আর্য্য/আর্য, কার্য্য/কার্য, সূর্য্য/সূর্য…
অন্তঃস্থ (অর্থাৎ ভিতৰত স্থিত) ‘য’–টোত ৰেফ্ থাকিলে (য) মই তাত কিয় য়–কাৰ (–‘য–কাৰ’ নহয়) দিওঁ (য্য), সেই প্রশ্ণ মোক অনেকেই কৰে৷ অৱশ্যে সেই প্রশ্ণ কৰোঁতা বেছিভাগ লোকৰে মনোভাৱ অভিযোগসূচক নহয়৷ প্রশ্ণৰ সুৰতো নাথাকে অভিযোগ৷ সেইসকল লোকৰ প্রায় আটায়ে মোৰ এই অভ্যাস বা কর্মটোক সমর্থনহে কৰে৷ সেইসকল লোকৰ মূল কথাটো হ’ল, অসমীয়াত যিবোৰ শব্দত ‘য’–টোত হলন্ত উচ্চাৰণ বা ধ্বনিযুক্ত ‘ৰ’ সূচক (ৰ্) ৰেফ্ডাল থাকিলে, তাত য়–কাৰডাল প্রয়োগ বা ব্যৱহাৰ কৰা ব্যৱস্থা বা পদ্ধতিটো পূর্বাপৰ চলি আহিছিল, সেইটো কিয়, কেতিয়াৰপৰা আৰু কাৰ উদ্যোগত বর্জন বা প্রত্যাহাৰ কৰা হ’ল? সেই প্রত্যাহাৰকৰণৰ পাছৰেপৰা য়–কাৰ বর্জিত নতুন বানান বা জোঁটনিটো সণ্ঢালনিকৈ ইফালে–সিফালে দেখাৰেপৰা মোৰ নিজৰ মনতো সেই প্রশ্ণটোৱে বাৰুকৈয়ে খুন্দিয়াই আছিল৷ অৱশ্যে, সুদীর্ঘ কাল চলি আহিছিল বা আহিছে বুলিয়েই যে পদ্ধতি, প্রক্রিয়া বা ব্যৱস্থা এটাৰ কেতিয়াও পৰিৱর্তন হ’ব নোৱাৰিব, তেনে কথাৰ একো যুক্তি নাই৷ উদাহৰণ স্বৰূপে, অপ্রয়োজনীয় দ্বিত্ব বর্জনৰ নীতি অনুসাৰে,– পূর্বে বহুল ৰূপত প্রচলিত ‘অর্জ্জুন’, ‘তর্জ্জন–গর্জ্জন’, ‘বর্জ্জন’, ‘কর্ত্তব্য’, ‘ধূর্ত্ত’, ‘মূর্ত্তি’, ‘হর্ত্তা–কর্ত্তা’, ‘অথর্ব্ব’, ‘চর্দ্দাৰ’, ‘দুর্দ্দশা’, ‘নির্দ্দিষ্ট’, ‘নির্দ্দেশ’, ‘পর্দ্দা’, ‘কৰমর্দ্দন’, ‘অথর্ব্ব’, ‘অপূর্ব্ব’, ‘গর্ব্ব’, ‘খর্ব্ব’, ‘বর্ব্বৰ’, ‘বুর্ব্বক’, ‘কর্ম্ম’, ‘চর্ম্ম’, ‘ধর্ম্ম’, ‘নির্ম্মল’, ‘বর্ম্মন’, ‘শর্ম্মা’ আদিত অনাৱশ্যকীয়ভাবে থকা জ্জ, ত্ত, ব্ব, দ্দ, ব্ব আৰু ম্ম–ক বিসর্জন দি, দ্বিত্বযুক্ত সংশ্লিষ্ট শব্দবোৰ ক্রমে মাথোন জ (যেনে– অর্জুন), দ, ব আৰু ম (যেনে– শর্মা) যুক্তহে কৰি সৰল কৰা হ’ল৷ অৱশ্যে, লিখিত ৰূপত এই পৰিৱর্তন ঘটিলেও, কথিত ৰূপত বহু লোকে এতিয়াও পূর্বৰ উচ্চাৰণবোৰ এৰিব পৰা নাই৷ দৰাচলতে, ৰেফ্ থকা আখৰযুক্ত শব্দ পালেই, তাত প্রয়োজনাধিক জোৰ দিয়াৰ অভ্যাস এটা বহুতো লোকৰ আছে, যেনে– অর্ত্থ, ব্যর্ত্থ, পার্ত্থক্য ইত্যাদি৷ মোৰ মনেৰে, এইটো বহু পৰিমাণে, বাংলা যাত্রা পার্টী আৰু অসমীয়া ভ্রাম্যমান নাটকৰ প্রভাৱ৷
