নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুৱকৰ ধন কঢ়া ৪ মহিলাক গ্রেপ্তাৰ

গণেশগুৰিত মহিলা গেঙৰ সন্ত্রাস

নিয়মীয়া বাৰ্তা ১৫ নৱেম্বৰঃ গণেশগুৰিত অসামাজিক কামত লিপ্ত থকা মহিলাৰ এটা দলে ডাবি–ধমকিৰে যুৱকৰ পৰা ধন কাঢ়ি নিয়া ঘটনাক লৈ তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ দীর্ঘদিন ধৰি গণেশগুৰিৰ পদপথত এই মহিলাৰ দলটোৱে বিভিন্ন যুৱকৰ পৰা ধন কাঢ়ি নিয়া ঘটনা সংঘটিত কৰি আহিছে৷ দুদিন পূর্বে গণেশগুৰিৰ পদপথৰ পৰা মহিলাৰ দলটোৱে দুজন যুৱকৰ পৰা ধন কাঢ়ি নিছিল৷ উক্ত ঘটনা সন্দর্ভত ভুক্তভোগী যুৱক দুজনে দিছপুৰ থানাত এজাহাৰ দাখিল কৰে৷ উক্ত এজাহাৰৰ ভিত্তিত এটা গোচৰ ৰুজু কৰি এই দলটোৰ চাৰিগৰাকী মহিলাক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, কালি বিয়লি আৰু আজি গণেশগুৰিত অভিযান চলাই ঘটনাটোৰ লগত জড়িত থকাৰ অভিযোগত ৰীণা বেগম, মিজু চাংমাই, আজিৰুন নেছা আৰু স্নেহা দাস নামৰ চাৰিগৰাকী মহিলাক গ্রেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে৷

You might also like