নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অটল বিহাৰী বাজপেয়ীৰ নামত হ’ব যমুনা এক্সপ্রেছৱে

নিয়মীয়া বাৰ্তা ২৪ নৱেম্বৰঃ উত্তৰ প্রদেশৰ যোগী আদিত্যনাথ চৰকাৰে যমুনা এক্সপ্রেছৱেৰ নাম প্রাক্তন প্রধানমন্ত্রী প্রয়াত অটল বিহাৰী বাজপেয়ীৰ নামেৰে নামকৰণ কৰিব৷ চৰকাৰৰ শীর্ষ সূত্রই প্রকাশ কৰা মতে অহা ২৫ নৱেম্বৰত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে জেৱাৰত নয়দা ইণ্টাৰনেচনেল এয়াৰপ’ট চমুকৈ নিয়াৰ আধাৰশিলা স্থাপন কৰাৰ দিনাই যমুনা এক্সপ্রেছৱেৰ নতুন নামকৰণ হ’ব৷ ৬ লেনযুক্ত ১৬৫ কিলোমিটাৰ দৈর্ঘ্যৰ যমুনা এক্সপ্রেছৱে গ্রেটাৰ নয়দাৰ গৌতম বুদ্ধ নগৰ জিলাৰ সৈতে আগ্রা সংযোজিত৷ ই দেশৰ তৃতীয় দীর্ঘতম এক্সপ্রেছৱে৷ ২০১২ চনত এই যমুনা এক্সপ্রেছৱে ৰাজহুৱাভাৱে মুকলি কৰা হৈছিল৷ দেশৰ অন্যতম জনপ্রিয় প্রধানমন্ত্রী হিচাপে কার্যনির্বাহ কৰা বিজেপিৰ পিতামহ অটল বিহাৰী বাজপেয়ীৰ নামত যমুনা এক্সপ্রেছৱে উৎসর্গা কৰাৰ পূর্বে ২০১৮ চনত যোগী আদিত্যনাথ চৰকাৰে লক্ষ্ণৌস্থিত ইকানা আন্তর্জাতিক ক্রিকেট ষ্টেডিয়ামখনৰ নাম ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ী আন্তর্জাতিক ক্রিকেট ষ্টেডিয়াম হিচাপে ৰাখিছিল৷ মন কৰিবলগীয়া যে শাসনত থকা বিজেপি চৰকাৰে পুৰণি ঐতিহ্যমণ্ডিত স্থানৰো নাম সলনি কৰি আছে৷ যাক লৈ প্রতিক্রিয়াৰো সৃষ্টি হৈছে৷

You might also like