অৱশ্যে, আন লোকৰ লেখাত থকা এনে বা তেনে ইটো–সিটো ব্যতিক্রমী বানান বা জোঁটনি– দৰাচলতে শুদ্ধ আৰু সম্পূর্ণ যুক্তিসংগত হ’লেও, প্রকাশন গোষ্ঠীৰ সম্পাদনা কক্ষই সিবিলাক নাকচ কৰি, ভুল হ’লেও, প্রচলিত ৰূপবোৰহে ছপা কৰি থকা সময়ত মোৰ লেখাত থকা ‘সুকীয়া’ (কিন্তু শুদ্ধ) ৰূপবোৰ ছপা বা প্রকাশ কৰা হেতুকে আন কোনো কোনো লোকৰ দৰে মোৰ নিজৰে মনতেও প্রশ্ণ জাগে৷ সেই বিষয়ত মোৰ ক’বলগীয়া মাথোন এয়ে যে বিগত কেইবাদশক জুৰি মই অসমীয়া ভাষাৰ বিভিন্ন দিশত সততে পৰিলক্ষিত বিভিন্ন বিসংগতিসমূহ যুক্তি, তথ্য আৰু আত্মবিশ্বাসসহ, ৰাজহুৱাকৈ আঙুলিয়াই দি অহা কথাটোক সদয়ভাবে গুৰুত্ব দিয়া বাবে, সংশ্লিষ্ট আটাইৰে প্রতি মই কৃতজ্ঞ৷ এই ক্ষেত্রত প্রধান সমস্যা হৈছে ৰাজ্য চৰকাৰ, বিশ্ববিদ্যালয়সমূহ, ভাষা–সাহিত্য–সংস্কৃত্ লগত জড়িত সাহিত্যিক, সাংস্কৃতিক, সামাজিক অনুষ্ঠান আৰু কর্তৃপক্ষসমূহ তথা বিভিন্ন বিদ্যায়তনিক অনুষ্ঠান, কর্তৃপক্ষ আৰু সংগঠনসমূহৰ এটা একনিষ্ঠ, দায়বদ্ধ, সংকল্পবদ্ধ সন্মিলিত প্রচেষ্টাৰ অভাৱ৷ ফলস্বৰূপে, ভিন্ ভিন্ প্রকাশন গোষ্ঠীৰ ভিন্ ভিন্ গাইগুটীয়া, নীতিহীন ছপা ৰীতি আৰু তাৰে ফলত, চৰম বিশৃংখল, অৰাজক অৱস্থা৷ জাতীয় জীৱনৰ ইমান এটা গুৰুত্বপূর্ণ সমস্যা সন্দর্ভত অতি উচ্চ শিক্ষিত অসমীয়া বিদ্বৎ মহলকে ধৰি আটাই অসমীয়াৰে চৰম অনীহা, বে’–পৰোৱা আৰু ‘বিন্দাছ’ মনোভাৱৰ স্পষ্ট প্রতিফলন ঘটে বিয়াৰ নিমন্ত্রণী পত্রসমূহত৷ অসমীয়া বাক্য গাঁথনি আৰু আখৰ জোঁটনিৰ অন্যান্য মাৰাত্মক ভুলবোৰৰ কথা বাদেই বেছিভাগ নিমন্ত্রণী পত্রতে বছৰটোৰ মাহকেইটাৰ নামৰ বানানতে লজ্জাজনক, জঘন্য ভুল৷ সংশ্লিষ্ট বেছিভাগ লোকেই নিমন্ত্রণী পত্রৰ ইংৰাজী অংশটোত কিবা ভুল থাকিলে লাজ পায় (লাজ বা দুঃখ পাব নালাগে বুলি মই কোৱা নাই) কিন্তু অসমীয়া অংশটোত মাৰাত্মক ভুল থাকিলেও, কোনোৰ বাবে সেইবোৰ ‘ন ধর্তব্য’, আন কোনোৰ বাবে এক বিকৃত ‘গৌৰৱবোধ’ৰহে কথা অসমীয়া আৰু ইংৰাজী, দুয়োটা ভাষাৰে উচ্চাৰণৰ বেলিকা বৃহৎসংখ্যক অসমীয়া মানুহৰ মনত ব্যাপক বিভ্রান্তি আৰু জিভাত ব্যাপক বিচ্যুতিৰ হেতুকে, তেনে লোকে কৰা অসমীয়া শব্দৰ ৰৌমান/ইংৰাজী লিপ্যন্তৰিত ৰূপ আৰু ইংৰাজী শব্দৰ অসমীয়া লিপ্যন্তৰিত ৰূপে বহুতো অনা–সমীয়া লোকক মাথোন হাঁহিৰ খোৰাককে নোযোগায়, বিদ্রূপৰ খোৰাকো যোগায়৷
