মৃতদেহ দাহ কৰাৰ পাছত প্রাপ্ত ছাই আৰু হাড়ৰ গুড়ি চুপৰ লগত মিহলাই পৰিয়ালৰ লোকে সেৱন কৰে.. কিন্তু ক’ত?
ফামাদিহানা
মাদাগাস্কাৰৰ মালাগাচী জনজাতিৰ লোকসকলে মৃতকৰ অন্ত্যেষ্টিক্রিয়াৰ পৰম্পৰা অনুসৰি মৃতদেহৰ সৈতে নৃত্য কৰে৷ পূর্বপুৰুষৰ মৃতদেহ সমাধিস্থলৰ পৰা অনাৰ পিছত মৃতদেহক নতুন কাপোৰেৰে মেৰিয়াই লয় আৰু সমাধিৰ চাৰিওফালে মৃতদেহটোৰ সৈতে নৃত্য কৰে৷ নৃত্যৰ লগত সংগীত সংগত কৰে৷ এই অনুষ্ঠানটো সাত বছৰত এবাৰ পালন কৰা হয়৷
মৃতকক সেৱন কৰা
ভেনিজুৱেলা আৰু ব্রাজিলৰ সীমান্তৱর্তী আমাজন বর্ষাৰণ্যত বাস কৰা য়ানোমামি জনজাতিৰ লোকসকলে বিশ্বাস কৰে যে মৃতকৰ আত্মা শান্তিত থাকিবলৈ হ’লে শৰীৰৰ কোনো ভৌতিক চিহ্ণ পৃথিৱীত থাকি যাব নালাগে৷ তেওঁলোকে মৃতদেহ দাহ কৰে আৰু মৃতদেহ দাহ কৰাৰ পিছত প্রাপ্ত ছাই আৰু হাডৰ গুৰি চুপৰ লগত মিহলাই পৰিয়ালৰ লোকে সেৱন কৰে৷ ইয়াৰ দ্বাৰা তেওঁলোকৰ মৃত্যু হোৱা প্রিয়জনৰ আত্মা তেওঁলোকৰ মাজতে থাকিব৷
আপোনজনৰ
মৃত্যুত অংগক্ষত
ইণ্ডোনেছিয়াৰ ডানি জনজাতিৰ মহিলাসকলে পৰিয়ালৰ সদস্যসকলৰ মৃত্যু হ’লে হাতৰ আঙুলি কটাৰ পৰম্পৰা চলি আহিছে৷ আৱেগিক মানসিক কষ্টৰ লগতে শাৰীৰিক কষ্টৰো তেওঁলোক সন্মুখীন হয়৷ মৃতকৰ আত্মাক সন্তুষ্ট কৰিবলৈকে এই পৰম্পৰা পালন কৰা হয়৷