নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্বাসৰুদ্ধকৰ জয়েৰে ফাইনেলত নিউজিলেণ্ড

টি–২০ বিশ্বকাপঃ মিচেল–কনৱে–নিছাম্ দুর্দান্ত বেটিং, ৫ উইকেটত পৰাস্ত ইংলেণ্ড

নিয়মীয়া বাৰ্তা ১১ নৱেম্বৰঃ শ্বাসৰুদ্ধকৰ জয়েৰে আই চি চি টি–২০ বিশ্বকাপৰ ফাইনেলত প্রৱেশ কৰিলে নিউজিলেণ্ডে৷ আবু ধাবিত বৃহস্পতিবাৰে অনুষ্ঠিত ৰোমাঞ্চকৰ প্রথমখন ছেমিফাইনেলত নিউজিলেণ্ডে ইংলেণ্ডক ৫ উইকেটত পৰাস্ত কৰে৷ মেচখনত কিৱি বাহিনীৰ জয়ৰ মূলতে আছিল ডাৰিল মিচেল, ডেভন কনৱে আৰু জেমছ নিছামৰ বিধ্বংসী বেটিং৷ মেচখনত ইংলেণ্ডে জয়ৰ বাবে বান্ধি দিয়া ১৬৭ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি মিচেলৰ ৪৮ বলত অপৰাজিত ৭৩ আৰু কনৱেৰ ৩৮ বলত ৪৬ ৰানৰ সহায়ত নিউজিলেণ্ডে ১৯ অভাৰত ৫টা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷ নিছামে মাত্র দহটা বলত তিনিটা ছয়েৰে ২৬ ৰান কৰি দলৰ জয়ত গুৰুত্বপূর্ণ ভূমিকা লয়৷

গুপ্ঢিলে ৪, অধিনায়ক উইলিয়ামছনে ৫ আৰু গ্লেন ফিলিপছে মাত্র ২ ৰান কৰে৷ ইংলেণ্ডৰ হৈ ক্রিছ ৱ’কছ আৰু লিয়াম লিভিংষ্টনে দুটাকৈ উইকেট লাভ কৰে৷ ইয়াৰ পূর্বে নিউজিলেণ্ডৰ আমন্ত্রণক্রমে প্রথমে বেটিং কৰিবলৈ আহি প্রাৰম্ভিক বিপর্যয় সত্ত্বেও মঈন আলীৰ চমকপ্রদ অপৰাজিত অর্ধশতক আৰু ডেভিদ মালানৰ গুৰুত্বপূর্ণ ৪১ ৰানৰ সহায়ত ইংলেণ্ডে নির্ধাৰিত ২০ অ’ভাৰত চাৰিটা উইকেট হেৰুৱাই ১৬৬ ৰান সংগ্রহ কৰে৷

জ’ছ বাটলাৰ আৰু জনী বেয়াৰষ্ট’ৱে ইনিংছ মুকলি কৰিবলৈ আহে যদিও দলীয় স্ক’ৰ ৫৩ ৰানত দুয়োগৰাকী অ’পেনাৰ পেভিলিয়নমুখী হয়৷ বাটলাৰে ২৯ আৰু বেয়াৰষ্ট’ৱে ১৩ ৰানৰ অৰিহণা আগবঢ়ায়৷ দলীয় স্ক’ৰ ৫৩ ৰানত দুয়োগৰাকী অ’পেনাৰক হেৰুৱাই দলটো বিপদত পৰিছিল যদিও ডেভিদ মালান আৰু মঈন আলীয়ে তৃতীয় উইকেটৰ যুটিত ৬৩ ৰান সংগ্রহ কৰি ইংলেণ্ডক সন্মানজনক স্থিতিত উপনীত কৰায়৷ মালানে ৩০টা বলত চাৰিটা চাৰি আৰু এটা ছয়ৰে ৪১ ৰান কৰি বিদায় লয় যদিও মঈনে ৩৭টা বলত তিনিটা চাৰি আৰু দুটা ছয়ৰে ৫১ ৰান কৰি অপৰাজিত হৈ থাকে৷ লিভিংষ্টনে ১০টা বলত ১৭ ৰানৰ অৰিহণা আগবঢ়ায়৷ নিউজিলেণ্ডৰ হৈ টিম ছাউডি, আডাম মিলন, ইছ সোধী আৰু জেমছ নিছামে এটাকৈ উইকেট লাভ কৰে৷

You might also like