এতিয়া মূল কথালৈ আহোঁ৷ এইটো ‘কথা’ক লৈ কলম আগেয়েও পিহিছোঁ৷ পিচে, আজিকালি আকৌ ৫/৬ বছৰৰ আঁতৰে আঁতৰে একো একোটা ‘নৱ প্রজন্ম’ আহি থাকে নহয় এটা কথা বোধ কৰোঁ আটায়ে জানে যে দ্রাৱিড়/আর্য্যেতৰ ভাষাসমূহৰ লিপিৰ কথা সুকীয়া হ’লেও, ভাৰতৰ আর্য্যমূলীয় ভাষাসমূহৰ লিপিবোৰৰ আধাৰ হ’ল সংস্কৃত তথা সংস্কৃতৰ ‘প্রধান বংশধৰ’ হিন্দীৰ দেৱনাগৰী লিপি৷ এই কথাও জ্ঞাত যে অসমীয়া লিপিত ‘ৱ’ আখৰটো থাকিলেও বাংলা লিপিত সেইটো নাই, যি কাৰণে, বৰুৱা, গুৱাহাটী, তৰোৱাল আদি শব্দ বাংলাত যথাক্রমে বরুৱা, গুয়াহাটী, তরোয়াল আদি ৰূপত লিখা হয়৷ আনহাতে, ‘য়’ আখৰটো অসমীয়া আৰু বাংলা, এই দুয়োটা লিপিতে আছে৷ কিন্তু মন কৰিবলগীয়া কথা যে সংস্কৃত বা হিন্দীৰ লগত ভাল সংযোগ বা যোগসূত্র থকা মানুহখিনিৰ বাদে, বেছিভাগ অসমীয়া আৰু বাঙালী মানুহে ‘য়’ আৰু ‘ৱ’–ৰে আৰম্ভ হোৱা শব্দবোৰ উচ্চাৰণ কৰিব প্রায়ে নোৱাৰে৷ মই নজনা, অতীতৰ কোনো এটা সময়ত বাংলাত আৰু অসমীয়াতো এনে এটা বিধি বা নির্দেশনা তৈয়াৰ আৰু জাৰি কৰা হ’ল যে (যেন) সুদূৰ ভৱিষ্যততো কস্মিন কালেও কোনো বাঙালী বা অসমীয়া মানুহে, ‘য়’ আৰু ‘ৱ’–ৰে আৰম্ভ হোৱা, অন্যান্য ভাষাৰো একো শব্দ শুদ্ধকৈ উচ্চাৰণ কৰিব নোৱাৰিবই লাগিব আৰু, সেয়ে, তেনে ‘য়’–বোৰ ‘য’ হ’ব লাগিব (‘য়া’ নহ’ব– ‘যা দেবী সর্বভূতেষু’ হ’ব লাগিব) আৰু ‘ৱ’–বোৰ ‘ব’ হ’ব লাগিব (ৱাজপেয়ী নহ’ব– ‘বাজপেয়ী’ হ’ব লাগিব) ‘য’ আৰু ‘য়’–ৰ বেলিকা আৰু অসমীয়া আৰু বাংলা দুয়োটা ভাষাৰে ক্ষেত্রত কথাটো একে কাৰণ, দুয়োটা ভাষাৰে লিপিত এই দুয়োটা আখৰ আছে৷ কিন্তু ‘ব’ আৰু ‘ৱ’–ৰ বেলিকা কথাটো তেনে নহয় কিয়নো, বাংলা লিপিত ‘ৱ’টো নাথাকিলেও (স্বামী ‘ৱিৱেকানন্দ’–ৰ ঠাইত ‘বিবেকানন্দ’) অসমীয়াত সেই আখৰটো/বর্ণটো আছে৷ দৰাচলতে, হয়তো, ৱিষ্ণু, ৱৰাহ, ৱৰুণ, ৱন্দনা, ৱীণা, ৱাণী, ৱিজয়, ৱিনয়, ৱিনোদ আদি অনেক শব্দ অসমীয়াত তেনে দৰে লিখিব পৰা গ’লহেঁতেন৷ অন্ততঃ ‘ৱাজপেয়ী’ আদি নামবাচক শব্দ তেনেকৈ, মানে, শুদ্ধকৈ লিখিব নোৱৰাৰ বা নিলিখাৰ একো কাৰণ থাকিব নোৱাৰে৷ কাৰণ দুটাৰ পুনৰাবৃত্তি কৰিছোঁ ঃ (১) যিবোৰ শব্দ নামবাচক, আৰু (২) যিহেতু অসমীয়া লিপি ‘ৱ’ বর্ণটোৰে সমৃদ্ধ৷
