নিয়মীয়া বাৰ্তা ৩০ নৱেম্বৰঃ ক’ভিড পৰিস্থিতিয়ে গ্রন্থ উদ্যোগলৈ কঢ়িয়াই অনা ভয়াৱহ সংকটৰ সময়তে গ্রন্থপ্রেমীলৈ সুখবৰ৷ অহা ২৯ ডিচেম্বৰৰ পৰা গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্রিক প্রতিষ্ঠান খেলপথাৰত অনুষ্ঠিত হ’ব অসম গ্রন্থমেলা৷ ২৯ ডিচেম্বৰৰ পৰা ৯ জানুৱাৰীলৈ ১২ দিনীয়াকৈ এই গ্রন্থমেলা অনুষ্ঠিত হ’ব৷ অসম প্রকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ যৌথ উদ্যোগত অসম গ্রন্থমেলা অনুষ্ঠিত হ’ব৷ বিগত বর্ষসমূহত প্রকাশন পৰিষদ আৰু পুথি প্রকাশক আৰু বিক্রেতা সংস্থাই পৃথকে পৃথকে গ্রন্থমেলা অনুষ্ঠিত কৰি আহিছিল৷ প্রথমবাৰৰ বাবে দুয়োটা সংস্থাৰ যৌথ উদ্যোগত এইবাৰ চানমাৰিত অসম গ্রন্থমেলা অনুষ্ঠিত হ’ব৷ ইতিমধ্যে অংশগ্রহণকাৰীসকল্ পত্র প্রেৰণ কৰিছে আয়োজকে৷ ক’ভিড বিধি অনুসৰি অনুষ্ঠিত হ’বলগীয়া গ্রন্থমেলাত অংশগ্রহণকাৰীসকল্ সম্পূর্ণ ভেকচিনপ্রাপ্ত হ’ব লাগিব৷ তদুপৰি পৰিধান কৰিব লাগিব মাস্ক৷ অংশগ্রহণকাৰীসকল্ মানি চলিব লাগিব সামাজিক দূৰত্ব৷ অহা ১২ ডিচেম্বৰৰ ভিতৰত অংশগ্রহণৰ নিশ্চিতি প্রদান কৰিব লাগিব আয়োজকসকলক৷ ইয়াৰ লগে লগে সেমেকা শীতত গ্রন্থৰ সুবাস ল’বলৈ আগ্রহেৰে অপেক্ষা কৰিছে গ্রন্থপ্রেমীয়ে৷