নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত বাণীপুৰ ৰে’ল ষ্টেচনৰ সমীপত দুটা পিষ্টল উদ্ধাৰ

ডিজিটেল ডেস্ক, ডিব্ৰুগড, ১৪ জুন : ডিব্ৰুগড়ৰ বাণীপুৰ ৰে’লৱে ষ্টেচনৰ সমীপত দুটা পিষ্টল উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে, ৰে’লৱে ট্ৰেকৰ কাষত পৰি থকা এখন চাউলৰ বেগ প্ৰত্যক্ষ কৰি ষ্টেচনৰ এজন শ্ৰমিকে সন্দেহবশতঃ ৰে’ল আৰক্ষীক খবৰ দিয়ে।

খবৰ লাভ কৰাৰ পিছতে ৰে’ল আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বেগটো পৰীক্ষা কৰি ভিতৰত প্লাষ্টিকৰ কভাৰত বান্ধি থোৱা অৱস্থাত দুটা পিষ্টল উদ্ধাৰ কৰে। পিছত অসম আৰক্ষীয়েও ঘটনাস্থলীত উপস্থিত হৈ অস্ত্ৰ দুটা জব্দ কৰাৰ লগতে তদন্ত আৰম্ভ কৰে।

প্ৰাথমিক তদন্তত উদ্ধাৰ হোৱা দুয়োটা পিষ্টল ৩.২ ব’ৰৰ আৰু ইটালীত নিৰ্মিত বুলি জানিব পৰা গৈছে। কোনো অজ্ঞাত ব্যক্তিয়ে অস্ত্ৰ দুটা ৰেলৱে ট্ৰেকৰ কাষত পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে তদন্তকাৰী সংস্থাই।

অস্ত্ৰ দুটা ক’ৰ পৰা আহিল, কোনে তাত পেলাই থৈ গ’ল, সেই সম্পৰ্কে আৰক্ষীয়ে গভীৰ তদন্ত অব্যাহত ৰাখিছে। ঘটনাই অঞ্চলটোত তীব্ৰ কৌতূহল আৰু উদ্বেগৰ সৃষ্টি কৰিছে।

You might also like