বোধ কৰোঁ ওড়িয়াতো ‘য’ আৰু ‘য়’–ৰ কথাটো একে৷ এইখিনিতে এটা কথা৷ মই স্নাতকোত্তৰ মহলাৰ শিক্ষা লাভ কৰিছিলোঁ দিল্লী বিশ্ববিদ্যালয়ত৷ ছাত্রাবাসত মোৰ ভালেকেইজন ওড়িয়া বন্ধু আছিল৷ বন্ধুত্ব হোৱাৰ দিনদিয়েক পাছৰেপৰা আমি ইংৰাজীত কথা পাতিবলৈ এৰিছিলোঁ৷ মই কথা কৈছিলোঁ অসমীয়াত আৰু তেওঁলোকে ওড়িয়াত৷ কেইদিনমানৰ ভিতৰতে মই মোটামুটিকৈ ভালকৈয়ে ওড়িয়া ক’ব পৰা দেখি আৰু শুনি তেওঁলোক আচৰিত হৈছিল৷ মাজে মাজে তেওঁলোকে ভুৱনেশ্বৰ আৰু কটকৰপৰা ওড়িয়া আলোচনী দুখনমান নিয়াইছিল৷ আমাৰবোৰ লিপিৰ দৰে, ওড়িয়া লিপি,– দেৱনাগৰী লিপিৰ লগত সাদৃশ্য থকা লিপি নহয়৷ দক্ষিণ ভাৰতৰ দ্রাৱিড় ভাষাৰ লিপিসমূহৰ লগতহে সাদৃশ্য আছে ওড়িয়া লিপিৰ৷ তাৰ উপৰি, ওড়িয়া লিপিৰ প্রায় আটাই আখৰ হাতীটোৰ নিচিনা ইটোৰ পৰা সিটো অলপহে পৃথক৷ তথাপি, তেওঁলোকক সুধি সুধি জানি লৈ মই এসপ্তাহমানৰ ভিতৰতে ওড়িয়া গল্প, প্রৱন্ধ আৰু কৱিতা সলসলীয়াকৈ পঢ়িব পৰা হৈছিলোঁ৷ তাকে দেখি আৰু শুনি তেওঁলোকে চকু টেলেকা কৰি দিছিল৷ পাছলৈ আই এ’ এ’ছ্ বিষয়া হোৱা এজনক মই এবাৰ ভুৱনেশ্বৰত আৰু এবাৰ দিল্লীত লগ পাইছিলোঁ৷ তেতিয়ালৈ ওড়িয়া ভাষা পাহৰিছিলোঁগৈ৷ ওড়িষাত সম্রাট অশোকে ধ্বংস কৰা কলিংগৰ ৰাজধানীত চেনেহীৰ স’তে ইতিহাস বিচাৰি হাবিৰ মাজে মাজে ঘূৰি ফুৰিছিলোঁ৷ বেলেগ এটা বিভাগত চাকৰিত সোমোৱা আন এজন ওড়িয়া বন্ধুক এবাৰ লগ পাইছিলোঁ আমাৰ গুৱাহাটীৰ ঘৰতে৷ আনবোৰৰ কোন ক’ত আছে, কোন ক’লৈ গ’ল, একো নাজানো৷ কথাবোৰ ভাবিলে বুকুখন শেলে বিন্ধাদি বিন্ধে৷ এতিয়া ‘থপক্কৈ’ উলিয়াম ‘য–য়’ কথা৷
চাওকচোন, কথাবোৰ ক’ৰপৰা কোনখিনি পালেহি দৰাচলতে, ‘য’–‘য়’ৰ কথা ক’বলৈকে এইখিনি পাতনি মেলিবলগীয়া হ’ল৷ গতিকে কথাটো ‘থপক’ নহয়, স্বাভাৱিকহে৷ তদুপৰি মোৰ স্মৃতিৰ আধাৰ বা পাত্রটো এটা সঁফুৰা নহয়, এটা বৰ পেৰা৷ থাওক সেইবোৰ৷ আজিৰ তাৰিখত ওড়িয়া ভাষাটো মোৰ মনত নাই৷ লিপিৰ স্মৃতিও ধূসৰ৷ সেই লিপিত ‘য’ আৰু ‘য়’– ৰূপে