নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০০ বিঘাত উৎপাদিত ৰঙালাউ বিক্রীৰ শুভাৰম্ভ জুবিনৰ

নিয়মীয়া বাৰ্তা ৬ নৱেম্বৰ: ৰাজ্যখনৰ নিবনুৱাই বহিঃৰাজ্যলৈ কর্মসংস্থান বিচাৰি ঢাপলি মেলাৰ সময়তে একাংশ শিক্ষিত যুৱকে স্বাৱলম্বী হোৱাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে৷ তেনে কেইজনমান শিক্ষিত যুৱকে ৰঙালাউ খেতি কৰি ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে বিদেশলৈ ৰপ্তানি কৰিবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈছে৷

উল্লেখ্য যে নলবাৰী জিলাৰ মাজেৰে বৈ যোৱা চেং নৈৰ সমীপৰ পাগলাদিয়া নৈৰ পলসুৱা প্রায় ৩০০ বিঘা ভূমিত শিক্ষিত যুৱক ক্রমে জ্যোতি ফার্মার্ছ ক্লাবৰ সভাপতি জয়ন্ত শর্মা, উপ–সভাপতি ৰাতুল হালৈ, সম্পাদক পংকজ কলিতা, সদস্য মহেশ্বৰ কলিতা আদিয়ে ২০১৩ চনত কৃষিপামখন জন্ম দিয়ে৷ অশেষ কষ্ট কৰি পাগলাদিয়া নৈৰ পলসুৱা ভূমিত প্রথমে সৰিয়হ খেতি কৰি তাৰ পিছত ৰঙালাউ, পানীলাউ, ক’ল, তিল আদি কৰি লাভান্বিত হয়৷ তাৰপিছতে ৰঙালাউ খেতি আৰম্ভ কৰে প্রায় ২০০ বিঘা ভূমিত৷

ইতিমধ্যে বাৰিষা সময়ত আৰম্ভ কৰা ৰঙালাৱেৰে পাগলাদিয়া নৈৰ পাৰ উপচি পৰা পৰিলক্ষিত হয়৷ নলবাৰী জিলা কৃষি বিভাগ, নলবাৰী কৃষি বিজ্ঞান কেন্দ্র আদিৰ পৰা অভিজ্ঞতা তথা পৰামর্শ লৈ প্রায় ২০০ বিঘা ভূমিত আৰম্ভ কৰিলে অর্জুনা নামৰ ৰঙালাউৰ খেতি৷ বাৰিষা পাগলাদিয়া নৈৰ ওখ অথচ পলসুৱা মাটিত শ শ জোপা ৰঙালাউৰ পর্যাপ্ত পৰিমাণে ৰঙালাউ ডাঙৰ হৈ বিক্রী কৰিব পৰা হ’ল৷ আজি দিনৰ ভাগত ৰঙালাউ বিক্রীৰ শুভাৰম্ভ কৰে অসমৰ জনপ্রিয় গায়ক জুবিন গার্গে৷ নিজৰ ভাষণত যুৱ প্রজন্মৰ হার্টথ্র’ব জুবিন গার্গে থলুৱাভাৱে আৰু জৈৱিক পদ্ধতিৰে উৎপাদিত পাচলি স্থানীয় বজাৰত বিক্রীৰ বাবে শিল্পীগৰাকীয়ে আগভাগ ল’ববুলি আশ্বাস দিয়ে৷ লগতে আন এক সাক্ষাৎকাৰত দেশৰ যিবোৰ ৰাজ্যত ইন্ধনজাত সামগ্রী উৎপাদন নহয় সেই ৰাজ্যবোৰত পেড্র’ল আৰু ডিজেলৰ দাম বৃদ্ধি কৰাৰ দাবী জনায়৷

কৃষি পামৰ উচ্চশিক্ষিত কৃষকসকলক কৃষিকর্মত নিয়োজিত হৈ স্বাৱলম্বী হ’ব বিচৰা বাবে ভূয়সী প্রশংসা কৰে৷ আদর্শ কৃষক মহেশ্বৰ কলিতাই আঁতধৰা অনুষ্ঠানত উপস্থিত থাকি উদ্যান শস্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ মৃদুল ডেকাই কয় যে আবতৰত কৰা ৰঙালাৱে নলবাৰীত কৃষি বিপ্লৱৰ সূচনা কৰিছে৷ আনহাতে ৰঙালাউৰ ঔষধি গুণ অতি বেছি৷ সাম্প্রতিক সময়ত ৰঙালাউ খেতি অত্যন্ত লাভজনক খেতি হিচাপে পৰিগণিত হৈছে৷ নলবাৰীৰ সহকাৰী কৃষি সঞ্চালক যোগেশ্বৰ ৰায় মেধিয়ে জ্যোতি ফার্মৰ সদস্যসকলৰ কর্মক উচ্চ প্রশংসা কৰি ভাষণ দিয়ে৷ বিশিষ্ট উদ্যান শস্য বিশেষজ্ঞ বকুল চন্দ্র শইকীয়াই ৰঙালাউ বৈজ্ঞানিক ভিত্তিত উৎপাদন কৰাৰ লগতে ইয়াৰ গুণাগুণৰ ওপৰত কর্মশালা অনুষ্ঠিত কৰাৰ পৰামর্শ দিয়ে৷ অনুষ্ঠানত নাৱার্ডৰ বিষয়া ৰাজেন্দ্র প্রেৰণাও ভাষণ দিয়ে৷ জ্যোতি ফার্মাচৰ সদস্যসকলক প্রশংসা কৰি ভাষণ দিয়ে মহকুমা উদ্যান শস্য বিশেষজ্ঞ কুমুদ হালৈয়ে৷

ইফালে পাগলাদিয়া নৈৰ বুকুত এনেকুৱা কেইবাখনো কৃষি ফার্ম গঢ়ি তুলি ৰাজ্যৰ অর্থনীতি টনকিয়াল কৰাত সকলো কৃষকক ধন্যবাদ জ্ঞাপন কৰে কৃষি বিষয়াসকলে৷ অনুষ্ঠানত উপস্থিত থাকে নলবাৰী কৃষি বিজ্ঞান কেন্দ্রৰ মুৰব্বী ড০ মানসী চক্রৱর্তী, উদ্যান শস্য বিশেষজ্ঞ হোমেশ্বৰ মজুমদাৰ, ৫ নং বতাহগিলা পঞ্চায়তৰ সভাপতি অঞ্জনজ্যোতি তালুকদাৰ আদি৷

You might also like