নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰ্বতঝোৰাৰ বালাপাৰাত বন বিভাগৰ অভিযানত অবৈধ কাঠফলা মিল সহ বৃহৎ পৰিমানৰ অবৈধ কাঠ জব্দ 

নিয়মীয়া বাৰ্তা ,৬,নৱেম্বৰ :- বিটিআৰৰ পৰ্বতঝোৰা বন সংমন্ডলৰ অধীনস্থ খোৰাঘাট বনাঞ্চলিক বিষয়াৰ কাৰ্য্যালয়ৰ এলেকাধীন বালাপাৰাত আজি পৰ্বতঝোৰা বন সংমন্ডলৰ বিষয়াৰ তৎপৰতাত আজি বন বিভাগৰ দলে অভিযান চলাই অবৈধ কাঠ ফলা মিল, বৃহৎ পৰিমাণৰ চোৰাং কাঠ সহ অবৈধভাবে চলাই থকা জেনেৰেটৰ জব্দ কৰিবলৈ সক্ষম হয় ।

প্ৰাপ্ত বাতৰি মতে,  পৰ্বতঝোৰা বন সংমন্ডলৰ বন বিষয়া জয়ন্ত ব্ৰহ্মৰ নিৰ্দেশ মৰ্মে আজি এক গোপন সূত্ৰৰ ভিত্তিত পৰ্বতঝোৰাৰ বিশেষ বন সুৰক্ষা বাহিনীৰ বন বিষয়া ৰাজীব দত্তৰ নেতৃত্বত বন বিভাগৰ দলে পৰ্বতঝোৰা  মহকুমাৰ অন্তৰ্গত তথা খোৰাঘাট বনাঞ্চলিক বিষয়াৰ এলেকাধী বালাপাৰা অঞ্চলত তৎপৰতাৰে অভিযান চলাই ঘটনা স্থলিৰ পৰা এই অবৈধ সামগ্ৰীখিনি জব্দ কৰিবলৈ সক্ষম হয় ।

পিছত জব্দ কৰা অবৈধ সামগ্ৰীখিনি বন বিভাগৰ কাৰ্য্যালয়লৈ  অনা হয় বুলি পৰ্বতঝোৰা বন সংমন্ডলৰ বন বিষয়া জয়ন্ত ব্ৰহ্মৰ জানিবলৈ দিয়ে । উল্লেখযোগ্য যে,  দীৰ্ঘদিনৰ পৰা একাংশ বন বিভাগৰ চকুত ধুলি দি বন ধ্বংস কাৰ্য্য প্ৰতিনিয়ত অব্যাহত ৰাখিছে ।কিন্তু বৰ্তমান পৰ্বতঝোৰা বনসংমন্ডল বিষয়া জয়ন্ত ব্ৰহ্মই নিজৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছৰে পৰা অবৈধ কাঠ সৰবৰাহকাৰী বিৰুদ্ধে ব্যাপক অভিযান অব্যাহত ৰাখিছে ।

You might also like