দুটা সুকীয়া সুকীয়া আখৰ আছেনে নাই আৰু, দ্বিতীয়তে ‘ৱ’ আখৰটো (তথা উচ্চাৰণটো) আছে, নে, নাই আৰু, যদি আছে, তেন্তে শব্দৰ আৰম্ভণিতে থাকিবলগীয়া ‘ৱ’–ৰ উচ্চাৰণ বিধি, অসমীয়া আৰু বাংলাৰ ‘বিধি’ৰ সৈতে একেয় (হয়) নেকি, অথবা, আখৰটো মুঠেও নায়েই নেকি, সেই কথা মোৰ এতিয়া মনত নাই৷ গতিকে সেই কথা বাদ দি, প্রধানকৈ অসমীয়াৰ কথা, আৰু, প্রয়োজনবোধে বাংলাৰ কথাহে ক’ম৷ মুঠতে ইয়াকে কওঁ যে মোৰ সেই ওড়িয়া বন্ধুকেইজনৰ মুখত সংস্কৃত বা হিন্দীত থকা ‘য়’–টো সেই ৰূপে শুনাৰ য়াদ নহী আতী৷ ‘য়মুনা’ও ‘যমুনা’–হে৷
এতিয়া শুনক৷ সংস্কৃত তথা হিন্দীৰ লিপি দেৱনাগৰীত অসমীয়া আৰু বাংলা লিপিৰ দৰে, (তলত ফুট নথকা) ‘অন্তঃস্থ য’ বুলি এটা, আৰু (তলত ফুট থকা) ‘অন্তঃস্থ য়’ বুলি আন এটা, মুঠ দুটা বর্ণ নাই মাথোন ‘য়’ বুলি এটা বর্ণহে আছে৷ গতিকে, উক্ত দুটা ভাষাৰ উপৰি, আর্য্যমূলীয় আন বহুতো ভাৰতীয় ভাষাত অলেখ শব্দৰ আৰম্ভও হয় এনে দৰে ঃ য়জ্ঞ, য়শ্, য়াত্রা, য়াত্রী, য়াদৱ, য়ামিনী, য়ুগ, য়ুদ্ধ, য়োগাসন, য়োজনা, য়ৌৱন ইত্যাদি৷ এই শব্দবোৰ ৰৌমান/ইংৰাজী লিপিত কেনে দৰে লিখা (লিপ্যন্তৰিত) কৰা হয়, আৰু, আনহাতে, অসমীয়া আৰু বাংলাত কেনে দৰে উচ্চাৰণ কৰা আৰু লিখা হয় আৰু, সেই উচ্চাৰণ অনুসাৰে সেই শব্দবোৰৰ ৰৌমান/ইংৰাজী আখৰ জোঁটনি কেনে দৰে কৰা হয়, সেই কথা আটায়ে জানে৷ অৱশ্যে, অসমীয়া আৰু বাংলাত অতিৰিক্তভাবে সেই ‘অন্তঃস্থ য’–টো থকা বাবে ইংৰাজী শব্দ লিপ্যন্তৰিত কৰাৰ বেলিকা এটা সুবিধাও আছে, যিটো সুবিধা আন ভাষাত/লিপিত নাই৷ যিবোৰ ইংৰাজী বা আন বিদেশী শব্দত, বিশেষতঃ বহুবচনাত্মক ইংৰাজী শব্দত থকাS আখৰটোS/স্ ৰূপে ধ্বনিত নহয়, সেইবোৰৰ সেইS-টো বর্গীয় মূলৰ কঠোৰ ধ্বনিৰ ‘জ’–টোৰে লিপ্যন্তৰিত কৰাৰ পৰিৱর্তে, কোমল ধ্বনিৰ অন্তঃস্থ বর্ণ ‘য’–টোৰে কৰিব পৰা যায়, যেনে–Boys-বয়য্Dogs–ডগ্যNews–নিউয্Dreams-ড্রীম্য্Words-ৱর্ডযWorms-ৱর্ম্য্৷ সেইবোৰ বহুত কথা তাতে কিছু প্রসংগান্তৰৰো গতিকে বে’গিং কুৱে’স্শ্ন্য্৷ সেয়ে, সেই অনা ইয়াতে সামৰিছোঁ৷ তথাপি, কথাৰ লাচতে কৈ থওঁ ঃzebra-যে’ব্রা/যীব্রা৷
