদিনাৰ পৰাই ধনতেৰাছ পালন কৰা হয় বুলি জনবিশ্বাস আছে৷
ভাৰতবর্ষতো ধনতেৰাছ উৎসৱত সোণ, ৰূপ ক্রয় কৰিলে লক্ষ্মী দেৱীৰ গৃহ গমন হয় বুলি জনসমাজত বিশ্বাস আছে৷ জনবিশ্বাস অনুসৰিয়েই হিন্দু ধর্মাৱলম্বী লোকসকলে ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীৰ গহনাৰ বিপণীত সোণ–ৰূপৰ আ–লংকাৰ ক্রয় কৰিবলৈ ভিৰ কৰা পৰিলক্ষিত হয়৷ মহানগৰীৰ সৰু–বৰ প্রতিখন গহনাৰ বিপণীতে ধনতেৰাছত বিৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হয়৷ ক’ভিডৰ এই জটিল সন্ধিক্ষণ আৰু খাদ্য–সামগ্রীৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ মাজতে ধনতেৰাছ উপলক্ষে মহানগৰীৰ গহনাৰ বিপণীত গ্রাহকৰ ব্যাপক ভিৰ নিয়ন্ত্রণ কৰিবলৈ আৰক্ষী মোতায়েন কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷ ধনতেৰাছত গহনা ক্রয় কৰিবলৈ ওলাই অহা লোকৰ বাবে মহানগৰীৰ প্রতিটো পথতে ব্যাপক যান–জঁটৰ সৃষ্টি হয়৷ গুৱাহাটীত এল গোপাল জুৱেলাৰী, কল্যাণ জুৱেলার্ছ, টানিষ্ক জুৱেলাৰী, এম পি জুৱেলার্ছ, মাণিকচান্দ জুৱেলার্ছ, জাংফাই, ৰিলায়েঞ্চ জুৱেলার্ছ, চেনকো গ’ল্ড এণ্ড ডাইমণ্ড, ব্লুু ষ্টোন জুৱেলাৰিজ, আৰ কে জুৱেলার্ছ, প্রজাপতি জুৱেলার্ছ, এন বি জুৱেলার্ছ, কেৰেট লেণ্ড আদিকে ধৰি প্রতিখন সৰু–বৰ গহনাৰ বিপণীত পুৱাৰে পৰা নিশালৈকে গ্রাহকে ভিৰ কৰে৷