সমস্যা হ’ল, পূর্বে অসমীয়া আৰু বাংলাত যিবোৰ শব্দৰ মাজত বা শেষত থকা ৰেফ্যুক্ত অন্তঃস্থ ‘য’ (য)টোত নিতান্ত আৱশ্যকীয়ভাৱে য়–কাৰডাল ব্যৱহাৰ কৰা হৈছিল (দেৱনাগৰীত ‘য়’), সেইডালক সেই সেই স্থানৰপৰা হুদু খেদা দিয়া ব্যৱস্থাটোহে৷ সেই খেদাটোৰ পূর্বে তেনেবোৰ শব্দৰ ৰূপ কেনে আছিল, তাৰে গোটাদিয়েক নমুনা দিওঁ, চাওক ঃ অনার্য্য, অনিবার্য্য, অপৰিহার্য্য, আর্য্য, কার্য্য, দুর্য্যোধন, ধৈর্য্য, পর্য্যবেক্ষণ, প্রাচুর্য্য, ব্যৱহার্য্য, ভট্টাচার্য্য, ভার্য্যা, মর্য্যাদা, শৌর্য্য, সূর্য্য৷ এতিয়া ‘য’–টোৰ বাবে ৰৌমান লিপিৰz, ‘আ’–ৰ বাবে ডাব্ল্ এ’(aa), আৰু দীর্ঘ ঊ–কাৰ বা ধ্বনিৰ বাবে ডাব্ল্ অউ(oo) ব্যৱহাৰ কৰি সেই শব্দবোৰৰ সম্ভাৱ্য ৰূপকেইটা চাওঁ, আহক ঃAnaarzya, Anibaarzya, Aporihaarzya, Aarzya, Kaarzya, Durzyodhan, Dhoirzya, Parzybekshan, Praachurzya, Byavahaarzya, Bhattaachaarzya, Bhaarzyaa, Marzyaadaa, Shaurzya, Soorzya (.)৷ উদ্ভট যেন লাগিছে, নহয় জানো? লাগিবই আটাই বহু কাল অন্য প্রকাৰে অভ্যস্ত হৈ আছে৷ তেনে দৰেই চলি আছে, থাকিবও মই ক’লেও কোনেও নসলায় সলাবলৈ মই কোৱাও নাই৷ এনেয়েও, বেছিভাগ ক্ষেত্রতে, ‘আ’–টোৰ বাবে এটাA–ৰেই কাম হৈ যায়৷ মই কথাটো উনুকিয়াইছোঁহে৷ কিন্তু অলপ মন কৰিলেই শুনিব যে বেছিভাগ অসমীয়া আৰু বাঙালী মানুহৰে জিভাৰ আগত কোমল ধ্বনিৰ ‘অন্তঃস্থ য’–টো আৰু কঠোৰ ধ্বনিৰ বর্গীয় বর্ণৰ ‘জ’–টোৰ মাজত পার্থক্য প্রায় নাথাকেই যেনে– ‘আইজ্য, অনাইজ্য, কাইজ্য, ধৈজ্য, ভট্টাচাইজ্য, ভাইজ্যা, সুইজ্য’ ইত্যাদি অর্থাৎAaijya, Anaaijya, kaaijya, Dhoijya, Bhattaachaaijya, Bhaaijyaa আৰুSuijya (.)৷ ৰেফ্ডালৰ মূল্য ‘গায়েব্’৷ বহুতৰে মুখত ‘ভট্টাচার্য্য’–টো ‘ভটাচাইজ্য’
ৰেফ্যুক্ত অন্তঃস্থ য (য)ৰপৰা য়–কাৰডাল বর্জনৰ বিষয়ে ভালেকেইগৰাকী লোকৰ লগত কৰা আলোচনাৰপৰা মই এটা সময়ত জানিব পাৰিছিলোঁ যে সেই সিদ্ধান্ত লোৱা হৈছিল অসম সাহিত্য সভা, অসম প্রকাশন পৰিষদ, গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্রুগড় বিশ্ববিদ্যালয়, অসম মাধ্যমিক শিক্ষা পৰিষদ, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ আৰু কোনো কোনো ভাষা তত্ত্বৱিদক লৈ গঠিত এখন সমিতিৰ আলোচনা মর্মে৷ কিন্তু এই বিষয়টোক কেন্দ্র কৰি তর্ক–বিতর্ক চলি থকাৰ মাজতে অসম পাঠ্য পুথি প্রণয়ন আৰু প্রকাশন নিগমৰ তদানীন্তন সচিব ড০ যোগেন্দ্র নাৰায়ণ ভূঞাই, বিষয়টো আলোচনাৰ বাবে এখন সভা আহ্বান কৰিছিল৷ উক্ত সভালৈ অধ্যাপক টাবু টাইদ আৰু আন ভালেকেইজন ভাষাৱিদৰ লগতে মঞি মূঢ়মতিকো নিমন্ত্রণ কৰিছিল৷ প্রায় আঢ়ৈ ঘণ্টা চলা সেই আলোচনাত অধ্যাপক টাইদ আৰু আমি অন্যান্য কেইবাগৰাকীও লোকে পূর্বোল্লিখিত প্রকাৰৰ শব্দবোৰৰপৰা য়–কাৰডাল বর্জনৰ বিৰুদ্ধে যুক্তি দাঙি ধৰি বহু সময় যুঁজিছিলোঁ৷ কিন্তু সভাত উপস্থিত নিমন্ত্রিত লোকসকলৰ মাজত, উক্ত বর্জনৰ সপক্ষে সংখ্যাগৰিষ্ঠতা হোৱাত সেই মর্মেই সিদ্ধান্ত হ’ল আৰু পাঠ্য পুথি প্রণয়ন আৰু প্রকাশন নিগমেও সেই মর্মেই ব্যৱস্থা গ্রহণ কৰিবলৈ ধৰিলে৷ সেইবোৰ বিষয়ে ভু–ভা নোপোৱা কিন্তু ইটো–সিটো বিষয়ত মোৰ লগত যোগাযোগ কৰা বহু লোকেই এতিয়াও মোক কয় যে তেনেবোৰ শব্দৰ সেই আখৰটোত থকা মূল ধ্বনিটোৱেয় আছিল য়–ধ্বনি৷
পূর্বে কৈছোঁৱেই যে দেৱনাগৰী লিপিত ‘য’ ৰূপে এটা আৰু ‘য়’ ৰূপে আন এটা অন্তঃস্থ বর্ণ নাই কোমল স্বৰাঘাতৰ অন্তঃস্থ বর্ণ ‘য়’ আৰু কঠোৰ স্বৰাঘাতৰ বর্গীয় বর্ণ ‘জ’, এই দুটাহে আছে আৰু সেই অনুসাৰে দুটা সুকীয়া সুকীয়া ধ্বনি আছে৷ অসমীয়া আৰু বাঙালী মানুহে অসমীয়া আৰু বাংলাত ‘য’ আৰু ‘জ’ এই দুয়োটা জপটিয়াই একাকাৰ (আইজ্য, কাইজ্য, দুইজ্যোধন, ভাইজ্যা, সূইজ্য) কৰি পেলোৱাৰ উপায়/ব্যৱস্থা/বিধি (?), সংস্কৃতত, হিন্দীত, মাৰাঠী, গুজৰাতী (ট×) আদিত নাই৷ সেয়ে, উল্লিখিত প্রকাৰৰ শব্দবোৰৰ সংস্কৃত, হিন্দী আদি ভাষাৰ উচ্চাৰণ আৰু বানানৰ ভিত্তিত সিবিলাকৰ ৰৌমান/ইংৰাজী লিপ্যন্তৰিত ৰূপ চাওক ঃ (ডাব্ল্ এ’, ডাব্ল্ অউ ব্যৱহাৰ কৰা নাই) ঃ–Arya, Karya/Duryodhan, Bharya, Surya৷ মন কৰিবলগীয়া যে শেষৰ সেইSuryaটো কোনোৱে কেতিয়াবাSuৰীয়া বুলি উচ্চাৰণ কৰাৰ ফলত সি কেতিয়াবা ‘চুৰিয়া’ (ধুতী)ৰ ৰূপো নোপোৱা নহয়৷ জংঘলৰাজ
কথা হ’ল, এটা সময়ত বাংলাৰ পণ্ডিতসকলে বা শিক্ষাসদী সমাজে ‘য’ আৰু ‘য়’, দুয়োটাৰে ধ্বনি মূল্য একে বুলি গ্রহণ কৰি মৌলিক য়–ধ্বনিটো বুজোৱা য়–কাৰডাল উঠাই দিয়া কার্য্যটোকে অন্ধভাবে অনুকৰণ কৰি অসমীয়াৰ বেলিকাও সেই সমিতিখনে তাকে কৰি পেলালে৷ এই কথা পাহৰিলে কেনেকৈ হ’ব যে অসমীয়া আৰু বাংলাত (পূর্বোল্লিখিত বিশেষ কাৰণত), আমাৰ এতিয়া চর্চিত এটা বিশেষ শ্রেণীৰ শব্দবোৰত ‘য’ নামৰ অতিৰিক্ত অন্তঃস্থ বর্ণটোত থকা মূলগত ধ্বনিটো ‘জ’ নামৰ বিচ্যুতি থকা বিকৃতিটো নহয় য়–ধ্বনিটোহে? যে, সেয়ে নোহোৱা হ’লে, ৰেফ্যুক্ত ‘য’ থকা তেনে শব্দবোৰত য়–কাৰ () ডাল যুক্ত কৰা হ’লহেঁতেন কিয়? সেইডালক হুদু খেদা দিয়াৰ ফলত বিশৃংখলা আৰু অৰাজকতাই এনে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে যে একো চিন্তা–চর্চা নকৰা এচাম লোকে এনে দৰেও ‘চিন্তা’ (আৰু আচৰণ) কৰিবলৈ লৈছে যে ৰেফ্ থাকিলে, মাথোন অন্তঃস্থ য–ৰ পৰাই নহয়, ‘য’–ৰ পৰাও য়–কাৰডালক হুদু খেদা দিব লাগিব তাৰেই শুভ পৰিণতি হৈছে ‘অর্ঘ্য’–ৰ ঠাইত ‘অর্ঘ’, ‘শ্রদ্ধার্ঘ্য’–ৰ ঠাইত ‘শ্রদ্ধার্ঘ’, ‘দৈর্ঘ্য’–ৰ ঠাইত ‘দৈর্ঘ’ তাৰ মানে, মাথোন ‘য’–টোৰ ধ্বনি মূল্য আৰু ‘য়’–টোৰ ধ্বনি মূল্যহে যে ‘একে’, তেনে নহয় ‘য’ আৰু ‘য়’–ৰ ধ্বনি মূল্যও ‘একে’ আন এটা ডাঙৰ কথা৷ কোনো লোকৰ নামৰ বানান ভাষাগতভাবে বা ব্যাকৰণগতভাবে ভুল হ’লেও, তাক সলোৱাৰ অধিকাৰ কাৰো নাই৷ তেনে স্থলত, ড০ সূর্য্য কুমাৰ ভূঞা, ড০ বীৰেন্দ্র কুমাৰ ভট্টাচার্য্য আৰু কৱি হীৰেন ভট্টাচার্য্যই নিজৰ নামত নিজে (তাকো শুদ্ধকৈ) ব্যৱহাৰ কৰা য়–কাৰ (য্য)ডালকো হুদু খেদা দিয়াৰ অপৰাধ সদৃশ কর্মৰ অধিকাৰ আমাক কোনে দিলে?
শেষৰ কথাটো কওঁ৷ আজিকালি তথ্য–প্রযুক্তিৰ দিনত অনেক অসম্ভৱ কামো সম্ভৱ হৈছে৷ তদুপৰি, মই ক’ব খোজা কথা/কামটোত তথ্য–প্রযুক্তিৰো প্রয়োজন নাই প্রয়োজন অলপ চিন্তা আৰু মনোবলৰহে৷ এই প্রৱন্ধটোত চর্চিত শ্রেণীৰ শব্দবোৰ– আর্য়, কার্য়, দুর্য়োধন, ধৈর্য়, পর্য়টন, ভট্টাচার্য়, ভার্য়া, শৌর্য়–বীর্য়, সূর্য়– আদি ৰূপত লিখিব, ছপা কৰিব নোৱাৰিনে? আমাৰ লিপিত ‘য়’ আখৰটোও আছে, ৰেফ্ চিনডালো () আছে৷ ৰেফ্ডাল হলন্ত ৰ (ৰ্) ৰূপে উচ্চাৰণ কৰি ‘য়’–টো উচ্চাৰণ কৰিলেই হ’ল তেনেই সহজ৷ য়–কাৰডাল দিয়াৰো প্রয়োজন নাথাকিব৷ বহুত বেমেজালি, বিশৃংখলা দূৰ হ’ব৷